
নৃত্য আৰু স্বাস্থ্য(দৰ্শনা বৰুৱা)
বহু যুগৰ আগৰে পৰা পৃথিৱীত নৃত্যৰ প্ৰচলন হৈ আহিছে৷ সংগীতৰ লয়ত হস্ত পদ আৰু দেহৰ আন অংগ সঞ্চালন কৰি যি কলা সমাপন কৰা হয় সেয়াই নৃত্য৷
মনৰ আনন্দত, চিকাৰৰ আনন্দত বা যুদ্ধ জয়ৰ আনন্দত, প্ৰিয়জনৰ সৈতে মিলনৰ আনন্দত স্বতঃস্ফূৰ্তভাৱে মানুহৰ শৰীৰৰ যি লয়লাস যুক্ত ভংগিমা সেয়াই সহজ ভাষাত এসময়ত আছিল নৃত্য৷ নৃত্যক ঐশ্বৰিক শক্তিৰ উপাসনাৰ অংগ বুলিও জ্ঞান কৰা হয়৷ দেৱদাসী নৃত্য তেনে এক নৃত্যৰেই অংশ৷ মহাদেৱ শিৱৰ তাণ্ডৱ নৃত্যৰ কথা মনলৈ আহিলেই আমাৰ এক ভক্তিভাৱ ওপজে৷ নটৰাজৰ মূৰ্ত্তিৰ সন্মুখত প্ৰণাম নকৰাকৈ নৃত্য কৰিব পাৰি জানো!
নৃত্যকলা এক মনোগ্ৰাহী কলা৷ নৃত্য বিশাৰদসকলৰ সাধনা- চৰ্চা - অনুশীলন আৰু উপস্থাপনে এই কলাক অনন্য মৰ্যাদাসম্পন্ন কৰি তুলিছে৷
নৃত্যই দৰ্শক আৰু নৃত্য পৰিৱেশন কৰা কলা-কুশলীক দিয়া মনোৰঞ্জনৰ লগতে আন কিছু দিশো নৃত্যৰ লগত জড়িত হৈ আছে৷
সময় যোৱাৰ লগে লগে নৃত্যৰ পৰিভাষা সলনি হ’ল৷ বিজ্ঞানৰ ফালৰ পৰা চ...