Page 10 – Purbodix.com

অনুগল্প

CURRENT TOPIC
দীপাৱলীৰ চাকি(কৰবী বৰ্মন কলিতা) ঘৰখনলৈ অহা দুÊঃসংবাদে যোৱাবাৰ দীপাৱলীৰ দিনা,  ভগবান ৰামে অযোধ্যা নগৰী ঘূৰি অহাৰ আনন্দত জ্বলোৱা চাকিগচিৰ পৰিৱৰ্তে ঘৰৰ মূল মানুহ দেৱেন শৰ্মাদেৱৰ ফটোৰ আগত জ্বলাই ৰখা চাকি এগচিহে দৃষ্টিগোচৰ হৈছিল ৷ শোকৰ এগচি চাকি৷  এই বছৰ সন্ধিয়া শৰ্মাৰ ঘৰখন দেৱালীৰ লাইট আৰু বহুতো চাকিৰে জাতিষ্কাৰ হৈ পৰিছে৷ ঘৰখনত সীতাৰ আগমনত দেৱালীৰ চাকি৷...
প্ৰাপ্তি(ৰীমা দুৱৰা)

প্ৰাপ্তি(ৰীমা দুৱৰা)

CURRENT TOPIC
সত্যজিৎ খুড়াই গোটেই দেহাটোক সম্পূৰ্ণৰূপে চকীখনত এৰি দি ভৰি দুটা বহলকৈ মেলি নিজৰ ভিতৰতে ভোৰভোৰাই কিবাকিবি কৈ থাকে৷ তাকে দেখি নীলোৎপলে ভাবিলে খুড়াৰ এই ৰূপে বহু কথাকেই বুজায়৷ সম্ভৱ আজি তেওঁৰ মুড্‌ অফ৷ তেনেকুৱা ক্ষণতে নীলোৎপলে খুড়াকক আৰু উত্তেজিত কৰি তুলিবলৈ তেওঁৰ প্ৰিয় সামগ্ৰীবোৰ আগবঢ়াই দিলে৷ ঃ বহুত প্ৰশ্ন মনলৈ আহে৷ উত্তৰবোৰ পোৱা নাযায়৷ পোৱা নাযায় নহয়৷ উত্তৰবোৰ নায়েই কাৰো ওচৰত৷ ঃ উত্তৰ নাই? এইটো আক’ কেনেকুৱা কথা? তেতিয়া হ’লে প্ৰশ্নবোৰ উদ্ভৱ হ’ব কেনেকৈ খুড়া? ঃ সেইটোৱেতো ডাঙৰ কথা৷ প্ৰশ্নবোৰ ক’ৰ পৰা উদ্ভৱ হয়৷ ঠিকেই সুধিছ তই৷ সেইটোও নাজানো মই৷ প্ৰশ্ন বোলে নাথাকেই তাত৷ নাজানো মই এইবোৰ কথা৷ একোৱেই নাজানো৷ নজনা-নুবুজাকৈয়ে সোমাই পৰিছিলোঁ এটা চক্ৰবেহুত৷ উলটি আহিব নোৱাৰিলোঁ বুজিছ? বহু চেষ্টা কৰিও নোৱাৰিলোঁ৷ কষ্ট হৈছে এতিয়া, সহিব পৰা নাই৷ ঃ কৈছিল তেওঁ, প্ৰেমৰ হেনো কোনো ব্যাকৰণ নাই৷ কোনো নিয়ম ...
ভাৰতীয় সমাজ জীৱনত

ভাৰতীয় সমাজ জীৱনত

CURRENT TOPIC
সেন্দুৰৰ অৱদান(ৰঞ্জুশ্ৰী বৰ্মন কেইবছৰমান আগৰ কথা৷ দুৰ্গা পূজালৈ বিশ-পঁচিশ দিন মান আছিল৷ মই মোৰ বাইদেউৰ সৈতে ফাঁচী বজাৰৰ এখন বস্ত্ৰালয়ত প্ৰৱেশ কৰিলোঁ৷ সমাগত দুৰ্গা পূজা৷ সেয়ে দোকানত গ্ৰাহকৰ যথেষ্ট সমাগম আছিল৷ তাৰ মাজতে আমাৰ দৃষ্টি নিবদ্ধ হৈছিল- এহাল স্বামী-স্ত্ৰীত৷ সম্ভ্ৰান্ত ঘৰৰ যেনেই লাগিল৷ দেখিবলৈও ধুনীয়া৷ কূৰ্তা-লেগিংছ পৰিহিতা বোৱাৰীগৰাকীৰ কঁপালত নাই কোনো ফোঁট বা শিৰত সেঁন্দুৰ৷ পিছলৈ গ্ৰাহকৰ ভীৰ বেছি হোৱা বাবে স্বামী বাহিৰতে থিয় হৈ ৰ’ল৷ আমিও দুবিধমান (টি চাৰ্ট, নাইটি, কূৰ্তা) বস্তু লৈ বাহিৰলৈ ওলাই আহিলোঁ৷ আমাৰ আগে আগে বোৱাৰীগৰাকীও হাতত কেইবাটাও কাপোৰৰ বেগ (কেৰিবেগ) লৈ ওলাই আহি কোৱা শুনিলোঁ– ৰোহণ, মই য’তেই যাওঁ ত’তেই মানুহবোৰে মোলৈ কেনেকৈ ৰ’ লাগি চাই থাকে জানা৷ এই মতা মানুহবোৰো যে আৰু../ বুলি ক’বলৈ নৌপাওঁতেই স্বামীয়ে কৈ উঠিল–সেই কাৰণেই মই তোমাক কওঁ শিৰত সেন্দুৰকণ ল’ব লাগে বুলি/ কোনেনো...
স্মৃতিত সিঁচৰতি স্মৃতিবোৰ (গল্প)(নয়নী বৰগোহাঁই)

স্মৃতিত সিঁচৰতি স্মৃতিবোৰ (গল্প)(নয়নী বৰগোহাঁই)

CURRENT TOPIC
গাখীৰৰ গিলাছটোত এচামুছ মৌ মিহলাই দিয়াৰ বাবে মৌৰ ৰঙটো গাখীৰত বিয়পি গৈছে৷ তাকে দেখি মিচেছ চাহনীয়ে গাখীৰত বিহ মিহলোৱা আছে বুলি কৰা চিঞৰ-বাখৰত গোটেই ঘৰখন তল-ওপৰ হৈ আছে৷ চাজু মানে মিচেছ চাহনীৰ পুতেকে আলোচনী এখন মেলি বেলকনিৰ চকীখনত বহি ইফালে সিফালে চাই মোক দেখা পাই হাঁহিৰ দৰে কিবা এটা ভংগী দিলে৷ মোৰ বেলকনিৰ পৰা মিচেছ চাহনীৰ বেলকনিৰ দূৰত্ব দহ ইঞ্চিতকৈও বেছি নহ’ব৷ আমি আগতে এনেকৈয়ে কথা পাতিছিলো৷ এতিয়াতো পুৰণা কথাবোৰ মনত পেলাই বেলকনিখনলৈ চাবহে পাৰো৷ মানুহবোৰে কয় মিচেছ চাহনীৰ মগজুৰ বিকৃতি হৈছে৷ কোৱা কথাকে কৈ থাকে নহ’লে অবাস্তৱ আৰু কাল্পনিক কাহিনী দুটামান নিজকে নিজে কোৱাৰ দৰে কৈ হাঁহি হাঁহি কান্দে অথবা কান্দি কান্দি হাঁহে৷ ঃ বাৰ বছৰতকৈ বেছি দিন হ’ল মই এই ফ্লেটতোত থকা৷ মিচেছ চাহনীহঁত প্ৰায় চল্লিশ বছৰ ধৰি আছে ইয়াত৷ মোৰ অফিচৰ জ্যেষ্ঠ বাইদেউ এগৰাকীয়ে জীৱনৰ শেষ সময়খিনি নিজৰ পৰিয়ালৰ মানুহৰ লগত কটাম বুলি এই...
হতাশা বা ডিপ্ৰেছন – জীৱনৰ নীৰৱ ঘাটক(হিমাংশু ৰণ্‌জন ভূঞা)

হতাশা বা ডিপ্ৰেছন – জীৱনৰ নীৰৱ ঘাটক(হিমাংশু ৰণ্‌জন ভূঞা)

CURRENT TOPIC
হতাশা বা বিষাদগ্ৰস্ততা (ইংৰাজীত যাক ডিপ্ৰেছন বুলি কোৱা হয়) বৰ্তমান আমাৰ সমাজত সবাতোকৈ গুৰুত্বপূৰ্ণ মানসিক ৰোগ হিচাপে বিবেচিত হৈছে৷ হতাশা হ’ল এনে এক অৱস্থা য’ত এজন ব্যক্তি অতি দুখী, চিন্তাক্লিষ্ট, খিংখিঙীয়া বা অস্থিৰ হৈ পৰে৷ কোনো কাম কৰিবলৈ মন নোযোৱা হয়৷ সকলো সময়তে নিজকে খুব অকলশৰীয়া যেন অনুভৱ হয়৷ নিজকে অসহায় যেন লাগিবলৈ আৰম্ভ কৰে৷ জীৱনৰ প্ৰতি সকলো আগ্ৰহ হেৰুৱাই পেলায়৷ অনবৰতে মনলৈ আহি থাকে নেতিবাচক চিন্তা৷ আজি অধিকাংশ নতুন প্ৰজন্মই সকলো সময়তে চৰম হতাশা আৰু হীনমন্যতাবোধৰ চিকাৰ হৈ আহিছে৷ তেওঁলোক ইমানেই বেছি অকলশৰীয়া আৰু আত্মকেন্দ্ৰিক হৈ পৰিব ধৰিছে যে, তেওঁলোকৰ নিজৰ মনৰ কথাবোৰ ভাগ-বতৰা কৰিবলৈ এগৰাকী উপযুক্ত বন্ধু বা সংগীৰ অভাৱ৷ পিতৃ-মাতৃৰ সৈতে সন্তানসকলৰ দুৰত্ব ক্ৰমাৎ বৃদ্ধি পাই আহিছে৷ চাকৰি বা ব্যৱসায়ৰ ব্যস্ততাৰ বাবে অধিকাংশ পিতৃ-মাতৃয়ে নিজৰ সন্তানক সময় দিব নোৱাৰে৷ সন্তানৰ ৰুচি-অভিৰুচি, অভাৱ...
অসমীয়া ভাষাৰ উৎপত্তিঃ এটি সমীক্ষা(নাছিৰ আহমেদ)

অসমীয়া ভাষাৰ উৎপত্তিঃ এটি সমীক্ষা(নাছিৰ আহমেদ)

CURRENT TOPIC
অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰাৰ আগতে পৃথিৱীৰ মূল ভাষা পৰিয়ালৰ বিষয়ে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম৷ (ৰ) ভাৰত ইউৰোপীয় যি পৰিয়াল (Indo-European Languages family) (২) দ্ৰাবিড় ভাষা পৰিয়াল (Dravidian Languages family) (৩) অষ্ট্ৰিক ভাষা পৰিয়াল (Austric Languages family) (৪) চীন-তিব্বতীয় ভাষা পৰিয়াল (Sino-Tibatan Languages family) (৫) ইউৰাল-আলটাই ভাষা পৰিয়াল (Eural -Altai Languages family) (৬) বাণ্টু ভাষা পৰিয়াল (Bantu Languages family) (৭) ছেমীয়- হেমীয় ভাষা পৰিয়াল (Semetic-Hemetic Languages family) আমেৰিকা ভাষা পৰিয়াল (American Languages family) এইকেইটা মূল ভাষা পৰিয়ালৰ ভিতৰত অসমীয়া ভাষাৰ লগত সম্পৰ্ক থকা ইণ্ডো চীন-তিব্বতীয় আৰু অষ্ট্ৰিক ভাষা পৰিয়ালৰ বিষয়ে সংক্ষেপে আলোচনা কৰি মূল ভাষা পৰিয়াল ইন্দো-ইউৰোপীয় ভাষাৰ পৰা যি প্ৰক্ৰিয়াৰ মাজেৰে অসমীয়া ভাষাৰ উৎপত্তি হৈছে, তাক দেখুৱাবলৈ চেষ্ট...
কাৰ্বি জনগোষ্ঠীৰ পটভূমিত ৰচিত প্ৰথমখন গল্প সংকলন কেফ’ আজিন্তাক(দেবৰ্ষি গৌতম)

কাৰ্বি জনগোষ্ঠীৰ পটভূমিত ৰচিত প্ৰথমখন গল্প সংকলন কেফ’ আজিন্তাক(দেবৰ্ষি গৌতম)

CURRENT TOPIC
“কেফ’ আজিন্তাক’’ নামটোৰ মাজতেই যেন এক ৰহস্য লুকুৱাই আছে৷ নামটো শুনাৰ লগে লগে নামটোৰ অৰ্থ কি জানিবলৈ মনত হেঁপাহ জাগি উঠে৷  “কেফ’ আজিন্তাক’’ শব্দটোৰ অৰ্থ হৈছে কাকবাঁহৰ তমাল৷ “কেফ’ আজিন্তাক’’ গ্ৰন্থখন মূলত এখন গল্প সংকলন৷ এই গ্ৰন্থখন ৰচনা কৰিছে অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ-লেখক অজয় কুমাৰ বৰাই৷ সম্পূৰ্ণ কাৰ্বি জনগোষ্ঠীৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশ সামৰি লেখক বৰাই গ্ৰন্থখনৰ প্ৰতিটো গল্প অতি মনোগ্ৰাহী হোৱাকৈ সন্নিবিষ্ট কৰিছে৷ লেখক বৰাৰ গল্প সংকলনখনত সৰ্বমুঠ ১৩টা গল্প সন্নিবিষ্ট কৰিছে৷ অসমত বসবাস কৰা জনগোষ্ঠী সমূহৰ ভিতৰত এক অন্যতম জনগোষ্ঠী কাৰ্বি জনগোষ্ঠীৰ পটভূমিত ৰচনা কৰা “কেফ’ আজিন্তাক’’ হৈছে প্ৰথমখন গল্প সংকলন৷ কাৰ্বি জনগোষ্ঠীৰ সামাজিক নীতি-নিয়ম, কাৰ্বিভূমিত আন্দোলনৰ সময়ৰ কাহিনী, বিভিন্ন পূজা-পাতালৰ নিয়ম আদি অতি সূক্ষ্মভাৱে সুকীয়া সুকীয়াকৈ প্ৰতিটো গল্পতে লেখক অজয়...
নিয়ম আৰু বিজ্ঞান(পংকজ পাঠক)

নিয়ম আৰু বিজ্ঞান(পংকজ পাঠক)

CURRENT TOPIC
মানুহ মৰিলে আমি কিয় ৩ দিন লঘোণে থাকো আৰু কিয় জ্ঝয১০ দিনলৈ আমি নিৰামিষ খাওঁ?? আমি অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এইবোৰ কৰোঁ নেকি? মানুহ বা যিকোনো জীৱ-জন্ত মৰিলে পঞ্চভূতত বিলীন হয়৷ উৎপত্তিও পঞ্চভূতৰ পৰাই হয়৷ আকাশ, বায়ু, পানী, পৃথিৱী আৰু অগ্নি৷ এজন মানুহ মৰাৰ পিছত ওপৰৰ যিকোনো এটা মহাভূতক মাধ্যম হিচাপে লৈ মানুহৰ শৰীৰটো পঞ্চ মহাভূতত বিলীন হ’ব পাৰে৷ উদাহৰণ স্বৰূপে, হিন্দু এজন মৰিলে অগ্নিক মাধ্যম হিচাবে, মুছলমান এজন মৰিলে পৃথিৱীক মাধ্যম হিচাবে আক তিব্বতৰ বৌদ্ধসকলে আকাশক মাধ্যম হিচাবে গ্ৰহণ কৰে৷ যাক sky_burial বুলি কোৱা হয়৷ মৃতকৰ শৰীৰ টুকুৰা টুকুৰকৈ কাটি তেওঁলোকে ওখ ঠাইত শগুণে খাবলৈ থৈ দিয়ে৷ শগুণে খালে আকাশ মহাভূতক মাধ্যম হিচাবে লোৱা বুলি বিশ্বাস কৰে৷ বহুতো সাগৰৰ পাৰৰ সৰু সৰু ঠাইত পানীত পেলাই দিয়ে মৃতকৰ শৰীৰটো৷ এইদৰে সনাতন পৰম্পৰাত মৰাৰ পিছত মৃতকৰ শৰীৰটো পঞ্চ মহাভূতত বিলীন হয়৷ পথৰ কাষত আমি কেতিয়াবা ম...
শব্দবিহীন দীপাৱলী উদ্‌যাপন কৰো আহক(জ্যোতিৰ্ময়ী শৰ্ম্মা)

শব্দবিহীন দীপাৱলী উদ্‌যাপন কৰো আহক(জ্যোতিৰ্ময়ী শৰ্ম্মা)

CURRENT TOPIC
দেৱালী, দীপাৱলী বা দ্বীপান্বিতা পোহৰৰ ভাৰতীয় উৎসৱ৷ প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু, জৈন, শিখ, আৰু কিছু বৌদ্ধসকলে এই উৎসৱ পালন কৰে৷ এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই “অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়’’ক প্ৰতিনিধিত্ব কৰে৷ পোহৰে জ্ঞান আৰু বিবেকক বুজায়৷ দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়৷ দেৱালীৰ ৰীতি-নীতি পাঁচদিনীয়াকৈ চলে যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জীমতে বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাবস্যা তিথিত মূল দেৱালী পালন কৰা হয়৷ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী মতে দ্বীপান্বিতা উৎসৱ সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহৰ মাজত অনুষ্ঠিত হয়৷ পোহৰৰ উৎসৱ দীপাৱলী সকলোৱে জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে জাকজমকতাৰে পালন কৰি আহিছে৷ মৃৎশিল্পীসকলৰ হাতত প্ৰাণ পাই উঠা মাটি চাকিৰ প্ৰজ্বলনে চাৰিওফালৰ আন্ধাৰ নাশ কৰি...

সম্পাদকীয়

CURRENT TOPIC
জীৱন এখন যুঁজৰ আখৰা৷ যুঁজৰ এখন মঞ্চ৷  প্ৰতিমুহূৰ্তত আমি কেৱল জীয়াই থাকিবলৈ অহৰহ সংগ্ৰাম কৰি আহিছো৷ এই যুঁজ অন্ন-বস্ত্ৰ, বাসস্থান এধানিৰ বাব৷ কেতিয়াবা এটি সংস্থাপনৰ অথবা কেৰিয়াৰৰ বাবে৷ সকলোৱে যুঁজাৰ কাৰণ মাথো ভিন্ন৷তথাপিও এই পৃথিৱীত কিছু লোক আছে যিসকলে কিছুমান এনে যুঁজ কৰে যি সাধাৰণ মানুহৰ চিন্তাৰ বাহিৰৰ৷ জীয়াই থকাৰ সাধাৰণ চিন্তাৰ বাহিৰত এওঁলোকে এনেকুৱা কিছুমান চিন্তা কৰে যি আমাৰ সমাজ জীৱনক বাৰুকৈয়ে প্ৰভাবিত কৰে৷ এনে মুষ্টিমেয় কেইজনমান পথ প্ৰৱৰ্তক মানুহৰ বাবেই এখন বৃহৎ সমাজ উপকৃত হয়৷ অনেকে প্ৰেৰণা লাভ কৰে নতুন কিবা এটা কৰিবলৈ৷এই ধৰক যাদৱ পায়েং নামৰ ব্যক্তিজন৷ তেওঁৰ নাই কোনো উচ্চশিক্ষিতৰ আলংকাৰিক সন্মান৷ তেওঁৰ নাই কোনো সম্ভ্ৰান্ত প্ৰতিষ্ঠানৰ পৰা কোনো বিষয়ত লাভ কৰা বৃত্তিগত প্ৰশিক্ষণ৷ এটি অত্যন্ত প্ৰান্তৰ জনসমাগৰ আঁৰত নিৰলে ডাঙৰ দীঘল হোৱা এজন সাধাৰণ সহজ সৰল যুৱক৷ অথচ তেওঁ এদিন হঠাতেই চিন্তা ক...