Arup Kakoti – Page 7 – Purbodix.com

Author: Arup Kakoti

লোক-সাহিত্যৰ অন্যতম অংগ লোকগীত(দুলুমণি শৰ্মা)

লোক-সাহিত্যৰ অন্যতম অংগ লোকগীত(দুলুমণি শৰ্মা)

CURRENT TOPIC
aমগ্ৰ অসম লোকগীত তথা লোক কবিতাৰ অতুলনীয় সম্পদেৰে ঐশ্বৰ্যময়৷ মাটিৰ লগত মানুহৰ সম্পৰ্ক অতি ঘনিষ্ঠ৷ কৃষিৰ কাৰণেই  হওক অথবা বেহা-বেপাৰৰ কাৰণেই হওক সকলোৰে জীৱন প্ৰকৃতিৰ লগত একাত্ম৷ সেইবাবে অসমৰ লোকগীতে এই সকলোবোৰ বহন কৰি আছে৷ অসমৰ সুৰীয়া মাত আৰু ছন্দোবদ্ধ কথাৰ নিদৰ্শন লোকগীত সমূহেই দি আহিছে৷ অসমৰ প্ৰকৃতিক জগত খন যেন লোকগীততেই সাৰ পাই উঠিছে৷              ‘লোক’ মূলত সংস্কৃত শব্দ৷ ইয়াৰ অৰ্থ হ’ল জনসাধাৰণ৷ সহজভাৱে বুজা যায় যে লোক-সাহিত্য মানে জনসাধাৰণৰ সাহিত্য অৰ্থাৎ জন সাহিত্য৷ পৃথিৱীৰ সকলো সাহিত্যতে দুটা ভাগ দেখিবলৈ পোৱা যায়৷  প্ৰথমটো শিক্ষিত মানুহৰ মাজত প্ৰচলিত আৰু দ্বিতীয়টো অলিখিত ৰূপৰ সাহিত্য৷ ইয়াক লোক-সাহিত্য বা মৌলিক সাহিত্য বুলি কোৱা হয়৷ লোক-সাহিত্য পৰম্পৰাগত ভাবে জনসাধাৰণৰ মুখ বাগৰি প্ৰৱাহিত হৈ অহা সাহিত্য৷ অনাখৰী বা সামান্য আখৰ জ্ঞান থকা কৃষক, ...
চাওল্যুং চ্যুকাফাৰ জন্ম ৰহস্য(তৰুণ বৰুৱাচাওল্যুং চ্যুকাফাৰ জন

চাওল্যুং চ্যুকাফাৰ জন্ম ৰহস্য(তৰুণ বৰুৱাচাওল্যুং চ্যুকাফাৰ জন

CURRENT TOPIC
Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo. চাওল্যুং চ্যুকাফা যিজনে আহোম ৰাজবংশ প্ৰতিষ্ঠা কৰি বৰ অসমৰ গঢ় দিলে – সেই চ্যুকাফাৰ জন্ম আৰু ৰাজ আসন গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিভিন্ন জন পণ্ডিতে ভিন্ন মত আগবঢ়াইছে৷ মত সমূহত দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় প্ৰত্যেক জন পণ্ডিতে বহু দূৰে দূৰে অৱস্থান কৰিছে৷ গ্ৰহণ যোগ্যতাৰ ক্ষেত্ৰত পণ্ডিতৰ মত বেছি শক্তিশালী, বিজ্ঞ সকলে জনগণৰ মাজত প্ৰকাশ কৰক, তাকেই আশাকৰি এই লিখনিটো আগবঢ়ালো৷ উল্লেখ্য যে চ্যাওলুং চ্যুকাফাৰ পিতৃৰ নামো বিভিন্ন ধৰণৰ পোৱা যায়৷  পদ্মেশ্বৰ নাওবৈছা ফুকনৰ অসম বুৰঞ্জীত কুত্যাংখান, হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিনত পোৱা মতে খুত্যাংখাদ, সৰ্বানন্দ ৰাজকুমাৰৰ ইতিহাস সোঁৱৰা ছশটা বছৰত পোৱা যায় ফুচাংখাং আৰু আন এটাত পোৱা গৈছে চাও খুনণ্যেউ, তাৰোপৰি হৰকান্ত বৰুৱা সদৰামিনৰ আসাম বু...
অতীত হৈ পৰা আৱেগভৰা গ্ৰীটিংছ কাৰ্ডখন(কৰবী বৰ্মন কলিতা)

অতীত হৈ পৰা আৱেগভৰা গ্ৰীটিংছ কাৰ্ডখন(কৰবী বৰ্মন কলিতা)

CURRENT TOPIC
মিঠা আৱেগভৰা গ্ৰীটিংছ কাৰ্ডখন নতুন বছৰটোৰ প্ৰথম দিনটোত প্ৰিয়জনৰ হাতত তুলি দিবলৈ আগ্ৰহেৰে ৰৈ থকা দিনবোৰ, আৰ্চিচ গেলেৰীত সোমায়েই নতুন নতুন ৰঙীন কাৰ্ডবোৰৰে উপচি পৰা ভাল লগা পৰিৱেশ এটি, পুৰণি শীতৰ মাদকতাভৰা দিনবোৰক সুঁৱৰি আজিৰ লেখা এটি৷ ৷   পচন্দৰ গ্ৰিটিংছ কাৰ্ডখন বিচাৰি চলাথ কৰাৰ কথা এতিয়াও মনত পৰে৷ কাৰ্ডখন কাৰো চকুত নপৰাকৈ যে ঘৰত কিতাপৰ মাজত সযতনেৰে লুকুৱাই থোৱা ঘটনাবোৰ! এনেদৰেই আছিল আমাৰ সময়ত নতুন বছৰক আদৰাৰ পৰম্পৰা৷  সময়ৰ সোঁতত এতিয়া গ্ৰিটিংছ কাৰ্ডখন হ’ল বৰ্তমান সোণসেৰীয়া স্মৃতি মাথোঁ৷  গ্ৰীটিংছ কাৰ্ডৰ ইতিহাস কিছু - গ্ৰীটিংছ কাৰ্ডৰ জন্মদাতা হ’ল- ইংলেণ্ডৰ যোছেফ চি হৰ্চলি৷ ১৮৪৩ চনত যোচেফে তেওঁৰ প্ৰিয়বন্ধু ছাৰ হেনৰী ক’ললৈ বৰদিনৰ শুভেচ্ছা জনাবলৈ আঁকি দিয়া কাৰ্ডখনকে আধুনিক গ্ৰীটিংছ কাৰ্ডৰ প্ৰথম বুলি আখ্যা দিয়া হয়৷ এই গ্ৰীটিংছ কাৰ্ডখনত লিখা আছিল “ট্ট Merry Christmass and A ...
মৃত্যু বাহিনীৰ স্বাধীনতা সংগ্ৰামীকনকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণাম(নাছিৰ আহমেদ)

মৃত্যু বাহিনীৰ স্বাধীনতা সংগ্ৰামীকনকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণাম(নাছিৰ আহমেদ)

CURRENT TOPIC
ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম অসমীয়া মহিলা শ্বহীদ কনকলতা বৰুৱাই ১৯২৪ চনৰ ২২ ডিচেম্বৰত দৰং জিলাৰ  (বৰ্তমান শোণিতপুৰ জিলা) গহপুৰৰ ছয় দুৱাৰ সমষ্টিৰ কলংপুৰ মৌজাৰ বৰঙাবাৰী গাঁৱৰ দোলাকাষৰীয়া বৰুৱা বংশত জন্ম গ্ৰহণ কৰিছিল৷ তেওঁৰ পিতৃৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাকৰ নাম আছিল কৰ্ণেশ্বৰী বৰুৱা৷ পাঁচ বছৰ বয়সতে কনকলতাই মাকক আৰু তেৰ বছৰ বয়সত দেউতাকক হেৰুৱাই ঘাট মাউৰা হৈ পৰে৷ সেয়ে, প্ৰাথমিক বিদ্যালয়ৰ মাত্ৰ তৃতীয় শ্ৰেণীলৈকে পঢ়াশুনা কৰি তেওঁ ভাই-ভনীসকলৰ যত্ন ল’বলৈ বিদ্যালয় এৰে৷ কনকলতাই ল’ৰালি কালতেই জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত চলি থকা ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতি আকৰ্ষিত হৈ পৰে৷ আমাৰ দেশত বিভিন্ন সময়ত ভাৰতৰ সভ্যতা, সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত সদায় ভাৰতীয় নাৰীসকল আগৰণুৱা আছিল৷ যেতিয়া জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছ শাসকৰ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে গোটেই ভাৰতৰ প্ৰান্তে প্ৰান্তে...
ভোগৰ উৎসৱ- মাঘ বিহু(কল্পনা বৰ্মন)

ভোগৰ উৎসৱ- মাঘ বিহু(কল্পনা বৰ্মন)

CURRENT TOPIC
বিহু হৈছে অসমীয়াৰ প্ৰাণ৷ পৰম্পৰা ৰক্ষা কৰি অসমৰ লগতে সমগ্ৰ বিশ্বৰে অসমীয়াসকলে ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে অতি উলহ-মালহেৰে বিহু উৎসৱ পালন কৰি আহিছে৷ মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু এই তিনি প্ৰকাৰৰ বিহুৰে অসমীয়া সমাজত এক বিশেষ বৈশিষ্ট্য আছে যদিও মাঘ মাহত অনুষ্ঠিত হোৱা মাঘবিহুৰ কথাই সুকীয়া৷ সন্মুখত মাঘ অথবা ভোগালী বিহুৰ বতৰ ৷ বহু কষ্টৰে কৰা পথাৰৰ খেতি চপাই আনি এই বিহুতে আপোনজনৰ লগত হাঁহে-মাহে এসাজ খায় আনন্দ কৰে প্ৰতিঘৰ অসমীয়াই৷ বিহু বুলিয়েই ঢেকীৰ শব্দ আৰু পিঠাৰ গোন্ধে চৌদিশে সৃষ্টি কৰে উখল-মাখল পৰিবেশ৷  আমাৰ হিন্দু শাস্ত্ৰমতে বাৰটা ৰাশিচক্ৰ আছে আৰু সূৰ্যই বাৰ মাহত বাৰটা ৰাশি অতিক্ৰম কৰে৷ সূৰ্যই পৰ্যায়ক্ৰমে যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে (পূহ মাহৰ শেষৰ দিনটো, তথা ইংৰাজী জানুৱাৰী মাহৰ মাজভাগ) তেতিয়াই অসমীয়া লোকসকলে মাঘ বিহু উদযাপন আৰম্ভ কৰে৷  প্ৰকৃততে ভোগালী বিহু মানেই যেন অসমীয়াৰ ‘খ...

সম্পাদকীয়

CURRENT TOPIC
পূৰ্বদিশৰ সমূহ পাঠকলৈ নতুন বছৰৰ শুভে২৬া জ্ঞাপন কৰিলোঁ৷ সেইসকল অক্লান্ত যোদ্ধালৈ কৃতজ্ঞতা প্ৰদান কৰিলো যিসকল সীমান্তত প্ৰচণ্ড শীত আৰু প্ৰখৰ গ্ৰীষ্মকো নেওঁচি আমাক সুৰক্ষা প্ৰদান কৰি আহিছে৷ সেইসকল সৈনিকৰ নিজৰ জীৱন-যৌৱন বলিদান দিও দেশমাতৃৰ সেৱাৰ বাবে সদা প্ৰস্তুত মনোভাব আৰু একনিষ্ঠ কৰ্তব্যপৰায়ণতাৰ বাবেই আমি দেশৰ শতকৌটি মানুহে শান্তিৰে একোলা শুব পাৰিছো৷ সমগ্ৰ দেশতে শিক্ষা, ব্যৱসায়, নিৰ্মাণ, উদ্যোগক্ষেত্ৰবোৰ সুস্থিৰে প্ৰগতিৰ দিশে আগবাঢ়িছে৷ কাৰণ একান্ত ৰাজনৈতিক পৰিৱেশত কোনো উন্নতি সম্ভৱ নহয়৷ সেয়ে পুনৰবাৰ কৃতজ্ঞতা প্ৰকাশ কৰিলো এই মহান বীৰ সৈনিকসকলৰ মহান কৰ্মৰ বাবে৷ কৃতজ্ঞতা প্ৰকাশ কৰিলো দেশৰ স্বাস্থ্যখণ্ডৰ লগত জড়িত প্ৰতিজন নিস্বাৰ্থ সেৱালৈ৷ এওঁলোকৰ নিস্বাৰ্থ সেৱাৰ বাবেই আমি ভাৰতবৰ্ষ বিশাল জনসংখ্যাৰ দেশ হৈও ক’ভিডৰ দৰে মহামাৰীকো প্ৰত্যাহ্বান জনাব পাৰিছিলো৷ প্ৰত্যেকজন ভাৰতবাসীয়েই চিৰকৃতজ্ঞ হৈ ৰ’ব ত...
আপোনালোক কবি নোহোৱাটোৱে ভাল(লক্ষ্মী প্ৰসাদ ৰেগন)

আপোনালোক কবি নোহোৱাটোৱে ভাল(লক্ষ্মী প্ৰসাদ ৰেগন)

CURRENT TOPIC
এদিন যেতিয়া কবিতাবোৰে আপোনাক পিতৃ জ্ঞান কৰিব পুত্ৰৰ মোহত অন্ধ হৈ সৰ্বস্ব হেৰুৱাব লাগিব আপুনি দহ বন কাতি কৰি কবিতাৰ সভালৈ যাব লাগিব আপুনি নিজৰ নুশুনিলেও আনৰ কবিতা শুনিবলৈ ক’ব আপোনাক আপোনাৰ মনে পুত্ৰ হাতীচোৰ বেজিচোৰ যিয়েই নহওক লাগে পিতৃ মাতৃৰ বাবে যে স্বৰ্গ তুল্য গাঁথিৰ ধন ভাঙি ছপা কৰিব এদিন আপুনি আপোনাৰ সপোনবোৰ কিতাপবোৰলৈ চাই প্ৰশান্তিৰ হাঁহি মাৰিব দুই এদিন উৎপাদন আছে বজাৰ নাই আপোনাৰ৷ নিকিনি খোৱা মানুহ পাব সৰহ আপোনাৰ কিতাপ এখন ওলাইছে শুভেচ্ছা থাকিল দেই পঢ়িবলৈ ইচ্ছা আছিল কিন্তু পইচা নাই যাৰ আকৌ পইচা আছে তেওঁৰ সময়েই নাই পঞ্চাশ কপিমান ছপা কৰা হ’লেই ভাল আছিল সিফালে প্ৰেছে কয় যিমান সৰহ হয় আপোনাৰ লাভ এতিয়া বুজিলোঁ মোৰ কবিতা কেৱল মোৰ বাবেই সুস্বাদু আনৰ বাবে নহয় আজিকালি বাটে- ঘাটে লগ পালে কওঁ৷ প্ৰশংসা কৰাবোৰক ধন্যবাদ দিয়াবোৰক আপোনালোক কবি নোহোৱাটোৱে ভাল v ...

কবিতা প্ৰিয়জনৰ সমীপেষু(ৱাহিদ আহমেদ)

CURRENT TOPIC
তুমি মোৰ সঁজাল ধৰা ধানৰ সজীৱ থোৰ,তুমি মোৰ সপোনৰ সীমাহীন সোপান,তুমি মোৰ ৰণুৱা ঘোঁৰাৰ তেজাল গতিতুমি মোৰ শান্তিৰ সুললিত সুৰ,তুমি মোৰ জীৱনৰ জীয়া জীয়া সময়,তুমি মোৰ পৃথিৱীৰ চৰ্তহীন গান,তুমি মোৰ হৃদয়ৰ স্বতঃস্ফূৰ্ত হেন্দোলনি,তুমিয়েইতো অকবিত্বময় কবিতাৰ দূৰন্ত ৰহঘৰাসেয়ে তুমিয়েই মোৰ পৃথিৱীৰ প্ৰোথিত, প্ৰত্যাশিতশ্ৰেষ্ঠ কবিতা৷ ...

কবিতা ইষ্টি(ৱাহিদ আহমেদ)

CURRENT TOPIC
Lশাৰদীৰ উৎসাহে আনিছেআনন্দৰ ক’ত যে লহৰসেইখন হৃদয়ত শৰতৰ উৎসাহ একেবাৰেই নাই শৰতৰ দুৱাৰদলিত চকুপানীবোৰ মচি থকা দেখিলেবৰকৈ দুখ লাগে শৰত তোমাৰ বুকুত ৰুৱাশেৱালি পাহি কিয় আধৰুৱাকৈ ফুলে শৰতৰ ৰাতি জোনাক উৰেকাৰোবাৰ হিয়াৰ ৰক্তকণিকাবোৰ ধীৰ হৈ মায়াৰ পৃথিৱীখন এৰি যাব কুঁৱলীৰ qw বসন পিন্ধি অনুভৱবোৰ কেনেকুৱাসুধিবলৈ আৰু যে নাথাকিব  জীৱনটোৱে কেতিয়াবা ছাৰ্কাচৰ নিচিনাকৈ জপিওৱা আৰম্ভ কৰে অভিজ্ঞতাৰ মুকুট লৈ নানান খেল দেখুৱাই শৰীৰ কঁপাই দিয়ে এডাল ৰচীৰে বগাই হাজাৰ দৰ্শকৰ উশাহ নাইকিয়া কৰে মাত্ৰ সামান্য আশা লৈ কাইলৈৰ বাবে আকৌ প্ৰস্তুতি শৰতৰ কহুঁৱাই বিনাই আহাচোন এবাৰ শাৰদী পোছাকতদি পঠিয়াম মৰমৰ পাৰিজাত ...
হাঁহিও হ’ব পাৰে জীৱনৰ অমৃত(বাহাৰুল ইছলাম)

হাঁহিও হ’ব পাৰে জীৱনৰ অমৃত(বাহাৰুল ইছলাম)

CURRENT TOPIC
“হাঁহিৰে জীৱন সুন্দৰ কৰা চকুলোৰে নহয় কৰ্মেৰে যুগজয়ী হোৱা প্ৰতিশ্ৰুতিৰে নহয়৷’’ হাঁহি সু-স্বাস্থ্যৰ মহৌষধ৷ হাঁহি হয়তো প্ৰকৃতিৰ অন্যতম উপহাৰ৷ হাঁহিৰে জীৱনৰ সকলো দুখ আঁতৰ কৰিবলৈ সক্ষম হয়৷ যিকোনো জটিল পৰিস্থিতিত পৰি মানুহে কেতিয়া যে হাঁহিবলৈ পাহৰি যায় গমকে নাপায়৷ শিশুৰ পৰা বৃদ্ধলৈ প্ৰায় প্ৰতিজন ব্যক্তিয়ে হয়তো হাঁহি ভাল পায়৷ কিন্তু কিছুমান পৰিস্থিতিয়ে হয়তো এই সুন্দৰ মহৌষধ কাঢ়ি নিয়ে৷ নবজাত শিশু এটিয়ে যেতিয়া মাকৰ মুখলৈ চাই হাঁহে, সেই মনোমোহা দৃশ্যই মাকৰ চৰম বেদনাক পাহৰায়৷ আনকি আনুষাঙ্গিক সকলোৰে মন কাঢ়ি নিয়ে৷ লাহে লাহে ডাঙৰ হোৱাৰ লগে লগে আনৰ কোলালৈ হাঁহি মাৰি আগুৱাই যায়৷ যেতিয়া দুই এটা দাঁত গজে, সেই হাঁহিও আৰু আকৰ্ষণীয় হয়৷ “হাঁহিৰে ভৰপূৰ সংসাৰ গঢ়া তিক্ততাৰে নহয়, “মৌসনা মিঠা মাতেৰে আগুৱাই যোৱা অশ্লীলতাৰে নহয়৷’’ এই হাঁহি হৈছে মানুহৰ সৌন্দৰ্য আৰু ব্যক্তিত্বৰ আটাইতকৈ উজ্জ্বলতম আৰু মূল্য...