
ধাৰাবাহিক
“এখন নেদেখা নদীৰ সিপাৰে’’(মঞ্জু মেচ)
কথাখিনি কৈ খং আৰু ক্ষোভত নীৰাৰ দুচকু ৰঙচুৱা হৈ পৰিল৷ মই নিৰ্বাক নিস্পন্দ হৈ শুনি আছিলোঁ মাথোঁ৷ শিল পৰা কপৌৰ দৰে মোৰ অৱস্থা হ’ল৷ মই কওঁ বুলিও একো ক’বলৈ পৰা নাই৷ নীৰা ঘপহকৰে বহাৰ পৰা উঠিল৷ মই যেন তেতিয়াহে সম্বিত ঘূৰাই পাইছোঁ৷ মই খুউব সহজ হ’বলৈ চেষ্টা কৰি নীৰাৰ মুখলৈ চালোঁ৷ লাহেকৈ তাইৰ সোঁহাতখনত ধৰি বহুৱাই দিলোঁ৷ তাইৰ মনত জ্বলি থকা লেলিহান জুইকুৰা নুমুৱাই দিব পৰাকৈ মোৰ শব্দ বা ভাষা নাছিল৷ তথাপি মই এক শীতল কণ্ঠৰে তাইক কৈ গ’লো–
দুখ নকৰিবা নীৰা! কিবা এটা অঘটন হ’বলগীয়া আছিল হৈ গ’ল৷ তুমি ধৈৰ্য ধৰা, এদিন তোমাৰ সকলো ভাল হৈ যাব৷
নীৰাৰ পুত্ৰৰ লগত যি ঘটনা হৈছিল এখন সমাজৰ বাবে ই বৰ দুৰ্ভাগ্যজনক৷ সমাজৰ আগত ল’ৰাটোৱে লাজ, অপমান পাব আৰু মানসিক দ্বন্দ্বত ভুগিব বুলি কথাবোৰ নীৰাই লুকুৱাই ৰাখিছিল৷ অশিক্ষিত নীৰাই আজিও হয়তো নাজানে যে ল’ৰাটোক চিকিৎসাৰ প্ৰয়োজন ...