
২০১৩ চনৰ জুন মাহত লণ্ডণলৈ যোৱা এটা ভ্ৰমণৰ কিছু কথা (বিপুল গগৈ)
২০১৩ চনৰ জুন মাহৰ ২৫ তাৰিখৰ আবেলি সময়৷ তেতিয়া ২.০৫ বাজিছে৷ AI-ৰৰৰ Air India বিমানেৰে ভাৰতৰ ৰাজধানী দিল্লী চহৰৰ পৰা লণ্ডন অভিমুখে আকাশী যাত্ৰা আৰম্ভ কৰিছিলোঁ তেতিয়াৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰ আৰু তেওঁৰ পৰিয়ালৰ সৈতে৷ সেইদিনাই গধুলি ৬.১০ বজাত লণ্ডনৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিথ্ৰ’ত আমাৰ বিমানে প্ৰায় ৮ ঘণ্টা একেৰাহে আকাশ মাৰ্গেৰে যাত্ৰা কৰাৰ পিছত অৱতৰণ কৰিছিলগৈ৷ ভাৰত-লণ্ডনৰ সময়ৰ ব্যৱধান চাৰে চাৰিঘণ্টা৷ পশ্চিমলৈ যাত্ৰা কৰাৰ বাবে সেই সময়খিনি লাভ কৰিছিলোঁ৷ আমাক উষ্ম আদৰণি জনাইছিল লণ্ডনস্থিত ভাৰতীয় আয়ুক্তৰ উচ্চ পদস্থ বিষয়া ক্ৰমে শ্ৰী মেঘনাথন আৰু শ্ৰী প্ৰশান্ত পিছে (HOট্ৰ)৷বিমান বন্দৰত অতি বিশিষ্ট ব্যক্তিসকলৰ বাবে সংৰক্ষিত কক্ষত ভাৰতলৈ প্ৰত্যাবৰ্তন কৰিবলৈ অপেক্ষা কৰি থকা তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী মাননীয় শ্ৰী পৱন সিং ঘাটোৱাৰ আৰু তেখেতৰ ব্যক্তিগত সচিব শ্ৰী নিৰজ বাৰ্মা (...