
শৰতৰ আনন্দ- বনভোজ (কৰবী বৰ্মন কলিতা)
ঋতু ৰাণী শৰত আৰু শৰতৰ নৈসৰ্গিক শোভাত পৃথিৱীৰ ৰূপ শান্ত-স্নিগ্ধ৷ শেৱালিৰ গোন্ধই আগলি বতৰা দি যোৱা সময়ত বালীমহী চৰাইজনীয়ে চোতালে চোতালে নাচি নাচি চিঠি বিলায় শৰতৰ৷ সেই চিঠিত আঁকি দিয়া শৰতৰ সৌন্দৰ্যই আমাৰ হিয়া নচুৱায়৷
আমাৰ ব্যস্ততাপূৰ্ণ জীৱনত লগ সমনীয়া, পৰিয়াল পৰিজনক সময় দিব নোৱাৰা হৈ পৰো৷ বনভোজ, এনে এক সুযোগ য’ত আমি সকলো প্ৰিয়জনৰ লগত একত্ৰ হ’বলৈ সুযোগ এটা লাভ কৰো৷ সকলোৱে কৰ্মস্থানৰ সহকৰ্মী, পৰিয়াল বা বন্ধু-বান্ধৱৰ সৈতে লগ হৈ ব্যস্ত একঘেয়ামী জীৱনৰ কোলাহলৰ পৰা আঁতৰি প্ৰাকৃতিক পৰিৱেশৰ কোনো ঠাইত এটা দিন স্ফূৰ্তিৰে, মনৰ হেঁপাহেৰে উপভোগ কৰিব খোজোঁ৷ সাধাৰণতে এনে বনভোজৰ ঠাই বা ‘পিকনিক স্পট’বোৰ কোনো নৈ বা পাহাৰীয়া জান-জুৰিৰ আশে-পাশে হয়৷ ডিচেম্বৰৰ শেষৰফালে আৰম্ভ হৈ জানুৱাৰীৰ প্ৰায় সমগ্ৰ মাহটো এই ঠাইবোৰ বনভোজৰ দলেৰে উপচি থাকে৷ বনভোজস্থলীবোৰ সাধাৰণতে জনসমুদ্ৰৰ পৰা কিছু নিলগত প্ৰাকৃতিক পৰিৱেশত, লগতে অপৰ্...