সম্পাদকীয়
চওঁতে চাওঁতে চকুৰ পলকতে বছৰটো পাৰ হৈ গ’ল৷ জীৱনৰ অলেখ ধুমুহাক প্ৰত্যাহ্বান জনাই থানথিত লাগিবলৈ নৌপাওঁতেই সময়বোৰ যেন হাতৰ মুঠিতে পলকতে সৰকি যায়৷ প্ৰতিদিন ব্যক্তিগত, সামাজিক আৰু ৰাজনৈতিক ঘটনা প্ৰবাহে আমাক ব্যস্ত কৰি ৰাখে আৰু এনে লাগে ক্ৰমাৎ এই ব্যস্ততা আৰু বাঢ়ি গৈ আছে প্ৰতিদিন৷প্ৰতিদিন প্ৰতিপল যিদৰে সময়বোৰ পাৰ হৈ গৈছে তেনেদৰে প্ৰতিদিনে আমি হেৰুৱাই আহিছোঁ বহুতো অমূল্য জীৱনো৷ বৰ্তমান সময়ত যিকোনো যুদ্ধ-বিগ্ৰহ বা মহামাৰীতকৈও জীৱনৰ প্ৰতি শংকা কঢ়িয়াই অনা ব্যাধিটো হৈছে পথ দুৰ্ঘটনা৷ আপুনি জানি আচৰিত হ’ব যে ভাৰতবৰ্ষত প্ৰতিদিনে ১ মিনিটত এজনকৈ লোক পথ-দুৰ্ঘটনাত জীৱন হেৰুৱায়৷ যোৱাতো বৰ্ষত অৰ্থাৎ ২০২০ চনত ১ লাখ ৭০ হেজাৰজন মানুহৰ মৃত্যু হৈছে পথ দুৰ্ঘটনাত৷ অৰ্থাৎ গড়ে প্ৰতিদিেন প্ৰায় ৪৭৪ জন মানুহৰ মৃত্যু ঘটিছে৷ এই মৃত্যুৰ পৰিসংখ্যা যিকোনো মহামাৰী বা যুদ্ধতকৈও অধিক৷ ইয়াতকৈ দুখজনক খবৰটো হ’ল যোৱাটো বৰ্ষতেই প্...