Arup Kakoti – Page 48 – Purbodix.com

Author: Arup Kakoti

ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পদকেৰে সমৃদ্ধ যোৰহাটৰ স্বপ্না বৰঠাকুৰ  (অৰূপ কাকতি)

ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পদকেৰে সমৃদ্ধ যোৰহাটৰ স্বপ্না বৰঠাকুৰ (অৰূপ কাকতি)

CULTURAL, CURRENT TOPIC
পূৰ্বদিশ, ২৭ মাৰ্চ ঃ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সাহিত্য, কলা পদকেৰে উজলিছে যোৰহাটৰ স্বপ্না বৰঠাকুৰ৷ সপ্তম মানৰ পৰাই সাহিত্য চৰ্চা কৰা স্বপ্না বৰঠাকুৰে বাংলা আৰু ইংৰাজী কবিতাৰ বাবে এতিয়ালৈকে চাৰিশৰ অধিক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় ছবি সংস্থা ‘‘ড্ৰীম পেইণ্টব্ৰাছ’’-এ আয়োজন কৰা ৰাষ্ট্ৰীয় ছবি প্ৰদৰ্শনীত ছবি প্ৰদৰ্শিত হোৱাৰ লগতে সোণৰ পদক আৰু সোণৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে৷ ইংৰাজী, বাংলা আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চাত ব্ৰতী থকা স্বপ্না বৰঠাকুৰক ইতিমধ্যে ‘‘নাৰজিয়া ব্ৰেণ্ড প্ৰম’টাৰচ’’ৰ তৰফৰ পৰা ‘‘ইণ্ডিয়ান ৱ’মেন এৱাৰ্ড’’, ৱ’মেন ডেডিকেশ্বন মেগাজিন আৰু জে ছি ডি বিদ্যাপীঠ’’ৰ তৰফৰ পৰা ‘‘ইণ্টাৰনেচনেল ৱ’মেন প্ৰিমিয়াম এৱাৰ্ড’’, ইংৰাজী কাব্যগ্ৰন্থ ‘‘ফ্লেডাৰচ অব লাইফ’’ৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন ‘‘ইনকুইলিচ পাব্লিকেশ্যন’’ৰ তৰফৰ পৰা ‘‘মষ্ট আউটষ্টেণ...
যোগাভ্যাসেৰে সুস্বাস্থ্য   (প্ৰীতিশা গোস্বামী)

যোগাভ্যাসেৰে সুস্বাস্থ্য (প্ৰীতিশা গোস্বামী)

CURRENT TOPIC, HEALTH
গণেশ মুদ্ৰা (Ganesh Mudra)যোগাভ্যাসত আসন প্ৰাণায়ামৰ লগতে হস্তমুদ্ৰাৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ৷ মুদ্ৰাৰ অভ্যাসৰ দ্বাৰা আমি সুস্বাস্থ্য বৰ্তাই ৰাখিব পাৰো৷ নিয়মিত মুদ্ৰাৰ অভ্যাসে আমাৰ শৰীৰৰ বিভিন্ন ব্যাধি দূৰ কৰাৰ লগতে মানসিকভাৱেও সুস্থ-সবল কৰি তোলে৷ প্ৰাচীন কালৰ পৰাই আমাৰ ভাৰতবৰ্ষত যোগ আৰু ধ্যানৰ পৰম্পৰা চলি আহিছে৷ গণেশ মুদ্ৰাও হস্তমুদ্ৰাৰ ভিতৰত এক উল্লেখযোগ্য মুদ্ৰা, যাৰ দ্বাৰা শাৰীৰিক-মানসিক বহুতো উপকাৰ লাভ কৰিব পৰা যায়৷এই মুদ্ৰাৰ নিয়মিত অভ্যাসে আত্মবিশ্বাস আগৰ তুলনাত বহুত বেছি বৃদ্ধি কৰে৷ কঠিন কামো সফলতাৰে কৰিব পৰাৰ আত্মবিশ্বাস বঢ়াই তোলে৷ যিকোনো বস্তু শিকাৰ আগ্ৰহ বাঢ়ে৷ Tension, Depression আদি মানসিক বেমাৰ দূৰ কৰে৷ Blood Circulation বঢ়ায়৷ Metabolism বৃদ্ধি কৰে৷ Positivity বৃদ্ধি কৰে৷ Heart ১ বাবে খুব উপকাৰী এই মুদ্ৰা৷ ই Cardiac Muscles শক্তিশালী কৰে৷ এই মুদ্ৰা কৰিলে Che...
সাংস্কৃতিক জগতৰ এটা নাম – অংশুমা শইকীয়া   (নয়নী বৰগোহাঁই)

সাংস্কৃতিক জগতৰ এটা নাম – অংশুমা শইকীয়া (নয়নী বৰগোহাঁই)

CULTURAL, CURRENT TOPIC
সাংস্কৃতিক জগতত স্ব-প্ৰতিভাৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা এটা নাম হ’ল অংশুমা শইকীয়া৷ গুবাহাটীত জন্ম লাভ কৰা অংশুমাই স্কুলীয়া শিক্ষাৰ লগতে গন্ধৰ্ব মহাবিদ্যালয়ৰ পৰা উডিছী নৃত্যত বিশাৰদ কৰে৷ ২০০৬ চনত তেওঁ উডিছী নৃত্যত সোণৰ পদকো লাভ কৰে৷সৰুৰে পৰা অভিনয় ভালপোৱা অংশুমা শইকীয়াই লাভ অ’কে, চাহাৰা ৱান, ষ্টাৰ ৱান, ষ্টাৰ ভাৰতকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় চেনেলত পাৰদৰ্শীতাৰ ধাৰাবাহিক আৰু মনোৰঞ্জনধৰ্মী অনুষ্ঠানত অভিনয় কৰিছে৷ বৰ্তমান স্বামীৰ স’তে মুম্বাইত বাস কৰা অংশুমা শইকীয়া অভিনীত উল্লেখযোগ্য ধাৰাবাহিক আৰু অনুষ্ঠান হৈছে ‘গাত হুৱে পৰায়ে’ (ষ্টাৰ ৱান), ‘মিলে যব হাম তুম’ (ষ্টাৰ ৱান), জয় জয় জয় বজৰংবলী (চাহাৰা ৱান), জগ জগ জননী মা দুৰ্গা (কালাৰচ), সাৱধান ইণ্ডিয়া (লাইফ অ’কে), ড্ৰীম গাৰ্ল (লাইফ অ’কে), চালাম ইণ্ডিয়া (ডিডি কিষাণ), এক নয়ী সুবাহ (ডি ডি নেচনেল), দুৰ্গা...

বিহুত ব্যৱহৃত বাদ্যযন্ত্ৰ (স্বপ্না বৰঠাকুৰ)

CURRENT TOPIC
অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ হ’ল বিহু৷ স্বকীয় বৈশিষ্ট্যৰে উজনি-নামনিৰ সমন্বয়ৰ এনাজৰী সুদৃঢ় কৰা বিহু হ’ল অসমীয়া জনজীৱনৰ হিয়াৰ আঁমঠু৷ বাপতি সাহোন৷মুকলি আকাশৰ তলত নদীৰ তীৰত আত্মপ্ৰকাশ ঘটা, সামন্তীয় যুগত স্বৰ্গদেউ, ডা-ডাঙৰীয়াৰ চোতালত প্ৰৱেশ কৰা, পৰৱতীৰ্ পৰ্যায়ত মানুহৰ চোতালে চোতালে পৰিদৰ্শন কৰা বিহু সম্প্ৰতি চহৰ-নগৰৰ মঞ্চত প্ৰৱেশ ঘটিছে৷ বিহুগীতৰ বুকুত সংৰক্ষিত হৈ আছে অসমৰ সামাজিক ইতিহাস, ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয়, সাংস্কৃতিক জীৱনৰ প্ৰায় সকলো দিশ৷ এই সকলো দিশ বিহু নাচ আৰু গীতত প্ৰতিফলিত হ’লেও প্ৰকৃতিৰ বুকুত লালিত হোৱা বিহুৰ বাদ্যযন্ত্ৰসমূহ প্ৰায় একে ৰূপতে আছে৷ চহা জীৱনে প্ৰকৃতিৰ উৰ্বৰতাৰ বাবে সৃষ্ট বিহুনাচত ব্যৱহাৰৰ বাবে প্ৰকৃতিৰ উৎসৰপৰাই নিৰ্মাণ কৰি লৈছে বাদ্যযন্ত্ৰ সমূহ৷বিহু নাচ-গীতত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহ ঃতত বাদ্য ঃ তাঁৰেৰে প্ৰস্তুত কৰা বাদ্যবোৰক তত বাদ্য আখ্যা দিয়...
নাৰীৰ অধিকাৰৰ স্বাৰ্থত আইন    (মুখলিছা ফাৰহানা ৰহমান)

নাৰীৰ অধিকাৰৰ স্বাৰ্থত আইন (মুখলিছা ফাৰহানা ৰহমান)

CURRENT TOPIC
অধিকাৰ বুলিলে আমি বুজো যে পুৰুষ-মহিলা উভয়ে ভোগ কৰিব পৰা স্বাধীনতা৷ সকলো মানুহেই জন্মগতভাৱে স্বাধীন, সম মানদণ্ডৰ আৰু সম অধিকাৰৰ অংশীদাৰী৷ভাৰতবৰ্ষত স্বাধীনতাৰ সময়ৰ পৰাই মহিলাসকলে ভোটাধিকাৰ লাভ কৰে৷ ১৯৯২ চনৰ ৩১ জানুৱাৰীত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছিল৷ ইয়াৰ অধীনত সকলো ৰাজ্যত ৰাজ্যিক মহিলা আয়োগ গঠন কৰা হয়৷ এই আয়োগে মহিলাসকলৰ সাংবিধানিক বা অন্যান্য সকলো অধিকাৰ সুনিৰ্দিষ্ট কৰাৰ লগতে মহিলাসকলৰ সকলো প্ৰকাৰৰ অভিযোগৰ প্ৰতি দৃষ্টি ৰখা, সকলো প্ৰকাৰৰ সা-সুবিধা প্ৰদান কৰা আৰু মহিলাসকলক নিজৰ সকলো অধিকাৰৰ প্ৰতি সজাগ কৰি ৰাখে৷নাৰীসকলৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ আমাৰ দেশৰ সংবিধানত বহুতো উল্লেখযোগ্য অনুচ্ছেদৰ অন্তভুৰ্ক্ত কৰা হৈছে৷ সংবিধানত উল্লেখ থকা কিছুমান অনুচ্ছেদ হ’ল ১৪ নং অনুচ্ছেদ ঃ সমতাৰ অধিকাৰ ঃ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা যিকোনো ব্যক্তিক আইনৰ দৃষ্টিত সমান বা আইনসমূহৰ দ্বাৰা ...
লোকবাদ্য গগনা  (কৰবী বৰ্মন কলিতা)

লোকবাদ্য গগনা (কৰবী বৰ্মন কলিতা)

CURRENT TOPIC
সংগীতময় উৎসৱ বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্ব অপৰিসীম৷ গছৰ তলত মুকলি মনেৰে আনন্দ কৰি পতা বিহু বৰ্তমান সময়ত শিল্পীৰ মঞ্চৰ বিহু হৈছেগৈ৷ বিহু সাংস্কৃতিক বৈশিষ্ট্যৰে ভৰপূৰ অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ৷ বাদ্যযন্ত্ৰৰ জৰিয়তেহে বিহুগীত আৰু বিহু নৃত্যৰ স্বকীয়তা ফুটি উঠে৷ বিহু মাৰোতে ব্যৱহাৰ কৰা বাদ্যবোৰৰ অন্যতম হ’ল- গগনা৷গগনা বিহুগীত আৰু বিহুনৃত্যৰ সতে ব্যৱহাৰ হোৱা এক হাৰ্পজাতীয় প্ৰাচীন বাদ্যযন্ত্ৰ৷ মুখত লৈ বজোৱাৰ বাবে ইয়াক জ’ হাৰ্প বুলি কোৱা হয়৷ গগনা অসমৰ মংগোলীয় জনগোষ্ঠী বিলাকৰ উল্লেখনীয় অৱদান৷ গগনাৰ বিভিন্ন আকাৰক লৈ আৰু বিভিন্ন জনগোষ্ঠীয় ভাষাক লৈ ৰামধন গগনা, শালিকী গগনা আদি বিভিন্ন নামেৰে জনা যায় আৰু প্ৰত্যেক গগনাৰে মাত বেলেগ বেলেগ হয়৷ যিহেতু গগনা এবিধ এক সুৰবদ্ধ বাদ্য ইয়াৰ মাতো স্থিৰ৷ স্বৰমানৰ গগনাৰ মাত অতি সুৰীয়া সেয়েহে ই বিহু নাচনীৰ বৰ আদৰৰ বাদ্য৷আগলি বাঁহৰ লাহৰি গগনাই এক বিশেষ স্থা...
ড॰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতত ব’হাগৰ বতৰা  (দিপাংকৰ গগৈ)

ড॰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতত ব’হাগৰ বতৰা (দিপাংকৰ গগৈ)

CURRENT TOPIC
অসমৰ মাটিৰ বুকুত, প্ৰতিজন অসমীয়াৰ হৃদয়ৰ পৰা স্বতঃস্ফূৰ্তভাৱে নিঃসৃত হোৱা প্ৰিয়তম আৰু সৰ্বশ্ৰেষ্ঠ শব্দটোৱেই বোধহয় ব’হাগ৷ অসমৰ আৰু অসমীয়াৰ বাবে স্বাভিমান, অহংকাৰ, গৌৰৱ আৰু আত্মপৰিচয়ৰ প্ৰতীকো এই ব’হাগেই৷ ব’হাগৰ এই অনন্য অনুভূতি,  গৌৰৱ গাঁথা, অহংকাৰক কেন্দ্ৰ কৰি যুগে যুগে সৃষ্টি হৈ আহিছে অলেখ, অজস্ৰ বিহুনাম, বিহুগীত৷ ব’হাগৰ আগমনত চহাৰ সবল প্ৰাণত সাৰ পাই উঠা এই বিহুনাম, বিহুগীতসমূহত দেখা যায় প্ৰকৃতিৰ অনুপম ৰূপ- সুধাৰ বৰ্ণনা, প্ৰেম-বিৰহৰ গাঁথা, সমসাময়িক ঘটনা-পৰিঘটনাৰ প্ৰতি২৬বি৷ বিহুৰ এই বিনন্দীয়া ৰূপ আৰু গৰিমাক কেন্দ্ৰ কৰি আমাৰ কবি, সাহিত্যিক, গীতিকাৰ, শিল্পীসকলেও সৃষ্টি¸ কৰি থৈ গৈছে বহু কালজয়ী চিত্তাকৰ্ষক ৰচনা৷ এই লেখাত ব’হাগকলৈ ৰচনা কৰা ড॰ নিৰ্মলপ্ৰভা বৰদলৈৰ কেইটামান বাচকবনীয়া গীতৰ বিষয়ে চমু আৱলোকন কৰিবলৈ চেষ্টা কৰা হ’ব৷আধুনিক অসমীয়া গীতি-সাহিত্যক ভাব-ভাষা, ৰূপ-ৰসেৰে সমৃদ...
সাংবিধানিক আইন আৰু সু-নাগৰিক  (ড॰ চিত্তৰঞ্জন বৰুৱা)

সাংবিধানিক আইন আৰু সু-নাগৰিক (ড॰ চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC
কেৱল ভোটাধিকাৰ সাব্যস্তকৰণেৰে নিজ দায়িত্ব আৰু কৰ্তব্য পালনৰ সচৰাচৰ দিশৰ দোহাই দি, অধিকাৰ ভোগৰ বাবে তৎপৰ হোৱা, এই সংকীৰ্ণ অৰ্থৰ সু-নাগৰিকৰ ধাৰণাৰ পৰা আঁতৰি অহাৰ সময় সমাগত৷ ই কেৱল সচৰাচৰ কাৰ্যত নামমাত্ৰ বিষয়ক বা নাগৰিক হোৱাৰ নামমাত্ৰ দিশ৷এজন সু-নাগৰিকৰ যথাৰ্থতা কেৱল ৰাজনৈতিক চেতনাযুক্ত আচৰণ, ৰাজনীতিৰ তালিবাজি অথবা ধুৰ্ত সঞ্চাৰনশীলতা তথা অশুভ দিশৰ অংশীদাৰ নহয়৷ ক্ষমতাৰ সচ্চলতাও প্ৰকৃত নাগৰিকৰ সজ্জিত নীতি নহয় বা হ’ব নোৱাৰে৷ একেদৰে ৰাজনীতি দেশ তথা দেশৰ সেৱা-শাসন নীতিৰ অপবাদৰ দিশ কেৱল উন্মোচিত কৰা, ৰোজগাৰ-ব্যক্তিত্ব (Professionalism) ক সু-নাগৰিকৰ শাৰীত ধৰা অনুচিত৷ উল্লেখ থাকিল মহান-মহামানৱ-মনীষী¸ সমাজ নাগৰিক অথবা সু-নাগৰিক সমাজৰ পৰা পৃথক নতুবা সেই সমাজক একাকাৰ কৰা নহয়৷ মনীষী সমাজৰ চিন্তাৰ ব্যাপ্তিৰ দিশেই সেইসকলক সাধাৰণৰ পৰা পৃথক কৰে৷ অতি বাস্তৱ দিশেৰে বিশ্লেষণ কৰিলে সু-নাগৰিকৰ মন...
বিহু সন্মিলন আৰু প্ৰতিযোগিতাৰ প্ৰাসঙ্গিকতা  (দেবেন চন্দ্ৰ বৰা)

বিহু সন্মিলন আৰু প্ৰতিযোগিতাৰ প্ৰাসঙ্গিকতা (দেবেন চন্দ্ৰ বৰা)

CURRENT TOPIC
‘‘বিহুটি নামেৰে          তিনিটি আখৰেকোনে লিখি গ’ল শিলত,ঘূণেও নধৰে            মামৰেও নধৰেআছে অসমীয়াৰ প্ৰাণত৷’’সঁচাকৈয়ে বিহু অসমীয়াৰ প্ৰাণ, অসমীয়াৰ স্বাভিমান৷ বিহু অসমৰ জাতীয় উৎসৱ, যাৰ লগত জাতীয় জীৱনৰ সকলো আশা আকাংক্ষা, ৰং-আনন্দ, আবেগ-অনুভূতি ওতঃপ্ৰোতভাৱে জড়িত৷ বিহুক বাদ দি অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি, সভ্যতা আৰু সাহিত্যৰ পথাৰখন উৰুঙা হৈ ৰ’ব৷ বিভিন্ন জাতি-জনজাতি, কৃষ্টি-সংস্কৃতিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমীয়া সংস্কৃতি এখন জীপাল তথা বিশাল পথাৰ৷ কিন্তু বহুতে ভাবে বিহু নিৰ্দ্দিষ্ট এটা ধৰ্মাৱলম্বী লোকৰহে উৎসৱ৷ কিন্তু এই ধাৰণা ভুল৷ কাৰণ অসমত বাস কৰা সকলো অসমীয়াই বিহুক নিজৰ বুলি ভাবিলেহে আমি বৰ অসম গঢ়িব পাৰিম৷ যিহেতুকে বিহু ঐক্য-সম্প্ৰীতিৰ উৎসৱ৷ বিহু সাৰ্বজনীন হোৱাটো বাঞ্চনীয় বিভিন্ন...
অসমীয়া জাতি গঠনত বিহুৰ ভূমিকা (অৰূপজ্যোতি হাজৰিকা)

অসমীয়া জাতি গঠনত বিহুৰ ভূমিকা (অৰূপজ্যোতি হাজৰিকা)

CURRENT TOPIC
.অৱতৰণিকা ঃ ‘‘ লুইতৰ বালিতে কঁহুৱা ফুলিছেফুলিছে শিমলু ফুলব’হাগী আয়ে সকলোকে আদৰেনাই কোনো জাতি কুল৷’’অসম বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰপূৰ এখন ৰাজ্য৷ এই লোকসকল হ’ল বড়ো, ৰাভা, কছাৰী, চুতীয়া, মৰাণ, মটক, কোঁচ, মেচ, ডিমাচা, মিচিং, দেউৰী, সোণোৱাল-কছাৰী, তিৱা, কাৰ্বি, কুকি আদি জাতি-জনজাতি সম্প্ৰদায়ৰ লোক৷ এইসকল লোকক লৈয়েই বৰ অসম গঠন হৈছে, এই গঠন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে এটা জাতীয় উৎসৱ৷ এই জাতীয় উৎসৱে সেই জাতিৰ জাতীয় চৰিত্ৰ বহন কৰে৷ সেইবাবেই কোৱা হয় অসমৰ জাতীয় চৰিত্ৰই প্ৰাধান্য পাইছে বিশেষভাৱে ব’হাগ বিহুতেই৷ তিনিওটা বিহুতেই বিহু উৎসৱৰ সাত্বিকতা পৰিলক্ষিত হয় যদিও বিশেষকৈ ব’হাগ বিহুৰ মাজতেই বিহুৰ প্ৰকৃত স্বৰূপ নিহিত হৈ আছে৷ এই বিহুৱেই সংস্কৃতি-সমন্বয়ৰ প্ৰতীক বা সমন্বয়ৰ এনাজৰী হৈ বিনাচৰ্তে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিশেষ অৰিহণা যোগাইছে৷বিভিন্ন জাতি-জনগোষ্ঠীৰ বিহু ঃ বিহু হৈছে বিভিন্ন জ...