Arup Kakoti – Page 42 – Purbodix.com

Author: Arup Kakoti

বিষাদৰ প্ৰতীক হেনো শেৱালি ফুল

বিষাদৰ প্ৰতীক হেনো শেৱালি ফুল

CURRENT TOPIC
 ঊজিনামনি বৰা শৰত! এক অনুপম ৰিতু তুমি৷ তুমি আহিয়েই মতলীয়া কৰা সকলোৰে হিয়া-মন৷ হয়তো এনে কোনো নোলাব, যি তোমাৰ প্ৰেমত পৰা নাই এবাৰৰ বাবে হ’লেও৷ কঠিনৰ পৰা কঠিন হৃদয় এখনতো দোলনি তোলে শৰতে৷ শৰত এক অনাবিল সৌন্দৰ্যৰ আকৰ৷ শৰতৰ মনোমোহা ৰূপে প্ৰেমত পেলায় সকলোকে৷ শৰত, যাৰ ৰূপ-লাৱণ্যত সকলো মতলীয়া–আহিন, শেৱালি, নিয়ৰ, দূবৰি, জোনাক, কঁহুৱা৷ শৰত অহাৰ বতৰা পাই আৰম্ভ হয় আকাশৰ নীলাবোৰৰ মাজে মাজে শুকুলা মেঘৰ খেলা৷  শৰতক শেৱালি, কঁহুৱা আৰু আলসুৱা কপাহ-কোমল ডাৱৰে যেন আবাহন জনায় মৰতত স্নিগ্ধতা বিলাবলৈ৷ শৰত, তোমাৰ স্পৰ্শৰ আকুলতাত জোনাক নামে নিয়ৰ সৰে শেৱালি-কঁহুৱাই মিচিকি হাঁহে৷ আহিনে তোমাক আদৰি আনে কুঁৱলিৰ মাজেৰে৷ কিন্তু শৰত, আহিছা তুমি আহিনৰ বাবে নে শেৱালিৰ বাবে৷ অথবা নিয়ৰৰ বাবে নে তুমি আহা কুঁৱলিৰ বাবে৷ আচলতে তুমি আহিবা বুলি জানি আহিন আগেয়ে আহে৷ শৰত অহাৰ বতৰা লৈ আহিন আহে৷ সুন্দৰ হৈ উঠে ধৰা৷ বিন...
স্বাস্থ্যৱান শিশু

স্বাস্থ্যৱান শিশু

CURRENT TOPIC
(শিশু দিৱস বিশেষ) ঊজোনাকী দেৱী কাশ্যপ শিশুসকল শাৰীৰিক তথা মানসিক দুয়ো দিশতে স্বাস্থ্যৱান হোৱাটো জৰুৰী৷ আজিৰ শিশু কাইলৈ দায়িত্বশীল নাগৰিক, সমাজৰ গুৰিধৰোঁতা৷ গতিকে সিহঁত মানসিকভাৱেও স্বাস্থ্যৱান হোৱাটো জৰুৰী৷ স্বাস্থ্য শব্দই দৈহিক আৰু মানসিক দুয়োটা দিশেই সাঙুৰি লয়৷ দৈহিক স্বাস্থ্যই এজন ব্যক্তিৰ অংগ-প্ৰত্যংগসমূহক সামৰি লয় আৰু এইসমূহ সুস্থ হৈ থাকিলে মানুহজনক স্বাস্থ্যৱান আখ্যা দিয়া হয়৷ ঠিক সেইদৰে আৱেগ, অনুভূতি, চিন্তা, যুক্তি, কল্পনা, স্মৃতি আদি মানসিক উপাদানসমূহৰ স্বাভাৱিক অৱস্থানে ব্যক্তি এজনক মানসিক স্বাস্থ্যসম্পন্ন বুলি পৰিচয় দিয়ে আৰু অস্বাভাৱিক অৱস্থানে মানসিক ৰোগগ্ৰস্তৰূপে পৰিচয় দিয়ে৷ বৰ্তমান সময়ত সমাজৰ সকলো বয়সৰ লোকৰেই মানসিক স্বাস্থ্য ৰক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়৷ ইয়াৰ ভিতৰত শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া প্ৰয়োজন৷ কিয়নো শৈশৱ, বাল্য আৰু কৈশোৰ কালত মনত গঢ় লৈ...
পুৱাৰ জলপানত পুনৰ ‘জলপান’

পুৱাৰ জলপানত পুনৰ ‘জলপান’

CURRENT TOPIC
ঊভোগালী জলপানৰ সৌজন্যত পুৱাৰ আহাৰমুঠিক পুষ্টি বিশেষজ্ঞ আৰু চিকিৎসকসকলে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে৷ পুৱাতে গ্ৰহণ কৰা স্বাস্থ্যসন্মত আহাৰেই হেনো দিনজোৰা শক্তি, কৰ্মোদ্যমৰ উৎস৷ পাছে পুৱাতেই এমুঠি খোৱাৰ ভাল অভ্যাসটো অসমীয়াৰ আজিৰ নহয়৷ যুগ যুগ ধৰি গঢ়ি উঠা পুৱাৰ জলপানৰ এই খাদ্যাভাসেই হয়তো নিৰোগীকৈ গঢ়িছিল, দীৰ্ঘায়ু, কৰ্মঠ আৰু বলী কৰিছিল আমাৰ পুৰণি দিনৰ ককা-আইতাসকলক৷ লক্ষণীয় যে বৰ্তমান সময়ত পুৱাৰ খাদ্য হিচাপে আমি নানা আমদানিকৃত খাদ্যসম্ভাৰক আঁকোৱালি লৈছো যদিও আমাৰ থলুৱা আহাৰবোৰ আচলতে জুতি আৰু স্বাস্থ্যসন্মত হোৱাৰ নিৰিখেৰে কোনো গুণেই কম নহয়; বৰং অধিক স্বাস্থ্যকৰহে৷ এই পৰম্পৰাগত খাদ্যসমূহতনো কি কি থাকে, কিয় খাব লাগে সেইবিষয়ৰ আলোকপাত সাম্প্ৰতিক সময়ত অতি প্ৰয়োজনীয় হৈ পৰিছে৷ উল্লেখযোগ্য যে ভাৰতৰ বহু প্ৰান্তত পুৱাৰ আহাৰ হিচাপে ঘাইকৈ নিমখীয়া সোৱাদযুক্ত খাদ্যৰ প্ৰচলন থকাৰ বিপৰীতে; অসমীয়া জল...
জাতিৰ স্বাভিমান- লাচিত বৰফুকন

জাতিৰ স্বাভিমান- লাচিত বৰফুকন

CURRENT TOPIC
ঊপিনাক পাণি বশিষ্ঠ দেশতকৈ মোমাই ডাঙৰ নহয়’’ বীৰযোদ্ধা লাচিত বৰফুকন অসমীয়া জাতিৰ শৌৰ্য - বীৰ্য, কৰ্তব্যনিষ্ঠা আৰু দেশপ্ৰেমৰ গৌৰৱময় ইতিহাসৰ এক মজবুত স্তম্ভ৷ ইতিহাসৰ সোণোৱালী দস্তাবেজত লিপিবদ্ধ হৈ ৰোৱা অসমীয়া জাতিৰ স্বাভিমান ‘লাচিত বৰফুকন’ এক অন্যতম অধ্যায়৷ লাচিতৰ সংগ্ৰামী আৰু সাহসী গাঁথা যুগে যুগে উচ্চাৰিত হৈ থাকিব– চিৰদিন, চিৰকাল৷ শৈশৱৰ পৰা এতিয়ালৈকে শুনি আহিছোঁ লাচিত-গাঁথা৷ শৈশৱত মায়ে অন্ন অস্বীকাৰ কৰাৰ সময়ত কোৱা ‘লাচিতৰ ঘোঁৰা, হেমা মালিনীৰ ঘোঁৰা’ৰ পৰা এতিয়া সমাজশাস্ত্ৰত বিভিন্ন ক্ষেত্ৰত তেখেতৰ বিৰল সাহসিকতাৰ উদাহৰণ৷ বীৰযোদ্ধা লাচিত বৰফুকনৰ জন্মৰ বিষয়ে সঠিক তথ্য পোৱা নাযায় যদিও বিভিন্ন তথ্য আৰু ধাৰণা অনুসৰি মানি লোৱা হয় যে তেখেতৰ জন্ম হৈছিল ১৬২২ চনৰ ২৪ নবেম্বৰ তাৰিখে, আহোম ৰাজধানী গড়গাঁৱত৷ তেখেতৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী আইদেউ৷ লাচিতৰ পৰিয়াল ...

সম্পাদকীয়

EDITORIAL
এতিয়া কিতাপৰ দিন৷ শৰতে পাৰি দিয়া দলিচাৰে লাহে         লাহে সোমাই আহে শীত, কুঁৱলী আৰু গ্ৰন্থৰ সুবাস৷ এৰা/ এই কেইদিনেইতো গ্ৰন্থপ্ৰেমীৰ একান্ত নিজৰ দিন৷ নিজৰ প্ৰিয় গ্ৰন্থ বিচৰা, লিখকৰ সৈতে পৰিচয় হোৱাৰ সুযোগ৷ বছৰটোৰ এই কেইটা দিনতে পোৱা যায় বিভিন্ন গ্ৰন্থমেলাত৷ সেয়েহে সকলো গ্ৰন্থপ্ৰেমীয়ে বহু হেঁপাহেৰে প্ৰতীক্ষা কৰে শীতৰ আগমনলৈ৷ কেৱল অসমতেই নহয় সমগ্ৰ পৃথিৱীতে শীতৰ দিনতেই প্ৰধানতঃ গ্ৰন্থমেলা অনুষ্ঠিত হয়৷ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য, যেনে- পশ্চিমবঙ্গ, কেৰেলা, দিল্লী, চুবুৰীয়া বাংলাদেশৰ পৰা জাৰ্মানলৈ বিশ্বৰ সকলো প্ৰান্ততে অনুষ্ঠিত হয় গ্ৰন্থমেলা৷ তলৰ তালিকাখন চাওক- পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিখ্যাত গ্ৰন্থমেলা সমূহৰ নাম আৰু স্থান– জেৰুজালেম ইণ্টাৰনেচনেল বুকফেয়াৰ, নিউ দিল্লী ৱল্ডৰ্ বুকফেয়াৰ, টাইপেই ইণ্টাৰনেচনেল, নেইপজিং বুকফেয়াৰ, চালোন দঁু লুভৰ (পেৰিচ), আলেক্টজেন্দ্ৰিয়া...
সমাজসেৱক মৃণাল পাটৰ (বাবুল)ৰ সৈতে হোৱা পূৰ্বদিশৰ এক আছুতীয়া সাক্ষাৎকাৰ (তন্দ্ৰালী মূৰ্ছনা)

সমাজসেৱক মৃণাল পাটৰ (বাবুল)ৰ সৈতে হোৱা পূৰ্বদিশৰ এক আছুতীয়া সাক্ষাৎকাৰ (তন্দ্ৰালী মূৰ্ছনা)

CURRENT TOPIC
আমাৰ ধৰাখন বিভিন্ন লোক সমষ্টিৰে ভৰা৷ ধৰালৈ অহাৰ লগে লগেই যেন বহন কৰে একো একোটা দায়িত্ব৷ উশাহ ল’ব পৰা দিনৰ পৰাই যেন আৰম্ভ হয় অনুভূতিৰ৷ হাঁহি, কান্দোন, মৰম, আৱেগ আটাইবোৰৰ সংমিশ্ৰণত মানৱ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয়৷ কেৱল সুখেৰে জীয়াই থাকিবৰ বাবেই মানুহবোৰ আধুনিক যুগত যান্ত্ৰিকতাৰ ভিৰত একো একোটা যন্ত্ৰ মানৱ হৈ পৰিবলৈ যেন বাধ্য৷ কিন্তু দেহত নাই ষ্ক্ৰু¸¸¸, ন’ট, লোহা কিম্বা বিদ্যুত৷ তথাপি চলি থাকে সংগ্ৰামৰ অনৰ্গল যাত্ৰা৷ এই যাত্ৰাৰ সাক্ষী হয় ঈশ্বৰ৷ দিন-ৰাতিৰ প্ৰভেদ থকাৰ দৰে মানুহৰ গুণ-দোষৰো প্ৰভেদ থাকে৷ কিছুমান ব্যক্তি মানৱ দৰদী গুণৰ অধিকাৰী হয়৷ যিসকলে স্বাৰ্থবিহীনভাৱে ৰাইজৰ মংগলৰ হকে চিন্তা কৰে, তেওঁলোক সমাজৰ সদায়েই আদৰৰ৷ আজি আমি ‘পূৰ্বদিশ’ৰ qw পৃষ্ঠাত ক’ব খুজিছো এনে এজন মানৱ দৰদী ব্যক্তিৰ কথা যি ব্যক্তিয়ে কেৱল আৰ্তজনৰ আৰ্তনাদবোৰক সন্মান কৰিব জানে৷ কোনো বিনিময় নোলোৱাকৈ সহায়ৰ হাত আগবঢ়ায়৷ মৰিগাঁও...
পোহৰৰ উৎসৱ দীপান্বিতা (স্বপ্না বৰঠাকুৰ)

পোহৰৰ উৎসৱ দীপান্বিতা (স্বপ্না বৰঠাকুৰ)

FESTIVAL
শাৰী শাৰী বন্তিৰ প্ৰজ্বলিত ৰশ্মিয়ে পোহৰাই তুলিছে আজি খেৰৰ পঁজাটি৷ অন্যদিনে দুঃখ-ক্লেশ-তমসাই মুখবোৰ আ২৬ন্ন কৰি ৰাখিলেও আজি যেন চকুৱে-মুখে পোহৰ/ কেৱল পোহৰ// সেই পোহৰ আজি মুনমুন, চুনুহঁতৰ মুখতো/ ফটকা ফুটাবলৈ, বাঁহৰ জেং প্ৰস্তুত কৰি দিবলৈ দেউতাকক সিহঁতে খাটনি ধৰিছে৷ পল্লৱীহঁতো লাগি গৈছে আল্পনা সজোৱাত৷ কোনে কিমান ধুনীয়াকৈ আল্পনা সজাই তুলিব পাৰে/– দীপাৱলীৰ এই দৃশ্য সদৌ অসম কিম্বা ভাৰতবৰ্ষৰ তথা দক্ষিণ এছিয়াৰ৷ বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতিমাহৰ অমাৱস্যা তিথিত মূল দেৱালী পালন কৰা হয়৷ কেৱল ভাৰতবৰ্ষতে নহয় সমগ্ৰ দক্ষিণ এছিয়াতে এই উৎসৱ উলহ-মালহেৰে উদ্‌যাপন কৰাৰ লগতে সমগ্ৰ বিশ্বৰ ভাৰতীয় মূলৰ মাজত অতি জনপ্ৰিয় এই উৎসৱ৷ দেৱালিৰ আগে আগে মানুহে তেওঁলোকৰ ঘৰ আৰু কৰ্মস্থানৰ চাফ-চিকুণ, পুনৰ নিৰ্মাণ আৰু সৌন্দৰ্য বৰ্ধনত ব্যস্ত হয়৷ দীপান্বিতাৰ দিনা সকলোৱে সুন্দৰ সাজ পৰিধান কৰি ঘৰৰ ভিতৰত, চোতালত মিঠাতেলৰ মাটিৰ ...
উৎসৱৰ বতৰত কিতাপ পঢ়াৰ আনন্দ (নিৰ্মালি মহন্ত)

উৎসৱৰ বতৰত কিতাপ পঢ়াৰ আনন্দ (নিৰ্মালি মহন্ত)

CURRENT TOPIC
আমি পঢ়া কিতাপৰ লগতে আমাৰ আশে-পাশে থকা লোকে আমাৰ মানসিকতাক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এখন কিতাপে দিয়া জ্ঞান আৰু অবিৰাম আমাৰ কাণলৈ ভাহি অহা কথাবোৰে দহ বছৰৰ পিছৰ মই জনক নীৰৱে গঢ় দি থাকে৷ গতিকে ভৱিষ্যতৰ মই জনক কেনেদৰে গঢ় দিব বিচাৰিছোঁ, সেইয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আমি আমাৰ মগজুৰ পোষণ কেনেদৰে কৰিছোঁ৷ সেয়ে নিজৰ বাবে এক অসাধাৰণ জীৱনৰ বাঞ্চা কৰিলে, প্ৰথমে জ্ঞান বৰ্ধক কথাৰে নিজৰ মনৰ বিকাশ কৰিব লাগিব৷ মহান দাৰ্শনিক প্লেটোৱে কৈছে , “ Book gives a soul to the Universe, wings to the mind, flight to the imagination and life to everything .” এখনি গ্ৰন্থ সদায়ে এজন বিজ্ঞ পৰামৰ্শকৰ দৰে, যাৰ সহায়ত আমি  কঠিন গ্ৰন্থিবোৰ মোকলাবলৈ সক্ষম হওঁ ৷আমাৰ নিজৰ জীৱনৰ লগতে ভিন্ন লোকৰ জীৱনক  জী উঠো ৷ আনৰ অভিজ্ঞতাৰে পথ মুকলি কৰোঁ৷ চাবি কাঠীৰ দৰে গ্ৰন্থৰ সহায় লৈয়ে এখন বিশাল পৃথিৱীত আমি পদাৰ্পণ ক...
জন্মান্তৰৰ গল্প (ৰীতা চৌধুৰী)

জন্মান্তৰৰ গল্প (ৰীতা চৌধুৰী)

STORY
ক’নাটপ্লেচৰ পোহৰ আৰু শব্দৰ মাজত ছয়াময়া এটা ক’ৰিডৰততেওঁৰ সৈতে হঠাৎ দেখা৷ মোৰ কান্ধলৈ পৰা চুলিত চেঁচা বতাহ এজাকে হাত বুলাই গৈছিল৷ ছিফনৰ শাৰীৰ আকাশ নীলা আঁচল মাটিত লাগো লাগো, কপাহ যেন পাতল পছমিনাৰ ক’লা এক ৰঙী চাদৰখন আলাসতে গাতলৈ পাৰ হৈছো আইচক্ৰীম বেচা কাৰ্টখন, পোৰা মিঠা আলুৰ গোন্ধ, আয়না খটোৱা ৰাজস্থানী কাপোৰৰ জিলমিল, হৰ্ণৰ খেলিমেলি মাত, জাকপাতি পাৰ হৈ যোৱা এজাক জুনুকাৰ শব্দৰ দৰে হাঁহি... মালকোশ ৰাগৰ গভীৰৰ পৰা উঠি অহা মই যেন এটা বেহিচাপী আলাপ,  গানহীন কোনো অচিন দেশলৈ ভুল কৰি গুচি অহা সুৰৰ প্ৰেমিক৷ নিজৰ সৈতে অকলে! ক’নাটপ্লেচৰ প্ৰাচীন ক’ৰিডৰত, হাজাৰ আবেগৰ ভিৰত অকলে! সন্ধিয়া নামিছে মাত্ৰ৷ হেঙুল ৰঙী পোহৰে তেতিয়াও পোহৰাই থকা এই মুখ, সন্ধ্যা তৰাৰ দৰে চকু৷ য’লৈকে যাওঁ লগে লগে যায় জোনাকী পৰুৱাবোৰ৷ ফ্লাৱাৰ মাণ্টিছবোৰ উৰে৷ তথাপিও অকলে৷ নিজৰ সেতে৷ অকলে৷ কোনো অপেক্ষা নাছিল৷...
বিশ্ববিশ্ৰুত দাৰ্শনিক-পণ্ডিত ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱন পৰিক্ৰমা

বিশ্ববিশ্ৰুত দাৰ্শনিক-পণ্ডিত ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱন পৰিক্ৰমা

CURRENT TOPIC
ঊপপী চহৰীয়াবিশ্ব বৰেণ্য  পণ্ডিত, ৰাজনীতিবিদ, দাৰ্শনিক, ৰাষ্ট্ৰনেতা, সাহিত্যিক আছিল ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ৷  তেওঁ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷  ৰাধাকৃষ্ণণে হিন্দু ধৰ্ম, বেদান্ত, আত্মাৰ ধৰ্ম বুলি বিভিন্ন ধৰণেৰে নিজৰ বিশ্বাসৰ বৰ্ণনা, ৰক্ষা আৰু প্ৰচাৰৰ প্ৰয়াসত লেখক হিচাপে জীৱন আৰু কৰ্মজীৱন অতিবাহিত কৰিছিল৷  তেওঁ দেখুৱাব বিচাৰিছিল  তেওঁৰ হিন্দু ধৰ্ম দাৰ্শনিকভাৱে সুস্থ হোৱাৰ লগতে নৈতিকভাৱেও কাৰ্যকৰী হোৱাতো৷  ভাৰতীয় আৰু পাশ্চাত্য উভয় দাৰ্শনিক প্ৰেক্ষাপটতে তেওঁ আছিল জাকতজিলিকা৷ তেওঁ গদ্য সমূহ পশ্চিমীয়া আৰু ভাৰতীয় উভয় উৎসৰ পৰাই আঁকোৱালি লৈছে৷  ফলত তেওঁক পশ্চিমীয়া দেশসমূহৰ  একাডেমিক মহলত হিন্দু ধৰ্মৰ প্ৰতীক হিচাপে প্ৰশংসা কৰে৷ তেখেতৰ  প্ৰাৰম্ভিক জীৱন, পৰিয়াল, শিক্ষা, শিক্ষক হিচাপে কৰ্মজীৱন...