CURRENT TOPIC – Page 49 – Purbodix.com

CURRENT TOPIC

শিশু দিৱসৰ চিন্তা

শিশু দিৱসৰ চিন্তা

CURRENT TOPIC
১৯৫২ চনত জেনেভাত বিশ্ব শিশু দিৱসৰ সন্মিলনতে প্ৰথম শিশু দিৱসৰ আৰম্ভণি হয়৷ ১৯৫৯ চনৰ ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস হিচাবে পতা হয়৷ শিশুৰ অধিকাৰৰ বিষয়েও আলোচনা কৰা হয়৷আমাৰ ভাৰতবৰ্ষত নেহৰু খুড়াই (চাচা নেহৰু) ১৯৫৬ চনত নিজৰ জন্মদিনটো শিশু দিৱস ৰূপে পাতিবলৈ শিশু সকলক উপহাৰ দিয়ে৷ নেহৰুৱে ভাবিছিল আমাৰ শিশু সকলেই দেশৰ ধৰণী৷ তেওঁলোক শিক্ষাই-দীক্ষাই উপযুক্ত হ’লেহে দেশৰ একোজন উত্তম নাগৰিক হ’ব পাৰিব৷ সেয়ে তেওঁ শিশুসকলৰ বাবে Aiims, IIT, Children Flim Society আদি স্থাপন কৰিছে৷ তেওঁ ভাবিছিল শিশু সকলেই দেশৰ ভৱিষ্যত৷১৪ নৱেম্বৰ বুলিলেই মনত পৰে নেহৰু খুড়াৰ সুন্দৰ চেহেৰাটো৷ তেওঁৰ কোটত সদায় একোপাহ ৰঙা গোলাপ ফুল লগাই লৈছিল– কাৰণ গোলপ ফুলে মানুহৰ মন সুন্দৰ কৰে আৰু শিশুসকল ফুলৰ প্ৰতি আকৰ্ষিত হয়৷ শিশু অৱস্থাতে দেউতাকৰ অফিচত কাম কৰা মুঞ্চী মোবাৰক আলীৰ পৰা বহু কাহিনী শুনিছিল সেই কাহিনীবোৰ আছিল ঐতিহাসিক ঘটন...
সুখৰ সন্ধান আৰু বাৰ্দ্ধক্য (ইন্দুভূষণ মহন্ত )

সুখৰ সন্ধান আৰু বাৰ্দ্ধক্য (ইন্দুভূষণ মহন্ত )

CURRENT TOPIC
সৰুতে সুখৰ বিষয়ে পঢ়া কবিতা এটাত পাইছিলো এনেকৈ– সুখ নাই সুখ নাই চিৰ ৰুগীয়াৰ অনুমাত্ৰ সুখ নাই কত ধৰুৱা১... ইত্যাদিএই কবিতাটোৰ মূলভাবটো আজিও মনত আছে৷ জন্মৰে পৰা মৃত্যুলৈকে শৈশৱ, কৈশোৰ, যৌৱন, পৌঢ় আৰু বাৰ্দ্ধক্য- এই অৱস্থা কেইটা দেখা যায়৷ জীৱনৰ এই প্ৰত্যেকটো অৱস্থাৰে নিজৰ চৰিত্ৰ, সৌন্দৰ্য আৰু মাদকতা আছে৷ প্ৰতিগৰাকী মানুহেই সুখী হ’ব বিচাৰে৷ সুখী মানুহে সুন্দৰ চিন্তাত নিমগ্ন হৈ সুখৰ প্ৰবাহ জীৱনত অব্যাহত ৰাখিব পাৰে৷ সুখৰ কাৰণ সুস্থ মানসিক অৱস্থা৷ ইয়াৰ বাবে লাগে মানসিক নিৰাপত্তা৷ নিজক যি সৎ বুলি ভাবিব পাৰে আৰু বুজি পায়, তেন্তে তেওঁ নি(য় মানসিক নিৰাপত্তা অনুভৱ কৰিব৷ লগতে লাগিব জীৱন সম্পৰ্কে এক স্বচ্ছ দৃষ্টিভঙ্গী৷ যি দৃষ্টিভঙ্গীয়ে নিজকে মানসিকভাৱে শক্তিশালী কৰি ৰাখিব পাৰে৷ জীৱনত সৎ উপায়েৰে লক্ষ্য পুৰণৰ বাবে কৰা সংগ্ৰামেই মানুহক সুখী কৰি ৰাখে৷আত্মীয় স্বজন, বন্ধু-বান্ধৱ, সহযোগী, সহকৰ্মী...
দ্বীপান্বিতা (অসমীয়া মানুহৰ কেনেকৈ ভিতৰত সোমাল ধনতেৰছ)   অলকা মহন্ত বৰুৱা

দ্বীপান্বিতা (অসমীয়া মানুহৰ কেনেকৈ ভিতৰত সোমাল ধনতেৰছ) অলকা মহন্ত বৰুৱা

CURRENT TOPIC
দেৱালী বা দ্বীপান্বিতা হ’ল পোহৰৰ উৎসৱ৷ এই উৎসৱত গাঁৱে-ভূঞে, চহৰে-নগৰে প্ৰতিঘৰৰ পদুলিত চাকি জ্বলে৷ চৌদিশে ফটকা ফুটে, আতছবাজী হয়৷ মাটিৰ চাকি, নানা ৰং-বৰঙী বিজুলী চাকি, ৰং-বিৰঙৰ মমবাতি আৰু আতছবাজীৰ পোহৰে অমাৱস্যাৰ ঘোৰ আন্ধাৰ আঁতৰাই জগত পোহৰাই আমালৈ লৈ আহে অফুৰন্ত আনন্দ আৰু সুখানুভুতি৷ এই উৎসৱত সমাহাৰ ঘটে আনন্দ, আশা আৰু উন্মাদনাৰ৷ সেয়ে আনন্দ, উল্লাস, ৰং-ধেমালি, জ্ঞান, পোহৰৰ সত্বাৰে দেৱালী উৎসৱ অতীজৰে পৰাই উদ্‌যাপন কৰি অহা হৈছে৷ এন্ধাৰ বিনাশী পোহৰ বিলাই যোৱাৰ উদ্দেশ্যত এই উৎসৱ পালন কৰা হয়৷ মনৰ অজ্ঞান আন্ধাৰ আঁতৰাই জ্ঞানৰ পোহৰ বিলোৱাটোৱেই দীপাৱলী উৎসৱৰ মূল উদ্দেশ্য৷ আন্ধাৰত পোহৰৰ বিজয় সুনিশ্চিত কৰি দেৱালীৰ সন্ধ্যা চৌদিশে বন্তি প্ৰজ্বলন কৰা হয়৷ সেয়ে পোহৰৰ উৎসৱ হিচাপে খ্যাত দেৱালীৰ এক সুকীয়া সৌন্দৰ্য্য আছে৷ কিন্তু উৎসৱ বুলিয়েই গাঁৱে-ভূঁঞে, চহৰে-নগৰে চৌদিশে ফটকা ফুটাই, আতছবাজী আদিৰে স...
যা দেৱী সৰ্বভূতেষু আদ্যাশক্তি, উপাসনাৰ তাত্বিক জ্ঞান আৰু ভগবদ্প্ৰাপ্তি (অমল শৰ্মা)

যা দেৱী সৰ্বভূতেষু আদ্যাশক্তি, উপাসনাৰ তাত্বিক জ্ঞান আৰু ভগবদ্প্ৰাপ্তি (অমল শৰ্মা)

CURRENT TOPIC
‘‘দেবী প্ৰপন্নাৰ্ত্তিহৰে প্ৰসীদপ্ৰসীদ মতোজগতখিলস্য প্ৰসীদ বিশ্বেশ্বৰী পাহি বিশ্বঃ ত্বমীশ্বৰী দেবী চৰাচৰস্য৷’’এই চৰাচৰ বিশ্বব্ৰহ্মাণ্ডৰ ঈশ্বৰী জগতৰ প্ৰপান্নাৰ্ত্তি  হৰণকাৰিণী অখিল জগতৰ মাতৃ মা দুৰ্গাৰ চৰণত সংসাৰী জীৱই জাগতিক আৰু আধ্যাত্মিক দুয়ো ক্ষেত্ৰতে মুক্তি লাভ কৰিবৰ কাৰণে যুগ-যুগ ধৰি ভক্তসকলে প্ৰাৰ্থনা কৰি আহিছে৷ জাগতিক বা আধ্যাত্মিক আকুলতাৰে আৰ্তি এৰাবলৈ পৰমজনৰ ওচৰত আত্মনিবেদন কৰাই হ’ল প্ৰপন্নতা৷ এই প্ৰপন্নতাপ্ৰাপ্ত হ’বলৈ ভক্তক লাগিব ধৰ্মৰ ওপৰত বিশ্বাস, উপাসনাৰ তাত্বিক জ্ঞান৷                এই লেখাৰ মূল বিষয়বস্তু উপাসনাৰ তাত্বিক জ্ঞানৰ বিষয়ে আলোচনা কৰাৰ আগতে উপাসনা কি জনা দৰ্কাৰ৷ বেদান্তসাৰ নামত শাস্ত্ৰত কৈছে– ‘‘উপাননানি সগুনব্ৰহ্ম বিষয়ক মানসব্যাপাৰ ৰূপানি’’– অৰ্থ্যাৎ সগুন ব্ৰহ্মাৰ প্ৰতি মনৰ ক্ৰিয়...
যশস্বী আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালক জাহ্নু বৰুৱাৰ শৈশৱ, কৈশোৰৰ পূজাৰ স্মৃতি (নিমানন্দ দাস)

যশস্বী আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালক জাহ্নু বৰুৱাৰ শৈশৱ, কৈশোৰৰ পূজাৰ স্মৃতি (নিমানন্দ দাস)

CURRENT TOPIC
পূৰ্বদিশ    ঃআজিৰ পূজা আৰু পূৰ্বৰ পূজাৰ উৎসৱ, আনন্দৰ বহু তফাৎ আছিল৷ আপোনাৰ জীৱনত তাহানিৰ দিনত পূজাৰ আনন্দ কেনেকুৱা আছিল জানিব বিচাৰিছো৷জাহ্ন বৰুৱা            ঃবাগিছা এখন আছে- ঔফুলীয়া৷ সৰুতে মানে পূজা বুলিলে বহুত ফুৰ্তি আৰু৷ পূজা অহালৈ বাট চাই থাকো৷ তেনেকৈ বিহুলৈ বাট চাই থাকো৷ পূজাত বিশেষ আকৰ্ষণ আছিল৷ বাগিছাত দাঙৰ-দীঘল হৈছো; দেউতাই কাম কৰিছিল ঔফুলীয়া চাহ বাগিছাত৷ মৰাণৰ পৰা প্ৰায় দহ কিলোমিটাৰ মান হ’ব৷ অলপ ভিতৰফালে হ’ব৷ ঔফুলীয়া মানে তাত ঔটেঙাৰ গছ বুত আছিল৷ সাধাৰণতে ঔটেঙা গছত ফুল নুফুলে৷ ফুল ফুলা দেখা নাযায়৷ ঔফুলীয়া এনে এখন ঠাই য’ত নেকি ফুল দেখা যাৱ৷ গতিকে ঠাইখনৰ নাম সেইবাবে ঔফুলীয়া হ’ল৷ আৰু সেই ঔফুলীয়া চাহ বাগিছাত আমি ডাঙৰ-দীঘল হৈছিলো৷ মাহৰ মূৰত ছবি এখন দেখুৱায়৷ খোলা আকাশৰ তলত৷ সেইটো বিশেষ আকৰ্ষণ আছিল৷ আৰু পূজাৰ দিনত যে...
BBC অসমীয়া সাংবাদিক শচীন গগৈ (পল্লৱ মহন্ত)

BBC অসমীয়া সাংবাদিক শচীন গগৈ (পল্লৱ মহন্ত)

CURRENT TOPIC
আমি ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা৷ জীৱনত প্ৰথমবাৰৰ বাবে নিজ বিদ্যালয়ৰ পৰা ওলাই গৈছিলো এখন স্থানীয় কুইজ প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে৷ এনেয়ে প্ৰথম অভিজ্ঞতা, তাতে গৈ দেখা পালো যে আমিয়ে আটাইতকৈ কম বয়সীয়া৷ ভয়-সংশয়ৰ মাজেৰেই মই আৰু মোৰ সমনীয়া বন্ধু শচীন গগৈ যুঁজত জপিয়াই পৰিলো৷ অৱশেষত আমাৰ দল দ্বিতীয় স্থান পাবলৈ সক্ষম হ’ল৷ কেইবাটাও কঠিন প্ৰশ্নৰ উত্তৰ দি শচীনে সিদিনা সকলোকে বিস্মিত কৰি তুলিছিল৷ কিন্তু আমি বন্ধুসকলে জানিছিলো- তেতিয়াৰ দিনৰ পৰাই বিবিচি ৰেডিঅ’ৰ বাতৰি নিয়মিতভাৱে শুনা শচীন আনতকৈ হয়তো কিছু সুকীয়া আছিল৷ পৰৱৰ্তী সময়ত বন্ধুৰ গতি কেতিয়াও মন্থৰ হোৱা পৰিলক্ষিত নহ’ল৷ আজিৰ দিনত তেওঁ বিশ্বৰ সবাতোকৈ সন্মানজনক সংবাদ প্ৰতিষ্ঠান বিবিচিত এক গুৰুত্বপূৰ্ণ পদবীত কৰ্মৰত হৈ আছে৷ ইয়াৰ পূৰ্বে তেওঁ তেৰ বছৰ কাল নতুন দিল্লীস্থ আমেৰিকান দূতাবাসত মুখ্য সংবাদ বিশেষজ্ঞ হিচাপে সেৱা আগবঢ়ায়৷ এনে ধৰণৰ আন্...
ফেচবুক টুইটাৰ ৰ ব্যৱহাৰে পৰিচয় দাঙি ধৰে আপোনাৰ(কুইন জি তালুকদাৰ)

ফেচবুক টুইটাৰ ৰ ব্যৱহাৰে পৰিচয় দাঙি ধৰে আপোনাৰ(কুইন জি তালুকদাৰ)

CURRENT TOPIC
বৰ্তমান সময়ত সামাজিক মাধ্যমত নৱ-প্ৰজন্মৰ দায়িত্ব, মানসিকতা আৰু ট্ৰোল, কোন দিশে গতি কৰিছে সেয়া এক চিন্তনীয় বিষয় ৰূপে পৰিলক্ষিত হৈছে৷ যদি নৱ-প্ৰজন্মৰ একাংশ ব্যস্ত নিজ নিজ প্ৰতিভা পাৰদৰ্শিতাত আৰু আগবাঢ়ি যোৱাৰ উদ্যম হেঁপাহত, আনহাতে একাংশ ব্যস্ত বিয়োগাত্মক দিশত৷ বৰ্তমান সময়ত পৃথিৱীত বিভিন্ন বিষয়ৰ মাজতো অধিক চৰ্চাৰ বিষয় বূুলি ক’লে সামাজিক মাধ্যম (ছ’চিয়েল মিডিয়া)ৰ নাম উল্লেখনীয়৷ বিভিন্ন সময়ত বৰ্তমানৰ আমাৰ সচেতন ৰাইজে সুখ-দুখ, খং, বিৰাগ, অভিমান, চিন্তা-চৰ্চা, নিজ প্ৰতিভা ইত্যাদি সকলো প্ৰকাশ কৰা বা ব্যক্ত কৰা মাধ্যমটোৱে হ’ল সামাজিক মাধ্যম৷ আমি আচলতে সামাজিক মাধ্যমত ইমানে নিৰ্ভৰশীল হৈছো যে, কাষত থকা মানুহজনৰ লগত ভাবৰ আদান-প্ৰদান এৰি হকে-বিহকে এনেকুৱা কিছুমান বিষয়ৰ ওপৰত লিখা আৰম্ভ কৰো যিবোৰ আচলতে লিখিবলগীয়া কথা নহয়৷ যিটো আচলতে ৰাজহুৱাভাৱে নিলিখিলেও হয়৷ সামাজিক মাধ্যমটো এতিয়া যেন এনেকুৱ...
লালডেংগাৰ মিজোৰাম (ড॰চিত্তৰঞ্জন বৰুৱা)

লালডেংগাৰ মিজোৰাম (ড॰চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC
The Mizo National front (MNF) led by PU Laldenga (১৯২৭-১৯৯০) was formed in ১৯৬০ (faiming of ১৯৫৯-১৯৬০) and raised demand of soverign independent Mizoram. হয়, আজিৰ উত্তৰ-পূব অঞ্চলৰ অংগ মিজোৰাম– মিজোৰাজ্য গঠন একেদিনাই বা সহজ বা অতি আলসুৱা জাতি গঠনৰ চেতনাৰে জন্ম হোৱা নাই৷ বৰ্তমানৰ মিজোৰামৰ সৈতে চুবুৰীয়া ৰাষ্ট˜ আৰু ভাৰতৰ অন্য অংগ ৰাজ্যৰ সৈতে বহু ঘাত-প্ৰতিঘাত, বিশ্বাস-অবিশ্বাস, শত্ৰু-মিত্ৰ, সহায়-সহযোগিতা, ৰাজনীতি, অৰ্থনীতি, পৰিচয়, আত্মপৰিচয়ৰ বৃহৎ বিষয় আৰু পৰিস¸ৰ জড়িত হৈ আছে৷ লালডেংগা– এই বিদ্ৰোহী চিৰপৰিচিত-বিশ্বপৰিচিত নেতাজনৰ মিজোৰাম গঠনৰ আঁৰত আমি স্পষ্টকৈ –(ক) বৃহত্তৰ মিজোসকলৰ সামূহিক নিৰাপত্তা,(খ) মিজোসকলৰ আত্মনিয়ন্ত্ৰণ,(গ) মিজোসকলৰ বিচ্ছিন্নতাবাদী জাতীয় চেতনা,(ঘ) পৃথক ৰাজনৈতিক আৰু প্ৰশাসনীয় অনুমোদন,(ঙ) সাৰ্বভৌম ৰাষ্ট˜ গঠনৰ (পৃথক ৰাষ্ট˜) হাবিয়াস,(চ) মিজো ‘‘Elite Nationalism of ...
শৰৎ… প্ৰকৃতিৰ অনন্য ঐশ্বৰ্য (ডেইজী অনুৰঞ্জনা)

শৰৎ… প্ৰকৃতিৰ অনন্য ঐশ্বৰ্য (ডেইজী অনুৰঞ্জনা)

CURRENT TOPIC
প্ৰকৃতিৰ ৰূপ-ৰং অনন্য ঐশ্বৰ্য আৰু সৌন্দৰ্যৰে ভৰা৷ মানৱ জাতিক সন্মোহিত কৰি অহা প্ৰকৃতিৰ গুণ আৰু মহিমা বৰ্ণনা কৰি আমি কেতিয়াও শেষ কৰিব নোৱাৰো৷ চাই চাই ভাগৰি নপৰাকৈ আমি মাথো নিজক বিলীন কৰিব পাৰো প্ৰকৃতিৰ অনন্য সৌন্দৰ্যৰ মাজত৷প্ৰকৃতিৰ ৰূপ ৰঙেৰেই সমৃদ্ধ হৈ ধৰাৰ বুকুলৈ আহে শৰৎ৷ ঋতুচক্ৰৰ হিচাপত শৰতৰ স্থান তৃতীয়৷ শৰত মানেই জোনাক, শৰত মানেই মুকলি এখনি আকাশ, শৰত মানেই শান্তি, শৰত মানেই সমৃদ্ধি৷শৰতৰ ৰূপ আৰু বিচিত্ৰতাত মানৱ জাতি সদায়ে সন্মোহিত হৈ আহিছে৷ শৰত যে ঋতুৰ ৰাণী৷ শাওনৰ বৰষুণৰ পিছত দেখা মুকলি এখন আকাশ, তুলাৰ দৰে দেখা ডাৱৰৰ সমদল, স্নিগ্ধ জোনাক, মৃদু বতাহ, দিগন্ত বিয়পা সেউজীয়া ধাননি... সকলোতেতো আছে শৰতৰ মায়া৷গ্ৰীষ্ম আৰু বৰ্ষা ঋতুৰ অন্তত আৰম্ভ হয় শৰত৷ গ্ৰীষ্মৰ প্ৰখৰ ৰ’দ আৰু বাৰিষা কালৰ মুষলধাৰ বৰষুণৰ ফলত সাৰুৱা হৈ পৰা মাটিত শৰতে কঢ়িয়াই আনে শস্য শ্যামলা ফল-ফুলৰ এখনি সম্ভাৱনাৰ নতুন পৃ...

Online dating Theft Deductability

CURRENT TOPIC
Having a issue with internet dating robbery deductability? Here are some ideas to help you out. There are two types of online dating sites: paid and free. Paid out dating is the first type of online dating. Paid out dating is a brand new form of dating, so you do not have to pay everything to use it. Totally free dating is regarded as Internet dating https://confettiskies.com/blog/hot-caribbean-women and can be deducted in full. Whenever you can prove that you used the online world to make money, you can deduct it in your tax revisit.