Arup Kakoti – Page 20 – Purbodix.com

Author: Arup Kakoti

চলিহা বাৰেঘৰ সত্ৰৰ নতুন সত্ৰাধিকাৰ

CURRENT TOPIC
ইন্দুভূষণ মহন্তক সত্ৰাধিকাৰ হিচাপে নিৰ্মালি অৰ্পণ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে বৈষ্ণৱ সাহিত্য, সংগীত, নৃত্য, নাট, ভাস্কৰ্য, মুখাশিল্প আদিৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰসমূহে গুৰু দায়িত্ব পালন কৰি আহিছে৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ চলিহা বাৰেঘৰ সত্ৰইও সেই গৰিমা অক্ষুণ্ণ ৰাখি আহিছে৷ সত্ৰাধিকাৰ অতুল চন্দ্ৰ মহন্তদেৱৰ দেহাৱসানৰ পিছত আজি দুবছৰে ডেকা সত্ৰাধিকাৰ ইন্দুভূষণ মহন্তই সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ হিচাবে কাৰ্যনিৰ্বাহ কৰি আহিছে৷ যোৱা ৬ এপ্ৰিল শনিবাৰে প্ৰয়াত ডিম্বেশ্বৰ মহন্ত আৰু মহেশ্বৰী মহন্তৰ জ্যেষ্ঠ পুত্ৰ সত্ৰীয়া সংস্কৃতিৰ সাধক, শিক্ষাবিদ, সমাজসেৱক ইন্দুভূষণ মহন্তক সত্ৰাধিকাৰ ৰূপে নিৰ্মালি প্ৰদান কৰা হয়৷ তেখেত সৰুৰে পৰাই সত্ৰীয়া সংস্কৃতিৰ থলী সত্ৰতেই জীৱন নিৰ্বাহ কৰি সত্ৰীয়া নৃত্য, গীত, বাদ্য, ভাওনা, গায়ন-বায়ন আদিৰ লগত জড়িত হৈ আছে৷ অসম সত্ৰ মহাসভা, গোপালদেৱ থান আদিৰ লগত জড...
দেশী জনগোষ্ঠীৰ বিষমা বা বিষুৱা(নাছিৰ আহমেদ)

দেশী জনগোষ্ঠীৰ বিষমা বা বিষুৱা(নাছিৰ আহমেদ)

CURRENT TOPIC
চ’ত-ব’হাগৰ দোমাহী; যাক মহা বিষুৱ বা চ’ত সংক্ৰান্তি বুলি কোৱা হয়, অবিভক্ত গোৱালপাৰা জিলা তথা দেশী জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত ইয়াক চ’ত বিষমা বা বিষুৱা উৎসৱ বুলি কোৱা হয়৷ এই চ’ত বিষমা বা বিষুৱাৰ দিনাই কেঁহা, টেঙা, জ্বলা, নিমখীয়া আৰু মিঠা এই পাঁচ বিধ ঘৰৰ সকলোৱে খায়৷ আৰু ঘৰৰ সন্মুখৰ দুৱাৰৰ ওপৰৰ পাৰিত তিঁতা গছৰ ঠাৰি (নিমগছ আৰু কেঁহৰাজ গছ) পাতেৰে সৈতে ওলোমাই ৰাখে৷ দেশী জনগোষ্ঠীয় (হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ) লোকসকলে বিশ্বাস কৰে যে, এনেকৈ তিঁতা গছৰ ঠাৰি ওলমাই ৰাখিলে জ্বৰ -জাৰি বা অপায় -অমঙ্গল আদি নহয়৷ ব’হাগ বিহু বা ৰঙালী বিহুত পথাৰত বা মঞ্চত নানা যৌৱনোদৃপ্ত লয়লাস ভংগীৰে নৃত্য-গীত প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে দেশী জনগোষ্ঠীয়ে ইয়াক মেলামুখী উৎসৱলৈ পৰিণত কৰে আৰু এই উৎসৱটি একেৰাহে সাতদিন ধৰি উদযাপন কৰে৷ চ’তৰ সংক্ৰান্তিৰ দিনক চ’ত বিষমা বা বিষুৱা আৰু শেষৰ দিনৰ উৎসৱটিক সাত বিষমা বা বিষুৱা উৎসৱ বুলি কোৱা হয়...
শৰীৰৰ বাবে উত্তম পানীয়- ডিটক্স ৱাটাৰ

শৰীৰৰ বাবে উত্তম পানীয়- ডিটক্স ৱাটাৰ

CURRENT TOPIC
(কৰবী বৰ্মন কলিতা) উফ!  অশান্তিকৰ গৰমৰ দিনবোৰ দেখোন আহিলেই৷  লাহে লাহে বাঢ়ি অহা সূৰ্যৰ উষ্ণতাই আমাক ব্যতিব্যস্ত কৰিবলৈ ল’লেই দেখোন৷ গৰম দিনত সততে ছাল, ছুলি তথা আমাৰ শৰীৰটোৱে বৃহৎ কষ্ট অনুভৱ কৰে, নহয়নে বাৰু! যিহেতু গৰম দিন নিচেই কাষ চাপি আহিছে, সেয়েহে আমি গৰমৰ দিনত নিজৰ শৰীৰটো যতনৰে কেনেকৈ ৰাখিম সেয়াও জানি থোৱা খুবেই প্ৰয়োজনীয়৷ গ্ৰীষ্মকালত অত্যধিক ঘাম ওলোৱাৰ ফলত, শৰীৰৰ পৰা বহু প্ৰকাৰৰ খনিজ পদাৰ্থ ওলায়৷ যাৰ ফলত ডিহাইড্ৰেচনৰ সমস্যাই দেখা দিয়ে৷ আমি নিজকে আভ্যন্তৰীণভাবেও ডিহাইড্ৰেচন পৰা বচাই ৰখাটো বৰ দৰকাৰী বিষয়৷  হাইড্ৰেট হৈ থাকিব হ’লে আমি পানী খাব লাগিব৷ গৰম দিনত আমি তৃষ্ণা নিবাৰণ কৰিবলৈ পানী খাওঁ৷ কিন্তু পানী খালে আমাৰ শৰীৰক উপযুক্ত পৰিমাণে পাব লগা সামগ্ৰীসমূহ বা পদাৰ্থসমূহ উপলব্ধ নহয়৷ সঠিকভাৱে কাম কৰিবলৈ আপোনাৰ শৰীৰত সকলো সময়তে পৰ্যাপ্ত তৰল আৰু ইলেক্ট্ৰলাইট সঠিক পৰিমাণত থ...
২৩ এপ্ৰিল, বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে)

২৩ এপ্ৰিল, বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে)

CURRENT TOPIC
বিশ্ব গ্ৰন্থ দিৱস উদযাপন আৰু ইয়াৰ প্ৰাসংগিকতা (পপী চহৰীয়া) গ্ৰন্থ, পঢ়া, সাক্ষৰতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বজুৰি বিশ্ব গ্ৰন্থ দিৱস পালন কৰা হয়৷  প্ৰতি বছৰে ২৩ এপ্ৰিলত অনুষ্ঠিত হোৱা এই বিশ্বব্যাপী অনুষ্ঠানটোৱে সকলো বয়সৰ পাঠকক শিক্ষিত, মনোৰঞ্জন আৰু অনুপ্ৰাণিত কৰাৰ বাবে কিতাপৰ শক্তিৰ সোঁৱৰণী হিচাপে কাম কৰে৷  বিশ্ব গ্ৰন্থ দিৱস উদযাপন দেশভেদে বেলেগ বেলেগ, কিন্তু ইয়াৰ মূল বাৰ্তা একেই আছে—পঢ়াৰ প্ৰেমক প্ৰসাৰিত কৰা আৰু আমাৰ জীৱন আৰু সমাজ গঢ় দিয়াত গ্ৰন্থৰ ভূমিকাক উজ্জ্বল কৰি তোলা৷  এই লেখাটোত আমি বিশ্ব গ্ৰন্থ দিৱসৰ উৎপত্তি, ইয়াৰ তাৎপৰ্য, আৰু ডিজিটেল যুগত ইয়াৰ প্ৰাসংগিকতা কিয় অব্যাহত আছে সেই বিষয়ে অন্বেষণ কৰিম৷ বিশ্ব গ্ৰন্থ দিৱসৰ উৎপত্তিঃ বিশ্ব গ্ৰন্থ দিৱসৰ উৎপত্তি স্পেইনৰ কেটালনিয়াৰ পৰাই হৈছে, য’ত ২৩ এপ্ৰিলত “লা ডায়াডা দে ছাণ্ট জৰ্ডি“ (চেণ্ট জৰ্জৰ দিৱস) নামেৰে জনা...
প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ

CURRENT TOPIC
সাৰাংশ মূল ঃ ড॰ গৌৰহৰি দাস অনুবাদ ঃ নিৰ্মালি মহন্ত যোৱা সংখ্যাৰ পিছৰ পৰা সন্ধিয়াৰ আন্ধাৰ লাহে লাহে গভীৰ হৈ পৰিছিল৷ ‘কালিদাস কলানিকেতন’ৰ পৰা হাৰ্ম’নিয়াম আৰু তবলাৰ মাত ভাঁহি আহিছিল৷ শুভেন্দুৱে ক’লে, “তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে৷ যিমান যি নহ’লেও কাৰখানাটো ইয়াত বহিবই৷ লগতে আমাৰ সংসাৰখনো৷ ক’লে বিশ্বাস নকৰিবা, তোমাক প্ৰথম দেখাৰ দিনাই মই ভাল পাই পেলাইছোঁ৷” ঃ মোৰো সেই একেই দশা! তোমাক চাবলৈকেহে সেইদিনা ভোজলৈ গৈছিলোঁ৷ খাবলৈ নহয়৷ সেইদিনা যি ভাষণ দিছিলা, গাঁৱৰ আধা মানুহেতো বেলৰ মিঠা ৰস খোৱা দি পান কৰি গৈছিল৷ ঃ আৰু তুমি? ঃ মই দেখাতহে আঁকৰি পিছে৷ কলেজত পঢ়ি আছোঁ৷ যিবোৰ মানুহৰ মুখখন মিঠা, সেইবোৰ মানুহেই আটাইতকৈ নিৰ্দয় হয়৷ ঃ মই আৰু নিৰ্দয়ী? -জেৰা কৰা দি শুভেন্দুৱে তাইক সুধিলে৷ ঃ মই তোমাৰ কথা কোৱা নাই, তুমি চাকৰি কৰি থকা কোম্পানিটোৰ কথাহে কৈছোঁ৷ সেইদিনা কিবা তুমি তোমাৰ ...
শৈশৱৰ অদ্বিতীয় বন্ধু পুতলা(গৌতম মালাকাৰ)

শৈশৱৰ অদ্বিতীয় বন্ধু পুতলা(গৌতম মালাকাৰ)

CURRENT TOPIC
“অ’ তুলতুল অ’ বুলবুল অ’ সেউতী তৰা লুকাভাকু ভাল নালাগে খেল কইনা-দৰা৷’’ পুতলা শিল্প মানৱ সমাজৰ এক আদিম তথা আকৰ্ষণীয় বহমান সংস্কৃতি৷ পুতলাৰ সৈতে জনজীৱনৰ ওতঃপ্ৰোত সম্পৰ্ক সুদীৰ্ঘ কালৰ৷ পুতলা সকলো মানুহৰে প্ৰিয়৷ পুতলা শিশুৰ প্ৰকৃত বন্ধু৷ সকলোৱে সংগ ত্যাগ কৰিলেও পুতলাই শিশুৰ সংগ কেতিয়াও ত্যাগ নকৰে আৰু শিশুইয়ো পুতলাৰ সংগ ত্যাগ নকৰে৷ শিশু আৰু পুতলা দুয়ো অবোধ, সুনিৰ্মল আৰু স্নিগ্ধতাৰে ভৰপূৰ৷ পুতলাই কেতিয়াও অভিমান, দুখ, খং, অভিযোগ নকৰে বা বন্ধুত্বৰ বিনিময়ত পুতলাই কোনো প্ৰতিদান নিবিচাৰে৷ নিৰবে বন্ধুত্বৰ কৰ্তব্য পালন কৰা পুতলা নিৰ্জীৱ যদিও মানৱীয় গুণসম্পন্ন৷ পুতলাই কেতিয়াও বিশ্বাস ভংগ নকৰে কিম্বা প্ৰতাৰণা নকৰে৷ প্ৰতিটো শিশুৱেই ঈশ্বৰৰ একো-একোটা অনবদ্য উপহাৰ৷ ‘পুতলা’ শিশু-ডেকা-বৃদ্ধ সকলোৰে এটা অতি প্ৰিয় শব্দ৷ ‘পুতলা’ শব্দটোৱে শিশুৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ মানুহৰ মন নিমিষতে পুলকিত কৰি জোৎস্নাৰ আলোকেৰে ...
আত্মোপলব্ধি আৰু আত্মসমালোচনা

আত্মোপলব্ধি আৰু আত্মসমালোচনা

CURRENT TOPIC
এক জীৱন দৰ্শন(ৰুহুল আমিন) আমি জীৱনটোত কেনেকৈ শান্তিপূৰ্ণভাৱে জীয়াই থাকিব পাৰি তাৰ বাবে বিভিন্ন দাৰ্শনিক ধাৰণা উপলব্ধ আছে৷ তাৰেই দুটা গুৰুত্বপূৰ্ণ ধাৰণা হ’ল আত্মোপলব্ধি আৰু আত্মসমালোচনা৷ এই বিশেষ ধাৰণা দুটাই আমি নিজকে ভালদৰে বুজি উঠি সেইমতে জীৱনত অগ্ৰগতি লাভ কৰাত সহায় কৰে৷ ইয়াত আছে এনে এক চিন্তাৰ স্ৰোত যিয়ে নেকি আমাৰ জীৱনৰ গতি সলাই দিব পাৰে৷ নিজৰ ভাল-বেয়া বিবেচনা কৰা আৰু তাক আন্তৰিকতাৰে উপলব্ধি কৰাৰ মাজত থাকে এক ঐশ্বৰিক প্ৰশান্তি৷ আত্ম-আৱিষ্কাৰৰ সকলোখিনিয়েই হৈছে আমি প্ৰকৃততে গভীৰভাৱে কোন সেইটো বিচাৰি উলিওৱা৷  যিদৰে পিঁয়াজৰ তৰপবোৰ এৰুৱাই তাৰ গুৰি বিচাৰি উলিওৱা হয়৷  ইয়াৰ অৰ্থ হ’ল আমি প্ৰকৃততে কিহত বেছি গুৰুত্ব দিওঁ আৰু কি কামত ভাল সেই বিষয়ে এক নিৰপেক্ষ বিচাৰ-বিবেচনা থাকিব লাগে৷ যদিও এইটো সদায় সহজ নহয়, কিন্তু ইয়ে আমাক আমাৰ প্ৰকৃত স্বৰূপৰ সৈতে মিল থকা বিষয়সমূহ বাছনি কৰাত সহায় ...

কবিতা – সুখৰ সন্ধান (চন্দনা চৌধুৰী)

CURRENT TOPIC
আজি তাই থেকেচি পেলাই দিলে...! থপিয়াই আনিছিল কিন্তু, সেই মধুৰ সময়ত...! প’ল -অনুপলত তুমি চন্দ্ৰ, তৰা..! আজি যেন উল্কাপিG..! নিজস্বতাৰ ওপৰত ওজস্বীতা অপদস্থ...! এতিয়া যেন ধুসৰিত স্মৃতি, সুখৰ সন্ধানত ...! বৃত্তাকাৰ ধ্বংসই ম্লান কৰিব পৰা নাই..! জানোছা, বৰ্তমানেও অটল স্থিতিত স্থিতপ্ৰজ্ঞ...! অংগীকাৰ গ্ৰহণ কৰিছিল সকলোতে মাথোঁ সুন্দৰৰ সাধনাত....! বেদনাই বাট বিচাৰি ফুৰিছিল সুৰুঙা নাপালে...! কিন্তু হৃদয়খন যে ফান্দত পৰিছিল ....! মন আৰু মগজুক ফাণ্ডত পেলাব পাৰি৷ কিন্তু হৃদয়ক কোনেও বান্ধি ৰাখিব নোৱাৰি৷ তুমি থেকেচি পেলাই দিয়া উচিত পুৰণিবোৰৰ ইতিহাস..! প্ৰতিটো ক্ষণতেই পূৰ্ণিমাৰ জোন তুমি জোনাক আৰু তৰাৰ নিৰ্মল আবেদন তুমি..! কিয় হোৱা উল্কাপিণ্ড ..? হ’ব লাগিব দিনৰ আকাশৰ এক উজ্জ্বল নক্ষত্ৰ, ফুল কিয় ছিঙি আনা...? ল’ব লাগিব সুবাসৰ মধুৰ আস্বাদন..! জীৱনবৃত্ত সকলোৰে থাকে, মাথোঁ অংগীকাৰ কৰা জ...
যি হৈছে ভালৰ বাবেই হৈছে(জোনাকী দেৱী কাশ্যপ)

যি হৈছে ভালৰ বাবেই হৈছে(জোনাকী দেৱী কাশ্যপ)

CURRENT TOPIC
মানৱ জীৱন সুখ-দুখ, হাঁহি-কান্দোন, পোৱা-নোপোৱাৰ সমাহাৰ৷ কাৰ জীৱনলৈ কেতিয়া কি পৰিৱৰ্তন আহে কোনেও নাজানে৷ পৰিৱৰ্তন সংসাৰৰ নিয়ম৷ গীতাত উল্লেখ আছে, ‘যি হৈ গৈছে ভালৰ বাবেই হৈছে, যি হৈ আছে সেয়াও ভালৰ বাবেই হৈছে আৰু যি হ’ব লগা আছে সেয়াও ভালৰ বাবেই হ’ব’৷  সঁচাকৈ কেতিয়াবা আমাৰ জীৱনত ঘটা ঘটনা কিছুমান লৈ বহুত দুখ কৰি থাকোঁ আৰু পিছত গম পোৱা যায় সেইটোৰ পৰা কিবা এটা ভালহে হ’ল৷ এজন ল’ৰাই উচ্চ শিক্ষাৰ মন কৰিও পঢ়িবলৈ নাপালে, কিন্তু দুদিন মান পিছত সৰু হ’লেও ঘৰৰ ওচৰতে চাকৰি পালে৷ পঢ়িবলৈ যাব পাৰিলে হয়তো চাকৰিটো নাপালে হয় বা চেষ্টাই নকৰিলে হয়৷ মানুহ আৱেগিক প্ৰাণী৷ সুখৰ সময়ত মানুহে আনন্দত আত্মহাৰা হয় আৰু দুখৰ সময়ত একেবাৰে ভাগি পৰে৷ ঠিক সেইদৰে ক্ৰোধ, ঈৰ্ষা, হিংসা আদিয়ে ব্যক্তিক বিপথে পৰিচালিত কৰে৷ জীৱনত সুখ-দুখ একো স্থায়ী নহয়৷ সুখ-দুখ মানুহৰ জীৱনত আহি থাকে গৈ থাকে৷ নেদেখাজনে এই পৃথিৱীলৈ আমাক আনিছে যেতিয়া আমাৰ ...
মই প্ৰেমত পৰিলোঁ, পুনৰ এবাৰ(ৰাজলক্ষ্মী শৰ্মা গোস্ৰাজলক্ষ্মী শৰ্মা গোস্বামী

মই প্ৰেমত পৰিলোঁ, পুনৰ এবাৰ(ৰাজলক্ষ্মী শৰ্মা গোস্ৰাজলক্ষ্মী শৰ্মা গোস্বামী

CURRENT TOPIC
মৰমৰ ডাক্তৰ উত্থায়া, তোমাক ধন্যবাদ, তোমাক মই পাহৰিব নোৱাৰা হ’লোঁ৷ তুমি মানুহজনেই তেনেকুৱা, তোমাক যি এবাৰ লগ পাইছে সকলোৱে নি(য় তোমাক ভাল পাই পেলাইছে৷ কিন্তু মোক তুমি যিদৰে আকৰ্ষিত কৰিলা মই ভাবোঁ তেনেকৈ নি(য় কাকো কৰিব পৰা নাই৷ তুমি মোক কেনি লৈ আহিলা তুমি নাজানা৷ কালিলৈকে মই যিবিলাক কথা ভাবি প্ৰেমত পৰিব পৰা নাছিলোঁ আজি সেই সকলোবিলাক পাহৰি মই এক নতুন জীৱন আৰম্ভ কৰিলোঁ৷ মই নতুনকৈ প্ৰেমত পৰিছোঁ৷ এই প্ৰেম চিৰশ্বাশ্বত, ই মোক এৰি নি(য় নাযাব৷ এতিয়া মই, মোৰ বুলি ভাবি থকা বস্তুবোৰ পাহৰি গ’লোঁ৷ তুমি মোক কান্দিবলৈ শিকালা, বুকুৰ মাজত থকা গধুৰ বোজাবোৰ খহাই পাতল কৰি দিলা৷ বৰ অসাধাৰণ তুমি৷ তোমাক মই বহুত কথা ক’লো৷ তুমি শুনিলা, ইমান মন দি শুনিলা আৰু বুজিলা এতিয়ালৈকে কোনেও মোৰ কথা এনেদৰে শুনা নাছিল, বুজা নাছিল৷ সুখ-দুখৰ কথা পাতিবলৈও অলপ সহানুভূতিশীল বুজন মানুহৰ প্ৰয়োজন৷ যি নিজৰ পাণ্ডিত্য প্ৰকাশ নকৰি কেৱল অন...