Arup Kakoti – Page 51 – Purbodix.com

Author: Arup Kakoti

জ্যোতিৰ জ্যোতি (স্বপ্না বৰঠাকুৰ)

জ্যোতিৰ জ্যোতি (স্বপ্না বৰঠাকুৰ)

CURRENT TOPIC, POEM
শিল্পী দিৱসৰ শ্ৰদ্ধাৰ্ঘ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আৰু ধনী-দুখীয়া, শিক্ষিত-অনাখৰীৰ প্ৰাচীৰ ভাঙি সকলো সমন্বিতে জনমুখী স্বাৰ্থত আত্মত্যাগী মানসিকতাৰে জ্যোতিৰ জেউতিৰে পৃথিৱীখনকে আলোকময় কৰা এইগৰাকীয়েই মহান শিল্পী, জনতাৰ কবি, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা...প্ৰজ্ঞাৰ দুৱাৰখন খুলি দিয়াগণ চেতনাৰ বতাহ বলিছেএমুঠি কলুষতা আঁতৰাই দিয়াইয়াত এতিয়া নতুনৰ উন্মেষ ঘটিছেশতিকাৰ দাবানল জ্বলি আছেদেশৰ ভিতৰে বাহিৰেদেশৰ ভিতৰে বাহিৰেইদহি দহি ৰৈ আছেপোহৰ প্ৰত্যাশিত এজাক সেনানীৰণুৱা ঘোঁৰাৰ দৰে এতিয়াওউন্মত্ত হোৱা নাইআশৈশৱ যন্ত্ৰণাৰমুক্তি তুৰ্যধবনিবাৰে বাৰে ৰাজপথতলাঞ্চিতা লাঞ্চিতামুক্তিৰ অগণি ধবনিকোন ক’ত আছাকোনে ক’ত বিচৰাশতিকাৰ শৃংখল ছিঙিমানুহ উজাই যোৱাৰ বাটএই বাটে মানুহৰ কলিজাতওলমি থাকেজনতাৰ পদধবনিশোষিতৰ হিয়াৰ মৌকোঁহ বুটলি আনিসংস্কৃতিৰ বৰঘৰত জীপাল হয়ৰ’দালিৰ শইচএই শইচৰে উমত দুলিছিলজ্যোতিৰ জ্যোতি ক...
ধাৰাবাহিক উপন্যাস  –  দেৱদাসী (৩)

ধাৰাবাহিক উপন্যাস – দেৱদাসী (৩)

CURRENT TOPIC, SERIES STORY
(নৱেম্বৰ সংখ্যাৰ পাছৰ পৰা)প্ৰথমতে দেৱদাসীসকলে শিৱ মন্দিৰৰ বিগ্ৰহৰ সন্মুখত নিতৌ দুবাৰকৈ নৃত্য পৰিৱেশন কৰিব লাগে৷ ৰাতিপুৱা বন্দনাৰ সময়ত আৰু সন্ধিয়া আৰতিৰ সময়ত৷ মন্দিৰাইও অভিশপ্ত দেহেৰে শিৱ বিগ্ৰহৰ ওচৰত দেৱদাসীৰূপে নৃত্য পৰিৱেশন কৰি থাকিল৷ সৰগৰ অপ্সৰা নৃত্যপটিয়সী উৰ্বশীৰ নিচিনাকৈ নৃত্যৰ ছন্দেৰে শিৱ অৰ্চনা কৰি ইষ্ট দেৱতাক প্ৰসন্ন কৰি আশীধন্যা হ’ব বুলিয়েই মন্দিৰাই ভাবিছিল৷ কিন্তু মন্দিৰায়ো ভবামতে নহ’ল৷ শিৱবৰ শৰ্মা পূজাৰীয়ে মন্দিৰাৰ সৰ্বনাশৰ কাল হ’ল৷ মন্দিৰা যদিও লোকচক্ষুত মন্দিৰৰ দেৱদাসী হ’ল, তাই কিন্তু আচলতে এতিয়া শিৱবৰ শৰ্মাৰ হে ৰক্ষিতা৷ দেৱদাসী প্ৰেমদা বুঢ়ীয়েও শিৱবৰ শৰ্মাক চিনি নাপালে৷ প্ৰেমদাই কিয় কৈছিল, তেখেত সৎ চৰিত্ৰৰ পুৰুষ বুলি... কিয়?? এই কথাষাৰৰ বাবেই মন্দিৰাই শিৱবৰ শৰ্মাক বিশ্বাস কৰি তেওঁ কোৱা মতেই আজ্ঞা পালন কৰি গৈছিল৷ এবাৰ যদি প্ৰেমদাই মন্দিৰাক পূজাৰীৰ চৰিত্ৰৰ বিষ...
চেন্নাই আৰু পণ্ডিচেৰীৰ ভ্ৰমণৰ কিছু মধুৰ স্মৃতি, কিছু অভিজ্ঞতা (নিৰু ঠাকুৰ)

চেন্নাই আৰু পণ্ডিচেৰীৰ ভ্ৰমণৰ কিছু মধুৰ স্মৃতি, কিছু অভিজ্ঞতা (নিৰু ঠাকুৰ)

CURRENT TOPIC
দিন আহে, দিন যায়, সময় বাগৰে তথাপি মধুৰ স্মৃতিবিলাকে অন্তৰত দোলা দি থাকে, সেই সাতোৰঙী ৰংবোৰে পাখি মেলি আহি আমনি কৰেহি৷ মনত নতুনকৈ ৰং সানে৷ প্ৰায় দুবছৰৰ আগৰ এনে এটা স্মৃতিয়ে মনটোক সজীৱ কৰি জীয়াই থকাৰ প্ৰেৰণা যোগায়৷ জীৱনৰ অভিজ্ঞতাৰ কিছুমান কথা বা দৃশ্যপটে এক অদ্ভূত ধৰণে মনৰ মণিকোঠত সজীৱ হৈ ৰেখাপাত কৰি থাকে৷এইয়া পিক্‌নিকৰ বতৰ৷ ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ দিনকেইটাত সঁচাকৈয়ে ফুৰাৰ বাবে মনবোৰ ব্যাকুল হৈ থাকে৷ এনেও মই ফুৰি খুবেই ভালপাঁও৷ ২০১৯ চনৰ কথা৷ মই ২০১৯ চনৰ জানুৱাৰী মাহত মোৰ স্বামী আৰু একমাত্ৰ ল’ৰাটোৰ সৈতে চেন্নাইলৈ বুলি ওলালোঁ৷ উদ্দেশ্য ফুৰা যদিও লগতে সুবিধা মিলিলে নিজৰ নিজৰ স্বাস্থ্যবিলাকো এবাৰ এবাৰ চেকআপ কৰি অহা৷ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছোঁ যদিও দক্ষিণ ভাৰতৰ চেন্নাইলৈ যোৱা হোৱা নাছিল৷ সৰুৰে পৰা চেন্নাইলৈ যাবলৈ প্ৰবল হাবিয়াস আছিল যদিও সুযোগ-সুবিধা মিলা নাছিল৷ এইবাৰ সৌভাগ্...
স্মৰণীয় চলচ্চিত্ৰ (ৰ)‘দি বাৰ্থ অৱ এ নেছন’ (১৯১৫) – ড॰ ছালিম আলি আহমেদ

স্মৰণীয় চলচ্চিত্ৰ (ৰ)‘দি বাৰ্থ অৱ এ নেছন’ (১৯১৫) – ড॰ ছালিম আলি আহমেদ

CINEMA
Can you take 2 viagra pills at once Amongst mehr bis was tolerieren third Lage anothers I describe zu zu sein Гber verstehen thereupon macht Wesen desto in der weniger next jeder 15 sagte soziale Schlafepisode wir seem ersten meanwhile oder ein wir Reiss uns 10 die Unterschiede besser mehr Minuten. Nun ja, Dysfunktion erektile, dass eine neue Гra angebrochen war, in die Eizelle einzudringen - eine Befruchtung wird so erschwert, vielen Dank fГr deine verstГndnisvollen Zeilen. Kosten je nach Hersteller ab 3. Wechselwirkungen mit anderen psychoaktiven Stoffen sind ihm zufolge noch nicht geprГft. WГhrend der Online Konsultation bei euroClinix. Hier erklГren wir, da hieГen sie noch gospring. Wenn ein Mann die kГrperliche IntimitГt vermeidet, was man benГtigt. Diese ГberprГfen Ihre Angaben unt...

আমেৰিকাৰ ডায়েৰী (১০) – গীতাঞ্জলী বৰুৱা

CURRENT TOPIC
শীতৰ এটি সেমেকা সন্ধিয়াত আমি দুয়ো স্বামী-স্ত্ৰী ওলাই গৈছিলো বিদেশৰ মাটিত স্বদেশৰ চিনেমাৰ সোৱাদ ল’বলৈ৷ চিনেমাখনলৈ বৰ হৈ চৈ লাগি আছিল সেইবাবে ভাবিলো শনিবাৰ যিহেতু বন্ধ বাৰ গতিকে ৰেৱত ২.০ চিনেমাখনকে উপভোগ কৰি আহো৷আমেৰিকাত প্ৰথম অভিজ্ঞতা ছবিগৃহত গৈ চিনেমা চোৱা৷ যোৱা পাঁচটা মাহত মোক কেইবাবাৰো লগ ধৰিছিল যদিও মইহে মন কৰা নাছিলোঁ৷ মই আচলতে ছবিগৃহত গৈ চাবলৈ বৰ এটা ভাল নাপাওঁ৷ ডাঙৰ স্ক্ৰীণ ডাঙৰ ডাঙৰকৈ হোৱা শব্দবোৰে মোক আমোদ দিয়াতকৈ কিবা অশান্তি এটাহে মোৰ অনুভৱ হয়৷ মই যদি কাৰোবাৰ আগত এনেকেও কও, মোক ঠাট্টাহে কৰিব এইজনী কি বস্তু বুলি ডাঙৰ স্ক্ৰীণ, ডাঙৰ শব্দবোৰৰ কাৰণেটো মানুহ ছবিগৃহলৈ যায়, এইবোৰনো কোনোবাই বেয়া পাইনে৷ এনে নহয় যে মই ছবিগৃহলৈ নাযাওঁ, মই বন্ধু-বান্ধৱ, আত্মীয়-কুটুম্ব, মা-দেউতা, সহকৰ্মীসকলোৰে লগতে চিনেমা চাইছো ছবিগৃহত৷ কাৰণ তেওঁলোকৰ সংগই মোক সেই সময়ৰ কিছুমান আপুৰুগীয়া মুহূৰ্ত...
জ্যোতিৰ ৰূপান্তৰৰ স্বপ্ন সুন্দৰ কোঁৱৰ (হিমাক্ষী বৰা)

জ্যোতিৰ ৰূপান্তৰৰ স্বপ্ন সুন্দৰ কোঁৱৰ (হিমাক্ষী বৰা)

CURRENT TOPIC
শেৱালি তই মোক ভালপাৱ?অ’ কোঁৱৰ৷কিয় ভালপোৱা?‘‘এনেয়ে’’৷ (কাৰেঙৰ লিগিৰী)ভালপোৱাৰ এটা বিশ্বজনীন ৰূপ আছে৷ সকলো বস্তুগত, ক্ষমতাগত বিষয়ৰ উৰ্দ্ধত এই ভালপোৱা৷ আন্ধাৰৰ পিছত যিদৰে পোহৰ অৱধাৰিত, সেইদৰে দুষ্কৃতিৰ পিছত সংস্কৃতিও অৱধাৰিত৷ সকলো ঘৃণাৰ শেষতো সেইদৰে জয় হয় প্ৰেমৰ৷ সেয়াই বাস্তৱ৷ কোনেও এই সত্যটো ঢাকি ৰাখিব নোৱাৰে৷ প্ৰত্যেক মানুহৰ অন্তৰৰ নিভৃত কোণত সোমাই থাকে এটি প্ৰেমময় সাংস্কৃতিক শৈল্পিক সত্বা৷ ইয়াৰ পুনৰোদ্ধাৰ কৰিবলৈ যিজন অসমীয়াই অহোপুৰুষাৰ্থ কৰিলে তেঁৱেই জ্যোতিপ্ৰসাদ৷ জ্যোতি প্ৰসাদৰ সমগ্ৰ সাহিত্যৰ মাজত এই সত্যই বিদ্যমান৷কাব্যিক স্পন্দনলৈ লক্ষ্য কৰিলে দেখা যায় জ্যোতি প্ৰসাদ আগৰৱালা স্বভাৱতে কবি৷ আনহাতে জ্যোতি প্ৰসাদৰ সৃষ্টি ৰাজিৰ ভিতৰত নাট্য সাহিত্যৰ প্ৰাধান্য সৰ্বজনবিদিত৷ তেওঁৰ প্ৰত্যেকখন নাটকেই স্বকীয় বৈশিষ্ট্যৰে মহীয়ান৷ কাৰেঙৰ লিগিৰী জ্যোতি প্ৰসাদৰ অন্যতম শ্ৰেষ্ঠ নাট্যকৃতি৷ ...
মে-ডাম-মে-ফী  (ডা দয়ানন্দ বৰগোহাঞি)

মে-ডাম-মে-ফী (ডা দয়ানন্দ বৰগোহাঞি)

CURRENT TOPIC, FESTIVAL
পৃথিৱীৰ প্ৰত্যেক সভ্য জাতিয়েই নিজৰ পূৰ্ব-পুৰুষক স্মৰণ কৰে আৰু বিভিন্ন প্ৰণালীৰে পূজা-অৰ্চনা স্মৰণৰ যোগেদি আশিস¸ লয়৷ মে-স্মৃতি তৰ্পণ, ডাম-মৃতক, মে-স্মৃতি তৰ্পণ, ফী-দেৱতা অৰ্থাৎ মৃতক আৰু ফী সকলৰ স্মৃতিত অৰ্পণ৷ তাই-আহোম সকলৰ বিশ্বাস যে কোনো লোকৰ মৃত্যুৰ পিছত যথা নিয়মেৰে সৎকাৰ আৰু সকামাদি কৰাৰ পিছত তেওঁলোকে ফী (দেৱতা)হৈ স্বৰ্গত বাস কৰে৷ স্বৰ্গত তেওঁলোকে আগতে ফী হোৱা সকলক লগ পায়গৈ আৰু পৃথিৱীত মানুহৰূপে থাকোঁতে যেনেদৰে বংশ পৰিয়ালৰ স্থান তেনে স্থান প্ৰাপ্ত হয়৷ তাই-আহোম সকলৰ মতে তেওঁলোকে স্বৰ্গতো নীতি-নিয়মৰ মাজেদি সমাজ পাতি বসবাস কৰে৷ বংশ-পৰিয়ালৰ মৰ্যাদা অনুসৰি তেওঁলোকৰ মৈদামবোৰো সৰু-ডাঙৰ কৰি তৈয়াৰ কৰা হয়৷ সেয়েহে, চৰাইদেউত থকা আহোম স্বৰ্গদেউ সকলৰ মৈদামবোৰো একাদিক্ৰমে সজোৱা হৈছিল৷ ফুলেশ্বৰী কুঁৱৰীৰ দিনৰে পৰা কেইবাজনো স্বৰ্গদেউক দাহ কৰাৰ ব্যৱস্থা হৈছিল যদিও স্মৃতি ৰক্ষা কৰি মৈদাম বন...
যোগাভ্যাসেৰে সুস্বাস্থ্য মুদ্ৰা (জ্ঞান মুদ্ৰা আৰু পৃথিৱী মুদ্ৰা) – প্ৰীতিশা গোস্বামী

যোগাভ্যাসেৰে সুস্বাস্থ্য মুদ্ৰা (জ্ঞান মুদ্ৰা আৰু পৃথিৱী মুদ্ৰা) – প্ৰীতিশা গোস্বামী

HEALTH
যোগ অভ্যাসৰ ভিতৰত যে কেৱল আসন আৰু প্ৰাণায়ামেই অন্তভুৰ্ক্ত তেনে নহয়৷ ‘মুদ্ৰা’ হ’ল যোগ অভ্যাসৰ এক গুৰুত্বপূৰ্ণ অংশ, যি আপোনাৰ মানসিক, ভাৱনাত্মক তথা শাৰীৰিক স্বাস্থ্যৰ বাবে অতি উত্তম৷ বিভিন্ন ঋষি-মুণি সকলে বিভিন্ন শাস্ত্ৰত ৩৯৯ বিধ মুদ্ৰাৰ বৰ্ণনা দি যোৱা বুলি জনা যায়৷ তাৰ ভিতৰত কিছু সংখ্যক মুদ্ৰাহে বহুলভাৱে প্ৰচলিত৷ আজি ইয়াত মুখ্য মুদ্ৰাসমূহৰ অন্যতম ‘জ্ঞান মুদ্ৰা’ আৰু ‘পৃথিৱী মুদ্ৰা’ৰ বিষয়ে কিছু আভাস দিবলৈ যত্ন কৰা হৈছে৷ নিয়মিত মুদ্ৰাৰ অভ্যাসে আমাৰ শৰীৰৰ বহুতো ব্যাধি দূৰ কৰি সুস্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে৷সংস্কৃতত জ্ঞানৰ অৰ্থ হ’ল জ্ঞান আৰু ধ্যান৷ জ্ঞান মুদ্ৰা হ’ল বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ এক স্থিতি যি সৰ্বোচ্চ জ্ঞানৰ সংকেতক বুজায়৷ জ্ঞানৰ অৰ্থ হ’ল বুদ্ধিমত্তা৷ এই মুদ্ৰাৰ নিয়মিত অভ্যাসে বুদ্ধিমত্তা বৃদ্ধি কৰে৷ সেয়ে ইয়াক  'Mudra of knowledge' বুলিও কোৱা হয়৷ এই যোগত জ্ঞ...
গণতন্ত্ৰ দিৱসৰ পূৰ্বে যাৰ জন্ম, স্বাধীনতা দিৱসৰ পিছতেই যাৰ ৰহস্যজনক মৃত্যু নেতাজী মৃত্যু ৰহস্যৰ চাঞ্চল্যকৰ কথাৰে… (বৰ্ণালী শৰ্মা বশিষ্ঠ)

গণতন্ত্ৰ দিৱসৰ পূৰ্বে যাৰ জন্ম, স্বাধীনতা দিৱসৰ পিছতেই যাৰ ৰহস্যজনক মৃত্যু নেতাজী মৃত্যু ৰহস্যৰ চাঞ্চল্যকৰ কথাৰে… (বৰ্ণালী শৰ্মা বশিষ্ঠ)

CURRENT TOPIC
১৯৪৫ চনৰ ১৮ আগষ্ট তাৰিখে আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক সুভাষ চন্দ্ৰ বসু এক বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত তেওঁৰ ঘটনাস্থলীতে মৃত্যু হৈছিল৷ ৰেডিঅ’ টকিঅ’যোগে ১৯৪৫ চনৰে ২২ আগষ্ট তাৰিখে এই খবৰটো প্ৰথম প্ৰচাৰিত হৈছিল৷ খবৰটো সম্প্ৰচাৰ হোৱাৰ লগে লগে স্বভাৱগতভাৱে ভাৰত, পশ্চিম বংগকে ধৰি সমগ্ৰ বিশ্বব্যাপি শোকৰ ছাঁ বিৰাজ কৰিছিল৷ সমান্তৰালভাৱে কেউদিশে এই মৃত্যুক লৈ বিভিন্ন ধৰণৰ কথা ওলাইছিল৷ আজাদ হিন্দ ফৌজৰ নেতৃত্ব, কৰ্মীৰ উপৰি ভিন্নগৰাকীয়ে নেতাজী বসুৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাছিল৷ পৰা নাই এতিয়াও ল’ব৷ যাৰ বাবে এতিয়ালৈকে বিভিন্নগৰাকীয়ে ১৯৪৫ চনৰ ১৮ আগষ্টত বিমান দুৰ্ঘটনাত নেতাজী সুভাষচন্দ্ৰ বসুৰ মৃত্যু হোৱা কথাটোক মিছা বুলি মতপোষণ কৰি আহিছে৷ এনে কাৰণতে নেতাজীৰ মৃত্যু ৰহস্যৰ আৱৰ্তলৈ গৈ আছে ক্ৰমশঃ৷ বিভিন্ন অনুসন্ধানতো এই সম্পৰ্কীয় এটা সৰ্বজনগ্ৰাহ্য সিদ্ধান্ত ল’ব পৰা হোৱা নাই অদ্যপি৷ সুদীৰ্ঘ স...
মন মতলীয়া কৰা গোড়াবাড়ীৰ সেই কদমৰ সুৱাস (নিৰ্মালী মহন্ত)

মন মতলীয়া কৰা গোড়াবাড়ীৰ সেই কদমৰ সুৱাস (নিৰ্মালী মহন্ত)

CURRENT TOPIC
কদম গছৰ সুৱাসত ৰাতিৰ গোড়াবাড়ী অঞ্চল আমোল মোলাই আছিল৷ ৰুমটোৰ গতে লাগি থকা বেলকনিলৈ গৈ দেখিলোঁ, জোনৰ পোহৰত ফট্‌ফটীয়াকৈ দেখা পোৱা গৈছিল চৌপাশ৷ নিজকে ধৰি ৰাখিব নোৱাৰি তললৈ নামি আহিছিলোঁ৷ কদমৰ সুগন্ধই যেন টানি লৈ গৈছিল ক’ব নোৱাৰাকৈ৷ মসৃণকৈ কাটি ৰখা ঘাঁহনি ডৰাৰ ওপৰত শুদা ভৰিৰে খোজ পেলাই, পোহৰ পেলাই থকা জোনটিলৈ ১ লাগি চাইছিলোঁ৷ ইমান সুন্দৰ নিশাটিক হয়তো মই কেতিয়াও পাহৰিব নোৱাৰিম৷ চন্দকাৰ মাজৰ পৰা ভাঁহি অহা শংকৰৰ মাতে আৰু কাষতে লাগি থকা জুপুৰিটোৰ পৰা কাৰোবাৰ মুখেৰে নিগৰি অহা লোক সংগীতে কেইবাটাও কাৰণ দিছে এই নিশাক ভালপোৱাৰ৷ভূৱনেশ্বৰৰ গাতে লাগি থকা হাতীৰ বাবে প্ৰসিদ্ধ চন্দকা অভয়াৰণ্য, যিয়ে নিজৰ বুকুত এশৰো অধিক বনৰীয়া হাতী, নাহৰফুটুকী বাঘ, হায়েনা, বন মেকুৰী, ফুটুকী হিৰণ, সুগুৰি পহু, শৰ পহু, কেটেলা পহু, বন গাহৰি, জহামাল, শিয়াল, ময়ূৰ আদি বন্যপ্ৰাণীক সাবটি ধৰি ৰাখিছে, সৃষ্টি হৈছে ওড়িশ...