
মা-দেউতা (জোনাকী দেৱী কাশ্যপ)
মা-দেউতা প্ৰথম পূজনীয়, দুয়োৰে কাৰণে আমি এই সুন্দৰ পৃথিৱীখন দেখা পাইছোঁ৷ পিতৃ-মাতৃৰ সমান অকৃত্ৰিম মৰম আন কোনেও দিব নোৱাৰে৷ প্ৰতিগৰাকী নাৰীৰ যেনেকৈ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ হাবিয়াস থাকে; ঠিক তেনেকৈ প্ৰতিগৰাকী পুৰুষৰে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ হাবিয়াস থাকে৷ সন্তান এটি গৰ্ভস্থ হোৱাৰ পৰাই পিতৃ-মাতৃয়ে মাথো সন্তানৰ কথা ভাবে৷ পিতৃয়ে দিনৰ দিনটো কষ্ট কৰে সন্তানৰ অভৱ পূৰণ কৰিবলৈ আৰু মাতৃয়ে দিনৰ দিনটো শেষ কৰে সন্তানৰ আলপৈচান ধৰিবলৈ৷
মা-দেউতাৰ কষ্ট, মৰম, ত্যাগ কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ কোনো সন্তানে মা-দেউতাক সেইধিনিৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে৷ মাকজনীয়ে নিজে নাখাই ভালৰো ভালটো সন্তানক দিয়ে, দেউতাকে অতিৰিক্ত কৰ্ম কৰে সন্তানক সুখত ৰখাৰ আশাত৷ সৰুতে জ্বৰ উঠিলে মায়ে মৰমতে গা মালিছ দিয়া, দেউতায়ে বাৰে বাৰে মূৰত হাত দি জ্বৰ আছে নেকি চাই যোৱা, ৰাতি কাৰেণ্ট নাথাকিলে দেউতাৰ লগত বাৰাণ্ডাত বহি বিভিন্ন নীতিমূলক কথা শ...