
আয়ুৰ্বেদৰ সহযোগত ক’ভিডৰ বিৰুদ্ধে যুঁজ (ডাঃ কৰবী হাজৰিকা চৌধুৰী)
সমগ্ৰ দেশত অতিমাৰী SARS COV2 য়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে যাৰ ফলত এই অতিমাৰী ক’ভিড ১৯ত আক্ৰান্ত হৈ বহু সংখ্যক লোকে মৃত্যুক আঁকোৱালি লব লগা হৈছে৷ ২০২০১ তুলনাত ২০২১ চনৰ দ্বিতীয়ঢৌ অৰ্থাৎ এইDouble mutated strain ৰ ভাইৰাছটোয়ে মানুহৰ শৰীৰত দ্ৰপ্লেটৰ মাধ্যমেৰে প্ৰৱেশ কৰে৷ যোৱা বছৰতকৈ এই বছৰৰ ভাইৰাছটো অতি শক্তিশালী বুলি ইতিমধ্যে প্ৰমাণ হৈছে৷ সমীক্ষা অনুসৰি এইবাৰ ক’ভিড ১৯ ৰ লক্ষণসমূহ কিছু পৃথক৷ যেনে ক’ভিড ১৯ত আক্ৰান্ত হোৱা লোকসকলৰ পাতল শৌচ,বমি, জ্বৰ, গাৰ বিষ, মূৰৰ বিষ, অত্যন্ত দুৰ্বল আদি দেখা পোৱা গৈছে৷এই ৰোগত আক্ৰান্ত হোৱা ৰোগীয়ে যদি তৎক্ষণাত চিকিৎসা নকৰে হয়তো দুদিনত এই ভাইৰাছে হাওঁফাঁওত প্ৰৱেশ কৰে আৰু নিউমোনিয়াৰ সৃষ্টি কৰে আৰু আক্ৰান্ত ব্যক্তিজনে শ্বাস প্ৰশ্বাসত অত্যন্ত কষ্ট পায়৷ যদি উচিত সময়ত অক্সিজেন আৰু চিকিৎসা পোৱা নাই হয়তো চিকিৎসকে সেই ৰোগীজনৰ প্ৰাণ ৰক্ষা কৰিবলৈ ব্যৰ্...