Arup Kakoti – Page 37 – Purbodix.com

Author: Arup Kakoti

আয়ুৰ্বেদৰ পঞ্চকৰ্ম চিকিৎসা (ডাঃ শশীন্দ্ৰ বৰ্মন)

আয়ুৰ্বেদৰ পঞ্চকৰ্ম চিকিৎসা (ডাঃ শশীন্দ্ৰ বৰ্মন)

HEALTH
আয়ুৰ্বেদৰ পঞ্চকৰ্ম চিকিৎসাই ভাৰতীয় অৰ্থনীতিৰ বৰ পথাৰখনত প্ৰভাৱ পেলাব পৰা দিশসমূহৰ এক পৰ্যালোচনা– পঞ্চকৰ্ম চিকিৎসা হৈছে আয়ুৰ্বেদ চিকিৎসা পদ্ধতিৰ এক অমূল্য সম্পদ৷ এই চিকিৎসা পদ্ধতি খৃঃ পূৰ্ব (২৫০০-৩০০০) বছৰৰ আগৰ পৰাই ভাৰতবৰ্ষত প্ৰচলিত আছিল৷ চৰক আৰু শুশ্ৰুত সংহিতাত এই চিকিৎসা পদ্ধতিৰ বিতং বাখ্যা পোৱা যায়৷ চকু, কাণ, নাক, ডিঙি, ছাল আদি বিভিন্ন অংগ-প্ৰত্যঙ্গৰ ৰোগ, পক্ষাঘাত আদি ৮০ প্ৰকাৰ বাতজ ৰোগ, আনকি শল্য কৰ্মৰ আগৰ আৰু পাছৰ বিভিন্ন পৰ্যায়ত পঞ্চকৰ্ম চিকিৎসাৰ বিধান পোৱা যায়৷ পঞ্চকৰ্ম হ’ল পাঁচটা প্ৰক্ৰিয়াৰ দ্বাৰা কৰা চিকিৎসাৰ এক সমাহাৰ৷ এই কেইটা হ’ল (ৰ) বমণ (Therapeutic Emesis), (২) বিবেচন (Therapeutic purgation), (৩) নস্য (Nasal Anstalotion), (৪) বস্তি (Enema) আৰু (৫) ৰক্তমোক্ষণ (Therapeutic blood letting)৷ পঞ্চকৰ্ম শৰীৰৰ বিশুদ্ধিকৰণ কৰি ৰোগ নিৰাময় কৰা এক অতি মহত্বপূৰ্ণ ব্যৱস্থা৷ পঞ্চকৰ্ম শৰী...
আন্তৰ্জাতিক নাৰী দিৱস আৰু ইয়াৰ প্ৰাসংগিকতা (জিনা বৰা)

আন্তৰ্জাতিক নাৰী দিৱস আৰু ইয়াৰ প্ৰাসংগিকতা (জিনা বৰা)

CURRENT TOPIC
অতীজতে নাৰীৰ জীৱন সন্তান জন্ম দি লালন-পালন কৰা আৰু ঘৰুৱা কাম-কাজ কৰাৰ বাবে ঘৰৰ চাৰি বেৰৰ মাজতে সীমাৱদ্ধ আছিল৷ সময় বাগৰাৰ লগে লগে সেই সীমাৱদ্ধতা অতিক্ৰম কৰি লাহে লাহে প্ৰগতিৰ জখলাত নাৰীসকল আগবাঢ়ি যাবলৈ ধৰিলে৷ উচ্চ শিক্ষাৰে শিক্ষিত হৈ আজিৰ স্বাধীনচিতীয়া, সাহসী আৰু উপাৰ্জনশীল নাৰীয়ে বিভিন্ন কাম-কাজত নিজকে নিয়োজিত কৰিছে৷ আজিৰ নাৰীয়ে দেশ চলাইছে, বিমান চলাইছে, মহাকাশলৈ গৈছে, দেশৰ হকে যুদ্ধ কৰিছে, ব্যৱসায়-বাণিজ্য কৰিছে, ক্ৰীড়াৰ ক্ষেত্ৰত নানা চমক দেখুৱাইছে, উচ্চ পদস্থ প্ৰশাসনিক বিষয়া হৈ দক্ষতাৰ পৰিচয় দিছে, সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াইছে৷ মুঠতে কোনো ক্ষেত্ৰতে আজিৰ নাৰী পুৰুষতকৈ পিছপৰি থকা নাই৷  শাৰীৰিকভাৱে সমকক্ষ নহলেও মানসিক জোখৰ তুলাচনীত নাৰীৰ ওজন পুৰুষতকৈ কোনোগুণে কম নহয়৷    সফলতাৰ উচ্চ শিখৰত যিমান দূৰেই আৰোহণ নকৰক কিয় ভালকৈ অনুধাৱন কৰিলে দেখা যায় ই এখন ...
মানৱ অধিকাৰ আৰু ভাৰতীয় সংবিধান (জয়ন্ত দাস)

মানৱ অধিকাৰ আৰু ভাৰতীয় সংবিধান (জয়ন্ত দাস)

CURRENT TOPIC
 সাধাৰণতে মানৱ অধিকাৰ বুলি কওঁতে কিছুমান মৌলিক আৰু হস্তান্তৰবিহীন অধিকাৰৰ কথাকে বুজোৱা হয়৷ যিবিলাক অধিকাৰ প্ৰাকৃতিকভাৱে জন্মগত আৰু এনে অধিকাৰ অবিহনে মানুহে প্ৰকৃতাৰ্থত মানুহ হিচাপে জীৱন ধাৰণ কৰিব নোৱাৰে৷ অৱশ্যে এই মানৱ অধিকাৰৰ ধাৰণাটো তুলনামূলকভাৱে নতুন ধাৰণা বুলিও ক’ব পাৰি৷ কিয়নো অতীজতে মানুহে প্ৰাকৃতিক ৰাজ্যত বসবাস কৰিছিল আৰু সেই সময়ৰে পৰা মানুহে কিছুমান অধিকাৰ ভোগ কৰিছিল যদিও তেতিয়া সেই অধিকাৰসমূহক মানৱ অধিকাৰ হিচাপে স্বীকৃতি দিয়া হোৱা নাছিল৷ কালক্ৰমত ৰাষ্ট্ৰ বিশেষে মানৱ অধিকাৰক সাংবিধানিক মৰ্যাদা দিলে যদিও মানৱ অধিকাৰৰ সম্পূৰ্ণ ধাৰণাটো ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ পাছতহে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিলে৷ তদুপৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৪৮ চনৰ পৰা ১০ ডিচেম্বৰ তাৰিখটো মানৱ অধিকাৰ দিৱস হিচাপে উদ্‌যাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই অধিকাৰৰ ফলত মানুহৰ ব্যক্তিত্ব বিকাশৰ লগতে অন্যান্য ...
অসমৰ দৌল উছৱ (ৰাজীৱ লোচন মহন্ত)

অসমৰ দৌল উছৱ (ৰাজীৱ লোচন মহন্ত)

FESTIVAL
অসমৰ সত্ৰ বা গাঁও-চহৰৰ নামঘৰ-মন্দিৰত ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণ ভগৱন্তৰ ‘‘দেউল বা দৌল উছৱ’’, পূৰ্বতে কেৱল বৈকুণ্ঠতহে অনুষ্ঠিত হৈছিল বুলি আমাৰ শাস্ত্ৰবিলাকে কয়৷ এই উছৱত শ্ৰীকৃষ্ণক দোলাত তুলি গোপ-গোপী-ভকতসকলে ভগৱানৰ প্ৰশংসামূলক গীত গাই নানাধৰণৰ গীত-নৃত্য-নাট্যৰ তালে তালে নাচি ইজনে-সিজনৰ গালে-মুখে ফাঁকুগুৰি সানি আনন্দ কৰিছিল৷ ব্ৰহ্মা, ইন্দ্ৰ, ৰুদ্ৰ আদি দেৱতাই পৰমপুৰুষক প্ৰাৰ্থনা কৰি এই উৎসৱ ‘দেৱলোক’লৈ আনিলে৷ ফাগুন মাহত ভগৱানে জনগণৰ কল্যাণাৰ্থে ক্ৰীড়া কৰিবলৈ দোলাৰোহণ কৰে৷ পৰৱৰ্তী সময়ত ‘ওৰেষা তীৰ্থ’ত ৰজা ইন্দ্ৰদ্যুম্নই নতুন ৰূপেৰে দৌল উছৱ পাতিবলৈ লয়৷ অসমত শ্ৰীমন্ত শঙ্কৰদেৱে বৈকুণ্ঠৰ আৰ্হিত ‘বৰদোৱা সত্ৰ’ত দৌলোৎসৱ পাতিছিল৷ পোন প্ৰথমবাৰৰ বাবে মহাপুৰুষ গুৰুজনাই মাত্ৰ একৈছ বছৰ বয়সতে ‘বৰদোৱা ধাম’ত এই দৌলোৎসৱ বা ফল্গুৎসৱৰ পাতনি মেলিছিল ফাগুন মাহৰ পূৰ্ণিমা তিথিত, ‘‘চিহ...

সম্পাদকীয়

EDITORIAL
অসমীয়া কাব্য সাহিত্য জগতৰ পুৰধা ঋষিতুল্য শ্ৰদ্ধাৰ নীলমণি ফুকন দেৱৰ মৃত্যু অসমীয়া বৌদ্ধিক জগতৰ বাবেই এক অপুৰণীয় ক্ষতি৷ তেখেতৰ আত্মাৰ সদ্‌গতিৰ অৰ্থে আমি পূৰ্বদিশ আলোচনীৰ সমূহ কৰ্মকৰ্তাই গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলোঁ৷ মানব ইতিহাসৰ পাট লুটিয়ালে দেখা যায় যে প্ৰতিভাবান প্ৰায় সকলো ব্যক্তি জীৱনৰ কোনো নহয় কোনো গুণৰ সমাজ বা ব্যক্তিৰ দ্বাৰা অপদস্ত বা মানসিক বা যিকোনো প্ৰকাৰৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে৷ যেতিয়াই কোনো এজন চূড়ান্ত প্ৰতিভাধৰ ব্যক্তিয়ে সমাজত নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰে, নিজৰ আৱিস্কাৰ নিজৰ মতবাদ প্ৰকাশ কৰে তেতিয়াই এচাম এনে মানুহৰ আবিৰ্ভাব হয় যি চাম মানুহে কেতিয়াও সেই প্ৰতিভাক স্বীকৃতি দিব নোখোজে৷ এনে মানুহচাম অতীততো আছিল বৰ্তমানতো আছে আৰু ভৱিষ্যতলৈও থাকিব৷ প্ৰসিদ্ধ দাৰ্শনিক চক্ৰেটিছৰ পৰা আমাৰ তেনেই আপোন মহাপুৰুষ শংকৰদেৱেও এনে এচাম মানুহৰ শত্ৰুতাৰ পৰা হাত সাৰি যাব পৰা নাছিল৷ স্বনামধ...
ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ ‘ৰূপকোঁৱৰ নাট্য উৎসৱ – ২০২৩’’ (- ৰঞ্জন শৰ্মা)

ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ ‘ৰূপকোঁৱৰ নাট্য উৎসৱ – ২০২৩’’ (- ৰঞ্জন শৰ্মা)

CURRENT TOPIC
               জয় আলোকময়                                                   অনাদি অনন্ত প্ৰসাৰী                                              বিশ্ব জীৱন জ্যোতি                       &nb...

প্ৰেম

POEM
ইন্দিৰা দেৱী মোৰ পৰা তেওঁৰ ঘৰলৈ দুখোজৰ বাট৷ ইহজনম পৰজনম উজাই উজাই মই অক্লান্তা৷ সৰু সৰু শিপাবোৰে পোখা মেলি শীৰ্ষমৃত্তিকাত পোত খাইছিলহে মাত্ৰ, আকাশমুখী সেউজীয়া আগটোৰপৰা বিহ্বলিত ঠাল-ঠেঙুলিবোৰে আহল-বহলকৈ হাতবোৰ মেলি দিছিল৷ জিৰজিৰীয়া বতাহৰ সিৰসিৰনিত উদভ্ৰান্ত হৈ দিকভ্ৰান্ত নহ’লেও, উভতি চালে তেওঁৰ ছাঁটোত আজিও মোৰেই প্ৰতিবিম্ব প্ৰতিবিম্বিত হয়৷ অপৰিসীমৰ সীমাত ৰৈ ৰৌদ্ৰোজ্জ্বল পুৱাত সদ্যস্নাতা কোনো মহিমাময়ীৰ আকুল আহ্বানত এদিন তেওঁ বিলীন হৈ গ’ল৷৷ মোলৈ এৰি থৈ গ’ল ক্ষত-বিক্ষত ক্ষোভৰ দগমগীয়া জুইকুৰা৷ পুনৰ, নেদেখাকৈয়ে তেওঁৰ গোপন প্ৰত্যাৱৰ্তন৷ উটি বুৰি ক’ৰবাত হেৰাই যোৱা এতিয়া মই এটা মৃত আত্মা৷৷...

ৰক্ত কণিকা

POEM
আমৃণা জেৰিয়ানা এমুঠি উশাহ বিচাৰি তেজ ৰঙা সপোনবোৰ লৈ জীৱনৰ মায়াবৃত্তত এটি ৰক্ত কণিকাই বাৰে বাৰে কিয় হেৰুৱায় সংযম/   প্ৰেমৰ প্ৰহৰী সেই ৰক্ত কণিকাটি বৈ থাকে নীৰৱে উচুপে নিঃশব্দে, বাট পাহৰি সি উশাহ হেৰুৱায়... জীৱন বোৱা সিৰাই সিৰাই৷   মৌনতাৰ উত্তাপে দহে হৃদয় মণিকোঠ নিঃসংগ প্ৰহৰে প্ৰহৰে, তাৰে সৈত দহে ৰক্ত কণিকাটি... অস্তিত্ব বোৱা সিৰাই সিৰাই৷   প্ৰেমৰ চানেকিৰে ফুল তোলা বিহুৱান অনাদৰে উঁৱলিব, পৰাচিত হ’ব ভুলৰ ভঁৰাল... আৰু, ৰক্ত কণিকাটি৷   নিদানৰ পথিক সেই ৰক্ত কণিকাটি বৈ থাকে নীৰৱে উচুপে নিঃশব্দে, এমুঠি উশাহ বিচাৰি তেজ ৰঙা সপোনবোৰ হেৰুৱায়... মৃত্যু বোৱা সিৰাই সিৰাই৷   নিদানৰ পথিক সেই ৰক্ত কণিকাটি বৈ থাকে নীৰৱে উচুপে নিঃশব্দে, এমুঠি উশাহ বিচাৰি তেজ ৰঙা সপোনবোৰ হেৰুৱায়... মৃত্যু বোৱা সিৰাই সিৰাই৷   জীৱনৰ মায়াবৃত্তত ৰক্ত কণিকা...
অনুভৱৰ জলঙাৰে ভোগালী জলপান -আৱৰি (ভোগালী জলপানৰ সৌজন্যত)

অনুভৱৰ জলঙাৰে ভোগালী জলপান -আৱৰি (ভোগালী জলপানৰ সৌজন্যত)

CURRENT TOPIC
সপোনপিয়াসী মানুহৰ স্বপ্নই কলি মেলে শৈশৱতে৷ বোকা-মাটিৰ সুবাস লৈ দিখৌপাৰৰ বালিত বালিঘৰ সাজি ওমলি-জামলি ডাঙৰ হোৱা, শাওণৰ পথাৰত বোকা খচি, আঘোণৰ মাহত কান্ধৰ বিৰিয়াত ডাঙৰি কঢ়িয়াই আনন্দ পোৱা এজন কিশোৰ আছিল- ভোগালী জলপানৰ স্বত্ত্বাধিকাৰী অজিত শৰ্মা বৰুৱা৷ শৈশৱতে, স্কুল ছুটিৰ পাছত পিতাকৰ দোকানত সহায় কৰি দিয়া শৰ্মা বৰুৱাদেৱৰ মনত তেতিয়াতেই শিপাইছিল বস্তুৰ ‘পেকেজিঙ’ৰ উপস্থিত বুদ্ধিটো৷ গ্ৰাহকে বিচাৰিলে থাওকতে দিব পৰাকৈ তিনিখনকৈ তামোল, চাৰিটাকৈ লুজেন একেলগে বান্ধি প্ৰত্যুৎপন্নমতিতাৰে তেওঁ সময় বচাইছিল; সৰু ল’ৰাজনৰ এনে কামে গ্ৰাহক ৰাইজক আকৰ্ষিত কৰিছিল৷ সেই ল’ৰাজনেই জীৱন সংগ্ৰামৰ আঁত ধৰি নিচেই কম মূলধনেৰে; মাতৃয়ে দি পঠিওৱা চিৰা, সান্দহৰ টোপোলাৰেই ধন লক্ষ্মীক আদৰা সম্ভৱ বুলি ‘মাঘৰ বিহু’ৰ সময়তে এদিন আৰম্ভ কৰিছিল এক ক্ষুদ্ৰ আৰু স্বতন্ত্ৰ ব্যৱসায়৷ পেকেটবোৰত বানবাতি এটাত কল-গুড়-গাখীৰেৰে এবাটি জলপানৰ ছবি ছপ...
‘‘চ’য়াবিনৰ চ’প’’ (দীপাঞ্জলি তালুকদাৰ)

‘‘চ’য়াবিনৰ চ’প’’ (দীপাঞ্জলি তালুকদাৰ)

RECIPE
উপকৰণ ঃ চ’য়াবিন- ১ কাপ, আলু- প্ত-৬ টা (মধ্যমীয়া), আদা, নহৰু কুটি লোৱা ১ চামুচ, পিয়াজ-২ টা (ডাঙৰ), নিমখ, হালধি জোখমতে, জিৰা গুড়ি- আধা চামুচ, ধনীয়া গুড়ি-আধা চামুচ, জলকীয়া গুড়ি- এচামুচ, গৰম মছলা গুড়ি- ১ চামুচ, কেঁচা জলকীয়া- ৩-৪ টা মান, চেনী- ১ চামুচ, মিঠাতেল বা ৰিফাইন তেল-ডেৰ কাপ, কণী- ২ টা, কৰ্ণফ্ল’ৰ- ১ চামুচ, ব্ৰেড-ক্ৰাম্বছ-ৰ কাপ৷ ৰেচিপিঃ প্ৰথমতে চ’য়াবিনখিনি গৰম পানীত আধাঘণ্টামান সময় তিয়াই থৈ পানীখিনি চেপি মিক্সিত গুড়ি কৰি ল’ব৷ আলু কেইটা সিজাই লৈ ঠাণ্ডা হোৱাত পিটিকি ল’ব৷ এটা কেৰাহিত ৩ চামুচ মিঠাতেল দি গৰম হোৱাত কাটি লোৱা কেঁচা জলকীয়া, আদা-নহৰু, পিয়াজ মিহিকৈ কাটি লৈ অলপ ভাজিব৷ এতিয়া তাত গুড়ি কৰা চয়াবিন আৰু আলুখিনি দি জোখমতে আটাইবোৰ মছলা আৰু নিমখ-হালধি দি ভালদৰে কিছুসময় ভাজি লৈ নমাই থ’ব৷ এটা বওলত ২ টা কণী ভাঙি লৈ জোখমতে নিমখ আৰু ১ চামুচ কৰ্ণফ্ল’ৰ অলপমান পানী দি ভালদৰে ঘুটি ঘোল বনাই ...