“ব’হাগ যেতিয়া আহে’’(পাৰ্থ বিজয় বৰুৱা)
ব’হাগ যেতিয়া আহেতোমাৰ জেতুকাবুলিয়া দুহাতেৰে বুই উলিওৱা গামোচাখনলৈ,মোৰ বৰ মনত পৰে৷বহাগ যেতিয়া আহেমোৰ পদূলিমুখত যেতিয়া তগৰবোৰ ফুলে আৰু কপৌজোপা যেতিয়া কাঁচিয়লি ৰ’দত জিলিকি উঠে তেতিয়া,তোমালৈ বৰকৈ মনত পৰে৷ব’হাগ যেতিয়া আহেতুমিয়ে জানো মোৰ দুহাতত জেতুকা ঘঁহি দিয়া নাছিলা৷বহাগ যেতিয়া আহেমোৰ বাৰীৰ এচুকত থকা আমজোপাই যেতিয়া কলি পেলায়,গছৰ ডালত পৰি থকা কুলিজনীয়ে যেতিয়া বিনায়,তেতিয়া তোমালৈ বৰ মনত পৰে৷ব’হাগ যেতিয়া আহেতুমি ওঁঠত বৰ্হমথুৰি ঘঁহিৰঙা মেখেলা চাদৰযোৰ পিন্ধি, কপৌ ফুলেৰে খোপাটি সজাই,বিহুৰ দিনা মোলৈ যেতিয়া পিঠা লৈ আহাআজিও মোৰ সেইবোৰ বৰ কথা মনত পৰে৷ব’হাগ যেতিয়া আহেচাৰিওপিনে লঠঙা গছবোৰত নতুন কুঁহিপাত মেলেৰঙালীয়ে আদৰে নতুন বছৰ,চৰাইৰ মাত, বগলীৰ জাকবাঁহীৰ মাতেৰে উতনুৱা তাইৰ মন,দুচকুত কত যে ভালপোৱা, কত যে সপোন,তোমাৰ হাঁহিৰ সেই চঞ্চলতাই নিমিষতে মোক বলিয়া কৰে৷ব’হাগ আজি আকৌ আহিছে,সকলোৰে মনত কিমান স্ফূৰ্তি লা...