Arup Kakoti – Page 66 – Purbodix.com

Author: Arup Kakoti

সঁচা অনুভৱৰ আঁত ধৰি (বিপুল গগৈ)

POEM
বটবৃক্ষৰ ছাঁত জিৰাই গা শাঁত পেলোৱা ভাললগা অনুভৱবোৰ অতীত কাহিনী হ’বলৈ নিদিবা, জীৱনৰ উত্থান ঘটোৱা দুবেলা দুসাজ অন্ন দিয়া ভৰাঁলটো সযতনে ৰাখিবা পাণে-তামোলে, আমে-কঁঠালে শোভিত বাৰীখন চিকুণ, কোমল কৰি থবা মোমাই তামুলীৰ আদৰ্শ ল’বা, দুপইচা আৰ্জিলো বুলিয়েই গংগাটোপ হৈ সেউজ বাৰীৰ গছবোৰ কাটি দালান গঢ়িব নালাগে নিভাঁজ গঞাই হৈ থাকা পৰিচয় অটুট থাকিব কালৰ পলসত পোত নাযায়, নিৰহংকাৰীৰ সৰলমনা জীৱন উদ্ভাসি থাকিব কাললৈ গৰ্ভভিমানীৰ আভিজাত্যবাদী নৈৰ কোবাল বোৱঁতী সুঁতিত উটি যাব৷ পিতায়ে ৰোৱা ঢাপৰ জাতি বাঁহজোপা নিপোটল হৈ থাকক ভব সাগৰৰ তীৰত বহি জীৱনৰ ক্ষণ গণি থাকোঁতে কেতিয়াবা হঠাতে জাতিবাঁহেই হাঁহি হাঁহি সাঙি ভাৰ হ’ব তাকেই কাটি চাৰি খুঁটি পুতিব জুই দি পুৰিব, মাটি দি ঢাকিব হাড়তো গজিব দোৰোণ, দুৱৰিবন৷...

মই পৰিৱেশে কৈছোঁ (ৰীণু বৰুৱা)

POEM
মই পৰিৱেশে কৈছোঁ প্ৰতিনিয়ত ধাৰাল তৰোৱালত ভৰি থৈ শোণিতেৰে ৰাঙলী মোৰ বুকুখনত স্তুপিকৃত কৰাল মৰা তেজৰ চেকুৰা৷ মইতো জনক নন্দিনী সীতা নহওঁ প্ৰতিপল কাঁইটীয়া পথেৰে প্ৰতিবাদহীন যাত্ৰা কৰিম নতুবা অগ্নিপৰীক্ষা দি যাম মই নহওঁ পাঞ্চালৰ ৰাজকণ্যা পঞ্চালী বুকুত অব্যক্ত বেদনা লৈ নিৰ্বিবাদে পাণ্ডুপুত্ৰ পাঁচোজনকে স্বামী বুলি জাপি দিয়া সিদ্ধান্তকে মোৰ পাতি ল’বলৈ৷ আৰু ৰাধাও হ’ব নোৱাৰো মই কেতিয়াও প্ৰাপ্য প্ৰতিদানৰ পৰা বঞ্চিত মোৰ আকুণ্ঠ প্ৰেমৰ চিৰ যুগমীয়া স্মৃতি বুকুত সাবটি চিৰ প্ৰবাহমান হৈ বোৱাই থাকিবলৈ সঁচা প্ৰেমৰ বোৱতী নদী৷ শুনিছানে সকলোৱে মোৰ যন্ত্ৰণাৰ ভাষা ব্ৰজহুংকাৰ দি সকলোকে সকীয়াইছোঁ মোক আৰু উন্মাদ, উলংগ নকৰিবা নকৰিবা নিঃস্ব বুকুখন চিৰাছিৰি কৰি জীয়াই ৰাখা পৰিৱেশক জীৱকুলৰ ভৱিষ্যতক৷৷...
আমেৰিকাৰ ডায়েৰি [তৃতীয় খণ্ড]    (গীতাঞ্জলী বৰুৱা)

আমেৰিকাৰ ডায়েৰি [তৃতীয় খণ্ড] (গীতাঞ্জলী বৰুৱা)

STORY
এইবাৰ আঁহো মোৰ জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিব লোৱা ঘৰখনলৈ Ballantrae Apartment ৰ সু-সজ্জিত এটি ঘৰ৷ মানুহ জীয়াই থাকিবলৈ প্ৰয়োজনীয় তিনিটা মৌলিক উপাদানেই হ’ল খাদ্য, বস্ত্ৰ আৰু বাসস্থান৷ বাসস্থানৰ পৰাই আৰম্ভ কৰোঁ৷ বাহিৰত সেউজীয়া গছ-গছনি , ফুলনিৰে ভৰা আৰু ভিতৰখন বৈদ্যুতিক সা-সঞ্জামেৰে ভৰপূৰ৷ Electric gas, stove oven , microwave, refrigerator, dish washer আদিৰে পাকঘৰটো পৰিপূৰ্ণ গোটেইবোৰ শিকিবলৈ দুটাদিন দৰকাৰ হৈছিল যদিও সৰু-সুৰা ঘটনা মাজে মাজে এতিয়াও ঘটাই থাকো৷ মানুহৰ একো হানি-বিঘিনি ঘটা নাই বাৰু এতিয়ালৈ৷ ঘৰ সৰা, মচা, কাপোৰ ধোৱা সকলো মেচিনেই কৰে৷ কাপোৰ যে পখৰ ৰ’দত শুকোৱাৰ নিচিনাকৈ মেচিনতো শুকাই ইয়াত আহিহে দেখিবলৈ পালোঁ৷ কম সময়ত ইয়াত একেলগে বহু কামেই কৰি দিব পাৰি৷ সুবিধা বহুত আছে সকলোক্ষেত্ৰতে৷ আমি থকা Apartment টোত বহুত সা-সুবিধা আছিল৷ আমোদ প্ৰমোদৰ সকলো ব্যৱস্থাই কৰা আছিল৷ ইয়াত মোৰ বাবে অতি প্ৰ...
মহিলাৰ মনোজগতখন (কৰৱী বৰ্মন কলিতা)

মহিলাৰ মনোজগতখন (কৰৱী বৰ্মন কলিতা)

STORY
নাৰীমন একোটা খুৱেই আৱেগিক আৰু সংবেদনশীল৷ কিন্তু সময়ে সময়ে নাৰীয়ে নিজৰ ধৈৰ্য হেৰুৱাই জীৱনৰ লক্ষ্য পথৰ পৰা বিচলিত হয়৷ ফলস্বৰূপে সময়ে সময়ে হতাশা আৰু অস্থিৰতাই মনৰ চাৰি কোঠাত ক্ৰিয়া কৰিবলৈ লয়৷ নাৰীমন ব্যাকুল হৈ পৰে৷ উচিত-অনুচিতৰ সুবিচাৰ কৰিব পৰা ক্ষমতাখিনি লোপ পাৱলৈ ধৰে তেতিয়া৷ বৰ্তমানৰ তথা কথিত সমাজখনত বহুতো নাৰীয়েই নিজৰ কৰ্মক্ষেত্ৰত অথবা পাৰিবাৰিক জগতখনত লগত জড়িত বিষয়সমুহৰ লগত খাপ খাৱ নোৱাৰি হতাশাগ্ৰস্ততাত অথবা অস্থিৰতাত ভুগিবলৈ লৈছে৷ এটা সুৰক্ষিত, শান্তিপূৰ্ণ জীৱন সকলোৰে কাম্য৷ তাৰ বাবে একোগৰাকী সন্তানক পিতৃ – মাতৃয়ে বহু কষ্টৰে ডাঙৰ-দীঘল কৰে৷ শিক্ষা-দীক্ষাৰে উপযুক্ত কৰি তোলে, নিজকে ভৱিষ্যত লৈ স্বাৱলম্বী হ’বলৈ উৎসাহ দিয়ে৷ কিন্তু কেতিয়াবা সেই চেষ্টা-যত্ন একোজন অভিভাৱকৰ বিফলে যায়৷ পিতৃ- মাতৃৰ সপোন পূৰণ কৰিব নোৱাৰি, নিজকে সফল আৰু সাৰ্থক ৰূপত প্ৰমাণ কৰিব নোৱাৰি, প্ৰায়ভাগ ছোৱালী সন্তানে বিপথগামী...
স্বৰ্গচ্যুত ছাটান (গীতালী শইকীয়া)

স্বৰ্গচ্যুত ছাটান (গীতালী শইকীয়া)

STORY
কানিমুনি সন্ধিয়া জোৰেৰে চাইকেলখনৰ পেডেল মাৰি মাৰি বিনয়ে ভাবিলে, সি বাৰু দেৱদূতসকল দৰে ছাটানৰ নিচিনাকৈ স্বৰ্গচ্যুত হ’ল নেকি? সি পিতাকৰ বিৰুদ্ধাচাৰণ কৰিলে৷ তৰ্জন-গৰ্জন কৰি পিতাকে তাক এচিকটা মাটিত নিদিওঁ বুলি ক’লে৷ অৰুণাক ভাল পোৱাৰ কথা লৈও তাক কথা শুনালে৷ সমানে তিৰস্কাৰ কৰিলে মাকে৷ ঠিক আছে তহঁতৰ পইচাৰে নচলোঁ৷ মই ভাৱত সি যি ওলাই আহিল ককায়েকে মাতি মাতিও নিব নোৱাৰিলে৷ ময়ো চাই ল’ম৷ মই জাৱৰৰ পুতেকহে তেওঁ৷ বিনয়ৰ দেউতাকৰ উপনাম জাবৰ৷ চাইকেলখন মাৰি মাৰি সি মনতে ছাটানৰ কাহিনীকে পাগুলি আহিছিল৷ ই ছাটান কমটো নহয়৷ সাক্ষাৎ ভগৱানৰ ৰাজ সিংহাসনখনকে বিচাৰি বিদ্ৰোহ ঘোষণা কৰিলে৷ তাক সংগ দিয়া বাবে ছাপৰ্ট দিয়া দেৱদূতো এসোপা ওলাল৷ অঞ্জনাই কয়– মিŒI×নে ছাটানক একেবাৰে হিৰ’ বনাই দিলে৷ তাই আওৰায়–Mind is its own place and in itself can make a .... of hell, a hell of ...... ধেমালিতে তাই তাক ছাটান বুলিও কয় আৰু ছাটানৰ উক্...
দোমোজা (ৰীমা ৰহমান)

দোমোজা (ৰীমা ৰহমান)

STORY
মানুহজনৰ নাম ভদ্ৰেশ্বৰ তামুলী৷ বয়স ৫০১ আশে-পাশে যদিও বয়সতকৈ কিন্তু দেখাত মানুহজনক ৬০ বছৰীয়া মানহে লাগে৷ ক’লা বৰণীয়া আয়তাকাৰ মুখখনত একোছা আধাপকা আধা কেঁচা মোচ৷ মোচ কোঁচা আকৌ দুয়োফালে ওলাই আহিছে৷ কিবা যেন ভাওনাৰ দৈত্যৰহে মোচ তেনে লাগে৷ দাঢ়ি বুলিবলৈ মানুহজনৰ এডালো নাই৷ পাতল চুলিখিনিত কিন্তু এটা ৰঙা ৰং ব্যৱহাৰ কৰিছে৷ মাৰুতি ৮০০ খনৰ পৰা নামি চিধাই তেওঁ মোৰ অফিচলৈ আহিছে৷পিন্ধনত এটি মেৰুণ ৰঙী টিচাৰ্ট এটি ক’লা পেKI× আৰু এজোৰ বগা চামৰাৰ চেণ্ডেল৷ পাতলকৈ দিয়া বৰষুণৰ দুই এটোপাল তেওঁৰ গাত পৰিছে৷ মুখৰ টোপালবোৰ তেওঁ ৰুমালখনেৰে মচি লৈছে আৰু গাত পৰা বৰষুণৰ টোপালবোৰ তেওঁৰ গাত লিপিত খাই ধৰিছে৷ পেটুৱা বুলি দূৰৰ পৰাই তেওঁক চিনিব পাৰি৷ তপনে দিয়া বিৱৰণ মতে মই তেওঁক ধৰিব পাৰিছো৷ তেওঁক দেখিয়েই মই ভিতৰৰ পৰা ওলাই আহি মাত এষাৰ দিয়েই চিধাই ওপৰ মহলাৰ চাদৰ ওপৰলৈ লৈ গ’লো৷ পাতল বৰষুণজাক একেবাৰে নোহোৱা হ’ল৷ অফিচৰ ভিতৰত যি...
কৃষি বৰ্ষৰ আদৰণিত ওড়িশাৰ ৰজ পৰম্পৰা (নিৰ্মালি মহন্ত)

কৃষি বৰ্ষৰ আদৰণিত ওড়িশাৰ ৰজ পৰম্পৰা (নিৰ্মালি মহন্ত)

FESTIVAL
মাতৃ, যিয়ে আমাক এখন নতুন পৃথিৱীৰ সৈতে পৰিচয় কৰোৱাই দিয়ে ৷ যিয়ে নিস্বাৰ্থ ভাৱেৰে সকলো কষ্ট সহ্য কৰি কেৱল আমাৰ লালন পালনতে নিজকে উছৰ্গিত কৰে ৷ হয়তো সেয়ে আমাক সামৰিলৈ থকা এই ভূমিকো এগৰাকী মাতৃ বুলিয়েই কোৱা হয়, যিয়ে নিস্বাৰ্থ ভাৱেৰে আমাৰ সকলো ইচ্ছা পূৰণ কৰি আহিছে ৷ বহু নিযুত কোটি বৰ্ষৰ আগতেই এই বিশ্বত হয় তেওঁৰ আগমন৷ তেওঁৰ বুকুতেই আমাৰ জন্ম, কৰিছে আমাৰ লালন পালন৷ তেওঁৰ উত্থানেই আমাৰ উত্থান, তেওঁৰ পতনেই আমাৰ পতন৷ সকলো বিৱৰ্তনৰ বাবেই তেওঁ সাজু৷ সাগৰৰ বিশাল ঢৌৰে, বৈ অহা কোবাল নৈৰ সোঁতেৰে, মাটিৰে, বায়ুৰে পলকতে সকলোকে সামৰি লৈ যাব পাৰে নিজত বুকুৰ মাজলৈ৷ কোনোবাই কয় ধৰিত্ৰী, কোনোবাই মৰ্ত্যধাম, কোনোবাই বসুন্ধৰা, কোনোৱে কয় মৃত্তিকা৷ অলেখ নামেৰে নতশিৰ হওঁ আামি তেওঁৰ ওচৰত৷ তেওঁৰ গৰ্ভৰ পৰাই ওলাই অহা আহাৰ মুঠিয়েই হৈছে আমাৰ জীয়াই থকাৰ ঊৰ্জা৷ সেয়ে বিভিন্ন অনুষ্ঠানেৰে তেওঁক আমি কৃতজ্ঞতা জনাও৷ সুন্দৰ ফচলৰ স...
আইন আৰু বীজাণু (ড॰ চিত্ত ৰঞ্জন বৰুৱা)

আইন আৰু বীজাণু (ড॰ চিত্ত ৰঞ্জন বৰুৱা)

STORY
বীজাণু নিৰ্মূল আৰু প্ৰতিৰোধৰ কৰা আইনী প্ৰক্ৰিয়া আজিৰ নহয়৷ পৌৰাণিক মধ্যযুগীয়া আৰু আধুনিক ভিন্ন আইনী ব্যৱস্থাৰে বীজাণু বা ভাইৰাচ বা সময়ে সময়ে ভূমুকি মৰা মহামাৰী অতিমাৰী বা তেনে ধৰণৰ সোঁচৰা বেমাৰৰ প্ৰতিৰোধৰ ব্যৱস্থাত ভিন্ন ভিন্ন৷ পৌৰাণিক সময়ত বা আদিম যুগত হোৱা মহামাৰী ৰোধ, নিবাৰণ প্ৰতিৰোধ আদিত সেই সময়ত, সেই সময়ৰ মানৱ সমাজে বৈজ্ঞানিক চিন্তা-চেতনা আৰু প্ৰতিৰোধৰ ব্যৱস্থা আমি বহু ধৰ্ম গ্ৰন্থ পৌৰাণিক কাহিনী-উপকাহিনী আদিত উমান-প্ৰমাণ আৰু প্ৰতিৰোধৰ বিধান অন্যতম হিচাপে বিদ্যমান৷ ধৰ্মগ্ৰন্থ-শাস্ত্ৰ [সৰ্বধৰ্ম] আদি মূল্যবান গ্ৰন্থত বনৌষধ [বনদৰৱ] আৰু আৰ্য়ুবেদিক বা প্ৰাকৃতিক নিয়মেৰে সমাধান, সমাস্য সমাধানৰ ব্যৱস্থা আদি অতি লক্ষণীয়৷ যিবোৰক আধুনিক বিজ্ঞান, চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান তথা গৱেষক সমাজে– [ৰ] অধ্যয়নৰ সমল ; [২] অধ্যয়নৰ দ্বাৰা আধুনিক উপায়েৰে উন্নীতকৰণ; [৩] প্ৰাকৃতিক আধুনিক সংমিশ্ৰণৰ যুটী...
আহাৰ মাহ আৰn ষাঁঠৰ সম্পৰ্ক (অলকা মহন্ত বৰুৱা)

আহাৰ মাহ আৰn ষাঁঠৰ সম্পৰ্ক (অলকা মহন্ত বৰুৱা)

FESTIVAL
‘ব’হাগ মাহত গছৰ ডালত ফুলে কপৌফুল জেঠমহীয়া ৰ’দৰ তাপত শৰীৰ বিয়াকুল আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম শাওণমহীয়া বৰষুণত সাধু শুনাই কাম’ নাইবা– ‘অপৰূপ বাৰিষাৰ তৰংগ ৰাশিয়ে নাচে নৱ সৃষ্টিৰ গানে’ এই কবিতা দুফাকিত অসমৰ গ্ৰাম্য জীৱনৰ এক নিবিড় সম্পৰ্ক তথা চহা জীৱনৰ এখন সুন্দৰ ছবি ফুটি উঠিছে৷ আহাৰ মাহ মানেই অসমত খেতিৰ ভৰপক উঠাৰ বতৰ৷ ধানখেতি কৰাৰ এই দিনখিনিত অসমৰ কৃষিজীৱী লোকে কাহিলি পুৱাৰে পৰা সন্ধ্যা পৰ্যন্ত ব্যস্ত থাকে পথাৰত৷ এইখিনি সময় হ’ল খেতি পথাৰ চহাই কঠীয়া ৰুবৰ বাবে পথাৰৰ মাটি সাজু কৰাৰ সময়৷ ৰ’দৰ দুপৰীয়াৰ চমকত গাঁৱৰ বাট-পথত একাঁঠু বোকা, সেই বোকাময় পথেৰে কান্ধত নাঙলখন লৈ পুৱাই কৃষকৰ পথাৰলৈ যাত্ৰা৷ নিশাটো দোপাল পিটা বৰষুণৰ পিছত পুৱাই মাছৰ উজান৷ ৰাইজৰ কাৰোবাৰ হাতত জাল, কাৰোবাৰ হাতত বৰশীটো৷ কোনোবাই পুৱাই গৈ পথাৰৰ পৰা...

সপোন ভঙাৰ খেল নেখেলিবা (মামণি মহন্ত)

POEM
দুচকুত সেউজীয়া সপোন লৈ উৰিব বিচাৰো, নীলিম আকাশৰ বুকুত৷ সুগন্ধি বিলাব বিচাৰো ফুলি উঠা ফুল পাহিৰ দৰে, পোহৰ বিলাব বিচাৰো আন্ধাৰত উৰি ফুৰা জোনাকীৰ দৰে৷ কিমান আনন্দত আত্মহাৰা হ’লে সেন্দুৰ আৰু মুখৰ ৰং একাকাৰ হয় নাজানো, সেই ৰঙেৰে উজ্বল হ’বলৈ বিচাৰো৷ গছৰ পাতৰ ফাঁকেৰে অহা পুৱাৰ ৰ’দৰ জিলিঙনিৰ দৰেই জিলিকি ববিচাৰো, পলাশৰ ৰাঙলী আভাৰে আলোকিত হ’বলৈ বিচাৰো৷ ম’ৰহা সপোনৰ দুখত দুচকুৰ নিৰ্লজ্জ চকুৰ পানীৰে দুগাল তিয়াবলৈ নিবিচাৰোঁ........ সপোন ভঙাৰ খেল নেখেলিবা৷৷...