STORY – Page 3 – Purbodix.com

STORY

উভতি অহা খোজ- ওড়িআ (ফেৰন্তা পাদ), অনুগল্প -লেখক  (লিংগৰাজ মহন্তি)অনুবাদ  নিৰ্মালি মহন্ত

উভতি অহা খোজ- ওড়িআ (ফেৰন্তা পাদ), অনুগল্প -লেখক (লিংগৰাজ মহন্তি)অনুবাদ নিৰ্মালি মহন্ত

CURRENT TOPIC, STORY
Levitra amazon Ich habe auch seit jahren mit levitra amazon Schwiegermutter Sex. Je Гfters wir Sie besuchten umso mehr steigerte ich mich damals in dieses Wunschdenken hinein sie zu ficken. Eine einzelne Einnahme bietet kein verlГssliches Urteil Гber die Wirksamkeit des PrГparates. Als Nebenfolge werden die verbotswidrig eingefГhrten Arzneimittel eingezogen und vernichtet. Kann bei verschiedenen Ursachen fГr eine erektile Dysfunktion genutzt werden. Apotheke Preise Viagra. Bestellen sie stattdessen Mittel fragwГrdiger QualitГt, und in Kombination mit Ethanol (Alkohol) kann der Blutdruck weiter gesenkt werden. Dort wurde die Sucht vom Opium mit einer Tinktur aus Hafer levitra amazon. Frauen kГnnen zwar ihre Libido verlieren, die das Blut in den Penis leiten und levitra amazon anderen Vene...

এমুঠি শব্দ তুলি ভালপোৱাকৈ (ৰূপজ্যোতি হাজৰিকা)

CURRENT TOPIC, STORY
... বিনন্দীয়া প্ৰকৃতিৰ মধুৰ লগনত সাৰ পাই উঠিল হেঁপাহৰ শৰৎ৷ দুবৰি দলিচাত প্ৰস্ফূটিত শেৱালিৰ আমোলমোল গোন্ধই স্নিগ্ধ কোমল পুৱাটিৰ প্ৰাণ সঞ্চাৰ কৰি ৰাখিছে প্ৰতিটো ক্ষণ, হেঁপাহৰ নিয়ৰবোৰে শেৱালি তুলিছে৷ শাৰদী শৰতত তোমালৈ বুলি পঠিয়াই দিছো ভালপোৱাৰ এমুঠি শব্দ, এনেদৰেই ৰৈ যাওঁক সময়৷ ৰৈ ৰৈ বাজক এটি বীণ, কপি কপি জ্বলি থাকক মাথো এটি দ্বীপশিখা৷ তাৰেই ছায়া মায়া পোহৰত থাকেঁা তুমি আৰু মই৷ ঠিক তেনেদৰেই ৰৈ যাওঁক সময়৷ তুমি হঁহাৰ দৰে শৰতে হাঁহিছে মোৰ পদূলিত৷ দূৰ হ’ব ধৰিছে সেই দুৰ্দিনবোৰ৷ ক’ৰোনাৰ ক’লা ডাৱৰবোৰে আঁতৰি গৈছে৷ এটি নতুন সূৰ্য যেন নামি আহিছে৷ হাঁহিৰে ভৰি পৰিছে প্ৰতিটো পল৷ সেয়েহে উজাগৰি ৰাতি সপোন দেখিছো মই তোমাৰ মুখৰ সোণালী হাঁহি, এপলক দুপলক কৰি যেন নতুন সুৰুয আহিছে নামি৷...

অণুগল্প—-আধুনিক (নীলিমা শৰ্মা)

CURRENT TOPIC, STORY
ভাবিছো, ভাবি একো সিদ্ধান্তলৈ আহিব পৰা নাই৷ মাথোন আচৰিত হৈছো৷ লোকে কোৱা কথা নহয় নিজ কাণে শুনা কথাহে৷একমাত্ৰ ল’ৰালৈ চাই-চিতি ছোৱালী এজনী বিয়া কৰাই আনিলে৷ শিক্ষিতা ছোৱালী৷ ল’ৰা ৯ বজাতে কামলৈ ওলাই যাব লাগে৷ মাকে বোৱাৰী আহি সোমোৱাৰ দিনাৰে পৰা চিন্তা কৰিলে, হওক তেওঁ হাতৰ কাম আজুৰি লৈ কিছু সকাহ দিব৷কিন্তু ল’ৰা ৯ বজাত যায় বোৱাৰী উঠে ৮ বজাত৷ তাৰ পিছত গা-পা ধুই অহালৈ শাহু আয়ে পুতেকক ভাত বাঢ়ি দিয়ে৷ পুতেকে খাই অফিচলৈ যোৱাৰ পিছতে পুৱাৰ ৰুটি ভাজি খাবলৈ তৈয়াৰ কৰি গৃহস্থক দিয়াৰ পিছত বোৱাৰী চাহৰ টেবুলত বহেহি৷ শাহু আয়ে বাকী দিয়া চাহ খাই হাতত মোবাইল লৈ বিছনাত দীঘল দিয়েগৈ৷ তাৰ পিছত দুপৰীয়াৰ সাজ, আবেলিৰ সাজ, সন্ধিয়াৰ সাজ ইত্যাদি ইত্যাদিৰ পিছত শাহু আই হতভম্ব হয়৷ পুতেকক ক’বলৈ ভয়- কিজানিবা বোৱাৰীয়েকক ধমকি দিয়ে৷দেহী অ’...একমাত্ৰ ল’ৰালৈ আধুনিক বোৱাৰীজনী আনি.../...

অনুগল্প দৰিদ্ৰতা (কৰবী বৰ্মন কলিতা)

STORY
কংকাল সদৃশ শৰীৰটো, পিন্ধনত ফটা-ছিগা, দুৰ্গন্ধময় মলিয়ন ব্লাউজ আৰু শাড়ীখন৷ খোজনীয়া মানুহজনী হেনো কংক্ৰীটৰ চহৰৰ পথৰ দাঁতিত জীৱনৰ অস্তিত্ব ৰক্ষাৰ নিমিত্তে যুঁজ দিবলৈ আগবাঢ়ে প্ৰতিদিনে৷ ৰ’দ-বতাহ নেওচি কেতিয়াবা দয়ালু লোকৰ অনুগ্ৰহৰ পাওৰুটি চোবাই পেটৰ ভোক নিবাৰণ কৰে৷ মাজে মাজে কান্ধত লৈ ফুৰে বিলাসী সুৰাৰ বটল অথবা পেলনীয়া প্লাষ্টিকৰ বটল৷ ফটা শাড়ীখনৰ মাজেৰে ওভন্দি উঠা তাইৰ খহি পৰা বুকুখন৷ তাতেই অনেক নৰ-পিশাচৰ চকু৷ নিজক ৰক্ষা কৰাৰ আপ্ৰাণ চেষ্টা প্ৰতিদিনৰ৷ দৰিদ্ৰতাৰ এখন বাস্তৱ জীয়া ছবি৷ পদপথৰ বাসিন্দ তাই৷ দৰিদ্ৰতাৰ কৰুণ প্ৰহাৰৰ বলি তাই৷...
যুদ্ধ (গল্প)অংগনা ভট্টাচাৰ্য্য

যুদ্ধ (গল্প)অংগনা ভট্টাচাৰ্য্য

STORY
সুসজ্জিত প্ৰকাণ্ড কোঠাটোৰ ফুলেৰে পৰিবেষ্টিত বিচনাখনত এটা প্ৰস্তৰ মূৰ্তিৰ দৰে স্তুতি বহি ৰয়৷ নীলা ৰঙৰ সাজযোৰে তাইক অপূৰ্ব ৰূপত তুলি ধৰে৷ তাই পিন্ধি থকা সোণৰ গহনাৰ চিকমিকনিয়ে কোঠাটোকো যেন প্ৰাণৱন্ত কৰি তোলে৷ এই সনাতন সৌন্দৰ্য্যত বুৰ গৈ কিছু পৰ পিছতেই হয়তো সৌজন্যই তাইক আঁকোৱালি ল’ব৷ বুকুৰ মাজত সুমুৱাই লৈ আদৰ কৰিব৷ আৰু হয়তো প্ৰথমটো নিশাতেই তাইক তেওঁৰ পত্নীৰ স্বীকৃতি দিব৷ এনেতে দুটোপাল চকুলোৱে তাইৰ প্ৰসাধনহীন গাল দুখন তিয়াই তোলে৷ তাই হাত এখনেৰে দুচকুৰ অশ্ৰু মচিবলৈ লওঁতেই খাৰুৰ ভাললগা শব্দ এটাই কোঠাটোৰ নীৰৱতা ভাঙে৷ তাই নিজকে চম্ভালিব খোজে৷এয়া উচিত নহয়৷ এয়া অন্যায়৷ আজি তাইৰ আঠমঙলা৷ ওপজা ঘৰখনৰ পৰা নতুন ঘৰখনলৈ নতুন মানুহজনৰ সৈতে গোটেই জীৱনটো কটাবলৈ আহিছে তাই৷ বৈদিক নীতি-নিয়ম আৰু সামাজিকভাৱে তাই সৌজন্যৰ পত্নী৷ তেনেস্থলত এই মুহূৰ্তত তাই নীহাৰৰ কথা ভাবি চকুপানী টোকা উচিত নহয়৷ যি হ’ল, সেয়...
ধাৰাবাহিক উপন্যাস দেৱদাসী (মামনি কলিতা ডেকা)

ধাৰাবাহিক উপন্যাস দেৱদাসী (মামনি কলিতা ডেকা)

STORY
বাটচ’ৰা ইতিহাস সদায় অতীতৰ দৈৱবাণী হৈ ৰয়৷ ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ৰো ইতিহাস আছে৷ সেই ইতিহাস জীয়া ইতিহাস৷ বাস্তৱতাৰ কাৰুণ্যৰে ভৰা সেই ইতিহাস৷ৰজা শিৱসিংহৰ আদেশত প্ৰথমতে খেৰ-বাঁহ-কাঠৰ দ্বাৰা এটি আহল-বহল সভা ঘৰ নিৰ্মাণ কৰা হ’ল৷ চৌহদৰ এফালে কাম-বন কৰিবলৈ পঠোৱা পাইক-সেৱাইত সকল থাকিবৰ বাবে উপযুক্তভাৱে এটা দীঘল ঘৰ সজোৱা হ’ল৷ সভাঘৰৰ আনহাতে গায়ন-বায়ন আৰু দেৱদাসী থাকিবৰ বাবেও সুকীয়া ঘৰ এটি সাজি উলিয়ালে৷ৰজাৰ নিৰ্দেশমতেই মূল মন্দিৰ ভাগ সজা হ’ল৷ গৰ্ভ-গৃহ সমন্বিতে চাৰিকোণীয়াকৈ সজা এই মন্দিৰ ডাঙৰ ডাঙৰ শিলাখণ্ডৰে নিৰ্মাণ হ’ল৷ শিলাখণ্ডবোৰ বহুত পুৰণি৷ পূৰ্বতে কোনো লোকে স্থায়ীকৈ নিৰ্মাণ কৰা মন্দিৰত এইবোৰ নি(য় ব্যৱহৃত হৈছিল৷ শিৱলিংগ থকা ঠাইখনৰ পিছফালে থকা দ’ ঠাইখনৰ পৰা এই শিলবোৰ উদ্ধাৰ কৰা হৈছিল৷ খনিকৰৰ নিৰ্দেশত নিয়মানুসাৰেই মন্দিৰভাগ সজা হ’ল৷সকলো সম্পূৰ্ণ হোৱাৰ খবৰ পাই ৰজা শিৱসিংহ আৰু বৰৰজা ফ...
আমেৰিকাৰ ডায়েৰী (৭) (গিতাঞ্জলী বৰুৱা)

আমেৰিকাৰ ডায়েৰী (৭) (গিতাঞ্জলী বৰুৱা)

STORY
শৰতৰ আগমনত, শেৱালি ফুলৰ সুবাসে দেহ-মন সকলো আমোলমোলাই যায়৷ নিয়ৰসনা দুবৰিৰ পৰশে শীতৰো আগজাননী দিয়ে৷ আমেৰিকাৰ শৰৎকাল পিছে কিছু সুকীয়া, নিয়ৰসনা দুবৰিৰ অনুভৱো অলপ বেলেগ৷ ইয়াত অক্টোবৰ মাহ সোমোৱাৰ লগে লগে উষ্ণতা লাহে লাহে কমি আহিবলৈ ধৰে৷ বলি থাকে এজাক মিহি বতাহ, শৰীৰত বতাহৰ স্পৰ্শই শীতৰ এটি মৃদু আমেজ দি যায়৷ প্ৰকৃতিয়েও নিজৰ ৰূপ সলায়৷ গছবোৰক নোবা শিল্পীয়ে যেন ৰং কৰিহে যায়, এটাৰ পাছত আনটো ৰং৷ প্ৰকৃতিৰ এই মনোৰম দৃশ্য উপভোগ কৰিবলৈ পাই মোৰ মনলৈও নতুন আশা, নতুন সপোন জাগি উঠিছিল৷ Duluth নামৰ ঠাইটুকুৰা বিভিন্ন ধৰণৰ গছৰ সমাহাৰ৷ উত্তৰ আমেৰিকাৰ বিখ্যাত হ্ৰদ সমূহৰ ভিতৰত সৰ্ববৃহৎ হৃদটো হৈছে  Lake Superior আৰু Lake Superior ১ পাৰৰ এখনি সুন্দৰ মনোমোহা চহৰ Duluth৷ কিমান দূৰ যে বাটকুৰি বাই গৈছিলো গছৰ নতুন ৰূপটো উপভোগ কৰিবলৈ৷ ৰাস্তাৰ দুয়ো পাৰে শাৰী শাৰী গছ৷ আচৰিত লাগিল এটা কথা মন কৰি, গছবোৰৰ উচ...
নিঃসংগতা (A Clean, Well Lighted Place)মুলঃ আৰ্নেষ্ট হেমিংওয়ে (অনুবাদ ঃ বন্দনা বৰঠাকুৰ)

নিঃসংগতা (A Clean, Well Lighted Place)মুলঃ আৰ্নেষ্ট হেমিংওয়ে (অনুবাদ ঃ বন্দনা বৰঠাকুৰ)

STORY
লেখক পৰিচিতি ঃ অমৰ কথা সাহিত্যক আৰ্নেষ্ট হেমিংওয়ে আছিল আমেৰিকাৰ এগৰাকী জনপ্ৰিয় লেখক৷ হেমিংওয়েৰ জন্ম হৈছিল ১৮৯১ ১ ২১ জুলাইত৷ অত্যন্ত জনপ্ৰিয় এইগৰাকী সাহিত্যিকে ১৯৫৪ চনত নোবেল বঁটা লাভ কৰে৷ এ ফেয়াৰ টু আৰ্মচ, ফৰ হুম দা বেল টোলস, এ মুভেবল ফিষ্ট আদিকে ধৰি বহু উপন্যাস সৃষ্টিৰে সাহিত্য জগত চহকী কৰিছিল৷ এই ‘নিঃসংগতা’ শীৰ্ষক গল্পটো তেওঁৰ অনবদ্য ৰচনা ‘‘এ ক্লিন ওয়েল লাইটেড প্লেস’’ গল্পৰ মুকলি অনুবাদ৷ দুখৰ কথা ১৯৬১ চনৰ ২ জুলাইত এইগৰাকী জনপ্ৰিয় লেখকে আত্মহত্যা কৰে৷ গভীৰ নিশা চাৰিওফালে নিৰ্জনতা৷ ক্যাফেখনো প্ৰায় শূন্য হৈ পৰিছে৷ সকলো গ্ৰাহক ইতিমধ্যে গৈছেই৷ মাত্ৰ এজন বয়সীয়া মানুহৰ বাহিৰে সকলোতে শূন্যতা৷ নিয়ন লাইটৰ সেমেকা পোহৰ গছৰ ওপৰত পৰিছে৷ গছজোপাৰ ছাঁ মাটিত পৰিছে৷ বুঢ়া মানুজন গছৰ তলত বহি আছে৷ দিনত ৰাস্তাত বৰ ধূলি হ’লেও নিশা কুঁৱলীয়ে ধূলি সামৰি আনে৷ মানুহজন ক্যাফেখনত বহু ৰাতি পৰ্যন্ত ব...
বাৰ গাৰ্ল (উত্তম কুমাৰ বৰদলৈ)

বাৰ গাৰ্ল (উত্তম কুমাৰ বৰদলৈ)

STORY
‘‘ডাক্টৰনী বাইদেউ৷ ছোৱালীজনীক বচাওক৷ উশাহ লোৱাত বহুত কষ্ট পাইছে৷ এক সপ্তাহ এনেকৈয়ে আছে৷ খোৱা-বোৱাও কৰা নাই৷ মই ৰাতিপুৱা চাৰি বজাত ঘৰ সোমাই এইক বেছি বেয়া অৱস্থাত দেখি লৈ আহিছোঁ৷ দামী কাষ্ট’মাৰে নাচ শেষ হ’লে আমাক অলপ ফুৰাবলৈ লৈ যায়৷ আপুনিতো জানেই বাইদেউ? আমি এনেকৈয়ে চলো৷’’‘‘তুমি কেঁচুৱাৰ মাক নেকি?’’‘‘নহয় বাইদেউ, মই গোলাপ৷ আমাৰ নামবোৰ আমাৰ বাঈজীয়ে ঠিক কৰি দিয়ে৷ মই ‘বানজাৰা হোটেল’ৰ বাৰ গাৰ্ল৷ মই বিখ্যাত বাৰ গাৰ্ল ৰ’জমেৰীৰ ছোৱালী৷’’‘‘মাক কিয় অহা নাই? দেউতাক হ’লেও আহিব লাগিছিল৷’’‘‘এইৰ দেউতাক বহুত৷ কিন্তু কামত এজনো নাই৷’’‘‘মানে?’’‘‘ৰ’জমেৰী বহু ধুনীয়া বাইদেউ, বহুত ভাল নাচে৷ বহুত ডাঙৰ ডাঙৰ বাবুৰ তাই বহুত আলাসৰ লাৰু৷ তাৰে এজন বাবুৱে ৰ’জমেৰীক লৈগত লৈ ক’ৰবাত ফুৰিবলৈ গৈছে৷ এক মাহৰ বাবে গৈছে৷ এনেকৈয়ে ময়ো এবাৰ গৈছিলোঁ৷ ইনকাম বহুত ভাল হয়৷ বহুত দিন নানাচিলেও ভালদৰে চলি থাকিব পাৰি...’’‘‘হয় নেক...

চুনামী (শেৱালী বৰা)

STORY
  মৃনাল বৰুৱা আৰু আকাশী বৰুৱাই আজিৰ দিনটোত জীৱনৰ সাগৰত পাৰ কৰা চুনামীবোৰৰ কথা মনত পেলাবলৈ মন নগ’ল৷ সংগ্ৰামী জীৱন এটা লৈ বহুত কষ্টৰ বিনিময়ত ছোৱালী দুজনীক লৈ সপোন দেখিছিল৷ আকাশৰ তৰা লিখা ঘৰটোত দুটাকৈ যে ভোটা তৰা আছিল তেওঁলোকে গমেই পোৱা নাছিল৷ আজি সৰ্বভাৰতীয় পৰীক্ষাৰ ফলাফল জীৱন সাগৰৰ চুনামীত আশীৰ্বাদ যেন লাগিল...৷...