
সত্ৰীয়া নৃত্য আৰু কিছু অনুভৱ (ৰঞ্জুমণি মহন্ত)
পোন্ধৰশ-ষোল্লশ শতিকাত দেশজুৰি চলা ভক্তি আন্দোলনৰ ঢৌৱে অসমকো চুই গৈছিল আৰু তাৰেই ফলশ্ৰুতিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰিছিল ‘‘এক শৰণ নাম ধৰ্ম’’৷ তেৰাৰ প্ৰৱৰ্তিত ধৰ্মৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে গুৰুজনা আৰু তেৰাৰ অনুগামীসকলে প্ৰতিষ্ঠা কৰিছিল সত্ৰসমূহ৷ধৰ্ম প্ৰচাৰৰ বাবে নৃত্য, গীত, নাট আদিক প্ৰভাৱশালী মাধ্যম হিচাবে গণ্য কৰি গুৰুজনা আৰু তেখেতৰ প্ৰপন্ন শিষ্য শ্ৰীশ্ৰী মাধৱদেৱে বৰদোৱা সত্ৰত অনুষ্ঠিত কৰা চিহ্নযাত্ৰাৰ যোগেদিয়েই তাৰ শুভাৰম্ভ কৰে৷ নৱ বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ উপাসনাৰ নিমিত্তে ভৰত নাট্য শাস্ত্ৰৰ আধাৰত আৰু থলুৱা উপাদানৰ সংমিশ্ৰণত সত্ৰৰ চাৰিবেৰৰ মাজত তেৰা সৱে সৃষ্টি কৰা নৃত্য শৈলীকে পিছৰ কালত ‘‘সত্ৰীয়া নৃত্য’’ অভিধাৰে বিভূষিত কৰা হয়৷ প্ৰায় পাঁচশ বছৰৰ আগতে সৃষ্ট এই নৃত্য পৰম্পৰা, সত্ৰ পৰম্পৰাৰ মাজেৰে প্ৰতিপালিত আৰু পৰিবাহিত হৈ আহি বৰ্তমান অৱস্...