FESTIVAL – Page 2 – Purbodix.com

FESTIVAL

দুৰ্গা পূজা আৰু দীপাংকৰ কাশ্যপৰ ফেশ্বন টিপ্ছ (ডঃ নৱনীতা দাস)

দুৰ্গা পূজা আৰু দীপাংকৰ কাশ্যপৰ ফেশ্বন টিপ্ছ (ডঃ নৱনীতা দাস)

FESTIVAL
আহিন মাহ আহিল৷ প্ৰত্যেক বছৰে অতি আগ্ৰহেৰে বাট চাই থকা শাৰদীয় দুৰ্গোৎসৱ আমাৰ সকলোৰে পদূলি মুখত৷ আনন্দ, উৎসাহ আৰু উলহ মালহৰ ৰঙীন সমাহাৰ৷ শেৱালি, নিয়ৰ আৰু নীলা আকাশে মনবোৰ উতনুৱা কৰি তুলিছে৷শৰতৰ এটি সুন্দৰ আবেলি মই ৰাওনা হ’লো শান্তিপুৰ অভিমুখে৷ উদ্দেশ্য, সকলোৰে আদৰৰ ‘‘বাবা দা’’ অৰ্থাৎ দীপাংকৰ কাশ্যপদাৰ লগত কিছু বাৰ্তালাপ কৰা ঃ পূজা, ফেশ্বন আৰু তেওঁৰ বৰ্ণিল জীৱনৰ কিছু কথা পূৰ্বদিশৰ পাঠকক জনাবলৈ৷তেখেতৰ দুই দশকতকৈও অধিক অভিজ্ঞতাৰ পৰা ময়ো লাভ কৰিলো এইবাৰৰ পূজাৰ বাবে কিছু ফেশ্বন টিপ্‌ছ৷ আহকচোন, আপোনালোকেও পঢ়ি চাওক, তেওঁ কি ক’লে৷পোন প্ৰথমে, তেওঁ ক’লে যে ১০ বছৰ আগৰ আৰু এতিয়াৰ পূজাৰ আয়োজন আৰু সাজ-পোছাকৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন ঘটিছে৷ বৰ্তমান নাৰী-পুৰুষ, কিশোৰ কিশোৰী আনকি শিশুসকলৰ ক্ষেত্ৰত অভিভাৱক সকলেও শেহতীয়া ফেশ্বন ট্ৰেণ্ড অনুকৰণ ( follow) কৰে৷ আৰু সকলো উৎসৱতে নিজকে সুন্দৰকৈ সজ...
বিশ্ব নিৰ্মাতা বিশ্বকৰ্মা সত্য নে বিশ্বাস? (নিমানন্দ দাস)

বিশ্ব নিৰ্মাতা বিশ্বকৰ্মা সত্য নে বিশ্বাস? (নিমানন্দ দাস)

FESTIVAL
বহুতে ভাবে বিশ্বব্ৰহ্মাণ্ড আপোনা আপুনি সৃষ্টি হোৱা নাই৷ কোনোবা এগৰাকী স্ৰষ্টা বা নিৰ্মাতা নি(য় আছে বুলি সৰ্বসাধাৰণ এচাম ভাৰতীয়ই ভাবে৷ সেইসকলে ভাবে, যিসকলে আদৃষ্ট, অদৃশ্য দৈনিক, ঐশ্বৰিক শক্তিত বিশ্বাস কৰে৷ এই বিশ্বাসৰ পৰম্পৰা সৃষ্টি হৈ পুৰুষানুক্ৰমে এচাম হিন্দুৰ মাজত ঈশ্বৰ, নাৰায়ণ ৰায়, কৃষ্ণ, বিষ্ণু, ব্ৰহ্মা, মহেশ্বৰ তথা আন দেৱ-দেৱী, যেনে দুৰ্গা, লক্ষ্মী, সৰস্বতী, গণেশ, বিশ্বকৰ্মা, কালি, শনি, মনসা আদিৰ ঐশ্বৰিক তথা দৈনিক কাৰ্যকলাপ বিভিন্ন হিন্দু শাস্ত্ৰযোগে ধৰ্মভীৰু হিন্দু সৰ্বসাধাৰণৰ মাজত সেই দেৱ-দেৱী তথা ঈশ্বৰৰ নানা অৱতাৰ ৰাম, নাৰায়ণ, কৃষ্ণলৈ ভয়, ভক্তিৰ বিশ্বাস চলি আহিছে৷ ইয়াৰ সত্য অন্বেষণ, বিজ্ঞানসন্মত যুক্তিবাদৰ তুলাচনীত ইয়াৰ সত্যাসত্য নিৰূপণ কেতিয়া হ’ব কোনেও নাজানে৷ গতিকে ধৰ্মৰ নামত বিশ্বাস, ভক্তি, পৰম্পৰা এনেদৰে চলি থাকিব৷এতিয়া যিহেতু হিন্দু শাস্ত্ৰমতে বিশ্বব্ৰহ্মাণ্ডৰ নি...
জাতিৰ শিৰোমণি জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ… (বিপুল গগৈ)

জাতিৰ শিৰোমণি জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ… (বিপুল গগৈ)

FESTIVAL
জয়গুৰু শংকৰ সৰ্বগুণাকৰযাকেৰি নাহিকে উপামতোহাৰি চৰণে ৰেণু শতকৌটিবাৰেক কৰোহোঁ প্ৰণাম৷অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন, জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা, পোন্ধৰ-ষোল্ল শতিকাত আধুনিক সভ্যতাৰ পোহৰ নোপোৱা তথা কুসংস্কাৰে আবৃত কৰি ৰখা ৰুগ্ন ভগ্ন জাতিটোক নতুনকৈ গঢ়ি ভাষা-সাহিত্য-সংস্কৃতিৰ ভঁৰাল সমূদ্ধ কৰি থৈ যোৱা, বৰ অসমৰ বুকুত বসবাস কৰা বৰ্ণাঢ্য জাতি-জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ সেঁতু গঢ়োতা, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ জৰিয়তে জাতিটোৰ অন্তৰাত্মাত আধ্যাত্মিক চেতনাবোধ জগাই তোলা, উদাৰ অসমীয়াত্বৰ অভিকেন্দ্ৰ স্বৰূপ সত্ৰ-নামঘৰৰ পবিত্ৰ মজিয়াত সকলোৱে ঈশ্বৰৰ উপাসনাৰ জৰিয়তে মানৱৰ কল্যাণৰ লগতে মুক্তিৰ পথ সন্ধান কৰিবলৈ বাট দেখুৱাই থৈ যোৱা গুৰুজনাক আমি অসমীয়া জাতিয়ে অসমৰ চুকে-কোণে সত্ৰ নামঘৰত গোটেই ভাদ মাহটোত হৰিনামৰ অমিয়া মাধুৰীৰে আকাশ-বতাহ মুখৰিত কৰি তেৰাৰ চৰণত সেৱা জনাই জাতীয় হৃদয় উজাৰি তেখেতক স্মৰণ কৰো, ভক্তি...
পবিত্ৰ বন্ধন ৰক্ষাবন্ধন আৰু আমাৰ সমাজ (অলকা মহন্ত বৰুৱা)

পবিত্ৰ বন্ধন ৰক্ষাবন্ধন আৰু আমাৰ সমাজ (অলকা মহন্ত বৰুৱা)

FESTIVAL
ৰক্ষাবন্ধন বা ৰাখীবন্ধন প্ৰকৃতাৰ্থত শক্তিৰ আধাৰ য’ত বিশ্বাস আৰু প্ৰতিশ্ৰুতিৰ গাঢ়তা আছে৷ ৰাখীবন্ধন ভাৰতৰ পূৰ্বাপৰৰ পৰা চলি অহা এটা উৎসৱ৷ হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে৷ হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদ্‌যাপিত হয়৷ এই দিনটোতে বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে৷ এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা৷ লগতে লুকাই থাকে দদায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি৷ সেয়ে ককায়েক বা ভায়েকজনৰ বায়েক বা ভনীয়েকজনীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয়৷ সমগ্ৰ দেশতে বিভিন্ন ৰীতি-নীতিৰে এই দিৱস উদ্‌যাপিত হয়৷ ভায়েকে বায়েকক, ভনীয়েকে ককায়েকক মংগল কামনা কৰি আজিৰ এই দিনটোত ৰাখী বান্ধে৷ এডাল ৰাখী কেৱল সূতাৰে সমষ্টি নহয়, ইয়াত অন্তৰ্নিহিত ...
শিৱপূজা, পবিত্ৰ শাওন মাহ আৰু কিছু কথা (অমল শৰ্মা)

শিৱপূজা, পবিত্ৰ শাওন মাহ আৰু কিছু কথা (অমল শৰ্মা)

FESTIVAL
‘‘ওঁ ধ্যায়েন্নিত্যং মহেশং ৰজতগিৰিনিভং চাৰচন্দ্ৰবতংশং ৰত্নাকল্পোজ্জলাঙ্গং পৰশুমৃগবৰাভীতিহস্তং প্ৰসন্নং পদ্মাসীনংসমন্ত্যাতস্তুতমমৰগণৈ ব্যাঘ্ৰকৃতিংবসানং বিশ্বাদ্যংবিশ্ববন্দ্যং নিখিলভয়হৰং পঞ্চব্যক্তং ত্ৰিনেত্ৰং......’’অৰ্থাৎ... সদায়েই সেই মহেশক ধ্যান কৰোঁ, ৰূপালী গিৰিৰাজত যাৰ বাসস্থান, চন্দ্ৰৰ দৰে উজ্জ্বল জ্যোতিস্মান যাৰ মুখ মণ্ডল, ৰত্নৰ দৰে উজ্জ্বল চিকমিকনি যাৰ শৰীৰৰ অংগ, পৰশু, মৃগ, বৰাহ আদি মুদ্ৰা যুক্ত সদা প্ৰসন্ন, পদ্মাসনত যি ধ্যানস্থ, দেৱতাসকলেও যাক স্তুতি কৰে, ব্যাঘ্ৰচৰ্ম যি পৰিধান কৰে, বিশ্বৰ আদি দেব, বিশ্ববন্দিত, নিখিলৰ ভব ভয় হৰণকাৰী, পঞ্চমুখতেই যি ত্ৰিনয়ন যুক্ত৷তেওঁ দেবাসুৰ বন্দিত, সমস্ত বিশ্বব্যাপী সদা শাশ্বত, দশ দিকপালৰ দ্বাৰা আবৃত সেই সদাশিৱ দেৱতাৰ পদকমলত প্ৰণাম জনাইছোঁ৷আৰ্যসকলে ভাৰতৰ বুকুত পদাৰ্পণ কৰি তুষাৰাবৃত হিমালয়ৰ ওপৰত প্ৰভাতী সূৰ্যৰ সোণালী কিৰণে সৃষ্টি কৰা অপৰূ...
ভাদ মাহ আৰু বাৰেঘৰ সত্ৰ (ইন্দু ভূষণ মহন্ত)

ভাদ মাহ আৰু বাৰেঘৰ সত্ৰ (ইন্দু ভূষণ মহন্ত)

CULTURAL, FESTIVAL
পাঠশালাত পঢ়া এটা কবিতাত বছৰৰ বাৰ মাহৰ ৰসাল বৰ্ণনাৰ কথা মনত পৰিছে; যথা–‘‘বছৰৰ বাৰ মাহ শুনা ল’ৰাহঁত৷বছৰৰ প্ৰথম মাহ বিহু বহাগৰ৷৷খেতি বাতি ভৰপক আম কঁঠালৰ৷ভাদত জানিবা তিথি মহাপুৰুষৰ৷৷মনত থকাৰে পৰা ভাদ মাহটো সমাজে পবিত্ৰ জ্ঞান কৰা দেখি আহিছো৷ ই পূণ্য অৰ্জনৰ মাহ৷ ই সৌৰ বছৰৰ পঞ্চম মাহ৷ ই বৰ্ষাৰ শেষ আৰু শৰতৰ আগমনৰ মাহ৷ এই মাহত শ্ৰীকৃষ্ণৰ ঝুলন যাত্ৰা, ৰক্ষাবন্ধন, গণেশ পূজা, ঘট্‌-পঞ্চমী আদি ব্ৰত পালন কৰা হয়৷ শ্ৰীকৃষ্ণৰ জন্মোৎসৱ, নন্দোৎসৱ, বিশ্বকৰ্মা পূজা, চাহ জনগোষ্ঠীৰ কৰম পূজা আদি এই মাহতে অনুষ্ঠিত হয়৷ সেইবাবেই এই মাহটো পূণ্য অৰ্জনৰ মাহ বুলি গণ্য কৰি পবিত্ৰ ভাদ মাহ বুলি বিশ্বাস কৰি আহিছে৷এই মাহত অসমৰ সত্ৰসমূহ, থান সত্ৰসমূহ, গাঁও, নগৰ-চহৰৰ ৰাজহুৱা নামঘৰ সমূহত মাহজোৰা নাম-প্ৰসঙ্গ সমূহত প্ৰতিঘৰেই জড়িত হোৱাৰ উপৰিও প্ৰবাসী অসমীয়াসকলেও পাৰিলে আহি এভাগি সেৱা আগবঢ়াই মনোকামনা পূৰণ কৰে৷ গুৰু ...
কৃষি বৰ্ষৰ আদৰণিত ওড়িশাৰ ৰজ পৰম্পৰা (নিৰ্মালি মহন্ত)

কৃষি বৰ্ষৰ আদৰণিত ওড়িশাৰ ৰজ পৰম্পৰা (নিৰ্মালি মহন্ত)

FESTIVAL
মাতৃ, যিয়ে আমাক এখন নতুন পৃথিৱীৰ সৈতে পৰিচয় কৰোৱাই দিয়ে ৷ যিয়ে নিস্বাৰ্থ ভাৱেৰে সকলো কষ্ট সহ্য কৰি কেৱল আমাৰ লালন পালনতে নিজকে উছৰ্গিত কৰে ৷ হয়তো সেয়ে আমাক সামৰিলৈ থকা এই ভূমিকো এগৰাকী মাতৃ বুলিয়েই কোৱা হয়, যিয়ে নিস্বাৰ্থ ভাৱেৰে আমাৰ সকলো ইচ্ছা পূৰণ কৰি আহিছে ৷ বহু নিযুত কোটি বৰ্ষৰ আগতেই এই বিশ্বত হয় তেওঁৰ আগমন৷ তেওঁৰ বুকুতেই আমাৰ জন্ম, কৰিছে আমাৰ লালন পালন৷ তেওঁৰ উত্থানেই আমাৰ উত্থান, তেওঁৰ পতনেই আমাৰ পতন৷ সকলো বিৱৰ্তনৰ বাবেই তেওঁ সাজু৷ সাগৰৰ বিশাল ঢৌৰে, বৈ অহা কোবাল নৈৰ সোঁতেৰে, মাটিৰে, বায়ুৰে পলকতে সকলোকে সামৰি লৈ যাব পাৰে নিজত বুকুৰ মাজলৈ৷ কোনোবাই কয় ধৰিত্ৰী, কোনোবাই মৰ্ত্যধাম, কোনোবাই বসুন্ধৰা, কোনোৱে কয় মৃত্তিকা৷ অলেখ নামেৰে নতশিৰ হওঁ আামি তেওঁৰ ওচৰত৷ তেওঁৰ গৰ্ভৰ পৰাই ওলাই অহা আহাৰ মুঠিয়েই হৈছে আমাৰ জীয়াই থকাৰ ঊৰ্জা৷ সেয়ে বিভিন্ন অনুষ্ঠানেৰে তেওঁক আমি কৃতজ্ঞতা জনাও৷ সুন্দৰ ফচলৰ স...
আহাৰ মাহ আৰn ষাঁঠৰ সম্পৰ্ক (অলকা মহন্ত বৰুৱা)

আহাৰ মাহ আৰn ষাঁঠৰ সম্পৰ্ক (অলকা মহন্ত বৰুৱা)

FESTIVAL
‘ব’হাগ মাহত গছৰ ডালত ফুলে কপৌফুল জেঠমহীয়া ৰ’দৰ তাপত শৰীৰ বিয়াকুল আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম শাওণমহীয়া বৰষুণত সাধু শুনাই কাম’ নাইবা– ‘অপৰূপ বাৰিষাৰ তৰংগ ৰাশিয়ে নাচে নৱ সৃষ্টিৰ গানে’ এই কবিতা দুফাকিত অসমৰ গ্ৰাম্য জীৱনৰ এক নিবিড় সম্পৰ্ক তথা চহা জীৱনৰ এখন সুন্দৰ ছবি ফুটি উঠিছে৷ আহাৰ মাহ মানেই অসমত খেতিৰ ভৰপক উঠাৰ বতৰ৷ ধানখেতি কৰাৰ এই দিনখিনিত অসমৰ কৃষিজীৱী লোকে কাহিলি পুৱাৰে পৰা সন্ধ্যা পৰ্যন্ত ব্যস্ত থাকে পথাৰত৷ এইখিনি সময় হ’ল খেতি পথাৰ চহাই কঠীয়া ৰুবৰ বাবে পথাৰৰ মাটি সাজু কৰাৰ সময়৷ ৰ’দৰ দুপৰীয়াৰ চমকত গাঁৱৰ বাট-পথত একাঁঠু বোকা, সেই বোকাময় পথেৰে কান্ধত নাঙলখন লৈ পুৱাই কৃষকৰ পথাৰলৈ যাত্ৰা৷ নিশাটো দোপাল পিটা বৰষুণৰ পিছত পুৱাই মাছৰ উজান৷ ৰাইজৰ কাৰোবাৰ হাতত জাল, কাৰোবাৰ হাতত বৰশীটো৷ কোনোবাই পুৱাই গৈ পথাৰৰ পৰা...
ঈদ উল ফিটৰ (মিৰাজুল ৰছিদ)

ঈদ উল ফিটৰ (মিৰাজুল ৰছিদ)

FESTIVAL
ৰমজানৰ ৩০টা ৰোজাৰ পাছত আহি পৰে ঈদ উল ফিটৰৰ সেই বিশেষ দিনটো৷ ইছলাম ধৰ্মালম্বীলোকসকলে ৰমজান মাহৰ ৩০ টা ৰোজা ৰখাটো ফৰজ [বাধ্যতামূলক]৷ ৰোজা মানেই অকল লোঘণে থকাটোকে নুবুজায় ৷ নিজৰ দেহ, মন আৰু চিন্তাধাৰাক সঠিক ৰূপত ৰাখি খং, অন্যায়, অবিচাৰ, অ-সামাজিক কাম আদিৰ পৰা নিজকে দূৰত ৰাখি সৃষ্টিকৰ্তা আল্লাহ য ঈশ্বৰৰ বাদাতয নাম স্মৰণ কৰাটোহে প্ৰকৃত ৰোজা৷ আনহাতে ৰমজানৰ এই পৱিত্ৰ মাহতেই দুখীয়াক দানযফিৎৰায জাকাত আদি দিয়াটোও প্ৰতিটো সামৰ্থবান পৰিয়ালৰ কৰ্তব্য৷ ঈদ উল ফিটৰৰ দিনটো অসমীয়া মুছলমানসকলৰ প্ৰতিটো পৰিয়ালে উলহ মালহেৰে উদযাপন কৰে৷ এই বিশেষ দিনটোৰ পুৱা গা পা ধুই নতুন কাপোৰ পিন্ধি ঘৰৰ পুৰুষসকলে ঈদগাহলৈ যায়৷ তাত সকলোৱে মিলি দুই ৰাকাত ঈদ উলফিটৰৰ নামাজ পঢ়ে৷ এই নামাজৰ পাছতে বিশ্ববাসীৰ শান্তি কামনাৰে সকলো ৰাইজে দোৱাযপ্ৰাৰ্থনা কৰে৷ ঈদ উল ফিটৰৰ দিনটোত প্ৰতিটো পৰিয়ালে সাধ্য অনুসৰি পিঠা পনা, ...

সাগৰিকা বৰা

FESTIVAL
ঢোলৰ চাপৰে মনবোৰ ৰোমাঞ্চিত কৰি তোলে প্ৰতিজন অসমীয়াৰ। ন - ন কুঁহিপাতে যেন মিচিকি হাঁহে। কপৌ, তগৰৰ গোন্ধই আমোলমোলাই উঠে সেউজী ধৰা। বসন্তত হেঁপাহবোৰে যেন পোখা মেলে। যোৱা বসন্তত মহামাৰীৰ আতংকই নিস্তব্ধ কৰি তুলিছিল নববৰ্ষৰ আনন্দ। দুঃচিন্তা আৰু অনিশ্চয়তাই গ্ৰাস কৰিছিল মানুহৰ মন। সেয়ে এই বসন্তত নেদেখাজনৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছোঁ, ন কঁহিপাতে ধৰালৈ আনক হেৰাই যোৱা সপোন আৰু সম্ভাৱনাবোৰ। এইমাহৰ মায়াত আপোনালোকৰ বাবে আগবঢ়াইছোঁ সংস্কৃতিৰ পথাৰত ব্যস্ত হৈ থকা কেইগৰাকীমান সংস্কৃতিৰ সাধকৰ বসন্তৰ পৰিকল্পনা। পূৰ্বদিশ আলোচনীৰ তৰফৰ পৰা তেওঁ লোকলৈ জনাইছোঁ অনাগত শুভদিনৰ বাবে শুভকামনা। বিপিন চাওদাং (কণ্ঠশিŠী) “নাহৰ পাত এখিলি থিয় সমনীয়া নাহৰ পাত এখিলি থিয় ককা আজোককাই বিহু গাইয়ে গলে আমিবা নগামে কিয়” নমস্কাৰ। মই বিপিন চাউদাং। চাওঁতে চাওঁতে আকৌ পালেহি মনোমোহা ঋতু বসন্ত। কপৌ ফুল ফুলিলে, কুলিয়ে কান্দিলে, গছে পতে সলা...