CURRENT TOPIC – Page 50 – Purbodix.com

CURRENT TOPIC

প্ৰজ্ঞাৰ সাধক ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ, শিক্ষক দিৱস আৰু কিছু চিন্তন (ৰঞ্জন শৰ্মা)

প্ৰজ্ঞাৰ সাধক ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ, শিক্ষক দিৱস আৰু কিছু চিন্তন (ৰঞ্জন শৰ্মা)

CURRENT TOPIC
শিক্ষা আৰু মানৱতাৰ বাবে উৎসৰ্গিত মনলৈ ওৰেটো জীৱন সমাজৰ পথ প্ৰদৰ্শক হৈ, বিৰল ব্যক্তিত্ব, ত্যাগ আৰু আদৰ্শৰে মানৱ সমাজৰ কল্যাণৰ বাবে অমূল্য অৱদান আগবঢ়াই থৈ যোৱা এই মহাজীৱনৰ গৰাকীয়েই হ’ল প্ৰজ্ঞাৰ সাধক, দাৰ্শনিক পণ্ডিত, সুবক্তা, ৰাজনীতিবিদ, সুলেখক, ৰাষ্ট্ৰনেতা তথা সুশিক্ষক ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণ৷ সমাজ জীৱন আৰু ৰাজনীতিলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈ যোৱাৰ সমান্তৰালভাৱে এগৰাকী মহান শিক্ষক তথা শিক্ষাবিদ হিচাবে ৰাধাকৃষ্ণণে শিক্ষাজগতলৈ আগবঢ়াই গৈছে তেখেতৰ অনবদ্য বহুমূলীয়া অৱদান৷ যদিও তেখেত ৰাষ্ট্ৰনেতা তথা দেশৰ সংবিধানৰ মুৰব্বী ভাৰতৰ ৰাষ্ট্ৰপতি (দ্বিতীয়গৰাকী)ৰ পদ অলংকৃত কৰিছিল, তথাপিও তেখেতৰ প্ৰথম পৰিচয় আছিল এগৰাকী মহান আৰু আদৰ্শবান শিক্ষক হিচাবে৷ এইগৰাকী মহান মনীষিৰ প্ৰজ্ঞা, দৰ্শন, শিক্ষকতা, আদৰ্শ আৰু মোহনীয় ব্যক্তিত্বৰ উজ্বল নিদৰ্শন এপাহি সুগন্ধি ফুলৰ দৰেই ইয়াৰ সুৱাস আৰু সুৰভি সমগ্ৰ ...
অসমীয়া ছবি জগত শূন্য কৰি গুচি গ’ল যশস্বী কলা নিৰ্দেশক ফটিক বৰুৱা (নিমানন্দ দাস)

অসমীয়া ছবি জগত শূন্য কৰি গুচি গ’ল যশস্বী কলা নিৰ্দেশক ফটিক বৰুৱা (নিমানন্দ দাস)

CURRENT TOPIC
১৯৭৫ চনৰে পৰা ২০২১ চনলৈকেপ্ৰায় চাৰিকুৰিৰো অধিক অসমীয়া, বাংলা, হিন্দী ছবিৰ সহ-প্ৰযোজক, কাৰ্যবাহী প্ৰযোজক, প্ৰযোজনা নিয়ন্ত্ৰক তথা কলা-নিৰ্দেশক ৰূপে দক্ষতাৰে কাম কৰি অসমীয়া চলচ্চিত্ৰ জগতক সমৃদ্ধ কৰা ফটিক বৰুৱাৰ যোৱা ২২ আগষ্টত পৰলোকপ্ৰাপ্তি ঘটে৷ ফলত অসমীয়া ছবিজগতে হেৰুৱালে এজন অভিভাৱক৷ দীৰ্ঘদিন ধৰি কৰ্কটৰোগত আক্ৰান্ত ফটিক বৰুৱাদেৱে শেহতীয়াকৈ অসুস্থ দেহাৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্ন বৰুৱাদেৱৰ নৱতম প্ৰজেক্ট ‘লাচিত বৰফুকন’ৰ কলা নিৰ্দেশক তথা প্ৰযোজনা নিয়ন্ত্ৰকৰূপে দায়িত্বভাৰ গ্ৰহণ কৰি এই বিৰাট অভিলাষী পিৰিয়ডিক চিনেমাখনৰ ছেট ডিজাইনৰ প্ৰাৰম্ভিক কাম-কাজত ব্যস্ত হৈ আছিল৷ অসমীয়া ছবিজগতলৈ ১৯৭৫ চনৰ পৰা সুদীৰ্ঘ ৪৫ বছৰ ধৰি অৱদান আগবঢ়াই কৰ্মযোগী, অসমীয়া ছবিৰ আজীৱন শুভাকাংক্ষী, কাণ্ডাৰীৰ দায়িত্ব এৰি তেওঁ গুচি গ’ল৷ ১৯৭৫ চনত প্ৰয়াত চিত্ৰ পৰিচালক আব্দুল মজিদৰ ছবি ‘বনজুই’ত সহ প্ৰযোজক তথা কলা ...
ভূপেন হাজৰিকাই সুধিছিল মোৰ কামখিনি ভাল হৈছেনে? (প্ৰদ্যুৎ কুমাৰ ডেকা)

ভূপেন হাজৰিকাই সুধিছিল মোৰ কামখিনি ভাল হৈছেনে? (প্ৰদ্যুৎ কুমাৰ ডেকা)

CURRENT TOPIC
৬ মাৰ্চ, ২০০৭ চন৷ কলকাতাৰ প্ৰসিদ্ধ সংগীত বাণীৱদ্ধ কোম্পানী ‘সাৰেগামা’ই (পূৰ্বতে এইচ এম ভি নামেৰে বিখ্যাত) প্ৰযোজনা কৰা এখন জীৱনীমূলক ভিডিঅ’ ছবিৰ ু«টিং৷ অভিনেতা মাথোঁ এজনেই৷ ছবিখনৰ নিৰ্মাণ হৈছে তেওঁৰ জীৱনৰ কেইটামান অধ্যায়ক লৈ৷ ৮০ বছৰ বয়সীয়া অভিনয় শিল্পীজনে দিনৰ ১০ বজাৰ পৰা কোনো  break নোলোৱাকৈ একেৰাহে আবেলি ৩ বজালৈকে ু«টিং কৰে৷ Pack upৰ পিছত কিছুদিনৰ পৰা চিকিৎসাধীন হৈ থকা শিল্পীগৰাকীয়ে ক’লে– ‘মোৰ কামখিনি ভাল হৈছিলনে? মই ভালকৈ কৰিব পৰা নাই যেন ভাব হয়৷ ভাল হোৱাখিনি ৰাখি বেয়া হোৱাখিনি  editing ত কাটি দিবা৷’ শিল্পীগৰাকী হ’ল ড॰ ভূপেন হাজৰিকা৷ ‘মই এটি যাযাবৰ’ নামৰ এই জীৱনীমূলক ছবিখনৰ পৰিকল্পনা আছিল দেউতাৰ (পবিত্ৰ কুমাৰ ডেকা)৷ কাৰিকৰী নিৰ্দেশক আছিলো মই৷ ‘সাৰেগামা’ই ছবিখন কিয় মুক্তি নিদিলে বুজা নগ’ল৷ যি কি নহওক, ড॰ ভূপেন হাজৰিকাৰ সৈতে জীৱনত এটা কাম কৰাৰ এক বিৰল আৰু মিঠা অভ...
ধৰ্মই আমাক শেষ কৰিব নেকি?(ৰাজলক্ষ্মী ভূঞা)

ধৰ্মই আমাক শেষ কৰিব নেকি?(ৰাজলক্ষ্মী ভূঞা)

CURRENT TOPIC
সুদীৰ্ঘ পাঁচশ বছৰৰ পাছত এটা দীঘলীয়া পৰিকল্পনাৰ অন্তত অযোধ্যাত ৰাম মন্দিৰ স্থাপন হ’ল... ত্ৰেতাৰ ভগৱানৰ প্ৰতিস্থাপন হ’ল৷কলিত কৃষ্ণনাম৷ সংস্কৃতিৰ পৰিবাহক ভাৰতীয়ই কোনো কালে কাকো অপযশ দিয়া নাইবা অৱমাননা কৰাৰ নজিৰ নাই৷হিন্দুৰ দশ অৱতাৰক সকলোৱে স্বীকাৰ কৰাৰ লগতে সন্মান কৰি আহিছে...আৰ্য-অনাৰ্যৰ যুঁজৰ মাজত ৰামায়ণ আৰু মহাভাৰতে কেতিয়াবা পন্থা সলনি কৰিছে৷বাল্মিকীৰ ৰামায়ণ পৃথিৱীৰ সবাতোকৈ অধিক ভাষালৈ অনুবাদ হোৱা গ্ৰন্থ৷উত্তৰ ভাৰতৰ লগত দক্ষিণ ভাৰতৰ নাইবা উত্তৰ পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য-ধৰ্ম, ধ্যান-ধাৰণা আদি আনৰ লগত নিমিলে...অসম মুলুকত কৃষ্ণৰ কথা আলোচনা কৰা হয়৷ ৰামক ঈশ্বৰৰ অৱতাৰ বুলি ধৰা হয় যদিও৷ মূলতঃ গুৰুজনাই শিকাই যোৱা বৰগীত গুৰু ভটিমাত কৃষ্ণৰ কিঙ্কৰ হিচাবে ভকতে ভকতি কৰে৷যোৱা পাঁচ আগষ্টত অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিস্থাপনৰ দিনা অসমত দেখিলো ৰাম-ৰহিমৰ খণ্ড যুদ্ধ৷ ছিঃ নিজৰে লাজ লাগিছে৷ ...
এনকাউণ্টাৰ বনাম¸ হত্যাৰ অধিকাৰ (ড॰ চিত্তৰঞ্জন বৰুৱা)

এনকাউণ্টাৰ বনাম¸ হত্যাৰ অধিকাৰ (ড॰ চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC
এনকাউণ্টাৰ আৰু হত্যা আজিৰ বা নতুন শব্দ বা চৰ্চাৰ বিষয় নহয়৷ পৌৰাণিক আইন আৰু শাসন ব্যৱস্থাত এই এনকাউণ্টাৰৰ সপক্ষে-বিপক্ষে যুক্তি আৰু নানা ধৰণৰ বিতৰ্ক আলোচনা-সমালোচনা অব্যাহত আছিল৷ তথাপিও আইনীভাৱেই হওক বা অবৈধ বা প্ৰতিশোধমূলকভাৱেই হওক বা কৌশলপূৰ্ণভাৱে হওক বা কাৰোবাৰ ভুলৰ বাবেই হওক এনকাউণ্টাৰ কাৰ্যপ্ৰক্ৰিয়াৰ বিষয়ে আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত দেখি আহিছো৷ সেয়ে চৰিত্ৰ, অভিযোগ প্ৰতি-অভিযোগ যুক্তি আৰু আইনী বিচাৰৰ ফালৰ পৰা আমি এনকাউণ্টাৰক দুই প্ৰকাৰত ভাগ কৰিব পাৰো –(ৰ) আইনসন্মত এনকাউণ্টাৰ(২) বে-আইনী বা ভুৱা এনকাউণ্টাৰথাউকতে কোৱা সমীচিন হ’ব যে আইনজীৱী বা আইনজ্ঞ বা ৰাষ্ট˜ীয়-আন্তঃৰাষ্ট˜ীয় আইন অধ্যয়ন কৰা গৱেষকৰ মত অনুসৰি এনকাউণ্টাৰ হ’বলৈ দুয়োপক্ষৰ মাজত সংশয় আৰু নৃশংসতাৰ পৰিৱেশ উদ্ভৱ হ’ব লাগিব৷ বহুক্ষেত্ৰত  অস্ত্ৰৰ উপস্থিতি থকা বাঞ্চনীয়৷ ইয়াক আইনসন্মত বা নিয়ম সম্পক¹য় এনকাউণ্টাৰ হিচাপ...
NIA ক্ষমতা-অনুসন্ধান (ড॰ চিত্তৰঞ্জন বৰুৱা)

NIA ক্ষমতা-অনুসন্ধান (ড॰ চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC
ভাৰত ৰাষ্ট্ৰই যেতিয়াই প্ৰয়োজন অনুভৱ  কৰে তেতিয়াই ৰাষ্ট্ৰৰ স্বাৰ্থত  সময়ত প্ৰয়োজনত আইন প্ৰনয়ন কৰে৷ যদিওৱা ভাৰতৰ সংবিধান আছে, যাক আমি সাংবিধানিক আইন বুলিব পাৰো তথাপিও সংবিধানৰ দৰ্শন আৰু সাংবিধানিক নীতি নিয়ম অৰ্থাৎ সাংবিধানিক আইন বলবৎ কৰিবলৈ উল্লেখ কৰাৰ দৰে আইন বা আনুসংগিক আইন প্ৰয়োজন৷ বহু আইন কল্যাণমূলক সেইদৰে বহু আইন দেশ, জাতি, সংহতি নিৰাপত্ত আৰু অখণ্ডটাৰ স্বাৰ্থত প্ৰণয়ন কৰা হয়৷ NIA কি বা কেনেকুৱা ক্ষমতাৰ লগত জড়িত বা অনুষ্ঠাননো কি কি বিষয়ৰ সৈতে আৱদ্ধ তাক বা এই সম্পদক বিতং আলোচনা কৰাৰ আগতে আইন সম্পৰ্কত আলোচনাৰ প্ৰয়োজন আছে৷ যিহেতু NIA গোটেই ব্যৱস্থাটো এখন আইন আৰু এখন বিশেষ আদালতৰ দ্বাৰা পৰিচালিত৷ভাৰত ৰাষ্ট্ৰ সংবিধানিক      ৰ৷ ঐক্যতা (Unity);২৷ অখণ্ডতা (Integrity);৩৷ সাৰ্বভৌমত্ব (Sovereignity)জ্ব৪৷ নিৰাপত্তা (Security);যাতে অটুত থাকে বা কোনে অভ্যন্ত...
ব্যৱসায় ভিত্তিত কদকনাথ কুকুৰা পালন (ছয়নিকা কপিল)

ব্যৱসায় ভিত্তিত কদকনাথ কুকুৰা পালন (ছয়নিকা কপিল)

CURRENT TOPIC
কদকনাথ কুকুৰা- নামেই যাৰ পৰিচয়, যাক বহুলোকে ব্লেকচিকেন বা ‘কালা মাসী’ বুলিও কয়৷ ব্লেকচিকেন বুলি এইকাৰণে কোৱা হয় কাৰণ মুৰ্গীটোৰ সম্পূৰ্ণ ভৰি, নখ, জিভা, চকু লগতে মাংসৰ বৰণো ক’লা হয়৷ বৰ্তমান অসমৰ অৰ্থনীতিত বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইবিধ কুকুৰাই৷ বহুত পুষ্টিযুক্ত আৰু মুৰ্গীৰ প্ৰজাতিৰ ভিতৰতে আটাইতকৈ অধিক প্ৰটিন পোৱা মুৰ্গী হ’ল কদকনাথ মুৰ্গী৷ ইয়াত প্ৰতি কিলোগ্ৰামত ২৫ শতাংশ প্ৰটিন পোৱা যায়৷ চৰ্বিৰ পৰিমাণ আটাইতকৈ কম- ঙ্ম.৭৩-১.০৫ শতাংশহে মাত্ৰ৷ তাৰ লগতে এই মুৰ্গীৰ মাংসৰ ভিটামিন  Bৰ, B২, B৬, B১২, GE, নাইচিন, প্ৰটিন, কেলচিয়াম, ফচফৰাচ, আইৰণ (অধিক) নিয়াচিন (Niacin) এচিড পোৱা যায়৷এই মুৰ্গীবিধ মধ্যপ্ৰদেশৰ ধাৰ ( Dhar) আৰু জাবুৱা (Jhabua) ঠাইৰ থলুৱা কুকুৰা৷ এইবিধ কুকুৰা সাধাৰণতে তিনিটা প্ৰকাৰৰ- Jet Black, Golden Black আৰু Pencilled৷ এই মুৰ্গীক নোমৰ ৰঙৰ সৈতে বিভক্ত কৰা হৈছে৷এই...
যুৱ প্ৰজন্মৰ মাজত উচ্ছৃংখলতা সমাজ তথা অভিভাৱকৰ কৰণীয় নাই নেকি (নৱনীতা শৰ্মা বৰঠাকুৰ)

যুৱ প্ৰজন্মৰ মাজত উচ্ছৃংখলতা সমাজ তথা অভিভাৱকৰ কৰণীয় নাই নেকি (নৱনীতা শৰ্মা বৰঠাকুৰ)

CURRENT TOPIC
বৰ্তমান যুৱ প্ৰজন্মৰ মাজত দেখা দিয়া উশৃংখলতাই আমাৰ সমাজত এক গভীৰ চিন্তাৰ বিষয় হৈ ঠিয় দিছে৷ সংবাদ মাধ্যম বিশেষকৈ বাতৰি কাকত, দূৰদৰ্শন আৰু অনাতাঁৰ কেন্দ্ৰত এই ধৰণৰ প্ৰচাৰে আমাৰ সকলোকে বিব্ৰত কৰি তুলিছে৷ বুদ্ধিজীৱী, সমাজ সচেতন ব্যক্তিসকলৰ আগত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এনেধৰণৰ কিছুমান দৈনন্দিন ঘটনাই আ(ৰ্য্যজনকভাৱে আমাৰ সমাজ ব্যৱস্থাত এক কলঙ্কিত অধ্যায়ৰ সূচনা কৰাই নহয়, এইবিলাকে আমাৰ সমাজ ব্যৱস্থাটোক কলুষিত কৰিছে৷ যুৱচামৰ এই কাৰ্যাৱলীয়ে তথা তেওঁলোকৰ নৈতিক ঙ্খলনেও এক ভাবিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন কৰিছে৷ সকলোৱে মাথো স্বস্তিৰ নিশ্বাস পেলাবলৈহে চেষ্টা কৰিছে যেন লাগে৷ ইয়াৰ প্ৰতিকাৰৰ ওপৰত কোনেও বিশদ আলোচনা কৰাটো বিচৰা নাই যেন লাগে৷ নহলেনো লাজ, ভয়, সন্মান আদিৰ প্ৰতি যুৱকসকল একেবাৰে উদাস হৈ পৰি যি মন যায় তাকে কৰিবলৈ উদ্যত হোৱা আমি সদায়ে আমাৰ চকুৰ আগত দেখোঁ জানো? এই কথাখিনিৰ মাজ...
নাৰীবাদ… আৰু ইয়াৰ এক সামগ্ৰিক ধাৰণা… (ডেইজী অনুৰঞ্জনা)

নাৰীবাদ… আৰু ইয়াৰ এক সামগ্ৰিক ধাৰণা… (ডেইজী অনুৰঞ্জনা)

CURRENT TOPIC
নাৰীবাদ কি? বহুতে ‘নাৰীবাদ’ মানে পুৰুষ বিদ্বেষী এক মনোভাৱ বুলি ভাবে৷ ‘নাৰীবাদ’ মানেই যেন পুৰুষৰ বিৰোধিতা কৰা৷ নাৰীবাদ মানেই যেন পুৰুষৰ বিৰুদ্ধে শ্লোগান দিয়া৷ নাৰীবাদ মানেই যেন কেৱল সমাজ-সংস্কৃতিৰ বিৰুদ্ধে চলাই অহা এক উগ্ৰ চিন্তা৷বহুতে আনকি নাৰীবাদক পশ্চিমীয়া সংস্কৃতিৰ বিজতৰীয়া আমদানি বুলিও ভাবে৷কিন্তু প্ৰকৃতাৰ্থত নাৰীবাদত ওপৰোক্ত এটা মতৰো বাস্তৱিক স্থিতি নাই৷নাৰীবাদ মানে আন্দোলন, বা উগ্ৰ চিন্তা নহয়৷ নাৰীবাদ এটা মতাদৰ্শ, এটা মুক্ত বিচাৰ৷ যিয়ে শোষণৰ বিৰুদ্ধে চেতনা যোগাই এক যোগাত্মাক পৰিৱেশ সৃষ্টি কৰিব বিচাৰে৷ নাৰীবাদে লিংগবৈষম্য দূৰ কৰি পুৰুষ আৰু মহিলাৰ মাজত সম অধিকাৰ স্থাপন কৰিব বিচাৰে৷ সম অধিকাৰ বিচাৰে শিক্ষা, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক সকলো দিশতে৷সম অধিকাৰৰ কথা কওঁতেই আজি কিছুদিন আগত মোক ছ’চিয়েল মিডিয়াত এজনে প্ৰশ্ন কৰিছিল যে ‘‘ইমানেই যদি সম অধিকাৰ বিচাৰে তেন্তে...
University of Science & Technology, Meghalaya (প্ৰজ্ঞানভ বৰা)

University of Science & Technology, Meghalaya (প্ৰজ্ঞানভ বৰা)

CURRENT TOPIC
সামাজিক পৰিৱৰ্তন আৰু উত্তৰণৰ ক্ষেত্ৰত শিক্ষাই উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে৷ সমাজৰ প্ৰয়োজনীয় পৰিৱৰ্তন আৰু আধুনিকীকৰণৰ বীজ ৰোপণ কৰে শিক্ষাইহে৷ শিক্ষাই মানৱ জীৱনক প্ৰদান কৰে পোহৰ, কৰ্মকুশলতা, স্বাৱলম্বিতা আৰু জীৱন ধাৰণৰ উপায়৷ য’ত প্ৰতিফলিত হয় এখন সমাজৰ জীৱন ধাৰণৰ কৌশল, সাহিত্য, সভ্যতা আৰু সংস্কৃতি৷সমাজ পৰিৱৰ্তনত শিক্ষাৰ ভূমিকা অতি ব্যাপক৷ এখন সমাজ বা দেশৰ উন্নতি সাধন কৰিবলৈ তাৰ সদস্য সকলে যি লক্ষ্য আৰু উদ্দেশ্য গ্ৰহণ কৰে সেই উদ্দেশ্যৰ বাস্তৱ ৰূপ দিবলৈ ভৱিষ্যতৰ নাগৰিকসকলক সু-শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ এজন ছাত্ৰ-ছাত্ৰীক সামাজিক, অৰ্থনৈতিক ভাৱে দৃঢ় কৰিবলৈ তথা আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ সু-শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব আৰু শিক্ষা ব্যৱস্থাটোক উৎপাদনমুখী কৰি গঢ়ি তুলিব লাগিব৷ এনেধৰণৰ এক চিন্তা আৰু আদৰ্শ আগত ৰাখিয়েই ছাত্ৰ-ছাত্ৰীৰ বৰ্হিগমনৰ এই সময়ছোৱাত গুণগত শিক্ষা...