চলিহা বাৰেঘৰ সত্ৰৰ নতুন সত্ৰাধিকাৰ
ইন্দুভূষণ মহন্তক
সত্ৰাধিকাৰ হিচাপে নিৰ্মালি অৰ্পণ
অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে বৈষ্ণৱ সাহিত্য, সংগীত, নৃত্য, নাট, ভাস্কৰ্য, মুখাশিল্প আদিৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰসমূহে গুৰু দায়িত্ব পালন কৰি আহিছে৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ চলিহা বাৰেঘৰ সত্ৰইও সেই গৰিমা অক্ষুণ্ণ ৰাখি আহিছে৷ সত্ৰাধিকাৰ অতুল চন্দ্ৰ মহন্তদেৱৰ দেহাৱসানৰ পিছত আজি দুবছৰে ডেকা সত্ৰাধিকাৰ ইন্দুভূষণ মহন্তই সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ হিচাবে কাৰ্যনিৰ্বাহ কৰি আহিছে৷ যোৱা ৬ এপ্ৰিল শনিবাৰে প্ৰয়াত ডিম্বেশ্বৰ মহন্ত আৰু মহেশ্বৰী মহন্তৰ জ্যেষ্ঠ পুত্ৰ সত্ৰীয়া সংস্কৃতিৰ সাধক, শিক্ষাবিদ, সমাজসেৱক ইন্দুভূষণ মহন্তক সত্ৰাধিকাৰ ৰূপে নিৰ্মালি প্ৰদান কৰা হয়৷ তেখেত সৰুৰে পৰাই সত্ৰীয়া সংস্কৃতিৰ থলী সত্ৰতেই জীৱন নিৰ্বাহ কৰি সত্ৰীয়া নৃত্য, গীত, বাদ্য, ভাওনা, গায়ন-বায়ন আদিৰ লগত জড়িত হৈ আছে৷ অসম সত্ৰ মহাসভা, গোপালদেৱ থান আদিৰ লগত জড...