
বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰ্তা ব্ৰহ্মদেৱক মন্দিৰত কিয় পূজা কৰা নহয়?(গগণাষ্টম গগৈ)
কোনে দিছিল অভিশাপ?
কোনে নাজানে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ, এইকেইগৰাকী মহাশক্তিৰ কথা, ত্ৰিমূৰ্তিৰ কথা৷ এফালে ব্ৰহ্মাক য’ত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি গণ্য কৰা হয়, আনফালে ভগৱান বিষ্ণুক জগতৰ ৰক্ষক বুলি গণ্য কৰা হয়৷
এই তিনি শক্তিৰ ভিতৰত ভগৱান বিষ্ণু আৰু ভগৱান শিৱক সমগ্ৰ বিশ্বতে পূজা কৰা হয়, কিন্তু ব্ৰহ্মাক পৃথিৱীৰ ক’তো পূজা কৰা নহয়৷ কিয় জানেনে?
যদিও পৃথিৱীত ব্ৰহ্মাৰ বহু মন্দিৰ আছে, কিন্তু তাত ব্ৰহ্মাক পূজা কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়৷ পৌৰাণিক কাহিনী অনুসৰি এসময়ত ভগৱান ব্ৰহ্মাই পৃথিৱীৰ মংগলৰ বাবে যজ্ঞ সমাপন কৰাৰ কথা ভাবিছিল৷ এতিয়া যজ্ঞৰ বাবে ঠাই বিচাৰিব লগা হ’ল৷ ইয়াৰ বাবে তেওঁ বাহুৰ পৰা ওলোৱা সুগন্ধি পদুম এপাঁহ পৃথিৱীৰ ফালে পঠিয়াই দিলে৷ কথিত আছে যে,পদ্ম সৰি পৰা ঠাইত ভগৱান ব্ৰহ্মাৰ মন্দিৰ নিৰ্মাণ কৰা হৈছে৷ এই ঠাইখন ৰাজস্থানৰ পুস্কৰ চহৰত, য’ত সেই ফুলৰ এটা অংশ সৰি পৰা আৰু এটা পুখুৰীত ...