HEALTH – Page 2 – Purbodix.com

HEALTH

সহজ প্ৰাণায়াম

সহজ প্ৰাণায়াম

HEALTH
প্ৰণালী ঃ যিকোনো ধ্যানাসনত নাইবা চেয়াৰত মেৰুদণ্ড সৰল ৰাখি পোন হৈ বহিব লাগে৷ উভয় নাকৰদ্বাৰা সজোৰে আৰু সশব্দে পুৰাদমে বায়ু আকৰ্ষণ কৰিব লাগে৷ বায়ু আকৰ্ষণ সমাপ্ত হ’লে ধীৰে অথচ সশব্দে আৰু সজোৰে দুয়ো নাকৰ দ্বাৰা বায়ু ৰেচন কৰিব লাগে৷ ৰেচকৰ সময়ত থুতৰি নত কৰি ডিঙিৰ যতি তিকাত সংলগ্ন কৰিব লাগে৷ পুৰকৰ সময়ত থুতৰি ঊৰ্দ্ধলৈ উঠি স্বস্থানত প্ৰতিস্থিত হ’ব৷ এইদৰে প্তয১০ মিনিট ক্ৰিয়াটোৰ অনুষ্ঠান কৰিব লাগে৷ পুৰকত যিমান সময় লাগে ৰেচকত তাতকৈ অলপ বেছি সময় ব্যয় কৰিব লাগে৷ এই প্ৰাণায়ামটোত অভ্যস্ত থাকিলে পানীলগা কাঁহ ভাল হয়৷ ইনফ্লুয়েঞ্জা, টাইফয়েড, নিউমোনিয়া প্ৰভূতি ৰোগাক্ৰমণ প্ৰতিৰোধ কৰে৷ উষ্ট্ৰাসন ঃ উষ্ট্ৰাসন কৰিবৰ বাবে প্ৰথমতে বজ্ৰাসনত বহক৷ এতিয়া বষ্ট্ৰাসনৰ পৰা লাহেকৈ উঠি শ্বাস গ্ৰহণ কৰি বুকু ওপৰলৈ ফিন্দাই মুৰ পিচফালে অৱনত কৰি বাওঁ হাতেৰে বাওঁ ভৰিৰ আৰু সোঁহাতেৰে সোঁভৰিৰ গোৰোহাৰ অলপ ওপৰত ধৰিব লাগে৷ শ্বাসৰুদ্ধ ক...
কোভিড,শিশুৰ সংক্ৰমণ,খাদ্য আৰু স্বাস্থ্য সতৰ্কতা (নন্দিতা ভাৱনা)

কোভিড,শিশুৰ সংক্ৰমণ,খাদ্য আৰু স্বাস্থ্য সতৰ্কতা (নন্দিতা ভাৱনা)

HEALTH
খাদ্য আমাৰ বাবে চালিকা শক্তি৷ আমি যি খাদ্যই খাওঁ, সেই প্ৰতিটো উপাদানেই আমাৰ শৰীৰৰ বিভিন্ন অংগ, প্ৰত্যংগৰ ওপৰত ভাল অথবা বেয়া প্ৰভাৱ পেলায়৷ সেয়ে খাদ্যাভাস সদায়েই স্বাস্থ্যসন্মত হোৱাটো বাঞ্ছনীয়৷ প্ৰকৃতিয়ে আমাক কল্পনা কৰিব নোৱাৰা খাদ্য সম্ভাৰ প্ৰদান কৰিছে৷ তাৰ ভিতৰত আমি নিজৰ বাবে কি বাছনি কৰোঁ, সেইটোও আমাৰ ওপৰতেই নিৰ্ভৰ কৰে৷বিশেষকৈ শিশু সকলৰ ক্ষেত্ৰত আমি এই বিষয়ে বেছি সতৰ্ক হোৱা উচিত৷ কাৰণ শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যিমানেই ভাল হয়, সিমানেই সংক্ৰমণৰ সম্ভাৱনা কম থাকে৷এই মহামাৰীৰ সময়ত যিহেতু শিশুসকলে খেলা-ধূলাৰ পৰা বঞ্চিত হৈ আছে, শুদ্ধ মুকলি বতাহ পাবলৈও বাহিৰলৈ ওলাব পৰা নাই, ইতিমধ্যেই কণমানিবোৰৰ মানসিক আৰু শাৰীৰিক অৱনতি ঘটাতো স্বাভাৱিক হৈ পৰিছে৷ সেয়ে এই সময়ত শিশসকলক সুষম আহাৰৰ লগতে ৰোগ প্ৰতিৰোধবৰ্ধক খাদ্য যোগান ধৰাটো পিতৃ-মাতৃৰ দায়িত্ব হৈ পৰিছে৷ যেন শিশুটি সহজে বেমাৰত নপৰে অথবা দু...

মেকআপৰ পূৰ্বে লবলগীয়া ছালৰ পৰিচৰ্য্যা (সন্ধ্যা মেকআপ আৰ্টিষ্ট)

HEALTH
অতীজৰে পৰা নাৰীৰ বাবে অপৰিহাৰ্য শব্দটিয়ে হ’ল মেকআপ বা শুদ্ধ অসমীয়াত ৰূপচৰ্চা৷ সচৰাচৰ আজিকালি আমাৰ পৰিচিত কিছুমান মেকআপ হ’ল, ব্ৰাইডেল মেকআপ বা কইনাৰ মেকআপ, পাৰ্টি মেকআপ, পৰ্টফলিঅ মেকআপ, ফেশ্যন মেকআপ, ভিজুৱেল মেডিয়াৰ মেকআপ, যেনে চলচ্চিত্ৰ, নাটক, গানৰ ভিডিঅ’বোৰৰ মেকআপ বা কৰ্মক্ষেত্ৰ ভিত্তিক মেকআপ৷ মুঠতে আমি বিশেষকৈ নাৰীয়ে কম-বেছি পৰিমাণে হ’লেও মেকআপ সকলোৱে কৰো৷ এতিয়া কথা হ’ল, দাম বা ব্ৰেণ্ড যিয়েই নহওঁক, ধুনীয়া প্ৰসাধন সামগ্ৰীৰে নিজকে সজাই পৰাই সকলোৱে ভাল পায়৷ কিন্তু কেৱল বহুত কিবা মুখত প্ৰসাধন প্ৰলেপ সানিলেই বা ফাউণ্ডেশ্যন (foundation) লগোৱাকে মেকআপ কৰা নুবুজায়৷ বহুতে ভাবে যে ফাউণ্ডেশ্যন লগোৱা মানেই মেকআপ কৰা, সেয়া প্ৰকৃততে নহয়৷ এটি সুন্দৰ মেকআপৰ আঁৰত বহুত কথাই সোমাই থাকে, যিহেতু মুখৰ ছালৰ লগত জড়িত বিষয়৷ বিশেষকৈ মেকআপ কৰাৰ পূৰ্বে ছালখনৰ যত্নও আমি সমানে ল’ব লগা হয়৷ যদিহে আমি ছালখনৰ বা মুখমণ্ড...
যোগাসনেৰে সুস্বাস্থ্য সূৰ্যভেদী বা সূৰ্যভেদন প্ৰাণায়াম আৰু চন্দ্ৰভেদী বা চন্দ্ৰভেদন প্ৰাণায়াম (প্ৰীতিশা গোস্বামী)

যোগাসনেৰে সুস্বাস্থ্য সূৰ্যভেদী বা সূৰ্যভেদন প্ৰাণায়াম আৰু চন্দ্ৰভেদী বা চন্দ্ৰভেদন প্ৰাণায়াম (প্ৰীতিশা গোস্বামী)

HEALTH
সূৰ্যভেদী বা সূৰ্যভেদন প্ৰাণায়াম আৰু চন্দ্ৰভেদী বা চন্দ্ৰভেদন প্ৰাণায়াম আমাৰ শৰীৰত ৭২ হাজাৰ নাড়ীৰ ভিতৰত ৩ বিধ মুখ্য নাড়ী আছে– ইড়া (Ira) পিঙ্গলা (Pingala) আৰু সুষুম্না (Sushumna)৷ নাড়ীৰ সাধাৰণতে প্ৰাণ প্ৰতিষ্ঠা হয়৷ এই ৩ বিধ নাড়ী মেৰুদণ্ডৰ লগত জড়িত৷ ইড়া নাড়ী শৰীৰৰ বাওঁফালে থাকে৷ ইড়া নাড়ীৰ প্ৰৱাহ নাসিকা ( Nostril) ১ বাওঁফালেদি ব্যক্ত হয়৷ ইড়া নাড়ী শীতল৷ সেয়ে তাক চন্দ্ৰনাড়ী বুলি কোৱা হয়৷ ইড়া নাড়ীৰ প্ৰকৃতি শীতল, বিশ্ৰামদায়ক বুলি জনা যায়৷ আমাৰ বাওঁ নাসিকা ইড়া নাড়ী৷ সেইদৰে সূৰ্য পিঙ্গলা নাড়ীৰ পৰিচায়ক৷ পিঙ্গলা নাড়ী প্ৰৱাহিত হয় সোঁনাসিকাৰ জৰিয়তে৷ পিঙ্গলা নাড়ীৰ প্ৰকৃতি উষ্ণ, সেয়ে তাক সূৰ্য নাড়ী বুলি কোৱা হয়৷ সেইদৰে সুষূম্না নাড়ী ইড়া আৰু পিঙ্গলা নাড়ীৰ মধ্যভাগত অৱস্থিত, ই আমাৰ Spine ১ মাজেদি প্ৰৱাহিত৷‘ভেদ’ৰ অৰ্থ হৈছে ‘ভেদন কৰা’, ‘জাগ্ৰত কৰা’৷ স...
ডিপ্ৰেছন বা হতাশা – সজাগতা, প্ৰতিৰোধ আৰু নিৰাময় (ডঃ নৱনীতা দাস)

ডিপ্ৰেছন বা হতাশা – সজাগতা, প্ৰতিৰোধ আৰু নিৰাময় (ডঃ নৱনীতা দাস)

HEALTH
হতাশা বা ডিপ্ৰেছন (Depression) এবিধ মানসিক ব্যাধি৷ এই ৰোগত ভুগিলে ৰোগীৰ মনত অত্যন্ত দুঃখ বা হতাশা ভাবৰ সৃষ্টি হয়, সচৰাচৰ কৰি ভাল পোৱা কামৰ প্ৰতি আগ্ৰহ কমি যায় আৰু একেবাৰে চৰম পৰ্যায়ত আত্মহননৰ চিন্তা পৰ্যন্ত মনলৈ আহে৷ সৌভাগ্যক্ৰমে, এই ৰোগ ধৰা পেলাব পাৰি আৰু লগতে চিকিৎসা তথা অন্য উপায়েৰে ইয়াৰ পৰা উপশমো লাভ কৰিব পাৰি৷ডিপ্ৰেছন সমগ্ৰ বিশ্বজুৰি এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে আৰু এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থা ( WHO)ৰ সমীক্ষা অনুযায়ী প্ৰতিবছৰে প্ৰায় ৮ লাখ লোকে ডিপ্ৰেছনৰ বাবে আত্মহত্যা কৰে৷ ১৫-২৯ বছৰ বয়সৰ যুৱক-যুৱতীৰ মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ হৈছে আত্মহত্যা৷ ই এক অতি ভয়াৱহ তথ্য৷ আমাৰ দেশত প্ৰায় ১৫.১ণ  লোক এই ৰোগৰ চিকাৰ হয়৷এইখিনিতে উল্লেখযোগ্য যে, ক’ভিড-১৯ অতিমাৰীৰ সময়ত মানসিক ৰোগ তথা ডিপ্ৰেছনৰ মাত্ৰা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ই...
মেক-আপ আৰু সাৱধানতা (মায়া দত্ত)

মেক-আপ আৰু সাৱধানতা (মায়া দত্ত)

HEALTH
আপুনি বাৰু মেক-আপ কৰি নিজকে সজাই ভাল পাই নেকি? আপুনি ব্যৱহাৰ কৰা মেক-আপৰ প্ৰসাধন খিনি কিমান উন্নত মানৰ৷                            আজিৰ আধুনিক যুগত প্ৰায়ে নাৰী সকলক দেখা যায় যে মেক আপে সাধাৰণ মুখ এখন সুন্দৰ ৰূপত গঢ়ি তোলে৷ চমুকৈ ইয়াক সাজন কলা বা লাৱণ্য বৰ্দ্ধক কৌশল বুলি ক’ব পৰা যায়৷প্ৰসাধন বহুত প্ৰকাৰৰ আছে৷ কিন্তু ব্যৱহাৰ কৰা সা-সঁজুলি সমূহ কিমান উন্নত মানৰ তাক ক্ৰয় কৰোঁতে সাৱধানতা অৱলম্বন কৰা উচিত৷ ভালদৰে আপোনাৰ ছাল আৰু ছালৰ ৰং কেনেকুৱা তাৰ ওপৰত মিলাইহে ক্ৰয় কৰিব লাগে৷প্ৰসাধাৰণ বিলাকত সাধাৰণতে কিমান দিনৰ বাবে ম্যাদ থাকে জনাতো দৰকাৰ কাৰণ যদিহে আপুনি প্ৰসাধাৰণৰ ওপৰত উল্লেখ কৰা ম্যাদৰ কথা যদি মনোযোগ নিদিয়ে তেন্তে আপুনি আপোনাৰ এখন সুন্দৰ ছাল হেৰু...
যোগাসেনেৰে সুস্বাস্থ্য গৰমৰ দিনত তিনিবিধ বিশেষ প্ৰাণায়াম কৰোঁ আহক (প্ৰীতিশা গোস্বামী)

যোগাসেনেৰে সুস্বাস্থ্য গৰমৰ দিনত তিনিবিধ বিশেষ প্ৰাণায়াম কৰোঁ আহক (প্ৰীতিশা গোস্বামী)

HEALTH
গৰমৰ দিনত আমাৰ শৰীৰ-মন ঠাণ্ডা অৰ্থাৎ শীতল কৰি ৰাখিবলৈ বিশেষ কিছুমান প্ৰাণায়াম কৰা হয়৷ তাৰ ভিতৰত শীতলীকৰণ প্ৰাণায়াম (Cooling Pranayama) অন্যতম৷ সেই কেইবিধ হ’ল- ৰ৷ শীতলী (Sital Pranayama), ২৷ শীতকাৰী (Sitkari Pranayama) আৰু ৩৷ সদন্ত (Sadanta Pranayama)৷‘শীতলী’ৰ অৰ্থ হ’ল শীতল, শান্ত, ভাৱহীন৷ এই তিনিবিধ প্ৰাণায়ামে শৰীৰৰ লগতে মস্তিষ্কতো শীতলতা প্ৰদান কৰে৷ লগতে মানসিক উত্তেজনা কম কৰি গোটেই শৰীৰত প্ৰাণ-শক্তি প্ৰৱাহিত কৰিবলৈ উৎসাহ যোগায়৷ এই প্ৰাণায়ামৰ নিৰন্তৰ অভ্যাসে গৰমৰ দিনত গৰমৰ পৰা ৰক্ষা কৰি দেহটো ঠাণ্ডা কৰি ৰাখে৷ পাচনতন্ত্ৰ মজবুত কৰাৰ লগতে এই তন্ত্ৰৰ লগত জড়িত বেমাৰবোৰৰ পৰা বহু পৰিমাণে মুক্তি দিয়ে৷ হজম শক্তি বঢ়ায়৷ শৰীৰৰ অতিৰিক্ত গৰম দূৰ কৰি শৰীৰটো ঠাণ্ডা কৰি ৰখাৰ ফলত খং, দুচিন্তা, টেনচন্‌ আদি কম কৰে৷ উচ্চ ৰক্তচাপত ভুগি থকা সকলৰ বাবেও শীতলীকৰণ প্ৰাণায়াম অতি উত্তম৷ এই অভ্যাস যদি ...
ফলেৰে ছালৰ যতন (সুস্মৃতা অপৰূপা)

ফলেৰে ছালৰ যতন (সুস্মৃতা অপৰূপা)

HEALTH
মানুহ সৌন্দৰ্য্যপ্ৰিয়৷ সুন্দৰকৈ থাকিবলৈ সকলোৰে মন যায়৷ নিজক সুন্দৰকৈ ৰাখিবলৈ বহুতে বহুতো ধৰণে যত্ন লোৱাও দেখা যায়৷ আজি আমি আলোচনা কৰিম ফলমূলেৰে কেনেকৈ নিজক সুন্দৰ কৰি ৰাখিব পাৰি৷ সৌন্দৰ্য্যৰ ক্ষেত্ৰত ফলমুলৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ এগিলাচ ফলৰ ৰসে শৰীৰলৈ কিমান যে সতেজতা আনে৷ প্ৰতিটো ফলত থকা প্ৰতিটো ভিটামিনেই ছালখনৰ বাবে প্ৰয়োজনীয়৷ সেয়ে আমি ফল খোৱাৰ লগতে ছালখনত লগাইয়ো কিমান উপকৃত হ’ব পাৰো জানো আহঁক–কল– পকা কল সানিলে ছাললৈ আৰ্দতা ভাব আহে আৰু ছালত বহুতো পুষ্টি যোগায়৷ এটা কল পিটিকি তাৰ লগত মৌ মিলাই মুখত লগালে মুখলৈ বহুত সতেজতা আহে৷ কলটো খোৱাৰ লগতে এনেকৈ মুখতো লগাবাচোন৷ কমলাৰ ৰসো ছালৰ বাবে বহুত উপকাৰী৷ দৈনিক এটা কমলা খালে ছালখন নিমজ হোৱাৰ উপৰিও শালমইনাৰ পৰাও হাত সাৰিব পাৰি৷ কমলাৰ ৰসৰ লগত গাখীৰ মিলট মুখত লগালে ই ক্লিনজাৰৰো কাম কৰে৷ লগতে এটুকুৰা কপাহ কমলাৰ ৰসত ভিজাই হাত-ভৰি প...
ভয়ানক আৰামদায়ক ৰবটৰ দ্বাৰা মোৰ শৰীৰৰ এক অস্ত্ৰোপচাৰ (ৰাজলক্ষ্মী শৰ্মা গোস্বামী)

ভয়ানক আৰামদায়ক ৰবটৰ দ্বাৰা মোৰ শৰীৰৰ এক অস্ত্ৰোপচাৰ (ৰাজলক্ষ্মী শৰ্মা গোস্বামী)

HEALTH
মানুহৰ শৰীৰটোত কিযে আচৰিত  কাণ্ড কিছুমান ঘটি থাকে ভাবিলে আচৰিত লাগে৷ কণমাণি শিশুবোৰ কিশোৰ হয়, যুৱক-যুৱতী হয়, তাৰপিছত মানুহৰ মাজতে আৰু এটা প্ৰাণ আহি স্থিতি লৈ জন্ম হয়৷ এইবোৰ কথাই কেতিয়াবা আচৰিত কৰি থাকে এই শক্তি প্ৰাকৃতিক, ঐশ্বৰিক, যদি ঐশ্বৰিক বা প্ৰাকৃতিক আমি এইবোৰ শক্তি প্ৰত্যক্ষ নকৰো কিয় ? অদ্ভূত লাগে জাগৰিত হৈ থকা শাৰীৰিক কথা-কাণ্ডবোৰৰ কথা ভাবি, কামনা, বাসনাবোৰ কেনেকৈ যে থাকে মন, শৰীৰ আদিৰ লগত৷ আত্মা মানে চৈতন্য শক্তি তাক জানো বাদ দিব পাৰি৷ ঐশ্বৰিক এই মানুহৰ শৰীৰটোৰ দ্বাৰাই মন-আত্মা আৰু কৰ্মৰ সংযোগৰ মানুহে যে কিমান শক্তিশালী আৱিস্কাৰ কৰিছে ভাবিলে আচৰিত লাগে৷ এই ভাৰতবৰ্ষতে, যি যুগান্তকাৰী আৱিস্কাৰ হৈছে আৰু হ’বলৈ গৈ আছে ভাবি চাওঁকচোন সংখ্যাৰ আৱিস্কাৰ, আৰ্য়ুবেদ, যোগ ধ্যান আজি পৃথিৱীৰ সকলোতে সমাদৃত৷ বিজ্ঞানৰ অগ্ৰগতি এতিয়া সাধাৰণ মানুহে, কল্পনা নকৰা ধৰণে–বিস্ময়কৰ হৈ গৈ আছে৷ প্ৰতিদিনে আ...
শাম্ভৱী মুদ্ৰা আৰু উন্মানী মুদ্ৰা (প্ৰীতিশা গোস্বামী)

শাম্ভৱী মুদ্ৰা আৰু উন্মানী মুদ্ৰা (প্ৰীতিশা গোস্বামী)

HEALTH
সমগ্ৰ পৃথিৱীত যিমানখিনি ধ্যানৰ পদ্ধতি আছে তাৰ ভিতৰত ‘শাম্ভৱী মুদ্ৰা’ বা ‘শাম্ভৱী মহামুদ্ৰা’ আৰু ‘উন্মানী মুদ্ৰা’ই অতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে৷ এই দুই মুদ্ৰাত চকুৰ স্থান অতি গুৰুত্বপূৰ্ণ৷ এই দুই মুদ্ৰা লৈ সাধক-সাধিকা, যোগী-যোগীনিৰ মাজত বিভ্ৰান্তি [Confusion]ৰ সৃষ্টি হয় বা চিন্তিত হয়, কাৰণ দুইটা মুদ্ৰাৰ নাম বেলেগ বেলেগে কিন্তু কৰাৰ শৈলী কি সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হয়৷ কাৰণ দুয়োটা চকুৰ সহায়তে কৰা হয় আৰু প্ৰায় একেই৷ এই মুদ্ৰা একপ্ৰকাৰৰ ধ্যান বুলিয়েই ক’ব পাৰি৷‘ধ্যান’ শব্দৰ প্ৰয়োগ বিভিন্ন ধৰণে কৰা যায়৷ যদি বিশেষ এটা বস্তুত একাগ্ৰ হোৱা যায় তেতিয়াও ধ্যান কৰা বুলি কোৱা হয়৷ যদি কোনো এটা বিচাৰ বাৰে বাৰে চিন্তা কৰি থকা হয় সেইটোকো ধ্যান বুলিয়েই কোৱা হয়৷ যদি কোনো বিশেষ এটা ধবনি বা বিশেষ এটা মন্ত্ৰ বাৰে বাৰে উচ্ছাৰণ কৰি থাকে, সেইটোও ধ্যান বুলিয়েই কোৱা হয়৷ ঠিক সেইদৰে যদি নিজে মানসিক ভাবে ওচৰে-পাজ...