Arup Kakoti – Page 21 – Purbodix.com

Author: Arup Kakoti

অসমীয়া বাতৰি কাকতৰ ভৱিষ্যত আৰু প্ৰত্যাহ৩ান(দেবৰ্ষি গৌতম)

অসমীয়া বাতৰি কাকতৰ ভৱিষ্যত আৰু প্ৰত্যাহ৩ান(দেবৰ্ষি গৌতম)

CURRENT TOPIC
অসমৰ অসমীয়া ভাষাৰ প্ৰথমখন বাতৰি কাকত আছিল অৰুণোদয়৷ এই কাকতখন ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথম প্ৰকাশিত হৈছিল৷ অৰুণোদয় কাকতখন আধুনিক অসমীয়া ভাষাৰ বাটকটীয়া বুলি ক’ব পাৰি কাৰণ এই কাকতখনৰ দ্বাৰা অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক নতুন যুগৰ সৃষ্টি হৈছিল৷ অৰুণোদয়ৰ পাততে আনন্দৰাম ঢেকিয়াল ফুকন, পণ্ডিত হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিৰ দৰে লোকে সাহিত্যিক ৰূপে ভূমুকি মাৰিছিল৷ যদিও অৰুণোদয় কাকতখন অসমত অসমীয়া ভাষাৰ প্ৰথম কাকত আছিল কিন্তু অৰুণোদয় কাকতখন প্ৰতি এমাহৰ মূৰত প্ৰকাশ হৈছিল৷ কিন্তু অসমত দৈনিক কাকত হিচাপে প্ৰথম “দৈনিক বাতৰি’’ নামৰ কাকতখন প্ৰকাশ হৈছিল৷ যোৰহাটৰ পৰা প্ৰকাশ পোৱা দৈনিক বাতৰি কাকতখনে অসমীয়া ভাষাত দৈনিক বাতৰি কাকতৰ ক্ষেত্ৰত এক নতুন যুগৰ সৃষ্টি কৰিছিল৷ ১৯৩৫ চনৰ ১২ আগষ্ট তাৰিখৰ পৰা “দৈনিক বাতৰি’’ কাকতখনৰ প্ৰকাশ আৰম্ভ হৈছিল৷ এই কাকতখনৰ সম্পাদক আছিল বাগ্মীবৰ নীলমণি ফুক...
সুকন্যা সমৃদ্ধি একাউণ্টৰ (Sukanya Samriddhi Account (SSA)) দ্বাৰা আপোনাৰ কন্যা সন্তানটি কেনেদৰে লাভান্বিত হ’ব?(ড॰ দিলোৱাৰ হক)

সুকন্যা সমৃদ্ধি একাউণ্টৰ (Sukanya Samriddhi Account (SSA)) দ্বাৰা আপোনাৰ কন্যা সন্তানটি কেনেদৰে লাভান্বিত হ’ব?(ড॰ দিলোৱাৰ হক)

CURRENT TOPIC
এছ এছ এ (SSA) ১ অৰ্থ হ’ল সুকন্যা সমৃদ্ধি একাউণ্ট৷ সুকন্যা সমৃদ্ধি একাউণ্ট হৈছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা আৰু পৰিচালনা কৰা এক সঞ্চয় আঁচনি৷ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনৰ ২২ জানুৱাৰীত আৰম্ভ কৰা এছ এছ এ আঁচনিখন “বেটি বচাও, বেটি পঢ়াও” অৰ্থাৎ “কন্যা সন্তানক বচাওক, কন্যা সন্তানক শিক্ষা দিয়ক” অভিযানৰ অধীনত আৰম্ভ কৰা হৈছিল৷ এই আঁচনিখন হ’ল এক “কন্যা সন্তান সমৃদ্ধি” আঁচনি, আৰু ইয়াৰ মূল লক্ষ্য হৈছে কন্যা সন্তানৰ উচ্চ শিক্ষা আৰু বিবাহ৷ কন্যা সন্তানৰ পিতৃ-মাতৃয়ে বা আইনৰ অধীনত স্বীকৃত কোনো এজন অভিভাৱকে কন্যা সন্তানৰ নামত যিকোনো অনুমোদিত ভাৰতীয় বাণিজ্যিক বেংক বা যিকোনো ডাকঘৰত সুকন্যা সমৃদ্ধি একাউণ্ট খুলিব পাৰিব৷ এই সঞ্চয় একাউণ্টৰ সময়কাল হৈছে ২১ বছৰ৷ একাউণ্ট খোলাৰ পৰা ২১ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত সুকন্যা সমৃদ্ধি একাউণ্ট পৰিপক্ব (matured) হয় আৰু একাউণ্টৰ অধিকাৰী কন্যা সন্তানে একাউণ্টৰ পৰিপক্বতাৰ...

সম্পাদকীয়

CURRENT TOPIC
আ মাৰ সভ্যতা, আমাৰ সংস্কৃতি, আমাৰ জন্মভূমি,  আমাৰ ভাষা আৰু আমাৰ ধৰ্ম– যুগ যুগ ধৰি পৃথিৱীৰ সকলো ৰাজনৈতিক দল বা নেতাই এই বিষয় সমূহকে লৈ মানুহৰ মাজত ৰাজনীতি কৰি আছে৷ ক্ষমতালৈ আহিবলৈ ভাষা, সংস্কৃতি, ধৰ্ম যিকোনো এটা বিষয়কে মুখ্য কৰি লৈ খেলা হয় ৰাজনীতিৰ বোকা-পানী ছটিওৱা খেল৷               তৃতীয় বিশ্বৰ দেশ সমূহ– যি এতিয়াও বিজ্ঞান, শিক্ষা আৰু স্বাস্থ্যক্ষেত্ৰৰ উন্নতিৰ ক্ষেত্ৰত বহু পিছ পৰি আছে তেনে দেশৰ জনগণক সদায় প্ৰলোভনৰ ৰাজনীতিৰে মোহিত কৰি অহা হৈছে৷ কেৱল মাত্ৰ ক্ষমতা আহৰণৰ বাবেই যিকোনো ৰাজনৈতিক দলে যে ছল-বল আৰু কৌশলেৰে কিমান নিকৃষ্ট পৰ্যায়লৈ যাব পাৰে        ভাৰতবৰ্ষত ইতিহাসেই তাৰ প্ৰমাণ৷               ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশত য’ত ১৪০ কোটি জনতাৰ অধিকাংশই দৰিদ্ৰ তাতো লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনৰ বাবে এক বিশাল পৰিমাণৰ ৰাজহুৱা ধনৰ খৰছ কৰা হয়৷ তথা এই ধন সম্পূৰ্ণৰূপে ৰাইজৰ কৰ-কাটলেৰে সংগৃহীত৷ বি...
পাকঘৰ

পাকঘৰ

CURRENT TOPIC
তিল দিয়া চিৰাৰ লাড়ু ৰুবি দত্ত তাৰ বাবে লাগিব .... ৰ) চিৰা এক কাপ ২) কলা তিল তিনি চামুচ ৩) গুৰ আধা কাপ ৪) ঘিঁউ এক চামুচ প্ত) ৰিফাইন তেল প্ৰণালী ঃ চিৰা ভালকৈ চাফা কৰি গোটা গোটা চিৰা ল’ব৷ এতিয়া গেছত কেৰাহী পাতি তিলখিনি ভাজি নমাই ৰাখিব, , , এতিয়া সেইখন কেৰাহিতে সৰহকৈ তেল দিব, তেল গৰম হ’লে তাত এক মুঠি চিৰা দিব, , চিৰাখিনি ফুলি আহিলে নমাই ৰাখিব, , ,  এই দৰে আটাইখিনি চিৰা ভাজি ল’ব৷ আন এখন কেৰাহীত গুৰখিনি গলাই ল’ব, , , গুৰৰ পাগ হৈছেনে নে নাই চাবৰ বাবে সৰু বাতি এটাত পানী ল’ব, , তাতে পগোৱা গুৰ এক দুই টোপাল দি দিব, , , যদি টোপাল কেইটা পানীৰ তললৈ গৈছে, , , হাতেৰে চুই চাব, , যদি গোটা হৈ পৰিছে তেতিয়া বুজিব গুৰখিনিৰ পাগ জোখৰ হৈছে৷ গুৰ পগাই থাকোঁতেই ঘিঁউ আৰু তিল মিলাই দিব৷ এতিয়া গুৰ গেছৰ পৰা নমাই তাত ভাজি ৰখা চিৰা অলপ অল...
কেনে আছে আপোন মানুহবোৰ অথবা কুশল প্ৰাৰ্থনাবোৰ(বৰ্ষা শইকীয়া)

কেনে আছে আপোন মানুহবোৰ অথবা কুশল প্ৰাৰ্থনাবোৰ(বৰ্ষা শইকীয়া)

CURRENT TOPIC
কেতিয়াবা লাহ যোৱা বেলিৰ পোহৰত নষ্টালজিক হয়নে আপুনি? নামঘৰৰ ডবাৰ কোবত মনত পৰেনে একান্তই আত্মীয় মানুহবোৰলৈ? অথবা ধূনাৰ গোন্ধেৰে আমোলমোল সন্ধিয়াবোৰত আপোনাৰ হিয়াই বিচাৰেনে ককাদেউতা অথবা আইতাৰ কোলাৰ উম? বিচাৰেনে ফাগুনৰ এই দিনবোৰত পলাশ-শিমলু-মাদৰৰ ৰংবোৰ বুটলিবলৈ// ক্ৰমশঃ হেৰাই গৈছে সান্নিধ্যৰ ছাঁ আৰু বুকুৰ আন্তৰিকতাবোৰ৷ আমি সকলো হৈ পৰিছোঁ মাথো ভাৰ্চুৱেল পৃথিৱী এখনৰ বাসিন্দা৷ ৰঙা-নীলা ছবিবোৰৰ মাজত ৰঙা-নীলা আখৰবোৰৰ মাজত আমি হেৰাই গৈছোঁ কোনোবাখিনিত// হেৰাই গৈছে বুকুৰ টান অথবা ভালপোৱাবোৰৰ ভৰ৷ এই ভাৰ্চুৱেল পৃথিৱীত মন গ’লেই আমি ভাব বিনিময় কৰিছোঁ আৰু মন গ’লেই কাৰোবাক ব্লক কৰিছোঁ৷ সোণাৰু ফুলৰ হালধীয়াবোৰত জী উঠা আমাৰ শৈশৱ অথবা কৈশোৰৰ পৃষ্ঠাবোৰ লুটিয়াই চাবলৈ আমাৰ যেন অকণো অৱকাশেই নাই৷ তাৰ পাছতো আমি জীৱনৰ কথা কৈছোঁ৷ ভালপোৱাৰ কথা পাতিছোঁ অথবা প্ৰতিশ্ৰুতি দিছোঁ সহৃদয়তাৰ৷ ফটো এখনত বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ ছাতি...
আচিফ ফাউণ্ডেশ্বন

আচিফ ফাউণ্ডেশ্বন

CURRENT TOPIC
আচিফ ফাউণ্ডেশ্বনৰ উদ্যোগত ১৮ মাৰ্চ ২০২৪ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত ‘আচিফ ইকবাল হুছেইন’ সোঁৱৰণী বঁটা তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অকালতে মৃত্যুবৰণ কৰা প্ৰয়াত বিশিষ্ট পৰিচালক আচিফ ইকবাল হুছেইন বহু দূৰদৰ্শন ধাৰাবাহিক, নাটক, চুটি ছবি, ৰেডিঅ’ নাটক তথা ‘আজান ফকিৰ চাহেব’ নামৰ পূৰ্ণ দৈৰ্ঘ্যৰ ছবিৰ পৰিচালক আছিল৷ এই বঁটাটি বিশিষ্ট পৰিচালক মৃদুল গুপ্তাক ২০২৪ আচিফ ইকবাল হুছেইন সোঁৱৰণী বঁটা প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ, উপন্যাসিক শ্ৰীযুত প্ৰভাত গোস্বামীয়ে, বন্তি প্১৮লন কৰে বিশিষ্ট পৰিচালক শ্ৰীশুভেশ্বৰ দাসে৷ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ চলচ্চিত্ৰ  আৰু বিত্তীয় নিগমৰ উপাধ্যক্ষ শ্ৰীযুত আলেখ্য বৰুৱা আৰু বিশিষ্ট অভিনেত্ৰী ডঃ আকাশীতৰাই৷ ইয়াৰ লগতে সাংস্কৃতিক জগতৰ বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা, আদৰণি বক্তব্য আগবঢ়াই আচিফ ফাউণ্ড...

ৰমজান ঈদ(সবিতা বেগম)

CURRENT TOPIC
শ্ৰেষ্ঠ আৰু পবিত্ৰ ত্ৰিশ দিন মাহ ৰমজান,ৰহমত, মাগফিৰাত, নাজাত অপৰূপ দান৷চয়তান, জীন, অশুভ শক্তি বন্দী,দ্বেষহীন ভাতৃত্ববোধ, সাধ্যসাৰীৰ জৰুৰী৷কিয়ামতৰ সাফা, শৰীৰৰ জাকাত ৰমজান,হেদায়ত সত্য পথ খোলা জান্নাতে ‘ৰাইয়ান’৷অবতীৰ্ণ পবিত্ৰ মহা গ্ৰন্থ গোটেই ৰমজান জুৰি,দানৰ পবিত্ৰ মাহ পঞ্চম স্তম্ভৰ শক্তিশালী খুটি৷ৰোজাৰ পুৰস্কাৰ দিব নিজ হস্তেমহান স্ৰষ্টা যি৷নতুনত্বত পূৰ্ণ পৃথিৱী উল্লাস গুঞ্জন মিলা-প্ৰীতি,ৰোজাৰ শেষত পশ্চিমাকাশত কাঁচিজোন দেখিঈদৰ আনন্দত বাজিব আকাশে বতাহে শান্তিৰ ধ্বনিখোৱা - লোৱা আশীৰ্বাদ আৰু কতনা খেল-ধেমালি৷পাপ বিশৃঙ্খলাৰ মনোমালিন্য সকলো অৱসান কৰি,সমবেত হৈ নামাজ পৰি দোৱা কৰিব প্ৰাণ ভৰি৷বিনিময় কৰিব আনন্দ সুখ-শান্তি আৰু সমৃদ্ধি৷৷...

নাম তাইৰ কবিতা(জিনামণি বৰা)

CURRENT TOPIC
তুমি হেনো প্ৰেমত পৰিছা সেয়ে সুধিছিল তাইকোন বাৰু তেওঁঞ্জকৈছিলা তুমিনাম তাইৰ কবিতাএদিন জোনাক নিশানৈৰ পাৰত তোমাৰ কাষলৈ আহিতাই কৈছিল–আজি তুমি কোৱামই শুনিমমাথোঁন শুনিম তোমাৰ মুখততোমাৰ প্ৰেমৰ ৰাণী কবিতাৰ কথাপ্ৰেমৰ গোপনীয়তা ৰক্ষা কৰিতুমি কৈ গৈছিলা–জোনাক নিশাআকাশৰ নীলাবোৰৰ মাজে মাজেশুকুলা ডাৱৰৰ আঁৰে আঁৰেজোন আৰু তৰা হৈকবিতাৰ লগত তুমি লুকা-ভাকু খেলামন যায় তোমাৰনৈৰ পাৰৰ বালিচৰত বহিকবিতাক সাবটি ধৰিতাইৰ দেহৰ উষ্ণতাৰ উমাল লৈবলিয়া নৈৰ সোঁতত উটি যাবলৈশব্দবিহীনভাৱেমৌনতাৰে মাথোঁন তুমিঅনুভৱ কৰি যোৱাতোমাৰ কবিতাৰ ৰাণীককাৰণ কবিতাই কাৰো লগতকথা নাপাতেলগ পোৱা নাইদেখা নাই কাহানিওসেয়ে কবিতাক চাব খোজা তুমিঅশান্ত মন শান্ত কৰিবলৈযিকোনো সময়তযিকোনো ঠাইতযিকোনো পৰিস্থিতিততুমি কৰা অনুভৱবুজিব আৰু জানিব বিচৰাকবিতাৰ ভাবমনে তোমাৰ বিচাৰে বহুত কিবাকিবিহেঁপাহ নপলোৱাকৈ অন্তৰ্দৃষ্টিৰে তুমিকবিতাক প্ৰাণভৰি চোৱাতোমাৰ বুকুৰ মাজত লৈতাইৰ ...

মৰীচিকা(এছ ইছলাম)

CURRENT TOPIC
জীৱনৰ হাজাৰ      আশা মোৰ   কলিতে মৰহি গ’ল,জীৱনৰ বহুতো      কথাবোৰ   নোকোৱা সাধু হ’ল৷   মৰুৰ বুকুত      পথ বিচাৰি   দিশহাৰা হ’লো,জীৱন মৰুত     মৰম বিচাৰি   হাবাথুৰি খালোঁ৷ জীৱন বেলি     মাৰ যাওঁ যাওঁ  জীৱনৰ বিয়লি বেলা,ভুলৰ বুকুতে     শেষ হ’ল মোৰ  জীৱনৰ যত খেলা৷