STORY – Page 2 – Purbodix.com

STORY

এমুঠি ভালপোৱাৰ বসন্ত- (বিনীশা দেৱী)

STORY
বাৰম্বাৰ কৰা অনুৰোধৰ অন্তত শেষ অনুৰোধ ৰক্ষা কৰিবৰ বাবেই এদিন গধূলি মই তেওঁৰ ঘৰলৈ গৈছিলোঁ৷ সৰু মৰম লগা এটা ঘৰ৷ স্বভাৱ সুলভ হাঁহিৰে তেওঁ মোক আদৰি লৈ গৈছিল ভিতৰলৈ৷ অকলে থকা মানুহজনৰ ঘৰটো ইমান পৰিপাটি! “ মানুহ নথকা ঘৰৰ সৌন্দৰ্য্য জানো থাকে?’’ ক’ৰবাত যেন বিষাদৰ ডাৱৰ একাঁজলি! অকণমান সময়ৰ পিছতে সন্মুখৰ সৰু টেবুলখনত দুকাপ কফিয়ে শোভাবৰ্ধন কৰিছিলহি৷ কফি কাপত চুমুক দি মই কৈছিলোঁ---“আপুনি সুন্দৰ কফি বনাব জানে৷’’ : অকলেই থাকো যেতিয়া সকলোবোৰ বনাবলৈ শিকিলোঁ৷ হা: হা: ৷ হাঁহিৰ মাজতো বৈ আছিল যেন কৰ’বাত বিষাদৰ ধ্বনি!   এনেদৰে আৰম্ভ হৈছিল আমাৰ কথোপকথন৷ পাতি গৈছিলোঁ এটাৰ পিছত আন এটাকৈ কথা৷ ভাল লগা -নলগা, ইচ্ছা -অনিচ্ছা ইত্যাদিৰে আমাৰ মনৰ বহুত কথা! মোহিত হৈছিলোঁ মই তেওঁৰ সৰল অথচ গভীৰ অনুভূতিৰ কথাবোৰত৷ ভাল লাগিছিল তেওঁৰ জীৱনৰ প্ৰতি থকা সৰল দৃষ্টিভংগীখিনিক৷ সময়বোৰে লাহে-লাহে ৰাতিটোক ৰঙীন কৰি তুলিছিল৷ এটা ...
গল্প – প্ৰেমৰ ঘৰ (ৰাস্না পালক)

গল্প – প্ৰেমৰ ঘৰ (ৰাস্না পালক)

STORY
: হেৰা... : বোলো শুনিছানে? এবাৰ দুবাৰ নহয় কেইবাবাৰো মাতিও পৰিবাৰৰ মাত নাপাই দিবাকৰ বৰুৱা ভিতৰ পালেগৈ৷ শোৱনি কোঠা, আলহী চ’ৰা আনকি পাকঘৰতো নাপাই মানুহজনে খৰধৰকৈ গাধোৱা ঘৰতো ভূমুকিয়ালেগৈ৷ দুদিনমানৰ পৰা বৰুৱাৰ পৰিবাৰ ভানুপ্ৰিয়াৰ ভৰিত বিষ এটাই লগ দিছে৷ যদি কেনেবাকৈ পিচলিছে! কথাটো মনলৈ অহাৰ লগে লগে প্ৰায় দৌৰি যোৱাদি বৰুৱা গাধোৱা ঘৰ পালেগৈ৷ অহ্‌ ক’লৈ গ’ল মানুহজনী? নাই যে নাই পায়খানা ঘৰতো নাই৷ তৎপৰতাৰে ফোনটো অফিচলৈ ওলাই যোৱা একমাত্ৰ পুত্ৰকে লগালে৷ : বাবা ...মাৰা ঘৰত নাই৷ : .... : অ নাই অ....সকলোতে চাইছো মই৷ : : তই আহচোন...বেগেতে.. : ... : কাক বেগেতে অহাৰ কথা কৈছে হয়নে?   ঘূৰি চাই পৰিবাৰক দেখি উশাহ যেন ঘূৰি আহে বৰুৱাৰ৷ : অ বাবা...মাৰা আহিল...তুমি কলৈ গৈছিলা? গোটেইখন বিচাৰি ফুৰিছো মই৷ মাত এষাৰটো দি যোৱা৷ জানানে কিমান চিন্তা হৈ গৈছিল মোৰ৷ বাবা তোমাক বিচাৰি যাবলৈকে অফিচৰপৰা আহিব খুজি...
দৃশ্যান্তৰ (শচীন বৰুৱা)

দৃশ্যান্তৰ (শচীন বৰুৱা)

STORY
বেলিয়ে ইতিমধ্য পাতত বহাৰ যো-জা চলাইছে৷ পশ্চিম প্ৰান্তৰ সিটো পাৰে অবুৰ্দ হেঙুলীয়াৰ সমাহাৰ৷ সেই হেঙুল বৰণীয়া আকাশেৰেই উৰি গৈছে নীড়মুখী পক্ষীবোৰ৷ সেই পক্ষীৰ কল-কাকলিয়ে সমস্ত বুঢ়ীদিহিংখনিকেই এখন সৰগৰ প্ৰদেশলৈ ৰূপান্তৰিত কৰিছে৷ পোহৰৰ প্ৰখৰতাও লাহে লাহে কমি আহিবলৈ ধৰিছে৷ বিৰিখৰ ফাঁকে ফাঁকে পাতল কুঁৱলীৰ আ২৬াদন৷ সেই আ২৬াদন ফালিয়েই পাচলি ভৰ্তি ভাৰী মোনা দুখন লৈ প্ৰতিমা ঘৰমুৱা হৈছে৷ অৱশ্যে বাৰীত তেতিয়াও বহু কাম বাকী থাকে৷ ঘৰৰ লেঠা মাৰিবলৈকে তাই অলপ খোৰ-খোজে ঘৰমুৱা হ’ব লগা হয়৷ ঘৰখনৰ এশ-এবুৰি কামে যেন প্ৰতিমালৈকে বাট চাই থাকে৷ দিনটোলৈ শাহুৱেকৰ হাতত এৰি যোৱা ল’ৰাটোলৈ কিমান বাৰ চেৰেং চেৰেংকৈ মনত পৰে তাৰ অন্ত নাই৷ ঘৰ পাই কেঁচুৱাটো একোলা লৈ গাখীৰ খুৱাই তাই আকৌ ঘৰnৱা কামত সহায় নকৰা নহয়৷ কিন্তু সৰহ দিন তাই অকলেই চম্ভালি টু শব্দ এটা নকৰাকৈ নিয়াৰিকৈ কৰি যায় সকলো কাম৷ ডিব্ৰুগড় জিলাৰ এখন সৰু গাঁও-বালিগাঁও৷ ...
যেতিয়া হাঁহিব খোজে (মনিকা শৰ্ম্মা)

যেতিয়া হাঁহিব খোজে (মনিকা শৰ্ম্মা)

STORY
 অফিচৰ দুৱাৰে দুৱাৰে ঘূৰি ঘূৰি শেৱালিয়ে যেতিয়া ঘৰ সোমাই বৃদ্ধ মাক দেউতাকৰ কৰুণ মুখখন দেখা পায় তাইৰ বৰ দুখ লাগে৷ কিমান কষ্ট কৰি যে এই মানুহহালে ল’ৰা-ছোৱালী দুটাক ডাঙৰ কৰিলে৷ লোকৰ ঘৰত খেতিৰথাৰত¸ কাম কৰি যি কেইটা টকা পাই সেই কেইটা টকাৰে ঘৰখনৰ যাৱতীয় বস্তু কেইপদ আনি ল’ৰা-ছোৱালী দুটাক কলেজত পঢ়াবৰ বাবে উপাৰ্জন কম হোৱাৰ বাবে মাকেও গাঁৱৰে আদ্যবন্ত মানুহ কেইঘৰমানত ঘৰুৱা কাম কৰি তাৰ বিনিময়ত পোৱা টকাকেইটাৰে মিলাই মেলি ল’ৰা ছোৱালী দুটাক পঢ়ুৱাৰ লগতে ঘৰখনো যেনে-তেনে চলাই নিছিল৷ একেটা বছৰতে ল’ৰা অমলে বি.এ আৰু ছোৱালী শেৱালিয়ে এইছ. এছ সুখ্যাতিৰে পাছ কৰি মাক-দেউতাকৰ মুখত হাঁহি বিৰিঙালে৷ তেওঁলোকৰ কষ্ট সাৰ্থক হৈছে বুলি দুয়োয়ে বৰ আনন্দ পালে আৰু আগতকৈও বেছি কষ্ট কৰি অমলক চহৰৰ হোষ্টেলত ৰাখি এম.এ পঢ়াবৰ বাবে বন্দোবস্ত কৰিলে আৰু শেৱালিকো ওচৰৰে চহৰত কলেজ এখনত নাম লগাই দিলে৷ অমলে মাক দেউতাকক ইমান কষ্ট দি এম...
বেয়া মানুহগৰাকীৰ কথাৰে (নয়নী বৰগোহাঁই)

বেয়া মানুহগৰাকীৰ কথাৰে (নয়নী বৰগোহাঁই)

STORY
 এই যে বেয়া মানুহবোৰ কেনেকৈ কেতিয়া বেয়া হৈ যায় বাৰু৷ নে জন্মতে বেয়া হৈয়ে আহে৷ মানুহজনীৰ ঘৰলৈ নাযাবি, পুতেকৰ লগত নেখেলিবি, মানুহগৰাকীক ৰাস্তাত দেখিলেও নামাতিবি কাৰণ মানুহগৰাকী বেয়া মানুহ৷ ইমানেই বেয়া যে ঘৰৰ পৰা ওলাওঁতে চকুৰ আগেদি বিজুলী বেগেৰে পাৰ হৈ গ’লেও দিনটো বেয়া হয়, হ’ব লগা কামেই নহয়৷ বেৰৰ সৰু জলঙাইদি তগৰে ভিতৰলৈ চালে৷ কেৰমেৰকৈ শব্দ কৰি থকা বিছনাখনৰ পৰা কোনোবাই কিবা এটা কৈ আছে৷ বহুত চেষ্টা কৰিও তগৰে শুনা নাপালে শব্দবোৰ৷ এবাৰ শেৱালিক মাত লগাই যায় নি বাৰু তাই৷ বহুদিন শেৱালিকো দেখা নাই৷ কি বা হৈছে মাকৰ গম পোৱা হ’লে৷ চেটেপ চেটেপকৈ চেণ্ডেলৰ শব্দ কৰি এলুমিনিয়ামৰ কলহটোত একলহ পানীৰ সৈতে ধলং ঢপঙকৈ শেৱালি ঘৰটোলৈ সোমাই আহিছে৷ এই সময়ত নদীৰ ঘাটত কোনো নাথাকে৷ দুপৰীয়া ভাত খাই সকলো মানুহেই জিৰণি লৈছে৷ গাওঁখনত এই সময়ত বিশেষ কাম নাথাকিলে ৰাস্তালৈ সাধাৰণতে কোনো মানুহ ওলাই নাহে৷ সেইকাৰণে চাগৈ তগৰে শ...
প্ৰায়চিত্ত (নৰেন নীতম দাস)

প্ৰায়চিত্ত (নৰেন নীতম দাস)

CURRENT TOPIC, STORY
যুতিকা বৰুৱাৰ স্বামীয়ে আত্মহত্যা কৰিলে৷ বৰ বৰ আখৰেৰে পাছদিনাই খবৰটো দৈনিক বাতৰি কাকতবোৰত প্ৰকাশ পালে৷ দূৰদৰ্শনৰ পৰ্দাতো উক্ত খবৰে চাঞ্চল্যৰ সৃষ্টি কৰি তুলিলে৷ অইলৰ কোৱাৰ্টাৰৰ কোঠাতেই অঘটন ঘটালে৷ ক’ৰ পৰা কি হৈ গ’ল কোনেও ধৰিবই নোৱাৰিলে৷                প্ৰসেনজিৎ শইকীয়াৰ লগত প্ৰেমসূত্ৰেই যুতিকা বৰুৱাই বিয়া পাতিছিল৷ দুয়ো ইঞ্জিনীয়াৰিং কলেজত একেলগে পঢ়া৷ তেতিয়াই দুয়োৰে মাজত প্ৰেমৰ আদান-প্ৰদান হৈছিল৷                দুয়ো এখন সোণৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল৷                তেওঁলোক দুয়োৰে এই সোণালী সপোন এদিন দিঠকত পৰিণত হ’ল৷            &n...
অণুগল্প

অণুগল্প

CURRENT TOPIC, STORY
সাফল্য মনিকা শৰ্মা অভাৱ নামৰ শব্দটোৱে প্ৰতিটো ক্ষেত্ৰতে লগ নেৰা মেঘালী বৰুৱাই আজি আকৌ এটা নতুন গল্পৰ প্লট বিচাৰি পালে৷ তাই কেতিয়াবা ভাবে, আজিৰ পৰা আৰু নিলিখে৷ লিখিনো কি লাভ হ’ব৷ প্ৰতি বছৰে ছোৱালীৰ বাবে অনা কাগজৰ ৰিমটোৰ পৰা দিস্তা দিস্তা কাগজ শেষ হৈছে আৰু ঘূণে ধৰা টেবুলখনত নীলা চিয়াঁহীৰে বুলাই দিয়া কাগজৰ দিস্তাবোৰ থবলৈ ঠাই নোহোৱা হৈছে৷ কেতিয়াবা তাই ভাবে আনবোৰৰ দৰে তায়ো এটা এনড্ৰইড ম’বাইল কিনিব৷ ফেচবুক নামৰ ছ’চিয়েল মিডিয়াত সেইবোৰ আপলোড দিব৷ কিন্তু দুখীয়াৰ জানো ভবা কথা সিদ্ধি হয়? তাইৰো সেই আশা আশা হৈয়ে ৰ’ল৷ কাৰণ ইমান টকা খৰচ কৰি কোনো পধ্যেই এটা  এনড্ৰইড ম’বাইল কিনিব নোৱাৰে৷ বাৰিষাৰ ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰূপ ধাৰণ কৰি সিহঁতৰ জীৱিকাৰ একমাত্ৰ সম্বল খেতিৰ মাটিখিনি উটাই নিয়াৰ পাছত মানুহজনে আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে সিহঁতৰ সৰু পৰিয়ালটো চলাই নিছে৷  কথাতেই কয় বোলে, দুখীয়াৰ দুখ কোনোদিনে...
অৰ্ধাঙ্গিনী

অৰ্ধাঙ্গিনী

CURRENT TOPIC, STORY
হিমাংশু শৰ্মা এখন মধ্যবিত্ত ঘৰৰ একমাত্ৰ জীয়ৰী অনন্যা৷ অনন্যা এগৰাকী অতিকৈ সহজ-সৰল ছোৱালী৷ অসমীয়া বিভাগত এম এ কৰা অনন্যাই কবিতা, গল্প, উপন্যাস আদি লিখা-মেলা কৰে আৰু তাক বিভিন্ন পুথি আকাৰে বা বাতৰি কাকতৰ যোগেৰেও প্ৰকাশ কৰে৷ তাইৰ লিখনিৰ বহু সংখ্যক অনুৰাগী আছে৷ অনন্যাৰ ঘৰখনত মাত্ৰ তিনিটাই পৰিয়ালৰ সদস্য, অনন্যা আৰু তাইৰ মাক-দেউতাক৷ গুৱাহাটী মহানগৰীৰ এজন সম্ভ্ৰান্ত ব্যক্তি বলৰাম ডেকাৰ পৰিয়ালত ৫ গৰাকী সদস্য৷ বলৰামৰ পত্নী, সিহঁতৰ দুজন পুত্ৰ আৰু ২ বছৰ মান আগতে বিয়া কৰোৱা ডাঙৰ পুত্ৰৰ বোৱাৰী৷ চাকৰি সূত্ৰে ডাঙৰ পুত্ৰ অতুল অসমৰ বাহিৰত থাকে আৰু তাৰ পত্নী ঘৰতে থাকে৷ বলৰামৰ সৰু পুত্ৰ পংকজ, বৰ খঙাল স্বভাৱৰ-বেকাৰ আৰু নষ্ট চৰিত্ৰৰ৷ সকলো সময়তে নিচাত ডুব গৈ থকা পংকজৰ তাৰ বৌৱেকৰ লগতে এক পৰকীয়া প্ৰেমৰ সম্পৰ্কও আছে, যাৰ কথা ঘৰৰ আন কোনো সদস্যই গম নাপায়৷ বিয়াৰ উপযুক্ত হোৱা বাবে বলৰাম ডেকাই পুত্ৰ পংকজৰ বাবে ছ...
গল্প

গল্প

CURRENT TOPIC, STORY
চাকি নিৰ্মালি নয়নতৰা ৰাতিলৈ নগৰখন অকণমান কেঁচুৱা এটিৰ দৰে শুই পৰে৷ দিনত সেই একেখন নগৰেই যেন চপল কিশোৰ এটি হৈ দৌৰি ফুৰিব খোজে৷ নগৰখনৰ পুৱে পি ডব্লিউ ডি অফিচটো আৰু ক’লনিটো৷ ক’লনিত মুকালমুৱাৰ হৰেণ হালৈও থাকে, কাকজানৰ হেমন্ত গোহাঁইও থাকে৷ মাহীয়েকৰ জীয়েককে বিয়া পাতি সমাজচ্যুত হৈ থকা মহাদেৱ চকীদাৰো থাকে, জীয়েকহঁতক নিয়মীয়াকৈ বৰগীত শিকোৱা বিনয় বৰবাবুও থাকে৷ মানুহবোৰৰ কোৱাৰ্টাৰবোৰৰ আগফালে ফুলনি আৰু শাকনি অকণমান, পাছফালে তাঁতশাল নহ’লেবা ঢেঁকীশাল৷ নাদৰ পাৰত বাচন ৰ’দাবলৈ বাঁহৰ চাং৷ তাতে আচাৰৰ বটলকেইটাও তোলা যায়৷ আবেলিতে ক’লনিৰ ষ্ট্ৰীট লাইটবোৰ জলি উঠে৷ তেতিয়া ল’ৰা ছোৱালীবোৰে চাইকেল লৈ পিনপিনাই ফুৰা বন্ধ কৰি ঘৰ সোমাবলৈ মাকহঁতৰ দাবী ধমকি খায়৷ এনীৰ মাকেও সেইকন সময়তে দুকাপ চাহ কৰে৷ একাপ মানুহজনৰ হাতত তুলি দি কয়, “ই হাজৰিকাৰ ল’ৰাটো আহিছিল৷ কিতাপবোৰ নিবলৈ৷’’ নহলেবা, “জানমণিক লগ পালো আজি৷ সন...
জন্মান্তৰৰ গল্প (ৰীতা চৌধুৰী)

জন্মান্তৰৰ গল্প (ৰীতা চৌধুৰী)

STORY
ক’নাটপ্লেচৰ পোহৰ আৰু শব্দৰ মাজত ছয়াময়া এটা ক’ৰিডৰততেওঁৰ সৈতে হঠাৎ দেখা৷ মোৰ কান্ধলৈ পৰা চুলিত চেঁচা বতাহ এজাকে হাত বুলাই গৈছিল৷ ছিফনৰ শাৰীৰ আকাশ নীলা আঁচল মাটিত লাগো লাগো, কপাহ যেন পাতল পছমিনাৰ ক’লা এক ৰঙী চাদৰখন আলাসতে গাতলৈ পাৰ হৈছো আইচক্ৰীম বেচা কাৰ্টখন, পোৰা মিঠা আলুৰ গোন্ধ, আয়না খটোৱা ৰাজস্থানী কাপোৰৰ জিলমিল, হৰ্ণৰ খেলিমেলি মাত, জাকপাতি পাৰ হৈ যোৱা এজাক জুনুকাৰ শব্দৰ দৰে হাঁহি... মালকোশ ৰাগৰ গভীৰৰ পৰা উঠি অহা মই যেন এটা বেহিচাপী আলাপ,  গানহীন কোনো অচিন দেশলৈ ভুল কৰি গুচি অহা সুৰৰ প্ৰেমিক৷ নিজৰ সৈতে অকলে! ক’নাটপ্লেচৰ প্ৰাচীন ক’ৰিডৰত, হাজাৰ আবেগৰ ভিৰত অকলে! সন্ধিয়া নামিছে মাত্ৰ৷ হেঙুল ৰঙী পোহৰে তেতিয়াও পোহৰাই থকা এই মুখ, সন্ধ্যা তৰাৰ দৰে চকু৷ য’লৈকে যাওঁ লগে লগে যায় জোনাকী পৰুৱাবোৰ৷ ফ্লাৱাৰ মাণ্টিছবোৰ উৰে৷ তথাপিও অকলে৷ নিজৰ সেতে৷ অকলে৷ কোনো অপেক্ষা নাছিল৷...