
ব্যৱসায় ভিত্তিত কদকনাথ কুকুৰা পালন (ছয়নিকা কপিল)
কদকনাথ কুকুৰা- নামেই যাৰ পৰিচয়, যাক বহুলোকে ব্লেকচিকেন বা ‘কালা মাসী’ বুলিও কয়৷ ব্লেকচিকেন বুলি এইকাৰণে কোৱা হয় কাৰণ মুৰ্গীটোৰ সম্পূৰ্ণ ভৰি, নখ,
জিভা,
চকু লগতে মাংসৰ বৰণো ক’লা হয়৷ বৰ্তমান অসমৰ অৰ্থনীতিত বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইবিধ কুকুৰাই৷ বহুত পুষ্টিযুক্ত আৰু মুৰ্গীৰ প্ৰজাতিৰ ভিতৰতে আটাইতকৈ অধিক প্ৰটিন পোৱা মুৰ্গী হ’ল কদকনাথ মুৰ্গী৷ ইয়াত প্ৰতি কিলোগ্ৰামত ২৫ শতাংশ প্ৰটিন পোৱা যায়৷ চৰ্বিৰ পৰিমাণ আটাইতকৈ কম- ঙ্ম.৭৩-১.০৫ শতাংশহে মাত্ৰ৷ তাৰ লগতে এই মুৰ্গীৰ মাংসৰ ভিটামিন
Bৰ, B২, B৬, B১২, GE, নাইচিন, প্ৰটিন, কেলচিয়াম, ফচফৰাচ, আইৰণ (অধিক) নিয়াচিন (Niacin) এচিড পোৱা যায়৷এই মুৰ্গীবিধ মধ্যপ্ৰদেশৰ ধাৰ
( Dhar) আৰু জাবুৱা (Jhabua) ঠাইৰ থলুৱা কুকুৰা৷ এইবিধ কুকুৰা সাধাৰণতে তিনিটা প্ৰকাৰৰ-
Jet Black, Golden Black আৰু Pencilled৷ এই মুৰ্গীক নোমৰ ৰঙৰ সৈতে বিভক্ত কৰা হৈছে৷এই...