
দুৰ্গা পূজা আৰু দীপাংকৰ কাশ্যপৰ ফেশ্বন টিপ্ছ (ডঃ নৱনীতা দাস)
আহিন মাহ আহিল৷ প্ৰত্যেক বছৰে অতি আগ্ৰহেৰে বাট চাই থকা শাৰদীয় দুৰ্গোৎসৱ আমাৰ সকলোৰে পদূলি মুখত৷ আনন্দ, উৎসাহ আৰু উলহ মালহৰ ৰঙীন সমাহাৰ৷ শেৱালি, নিয়ৰ আৰু নীলা আকাশে মনবোৰ উতনুৱা কৰি তুলিছে৷শৰতৰ এটি সুন্দৰ আবেলি মই ৰাওনা হ’লো শান্তিপুৰ অভিমুখে৷ উদ্দেশ্য,
সকলোৰে আদৰৰ ‘‘বাবা দা’’ অৰ্থাৎ দীপাংকৰ কাশ্যপদাৰ লগত কিছু বাৰ্তালাপ কৰা ঃ পূজা, ফেশ্বন আৰু তেওঁৰ বৰ্ণিল জীৱনৰ কিছু কথা পূৰ্বদিশৰ পাঠকক জনাবলৈ৷তেখেতৰ দুই দশকতকৈও অধিক অভিজ্ঞতাৰ পৰা ময়ো লাভ কৰিলো এইবাৰৰ পূজাৰ বাবে কিছু ফেশ্বন টিপ্ছ৷ আহকচোন, আপোনালোকেও পঢ়ি চাওক, তেওঁ কি ক’লে৷পোন প্ৰথমে, তেওঁ ক’লে যে ১০ বছৰ আগৰ আৰু এতিয়াৰ পূজাৰ আয়োজন আৰু সাজ-পোছাকৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন ঘটিছে৷ বৰ্তমান নাৰী-পুৰুষ, কিশোৰ কিশোৰী আনকি শিশুসকলৰ ক্ষেত্ৰত অভিভাৱক সকলেও শেহতীয়া ফেশ্বন ট্ৰেণ্ড অনুকৰণ ( follow) কৰে৷ আৰু সকলো উৎসৱতে নিজকে সুন্দৰকৈ সজ...