অণুগল্প—-আধুনিক (নীলিমা শৰ্মা)
ভাবিছো, ভাবি একো সিদ্ধান্তলৈ আহিব পৰা নাই৷ মাথোন আচৰিত হৈছো৷ লোকে কোৱা কথা নহয় নিজ কাণে শুনা কথাহে৷একমাত্ৰ ল’ৰালৈ চাই-চিতি ছোৱালী এজনী বিয়া কৰাই আনিলে৷ শিক্ষিতা ছোৱালী৷ ল’ৰা ৯ বজাতে কামলৈ ওলাই যাব লাগে৷ মাকে বোৱাৰী আহি সোমোৱাৰ দিনাৰে পৰা চিন্তা কৰিলে, হওক তেওঁ হাতৰ কাম আজুৰি লৈ কিছু সকাহ দিব৷কিন্তু ল’ৰা ৯ বজাত যায় বোৱাৰী উঠে ৮ বজাত৷ তাৰ পিছত গা-পা ধুই অহালৈ শাহু আয়ে পুতেকক ভাত বাঢ়ি দিয়ে৷ পুতেকে খাই অফিচলৈ যোৱাৰ পিছতে পুৱাৰ ৰুটি ভাজি খাবলৈ তৈয়াৰ কৰি গৃহস্থক দিয়াৰ পিছত বোৱাৰী চাহৰ টেবুলত বহেহি৷ শাহু আয়ে বাকী দিয়া চাহ খাই হাতত মোবাইল লৈ বিছনাত দীঘল দিয়েগৈ৷ তাৰ পিছত দুপৰীয়াৰ সাজ, আবেলিৰ সাজ, সন্ধিয়াৰ সাজ ইত্যাদি ইত্যাদিৰ পিছত শাহু আই হতভম্ব হয়৷ পুতেকক ক’বলৈ ভয়- কিজানিবা বোৱাৰীয়েকক ধমকি দিয়ে৷দেহী অ’...একমাত্ৰ ল’ৰালৈ আধুনিক বোৱাৰীজনী আনি.../...