
ডায়েৰী (জিনামণিবৰা)
পুৱাৰ পৰা এৰা ধৰাকৈ অলপ অলপ বৰষুণ দি আছে৷ চেঁচা বতাহ এজাকো মাজে মাজে বলি থকাৰ বাবে পূজাৰ কেইদিনতকৈ আজি গৰম কিছু কমিছে৷ চিপ চিপ বৰষুণজাকৰ মাজেৰে সাৰংগৰ বাইকখন ধীৰ গতিৰে কলেজৰ দিশে আগবাঢ়িছে৷ মোবাইলৰ হে’ডফোনদাল সি কাণত লগাই ল’লে৷ “তেৰে মেৰে মিলন কি য়ে ৰেইনা’’– মোবাইলত মৃদু স্বৰত বাজি থকা কিশোৰ কুমৰৰ গীতটোৱে পৰিৱেশটো আৰু অধিক চঞ্চল কৰি তুলিছে৷
সৰ্বস্তৰৰ জনগণক উদ্বেলিত কৰি অন্ত পৰিল শাৰদীয় দুৰ্গোৎসৱৰ ভক্তি ৰসেৰে জীপাল আৰু উৎসৱৰ ৰঙেৰে ৰঙিয়াল মধুৰ সময়৷ মৰতৰ পূজাৰ বেদী এৰি কৈলাসলৈ গমন কৰিলে শক্তিদায়িনী, মাতৃস্বৰূপিনী, মহিষমৰ্দিনী দেৱী দুৰ্গাই৷ বিজয়া দশমীৰ বিদায় ক্ষণত অশ্ৰুসিক্ত নয়নেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দশভূজাক বিদায় দিলে ভক্তিপ্ৰাণ ভক্তগণে৷ দেৱীৰ সৈতে মৰতৰ পূজাৰ বেদী এৰিলে মৃণ্ময় গণেশ, কাৰ্তিক, লক্ষ্মী আৰু সৰস্বতীয়ে৷ সপৰিয়ালে দেৱী দুৰ্গাৰ বিদায়ৰ পিছত উকা হৈ পৰিল পূজাৰ বেদী৷ নিজম ...