CULTURAL – Page 2 – Purbodix.com

CULTURAL

সাংস্কৃতিক জগতৰ এটা নাম – অংশুমা শইকীয়া   (নয়নী বৰগোহাঁই)

সাংস্কৃতিক জগতৰ এটা নাম – অংশুমা শইকীয়া (নয়নী বৰগোহাঁই)

CULTURAL, CURRENT TOPIC
সাংস্কৃতিক জগতত স্ব-প্ৰতিভাৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা এটা নাম হ’ল অংশুমা শইকীয়া৷ গুবাহাটীত জন্ম লাভ কৰা অংশুমাই স্কুলীয়া শিক্ষাৰ লগতে গন্ধৰ্ব মহাবিদ্যালয়ৰ পৰা উডিছী নৃত্যত বিশাৰদ কৰে৷ ২০০৬ চনত তেওঁ উডিছী নৃত্যত সোণৰ পদকো লাভ কৰে৷সৰুৰে পৰা অভিনয় ভালপোৱা অংশুমা শইকীয়াই লাভ অ’কে, চাহাৰা ৱান, ষ্টাৰ ৱান, ষ্টাৰ ভাৰতকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় চেনেলত পাৰদৰ্শীতাৰ ধাৰাবাহিক আৰু মনোৰঞ্জনধৰ্মী অনুষ্ঠানত অভিনয় কৰিছে৷ বৰ্তমান স্বামীৰ স’তে মুম্বাইত বাস কৰা অংশুমা শইকীয়া অভিনীত উল্লেখযোগ্য ধাৰাবাহিক আৰু অনুষ্ঠান হৈছে ‘গাত হুৱে পৰায়ে’ (ষ্টাৰ ৱান), ‘মিলে যব হাম তুম’ (ষ্টাৰ ৱান), জয় জয় জয় বজৰংবলী (চাহাৰা ৱান), জগ জগ জননী মা দুৰ্গা (কালাৰচ), সাৱধান ইণ্ডিয়া (লাইফ অ’কে), ড্ৰীম গাৰ্ল (লাইফ অ’কে), চালাম ইণ্ডিয়া (ডিডি কিষাণ), এক নয়ী সুবাহ (ডি ডি নেচনেল), দুৰ্গা...
কণ্ঠই যাৰ প্ৰথম পৰিচয়  (নৱনীতা শৰ্মা)

কণ্ঠই যাৰ প্ৰথম পৰিচয় (নৱনীতা শৰ্মা)

CULTURAL
এই ক্ষুদ্ৰ লিখাটোত মই এনে এজন সফল ব্যক্তিৰ কখা ক’ব বিচাৰিছোঁ যাৰ আছে অনন্য ব্যক্তিত্ব, অসাধাৰণ প্ৰতিভা৷ যাৰ আছে গুৰু গম্ভীৰ কণ্ঠস্বৰ, সন্মোহন আৰু এক ব্যঞ্জনা৷ যাৰ কণ্ঠই স্ৰোতা-দৰ্শকৰ হৃদয়ত সৃষ্টি কৰে এক অনন্য অনুভূতিৰ অনুৰনন৷ যাৰ আঙুলিৰ পৰশত গীটাৰত সৃষ্টি হয় সুৰৰ ঝংকাৰ৷ একেৰাহে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, অভিনেতা, বাদ্যযন্ত্ৰ শিল্পী, কবি, আবৃত্তিকাৰ তথা এসময়ৰ আকাশবাণী ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ জনপ্ৰিয় ঘোষকগৰাকীয়ে হ’ল বহুমুখী প্ৰতিভাৰ অধিকাৰী চৈয়দ ছাদুল্লা৷ বৰ্তমান তেখেত ডিব্ৰুগড় নালিয়াপুলৰ নিবাসী৷এই মহান শিল্পীজনৰ জন্ম হৈছিল ১৯৪৮ চনত ডিব্ৰুগড়ত৷ কিন্তু দেউতাকৰ চাকৰি সুত্ৰে ছিলং যাব লগা হয় আৰু তাতেই তেখেতে সপ্তম শ্ৰৈণীলৈকে শিক্ষাজীৱনৰ পাতনি মেলে আৰু আকৌ পুনৰ ডিব্ৰুগড়লৈ ঘূৰি আহি ডিব্ৰুগড় গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ পৰা...
হোমেন বৰগোহাঞিৰ ‘হালধীয়া চৰায়ে বাও ধান খায়’উপন্যাসত জনজীৱনৰ চিত্ৰ (দীপাংকৰ গগৈ)

হোমেন বৰগোহাঞিৰ ‘হালধীয়া চৰায়ে বাও ধান খায়’উপন্যাসত জনজীৱনৰ চিত্ৰ (দীপাংকৰ গগৈ)

CULTURAL, CURRENT TOPIC
আধুনিক অসমীয়া সাহিত্যত হোমেন বৰগোহাঞি এটা অতিকৈ চিনাকী নাম৷ গদ্য, কবিতা, গল্প, উপন্যাস, অনুবাদ - সকলো দিশতে কলম চলাই সমগ্ৰ অসমীয়া কথা - সাহিত্যক তেওঁ এখন সুকীয়া আসনত প্ৰতিষ্ঠিত কৰাবলৈ সক্ষম হৈছে৷ অফুৰন্ত কল্পনা আৰু উদ্ভাৱনী শক্তিৰে অসমীয়া সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰা হোমেন বৰগোহাঞিয়ে তেৰ বছৰ বয়সতে ৰচনা কৰা ৰাণী গাই দিলু নামৰ কবিতাটো মাধৱচন্দ্ৰ বেজবৰুৱা সম্পাদিত বাঁহী আলোচনীত প্ৰকাশ পাইছিল৷ ছপাৰ আখৰত এইটোৱেই তেওঁৰ প্ৰথম ৰচনা৷ৰ এটা গভীৰ অধ্যয়ন পুষ্ট মনৰ অধিকাৰী বৰগোহাঞি সাহিত্যৰ বিভিন্ন শেহতীয়া দৰ্শনৰ লগত বিশেষভাৱে পৰিচিত৷ সমকালীন মানুহৰ সংশয় আৰু দোমোজা, নিসংগ বেদনা, মনৰ ওপৰত চলা চেতনা- অৱচেতনাৰ ক্ৰিয়া আৰু অন্তৰ্দন্দ্ব, চাৰিত্ৰিক সংঘাত আদি তেখেতৰ লেখনিৰ মাজেদি মূৰ্তমান হৈ উঠিছে৷ বিভিন্ন বিষয়বস্তুৰে সাহিত্য ৰচনা কৰাৰ লগতে গ্ৰাম্য জীৱনকো সমল হিচাপে লৈছে৷ তেখেতে যিবোৰ গল্প আৰু উপন্যাস ৰচ...
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দৃষ্টিত নাৰী (নৱনীতা শৰ্মা)

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দৃষ্টিত নাৰী (নৱনীতা শৰ্মা)

CULTURAL
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নাটবোৰ নায়িকা প্ৰধান আৰু সেয়েহে নায়িকাৰ নামেৰেই নাটৰ নামাকৰণবোৰ সাৰ্থক হৈছে৷ তেওঁৰ নায়িকা প্ৰায়েই প্ৰেম প্ৰত্যাখ্যাত যুৱতী৷ এই প্ৰত্যাখ্যানৰ পৰিণতি ঘটিছে মৃত্যুত৷ উদাহৰণ স্বৰূপে– শেৱালী, লভিতা আৰু ৰূপালীম আদি চৰিত্ৰ আৰু এওঁলোক হ’ল নাট্যবস্তুৰ মূল উৎস৷ৰূপকোঁৱৰ দেৱৰ নাটকসমূহত নাৰী চৰিত্ৰ সমূহ বৰ আকৰ্ষণীয় আৰু লগতে অসমীয়া নাৰীৰ স্বাভাৱিক গুণসমূহ প্ৰতিটো নাৰী চৰিত্ৰত অতি সুন্দৰকৈ প্ৰকাশ ঘটিছে৷ অসমীয়া নাৰীৰ ধৈৰ্য, ত্যাগ, সাহস, দৃঢ়তা, বুদ্ধি, সৰলতা এই গোটেইখিনি প্ৰকাশ কাৰেঙৰ লিগিৰীৰ শেৱালী চৰিত্ৰ, লভিতা নাটকৰ লভিতা চৰিত্ৰ আৰু ৰূপালীম নাটকৰ ৰূপালীম চৰিত্ৰতে পোৱা যায়৷ ঠিক তেনেদৰে ৰূপকোঁৱৰ দেৱৰ নাটকত এক নতুনত্বৰ পৰিৱেশ পোৱা যায় সেইয়া হ’ল সাংগীতিক পৰিৱেশৰ সৃষ্টি আৰু চৰিত্ৰ সৃষ্টিত ই স্পষ্ট৷শেৱালী ঃ শেৱালী এগৰাকী অতি সাধাৰণ হাতধৰা লিগিৰী মাথোন, কিন্তু ...
অভিনয় জগতৰ নতুন মুখ নয়নজ্যোতি (নয়নী বৰগোহাঁই)

অভিনয় জগতৰ নতুন মুখ নয়নজ্যোতি (নয়নী বৰগোহাঁই)

CULTURAL
অসমৰ অভিনয় ক্ষেত্ৰত এজন সম্ভাৱণাপূৰ্ণ তথা চিনাকি মুখ হৈছে নয়নজ্যোতি৷ কাৰ্বি আংলং জিলাৰ বোকাজানত জন্ম লাভ কৰা নয়নজ্যোতি পিতৃ যোগেন গগৈ আৰু মাতৃ সোণমাই গগৈৰ সুযোগ্য পুত্ৰ৷বৰ্তমান গোলাঘাটৰ স্থায়ী বাসিন্দা নয়নজ্যোতিয়ে বোকাজান হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে৷ গোলাঘাট ডি. আ১. কলেজৰ পৰা কলেজীয়া শিক্ষাৰ পিছত  NIFTথ্ব ১ পৰা ফিল্ম সম্পৰ্কীয় প্ৰশিক্ষণ লয়৷ৰাজেশ ভূঞাৰ পৰিচালনাত ৰং চেনেলত প্ৰদৰ্শিত হোৱা ‘তুমি দুচকুত কাজল ল’লে’ ধাৰাবাহিকখনৰ দ্বাৰা আত্মপ্ৰকাশ কৰা নয়নজ্যোতিয়ে ৰং, ৰেঙনি আৰু জোনাক চেনেলত প্ৰচাৰিত কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে৷ নয়নজ্যোতিয়ে অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হৈছে, ‘বৈদেহী’, ‘পিতা-পুত্ৰ’, ‘দুটি মনৰ জোনাক’, ‘আবেলিৰ ৰামধেনু’, ‘অচিন-চিনাকি’, ‘গাৰ্লচ হোষ্টেল’, ‘ভাৰাঘৰ’, ‘বৰলাকাই’, ‘অস্তিত্ব’, ‘বেহৰবাৰী আউটপোষ্ট’, ‘ভোলাৰাম এম বি বি এচ’, ‘খে...
টিভিৰ চিনাকী মুখ বৈকুণ্ঠ প্ৰিঞ্চ (অৰূপ কাকতি)

টিভিৰ চিনাকী মুখ বৈকুণ্ঠ প্ৰিঞ্চ (অৰূপ কাকতি)

CULTURAL
সম্পতি অসমৰ চুকে-কোণে থকা অভিনয় প্ৰতিভা সমূহে চিনেমা, এমেছাৰ নাট, ভ্ৰাম্যমাণ থিয়েটাৰ বিভিন্ন ছবি, ছেটেলাইট চেনেলৰ টিভি ধাৰাবাহিক, বিজ্ঞাপন ছবি, ৱেব চিৰিজ আদি ভিন্ন সাংস্কৃতিক মাধ্যমযোগে প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে৷ তেনে এগৰাকী জনপ্ৰিয় যুৱ অভিনয় প্ৰতিভা হৈছে লখিমপুৰৰ নাওবৈচাৰ বৈকু_ পাঠক৷ স্কুলীয়া বয়সতে বছৰেকীয়া উৎসৱত একাংকিকা নাটক আৰু একক অভিনয়ৰ যোগেদি অভিনয় জীৱনৰ পাতনি মেলা বৈকু_ পাঠকৰ জন্ম ১৯৯১ চনত৷ পিতৃ মোহন পাঠক আৰু মাতৃ বীনা পাঠক৷ সৰু সুৰা অভিনয় কৰি পাছত সচেতন ভাৱে অভিনয় মাধ্যমটোৰ লগত জড়িত হৈ পৰিল বৈকু_ পাঠক৷ পিতৃৰ সমৰ্থন থাকিলেও প্ৰথমতে মাতৃৰ সমৰ্থন নাছিল৷ এতিয়া ৰং, ৰেঙণি, জোনাকৰ বিভিন্ন টিভি ধাৰাবাহিকত বৈকু_ৰ বহু অভিনয় দেখি মাকৰ সমৰ্থন, উৎসাহ, আশীৰ্বাদ বাঢ়িছে বৈকু_ৰ প্ৰতি৷                লখিমপুৰৰ ব্ৰহ্ম...
ভাদ মাহ আৰু বাৰেঘৰ সত্ৰ (ইন্দু ভূষণ মহন্ত)

ভাদ মাহ আৰু বাৰেঘৰ সত্ৰ (ইন্দু ভূষণ মহন্ত)

CULTURAL, FESTIVAL
পাঠশালাত পঢ়া এটা কবিতাত বছৰৰ বাৰ মাহৰ ৰসাল বৰ্ণনাৰ কথা মনত পৰিছে; যথা–‘‘বছৰৰ বাৰ মাহ শুনা ল’ৰাহঁত৷বছৰৰ প্ৰথম মাহ বিহু বহাগৰ৷৷খেতি বাতি ভৰপক আম কঁঠালৰ৷ভাদত জানিবা তিথি মহাপুৰুষৰ৷৷মনত থকাৰে পৰা ভাদ মাহটো সমাজে পবিত্ৰ জ্ঞান কৰা দেখি আহিছো৷ ই পূণ্য অৰ্জনৰ মাহ৷ ই সৌৰ বছৰৰ পঞ্চম মাহ৷ ই বৰ্ষাৰ শেষ আৰু শৰতৰ আগমনৰ মাহ৷ এই মাহত শ্ৰীকৃষ্ণৰ ঝুলন যাত্ৰা, ৰক্ষাবন্ধন, গণেশ পূজা, ঘট্‌-পঞ্চমী আদি ব্ৰত পালন কৰা হয়৷ শ্ৰীকৃষ্ণৰ জন্মোৎসৱ, নন্দোৎসৱ, বিশ্বকৰ্মা পূজা, চাহ জনগোষ্ঠীৰ কৰম পূজা আদি এই মাহতে অনুষ্ঠিত হয়৷ সেইবাবেই এই মাহটো পূণ্য অৰ্জনৰ মাহ বুলি গণ্য কৰি পবিত্ৰ ভাদ মাহ বুলি বিশ্বাস কৰি আহিছে৷এই মাহত অসমৰ সত্ৰসমূহ, থান সত্ৰসমূহ, গাঁও, নগৰ-চহৰৰ ৰাজহুৱা নামঘৰ সমূহত মাহজোৰা নাম-প্ৰসঙ্গ সমূহত প্ৰতিঘৰেই জড়িত হোৱাৰ উপৰিও প্ৰবাসী অসমীয়াসকলেও পাৰিলে আহি এভাগি সেৱা আগবঢ়াই মনোকামনা পূৰণ কৰে৷ গুৰু ...
অম্লান অৱদানেৰে জ্যোতিষ্মীন সংগীতৰ মহীৰূহৰ মহাপ্ৰস্থান…. চিৰদিনলৈ হেৰাই গ’ল সেই চিনাকি বাঁহীৰ সুৰটি….

অম্লান অৱদানেৰে জ্যোতিষ্মীন সংগীতৰ মহীৰূহৰ মহাপ্ৰস্থান…. চিৰদিনলৈ হেৰাই গ’ল সেই চিনাকি বাঁহীৰ সুৰটি….

CULTURAL
প্ৰভাত শৰ্মা৷ অসমৰ সংগীত জীৱনৰ এক বৰ্ণাঢ্য পৰিক্ৰমা...৷ অসমৰ সংগীত আকাশৰ এক চিৰ উজ্বল নক্ষত্ৰ....৷ তেখেতৰ মহাপ্ৰায়ণত অপূৰাণীয় ক্ষতি হ’ল অসমৰ সংগীত ক্ষেত্ৰখন তথা সমাজ জীৱনৰ...৷ আসামান্য সংগীত প্ৰতিভাৰে অসমৰ সংগীত ক্ষেত্ৰখনত যি অৱদান আগবঢ়াই থৈ গ’ল তাৰ বাবে তেওঁ অসমবাসীৰ হৃদয়ৰ মণিকোঠাত চিৰদিন উজ্বল কহিনুৰৰ দৰে জিলিকি থাকিব...৷ ভাবিলেই আচৰিত লাগে, জীৱনকালতে ইমান সন্মানৰ অধিকাৰী হৈও স্বভাৱত অতি নম্ৰ, অত্যন্ত বিনয়ী, গুৰুগম্ভীৰ, মৰতত সৰগ ৰচা মাটিৰ মানুহ এইগৰাকী মহান শিল্পীয়ে, সংগীতৰ শিক্ষাদানেৰে অসংখ্য শিল্পী, কুশলীৰ গঢ়ি তুলি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰি থৈ গৈছে.....৷ এইগৰাকী অতুলনীয় প্ৰতিভাৰ চিৰনমস্য শিল্পীৰ বিয়োগত সমগ্ৰ অসমবাসীৰ লগতে ‘‘পূৰ্বদিশ’’ৰ পৰিয়ালবৰ্গইও জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি .... ওঁম শান্তি ....৷৷ জীৱন নাটৰ সামৰণি মাৰি অকালতে গুচ...
সমুদ্ৰ সৈকত প্ৰাণ পাই উঠা বলুকা শিল্প (নিৰ্মালী মহন্ত)

সমুদ্ৰ সৈকত প্ৰাণ পাই উঠা বলুকা শিল্প (নিৰ্মালী মহন্ত)

CULTURAL
পুৰী মোৰ এই সাগৰখনৰ কাৰণেই হিয়াৰ আমঠু। সাগৰৰ পাৰ ৰাঙলী কৰি তোলা সূৰ্যাস্তৰ পৰত বালিৰ ওপৰত বহি কোনোবা অজান মুলুকৰ পৰা বৈ অহা বতাহজাকৰ লগত কিমান সময় যে কথা পাতি পাৰ কৰিছো, কিমান যে ঢৌবোৰে কঢ়িয়াই অনা সৰু সৰু শামুকৰ খোলাবোৰ বুটলিছো। সেন্দূৰী আভাৰে উজলি উঠা পূৰ্ব আকাশৰ সূৰ্যোদয়ে জগাই তোলা সেই অকণি অকণি কেঁকুৰাবোৰে ফুল এপাহৰ দৰে সজাই তোলা নিজৰ বালি ঘৰবোৰৰ মাজত ঢৌৱে স্পৰ্শ কৰিব বুলি পলকতে সোমাই পৰা দৃশ্যই প্ৰতিবাৰেই সমৃদ্ধ কৰি তোলে মোক। এনেদৰেই বান্ধ খাই পৰিছিলো হয়তো এই ঠাইখনৰ সৈতে। আজি বহু বছৰ হ’ল এই মাটিৰ সৈতে সাঙুৰ খাই পৰা, কিন্তু হেঁপাহ আজিও পলোৱা নাই। কিছু দিনৰ বিৰতিৰ মুৰত পুনৰ ওলাই পৰো এক অজান মুকুটাৰ সন্ধানত সেই একেই মেৰিনড্ৰাইভেদি, ফেনে ফুটুকাৰে অহৰহ পাৰ ধোৱাই থকা কলিংগ সাগৰৰ বিশাল ঢৌবোৰলৈ চাই চাই। মোৰ আজিও মনত পৰে সাগৰৰ ঢৌবোৰক ৰূপালী ৰং সানি দিয়া সেই জোনাকী নিশাৰ কথা। পূৰ্ণ...