CURRENT TOPIC – Page 13 – Purbodix.com

CURRENT TOPIC

কাৰ্বি জনগোষ্ঠীৰ পটভূমিত ৰচিত প্ৰথমখন গল্প সংকলন কেফ’ আজিন্তাক(দেবৰ্ষি গৌতম)

কাৰ্বি জনগোষ্ঠীৰ পটভূমিত ৰচিত প্ৰথমখন গল্প সংকলন কেফ’ আজিন্তাক(দেবৰ্ষি গৌতম)

CURRENT TOPIC
“কেফ’ আজিন্তাক’’ নামটোৰ মাজতেই যেন এক ৰহস্য লুকুৱাই আছে৷ নামটো শুনাৰ লগে লগে নামটোৰ অৰ্থ কি জানিবলৈ মনত হেঁপাহ জাগি উঠে৷  “কেফ’ আজিন্তাক’’ শব্দটোৰ অৰ্থ হৈছে কাকবাঁহৰ তমাল৷ “কেফ’ আজিন্তাক’’ গ্ৰন্থখন মূলত এখন গল্প সংকলন৷ এই গ্ৰন্থখন ৰচনা কৰিছে অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ-লেখক অজয় কুমাৰ বৰাই৷ সম্পূৰ্ণ কাৰ্বি জনগোষ্ঠীৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশ সামৰি লেখক বৰাই গ্ৰন্থখনৰ প্ৰতিটো গল্প অতি মনোগ্ৰাহী হোৱাকৈ সন্নিবিষ্ট কৰিছে৷ লেখক বৰাৰ গল্প সংকলনখনত সৰ্বমুঠ ১৩টা গল্প সন্নিবিষ্ট কৰিছে৷ অসমত বসবাস কৰা জনগোষ্ঠী সমূহৰ ভিতৰত এক অন্যতম জনগোষ্ঠী কাৰ্বি জনগোষ্ঠীৰ পটভূমিত ৰচনা কৰা “কেফ’ আজিন্তাক’’ হৈছে প্ৰথমখন গল্প সংকলন৷ কাৰ্বি জনগোষ্ঠীৰ সামাজিক নীতি-নিয়ম, কাৰ্বিভূমিত আন্দোলনৰ সময়ৰ কাহিনী, বিভিন্ন পূজা-পাতালৰ নিয়ম আদি অতি সূক্ষ্মভাৱে সুকীয়া সুকীয়াকৈ প্ৰতিটো গল্পতে লেখক অজয়...
নিয়ম আৰু বিজ্ঞান(পংকজ পাঠক)

নিয়ম আৰু বিজ্ঞান(পংকজ পাঠক)

CURRENT TOPIC
মানুহ মৰিলে আমি কিয় ৩ দিন লঘোণে থাকো আৰু কিয় জ্ঝয১০ দিনলৈ আমি নিৰামিষ খাওঁ?? আমি অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এইবোৰ কৰোঁ নেকি? মানুহ বা যিকোনো জীৱ-জন্ত মৰিলে পঞ্চভূতত বিলীন হয়৷ উৎপত্তিও পঞ্চভূতৰ পৰাই হয়৷ আকাশ, বায়ু, পানী, পৃথিৱী আৰু অগ্নি৷ এজন মানুহ মৰাৰ পিছত ওপৰৰ যিকোনো এটা মহাভূতক মাধ্যম হিচাপে লৈ মানুহৰ শৰীৰটো পঞ্চ মহাভূতত বিলীন হ’ব পাৰে৷ উদাহৰণ স্বৰূপে, হিন্দু এজন মৰিলে অগ্নিক মাধ্যম হিচাবে, মুছলমান এজন মৰিলে পৃথিৱীক মাধ্যম হিচাবে আক তিব্বতৰ বৌদ্ধসকলে আকাশক মাধ্যম হিচাবে গ্ৰহণ কৰে৷ যাক sky_burial বুলি কোৱা হয়৷ মৃতকৰ শৰীৰ টুকুৰা টুকুৰকৈ কাটি তেওঁলোকে ওখ ঠাইত শগুণে খাবলৈ থৈ দিয়ে৷ শগুণে খালে আকাশ মহাভূতক মাধ্যম হিচাবে লোৱা বুলি বিশ্বাস কৰে৷ বহুতো সাগৰৰ পাৰৰ সৰু সৰু ঠাইত পানীত পেলাই দিয়ে মৃতকৰ শৰীৰটো৷ এইদৰে সনাতন পৰম্পৰাত মৰাৰ পিছত মৃতকৰ শৰীৰটো পঞ্চ মহাভূতত বিলীন হয়৷ পথৰ কাষত আমি কেতিয়াবা ম...
শব্দবিহীন দীপাৱলী উদ্‌যাপন কৰো আহক(জ্যোতিৰ্ময়ী শৰ্ম্মা)

শব্দবিহীন দীপাৱলী উদ্‌যাপন কৰো আহক(জ্যোতিৰ্ময়ী শৰ্ম্মা)

CURRENT TOPIC
দেৱালী, দীপাৱলী বা দ্বীপান্বিতা পোহৰৰ ভাৰতীয় উৎসৱ৷ প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু, জৈন, শিখ, আৰু কিছু বৌদ্ধসকলে এই উৎসৱ পালন কৰে৷ এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই “অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়’’ক প্ৰতিনিধিত্ব কৰে৷ পোহৰে জ্ঞান আৰু বিবেকক বুজায়৷ দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়৷ দেৱালীৰ ৰীতি-নীতি পাঁচদিনীয়াকৈ চলে যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জীমতে বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাবস্যা তিথিত মূল দেৱালী পালন কৰা হয়৷ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী মতে দ্বীপান্বিতা উৎসৱ সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহৰ মাজত অনুষ্ঠিত হয়৷ পোহৰৰ উৎসৱ দীপাৱলী সকলোৱে জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে জাকজমকতাৰে পালন কৰি আহিছে৷ মৃৎশিল্পীসকলৰ হাতত প্ৰাণ পাই উঠা মাটি চাকিৰ প্ৰজ্বলনে চাৰিওফালৰ আন্ধাৰ নাশ কৰি...

সম্পাদকীয়

CURRENT TOPIC
জীৱন এখন যুঁজৰ আখৰা৷ যুঁজৰ এখন মঞ্চ৷  প্ৰতিমুহূৰ্তত আমি কেৱল জীয়াই থাকিবলৈ অহৰহ সংগ্ৰাম কৰি আহিছো৷ এই যুঁজ অন্ন-বস্ত্ৰ, বাসস্থান এধানিৰ বাব৷ কেতিয়াবা এটি সংস্থাপনৰ অথবা কেৰিয়াৰৰ বাবে৷ সকলোৱে যুঁজাৰ কাৰণ মাথো ভিন্ন৷তথাপিও এই পৃথিৱীত কিছু লোক আছে যিসকলে কিছুমান এনে যুঁজ কৰে যি সাধাৰণ মানুহৰ চিন্তাৰ বাহিৰৰ৷ জীয়াই থকাৰ সাধাৰণ চিন্তাৰ বাহিৰত এওঁলোকে এনেকুৱা কিছুমান চিন্তা কৰে যি আমাৰ সমাজ জীৱনক বাৰুকৈয়ে প্ৰভাবিত কৰে৷ এনে মুষ্টিমেয় কেইজনমান পথ প্ৰৱৰ্তক মানুহৰ বাবেই এখন বৃহৎ সমাজ উপকৃত হয়৷ অনেকে প্ৰেৰণা লাভ কৰে নতুন কিবা এটা কৰিবলৈ৷এই ধৰক যাদৱ পায়েং নামৰ ব্যক্তিজন৷ তেওঁৰ নাই কোনো উচ্চশিক্ষিতৰ আলংকাৰিক সন্মান৷ তেওঁৰ নাই কোনো সম্ভ্ৰান্ত প্ৰতিষ্ঠানৰ পৰা কোনো বিষয়ত লাভ কৰা বৃত্তিগত প্ৰশিক্ষণ৷ এটি অত্যন্ত প্ৰান্তৰ জনসমাগৰ আঁৰত নিৰলে ডাঙৰ দীঘল হোৱা এজন সাধাৰণ সহজ সৰল যুৱক৷ অথচ তেওঁ এদিন হঠাতেই চিন্তা ক...

বলাৎকাৰ অথবা ধৰ্ষণ এক মানসিক ব্যাধি নেকি?(ঊদেবৰ্ষি গৌতম)

CURRENT TOPIC
বিকৃত মানসিকতাৰ একাংশ লোক আমাৰ সমাজতে বসবাস কৰে৷ যিসকল লোকে ধাৰাবাহিকভাবে আমাৰ সমাজত কলংক সানি আহিছে৷ বিকৃত মানসিকতাৰ যিসকল লোক আছে তেনে লোকসকলৰ চিন্তাবোৰ সাধাৰণ মানুহৰ সাধাৰণ চিন্তাৰ দৰে নহয়৷ প্ৰতিটো সময়তে তেনে লোকসকলৰ মগজটোত পাশৱিক কিছুমান চিন্তাই ক্ৰিয়া কৰি থাকে৷ এগৰাকী পুৰুষ আৰু এগৰাকী নাৰীয়ে শাৰীৰিক সম্ভোগ কৰাটো কোনো ডাঙৰ কথা নহয় অথবা কোনো নতুন কথা নহয়৷ এই প্ৰক্ৰিয়াটো আদিম যুগৰ পৰা আজিলৈকে চলি আহিছে৷ কিন্তু যদি কোনো এগৰাকী নাৰীৰ সন্মতি অবিহনে কোনো এগৰাকী পুৰুষে সেই নাৰী গৰাকীৰ সৈতে বলপূৰ্বক শাৰীৰিক সম্ভোগ কৰিবলৈ উদ্যত হয় তেনেহলে সেয়া কিন্তু আইনমতে নিশ্চিতভাৱে এক অপৰাধ৷ এনে কৰ্মক আমি এটা শব্দত বলাৎকাৰ নাইবা ধৰ্ষণ বুলি অভিহিত কৰোঁ৷ বলাৎকাৰ অথবা ধৰ্ষণৰ দৰে কাৰ্য সংঘটিত কৰিব পৰা এগৰাকী লোকৰ মানসিকতাৰ সৈতে অন্য এগৰাকী সাধাৰণ লোকৰ মানসিকতা কোনো কাৰণতে একে হ’ব নোৱাৰে৷ নিজৰ যৌন ক্ষুধা পূৰণৰ ব...
অবহেলাৰ দ্বিতীয় নাম নাৰী জাতি(ঊসবিতা বেগম)

অবহেলাৰ দ্বিতীয় নাম নাৰী জাতি(ঊসবিতা বেগম)

CURRENT TOPIC
সংকল্প আজিৰেই পৰা যদি কামৰ বিনিময় এটুকুৰা শুকান ৰুটি, থকাৰ বাবে এখন ভগা বিছনা৷ কথায়-কথায় অপমান-অৱহেলা, বংশ-কুটুমৰ সমন্বয়ত কটু বাক্য, পদে-পদে ধৰিব কোনোবাই নহয় কোনোবাই ভুল, অৰ্থ আৰু শিক্ষাৰ আত্মঅহংকা১....৷  সমস্ত জীৱন সিহঁতৰেই কল্যাণাৰ্থে ত্যাগ... তথাপি যেন প্ৰায়শ্চিত্ত নহয়৷ মই সীমাবদ্ধ! চাৰিবেৰৰ ভিতৰত...৷  সিহঁতৰ কথায় বেদ বাক্য, সুযোগ বিচাৰি বিচাৰি মানসিক অপমান৷ মূল্যহীন দুখ-কষ্ট, আবেগ-অনুভূতি, বেমাৰ-আজাৰ, মূল্যহীন নাৰীৰ লিখা-পঢ়া, আশা-আকাংক্ষা....৷ জীৱনটো আৰু জীৱন হৈ থকা নাই যেন মই বজাৰৰ সস্তা পণ্য সামগ্ৰী৷  অভিনয় কৰি কৰি কেতিয়াবা ক্লান্ত হৈ পৰে মানসিক বাবে আহত হৃদয় নামক যন্ত্ৰটো৷ উত্তৰ বিচাৰি বিচাৰি বাগৰি পৰে ঠিকনাবিহীন মনটো৷ যদি ইয়াৰ নামেই বিয়া হৈ থাকে তেন্তে মুক্তি পনে মুক্ত হ’ব বিচাৰোঁ আভিজাত্যৰ দালানৰ বন্দী শালৰ পৰা৷ নাজানো কিয়!  প্ৰতিদিন কোনো নহয় কোনো ঠাইত নিৰ্যাতন-ধৰ্ষণ লাঞ্চিত- বঞ...
বৈদিক দৰ্শনত নাৰী(ঊইন্দ্ৰেশ্বৰ দাস)

বৈদিক দৰ্শনত নাৰী(ঊইন্দ্ৰেশ্বৰ দাস)

CURRENT TOPIC
Laপ্ৰাচীন ভাৰতত নাৰীক দেৱী বুলি অভিহিত কৰি স্ত্ৰী শক্তিক পূজা কৰা হৈছিল৷ আমাৰ সংস্কৃতিৰ মূলতন্ত্ৰ আছিল ‘যত্ৰ নাৰ্য্যস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেবতা৷’ অৰ্থাৎ য’ত নাৰীক সম্মান দিয়া হয়, তাতেই দেবতা নিবাস কৰে৷ ঋগ্বেদকালীন সমাজত স্ত্ৰীশিক্ষাৰ প্ৰচলন আছিল৷ সেইসময়ত মহিলাই বেদ অধ্যয়ন কৰিছিল আৰু বেদমন্ত্ৰ ৰচনাও কৰিছিল৷ ঋগ্বেদৰ অনেক সুক্তৰ দৰ্শনকত্ৰৰ্ী স্ত্ৰী আছিল৷ পুৰুষৰ সমমৰ্যাদাৰে বৈদিক শিক্ষাৰ মৰ্যাদা পোৱাৰ হেতুকে বহুতো উচ্চশিক্ষিতা মহিলাৰ নাম পোৱা যায়৷ সেইসকলৰ ভিতৰত গাৰ্গী, মৈত্ৰেয়ী, ৰোমাচা, লোপামুদ্ৰা, আপালা, কুদ্ৰু, বিশ্ববাৰা, ঘোষা, চিকতা, নিভাবাৰী, উৰ্বশী, সাবিত্ৰী, আত্ৰেপই, দেবযানী, লীলাবতী, কাত্যায়নী আদি অতি উচ্চ শিক্ষিতা মহিলাৰ নাম উল্লেখযোগ্য৷ বিশ্বৰ আদিগ্ৰন্থ ঋগবেদত বেদমন্ত্ৰ ৰচয়িতা বহুকেইগৰাকী নাৰী ঋষিৰ নাম পোৱা যায়৷ বৈদিক দেৱতাসকলকলৈ লিখিত গ্ৰন্থ ‘বৃহৎ’ দেৱতা’ত উল্লেখ আছে যে মন্...

শ্যামলী শৰত( ঊচন্দনা চৌধুৰী)

CURRENT TOPIC
শ্যামলী শৰতৰ কোনোবা এটি স্নিগ্ধ প্ৰভাততদু-ওঁঠত বাগৰিছিলসেই ভুৱন ভুলোৱা হাঁহিটি..শেৱালিৰ চঞ্চলতাই সুৰভিত কৰিছিললাস্যময়ী সমাহা১.....!শৰতেই দিছিল কবিতাৰ আঁৰৰ বতৰা....তাতেই যেন উদ্ভাষিত হৈছিল বাস্তৱ...!দিবা স্বপ্নস্ৰোতত মগ্ন সেয়া যেনআজি সৌজন্যপূৰ্ণ ক্ষমাশীলতা...!য’ত আছিল মাথোঁ সৰগীয় সুখানুভূতিৰ আত্মীয়তা ....!শ্যামলী শৰতেই দিছিল কবিতাৰ শs...গুৰিত সিঁচি দিছিল সজাল অনুভৱ ...!সপোনৰ ফলৱৰ্তী ৰূপৰ যেন এক বাসনা..ভাবিছিল, সেউজ সুন্দৰ পৃথিৱীখনত পৰিবছাহাৰাৰ বালিৰ দলিছা...!সেয়াও যেন এতিয়া শ্যামলীৰেই প্ৰাণ...! ...

কবিতা

CURRENT TOPIC
চিলিংফেন( ঊপপী চহৰীয়া)   ঘূৰণীয়া আকৃতিৰে ছন্দময় গতিৰে মৃদু বতাহৰ সৈতে, উচ্চতাৰ পৰাই আনে আৰাম আৰু শান্তি, স্তব্ধ কৰা গৰমত সাbLনাৰ উৎস৷   উষ্ণতাৰ শক্তি বিয়পাই দিয়া ঘূৰ্ণীবতাহ, শীতলতা সৃষ্টি কৰা, মন্ত্ৰমুগ্ধ উৰণেৰে জীৱনক পুনৰ সজীৱ কৰি তোলা৷   তোমাৰ বৃত্তাকাৰ গতি, কৃপাৰ নৃত্য, প্ৰতিটো ঘূৰণিৰ লগে লগে দেৱালত ছাঁ পেলোৱা, প্ৰতিটো বাসস্থানৰ নীৰৱ সংগী, সুৰবোৰ গুণগুণাই থাকে৷   টোপনি নোহোৱা ৰাতি সপোনৰ মাজেৰে আহি তোমাৰ অহৰহ উপস্থিতি, দেহ মনত হয় প্ৰশান্তি দিনৰ পোহৰৰ শেষলৈকে প্ৰতিধ্বনিত হৈ থকা তোমাৰ নিস্তব্ধ হুলস্থূল৷   তুমি বায়ুমণ্ডলীয় সপোনৰ অভিভাৱক, প্ৰতিটো ঘূৰ্ণনৰ লগে লগে সমস্যাবোৰ বিয়পি পৰে, ওপৰত উৰি, আকাশী ৰশ্মিৰ দৰে, বিশ্বব্ৰহ্মাণ্ডত ভাৰসাম্য আৰু সম্প্ৰীতি অনা৷   শ্ৰদ্ধাঞ্জলি জনাইছো,  অ’ নম্ৰ অনুৰাগী, তোমাৰ সেৱাত অটল, দিন-ৰাতি, চিলিংফেন, চিৰদিনৰ বাবে আৰাম আৰু পোহৰৰ   এক কালজয়ী প্ৰতীক৷ vv...
তলসৰা শেৱালিৰ জীৱন গাঁথাৰে(ঊৰীতু গগৈ)

তলসৰা শেৱালিৰ জীৱন গাঁথাৰে(ঊৰীতু গগৈ)

CURRENT TOPIC
‘‘দশভূজাক আদৰিবলৈ তোৰ সুবাসে ভৰাই তোলে চৌপাশ গভীৰ নিশাবোৰ মায়াময় হৈ উঠে তোৰেই পাহিমেলা আৱেগভৰা হেঁপাহত৷ আৰু- হেঁপাহবোৰ বিলীন হয় জোনাকৰ বুকুত৷’’ পুৱাতেই qw ছবি আঁকি নিয়ৰ টোপালবোৰক জিলমিলাবলৈ সুবিধা কৰি দিয়া সেয়াই শেৱালি৷ প্ৰিয় ঋতু শৰৎ অহাৰ আগজাননী দিয়ে শেৱালিয়ে৷ নিয়ৰসনা সেমেকা দুবৰিৰে খোজ পেলাই সৰা শেৱালি বোটলা অভ্যাস আমাৰ বহুতৰে আছে৷ শৈশৱৰ সাক্ষীস্বৰূপ এই শেৱালি ফুলৰ আঁৰত আছে বহু মনোৰম কাহিনী৷ শেৱালিৰ প্ৰকৃত নাম আছিল পাৰিজাত৷ বিষ্ণুপুৰাণত শেৱালি সম্পৰ্কে থকা কাহিনীমতে পাৰিজাত আছিল এগৰাকী ৰাজকুমাৰী৷ সূৰ্য দেৱতাৰ সৈতে আছিল পাৰিজাতৰ গভীৰ প্ৰণয়৷ বহুদিন দুয়ো প্ৰেমৰ সম্পৰ্ক সুন্দৰভাৱে বৰ্তাই ৰাখিছিল যদিও সূৰ্য দেৱতাই এটা সময়ত পাৰিজাতক প্ৰেমৰ দেশত দুখীয়া কৰি আঁতৰি গ’ল৷ সূৰ্য দেৱাতৰ প্ৰতাৰক প্ৰেমীক ৰূপটোৱে বৰকৈ আঘাত কৰিলে পাৰিজাতৰ কোমল অন্তৰক৷ বিৰহ-বিচ্ছেদৰ, প্ৰতাৰণাৰ বেদনাত পাৰিজাতে জীয়াই...