
কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়, ছয়মাইল, গুৱাহাটী (বিজু ৰাজখোৱা)
বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে আহি সু-প্ৰতিষ্ঠা লাভ কৰা অসমৰ এখন মহাবিদ্যালয় হৈছে গুৱাহাটীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়৷ এই কলেজখন ১৯৮৮ চনত জননেতা থোলোক গগৈ আৰু কেইবাগৰাকীও মহান ব্যক্তিৰ প্ৰচেষ্টাত ‘চিটি কলেজ’ নামেৰে প্ৰতিষ্ঠিত হৈছিল৷ তেতিয়া কলেজখন দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছিল আৰু কলেজৰ শ্ৰেণীৰ সময় আছিল পুৱা ৬-৪৫ ১ পৰা জ্জ্ব-৪৫ বজালৈকে৷ উচ্চতৰ মাধ্যমিক আৰু বি.এ. স্নাতক শ্ৰেণীৰ পাঠদান ‘চিটি কলেজ’ত এইদৰেই বহুলোকৰ প্ৰচেষ্টাত আৰম্ভ হৈছিল৷ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাতা অসমৰ বহুলোকৰ যথেষ্ট কষ্ট আৰু সু-প্ৰয়াস জড়িত হৈ আছে৷ অতি সামান্য বেতনত ইয়াত শিক্ষক-শিক্ষয়িত্ৰীসকলে মানৱ সম্পদ গঢ়ি সমাজলৈ অৱদান আগবঢ়াইছিল৷ ১৯৯৬ চনত কলেজখন বৰ্তমানৰ স্থায়ী ঠিকনা ছয়মাইললৈ আহিছিল৷ তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী,
‘চিটি কলেজ’ৰ মুখ্য পৃষ্ঠপোষক হিতেশ্বৰ শইকীয়াদেৱে কলেজৰ নতুন ঘৰৰ শু...