
লোক-সাহিত্যৰ অন্যতম অংগ লোকগীত(দুলুমণি শৰ্মা)
aমগ্ৰ অসম লোকগীত তথা লোক কবিতাৰ অতুলনীয় সম্পদেৰে ঐশ্বৰ্যময়৷ মাটিৰ লগত মানুহৰ সম্পৰ্ক অতি ঘনিষ্ঠ৷ কৃষিৰ কাৰণেই হওক অথবা বেহা-বেপাৰৰ কাৰণেই হওক সকলোৰে জীৱন প্ৰকৃতিৰ লগত একাত্ম৷ সেইবাবে অসমৰ লোকগীতে এই সকলোবোৰ বহন কৰি আছে৷ অসমৰ সুৰীয়া মাত আৰু ছন্দোবদ্ধ কথাৰ নিদৰ্শন লোকগীত সমূহেই দি আহিছে৷ অসমৰ প্ৰকৃতিক জগত খন যেন লোকগীততেই সাৰ পাই উঠিছে৷
‘লোক’ মূলত সংস্কৃত শব্দ৷ ইয়াৰ অৰ্থ হ’ল জনসাধাৰণ৷ সহজভাৱে বুজা যায় যে লোক-সাহিত্য মানে জনসাধাৰণৰ সাহিত্য অৰ্থাৎ জন সাহিত্য৷ পৃথিৱীৰ সকলো সাহিত্যতে দুটা ভাগ দেখিবলৈ পোৱা যায়৷ প্ৰথমটো শিক্ষিত মানুহৰ মাজত প্ৰচলিত আৰু দ্বিতীয়টো অলিখিত ৰূপৰ সাহিত্য৷ ইয়াক লোক-সাহিত্য বা মৌলিক সাহিত্য বুলি কোৱা হয়৷ লোক-সাহিত্য পৰম্পৰাগত ভাবে জনসাধাৰণৰ মুখ বাগৰি প্ৰৱাহিত হৈ অহা সাহিত্য৷ অনাখৰী বা সামান্য আখৰ জ্ঞান থকা কৃষক, ...