CURRENT TOPIC – Page 54 – Purbodix.com

CURRENT TOPIC

শিক্ষাৰ বৰ্ণময় যাত্ৰাৰ এটি নাম– UNIVERSITY OF SCIENCE & TECHNOLOGY, MEGHALAY (পূৰ্বদিশৰ মেজৰ পৰা )

শিক্ষাৰ বৰ্ণময় যাত্ৰাৰ এটি নাম– UNIVERSITY OF SCIENCE & TECHNOLOGY, MEGHALAY (পূৰ্বদিশৰ মেজৰ পৰা )

CURRENT TOPIC
শিক্ষা জাতিৰ মেৰুদণ্ড৷ শিক্ষা সমাজৰ দাপোণ, য’ত প্ৰতিফলিত হয় এখন সমাজৰ জীৱন ধাৰণৰ কৌশল, সাহিত্য, সভ্যতা আৰু সংস্কৃতি৷ শিক্ষাই মানৱ জীৱনক প্ৰদান কৰে পোহৰ, কৰ্মকুশলতা, স্বাৱলম্বিতা, জীৱন ধাৰণৰ উপায়, সৌন্দৰ্য্য আৰু আনন্দ৷ শিক্ষা অবিহনে কোনো লোককে যোগ্য, দায়িত্ববান মানুহ হিচাপে গঢ়ি তুলিব পৰা নাযাব আৰু শিক্ষা নহ’লে কোনো মানুহেই প্ৰকৃতাৰ্থত ব্যক্তিত্ব [Personality] অৰ্জন কৰিব নোৱাৰে৷ সেয়েহে হয়তো ৰাজা ৰামমোহন ৰায়ে কৈছিল–“শিক্ষাৰ উদ্দেশ্যই হৈছে মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহক এক প্ৰকৃত পৰিচয় প্ৰদান কৰা৷” আচলতে এই পৃথিৱীত সকলোৱে নিজৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যক পূৰ্ণতা প্ৰাপ্তি ঘটাই সফল হ’ব বিচাৰে৷ সফলতা আমাৰ সকলোৰে কাম্য৷ সফলতাৰ এই যাত্ৰাত নিজকে চামিল কৰিবলৈ হ’লে ছাত্ৰ অৱস্থাতেই নিজকে উপযুক্ত ৰূপত গঢ়ি তুলিব লাগিব৷ কাৰণ ‘‘Today's students are the citizen of tomorrow’’ আজিৰ যুৱ বা ...
বৈবাহিক ধৰ্ষণ, এক সামাজিক অপৰাধ (অলকা মহন্ত বৰুৱা)

বৈবাহিক ধৰ্ষণ, এক সামাজিক অপৰাধ (অলকা মহন্ত বৰুৱা)

CURRENT TOPIC
অলপতে এখন চুটি চিনেমা ‘short movie’ চাবলৈ সৌভাগ্য [নে দুৰ্ভাগ্য] হৈছিল  একেলগে, সৰুৰে পৰা পঢ়া দুজন প্ৰেমীয়ে ডাঙৰ হৈ বিয়া হ’ল৷ দুয়ো দুটা প্ৰতিষ্ঠিত কোম্পানীত কাম কৰে৷ আপাততঃ এটা সুন্দৰ জীৱন কটাই অহা জীৱনলৈ স্থৱিৰতা আহি পালে যেতিয়া নাৰীগৰাকীয়ে বিয়াৰ প্ৰায় দেৰ বছৰৰ পিছত মাকৰ ঘৰলৈ একেবাৰে গুচি আহিল আৰু তেতিয়াহে ওৰহি গছৰ ওৰ ওলাল৷  মাকে বাৰে বাৰে বুজাই থাকিল যে ইমান ভদ্ৰ, ভাল মৰমীয়াল জোঁৱায়েক জীয়েকে আৰু এই জীৱনত কেতিয়াও নাপায়৷  মাকৰ বাৰম্বাৰ প্ৰসংশাৰ আতিশয্যত অতিষ্ঠ হৈ ছোৱালীজনীয়ে এখন এখনকৈ কাপোৰ খুলি কামুক স্বামীৰ কামোৰ আৰু বেল্টৰ দাগবোৰ যেতিয়া দেখুৱালে তেতিয়াহে সকলো  হতভম্ব হৈ পৰিল আৰু জীয়েকৰ মুখেৰে গম পালে কেনেকৈ তাইক যৌনমিলনৰ বাবে গিৰিয়েকে জোৰ কৰিছিল আৰু গিৰিয়েকৰ ইচ্ছামতে নুশুলেই কেনেকৈ তাইক প্ৰহাৰ কৰি ধৰ্ষণ কৰিছিল৷ অথচ সেই একেজন গিৰিয়েকেই যেতিয়া কৈশোৰ অৱস্থাত তাইৰ প্ৰেম...
বৰ্তমান সমাজত নাৰীৰ স্থান (বসন্ত গগৈ)

বৰ্তমান সমাজত নাৰীৰ স্থান (বসন্ত গগৈ)

CURRENT TOPIC
নাৰীৰ প্ৰতি এক অৱজ্ঞা ভৰা দৃ.ষ্টি  কেৱল ভাৰততে নহয়, পাশ্চাত্যৰ দেশসমূহতো ইয়াৰ প্ৰসাৰ দেখিবলৈ পোৱা যায়৷ নৰৱেৰ প্ৰখ্যাত নাট্যকাৰ ইবচেনৰ নাটকত দেখুওৱা হৈছে নাৰীক কেনেকৈ স্বাৰ্থপৰ পুৰুষে নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰিছিল৷ ভাৰতীয় নাৰীৰ ইতিহাস অতি গৌৰৱোজ্বল৷ বৈদিক যুগত বৌদ্ধিক, সামাজিক সকলো ক্ষেত্ৰতে নাৰীৰ স্থান আছিল উচ্ছ শিখৰত৷ ৰামায়ণ, মহাভাৰততো নাৰীৰ গৌৰৱপূৰ্ণ স্থিতিৰ কথা গম পোৱা যায়৷ মুছলমানসকল ভাৰতলৈ অহাৰ পিছত ভাৰতীয় নাৰীসকল সম্পূৰ্ণৰূপে পৰ্দা আঁৰত সোমাই পৰে৷ সেই সময়ত সতী দাহ প্ৰথা, বাল্যবিবাহ, বহু বিবাহ আদিৰ যোগেদি নাৰীক দমনমূলক  ব্যৱস্থাৰ মাজত বন্দী কৰি পেলোৱা হয়৷ ইংৰাজ ৰাজত্ব কালত নাৰীসকলৰ মুক্তিৰ কাৰণে ইংৰাজসকলে নাৰীমুক্তি আৰু নাৰীশিক্ষাৰ লগতে সতীদাহ আদি কু-প্ৰথাৰ নিবাৰণ কৰিলে৷ নাৰীৰ জীৱনটো সৰ্বগুণেৰে অলংকৃত কৰি আগুৱাই নিবলৈ আমাৰ সমাজ আৰু অভিভাৱকসকলৰ দায়িত্ব অনস্বীকাৰ...
পূৰ্বদিশলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

পূৰ্বদিশলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

CURRENT TOPIC
 ‘পূৰ্বদিশ’ৰ সোণালী যাত্ৰাত যোৱা চ্ছ জুন তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এক বিশদ আলোচনাত মিলিত হয় পূৰ্বদিশৰ মুখ্য উপদেষ্টা আকিব জাভেদ ডাঙৰীয়াই, প্ৰকাশকদ্বয় অৰূপ কাকতি, পল্লৱ মহন্ত, কাৰ্যবাহী সম্পাদিকা তন্দ্ৰালী মূৰ্ছনা, আই টি হেড সৌৰভ ঘোষ, বিজ্ঞাপন প্ৰচাৰক পূজা ভূঞা আৰু সদস্যা সাগৰিকা বৰা৷ এখন আলোচনী পূৰ্ণ ৰূপত জিলিকি উঠাৰ সপোন বাস্তবায়িত কৰিবলৈ হ’লে লাগিব বিজ্ঞজনৰ পৰামৰ্শ আৰু শুভকামনা৷ কোভিদ মহামাৰীৰ শংকাপূৰ্ণ সময়ত বিভিন্ন প্ৰত্যাহ৩ানৰ সন্মুখীন হ’লেও ‘পূৰ্বদিশ’ৰ প্ৰতিটো সংখ্যা অতি সুন্দৰভাবে প্ৰকাশ কৰি সাহিত্যৰ ভঁড়াল পোহৰমুখী কৰি ৰখাৰ পদক্ষেপক শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে আদৰণি জনায়৷ সমাজ, সাহিত্য-সংস্কৃতিৰ বিভিন্ন বিষয়বস্তুৰে ভৰপূৰ আলোচনীখনৰ  পাঠক আৰু লেখক -লেখিকাৰ সহাঁৰি অভূতপূৰ্ব৷ ই প্ৰকৃতাৰ্থত আলোচনীখনৰ প্ৰতিটো খোজ সবল কৰি তুলিছে৷ ইউটিউব, ফেচবুক, হোৱাটছ এপৰ প্ৰচুৰ...
অবৈধ জনতা আৰু ১৪৪ ধাৰা(ড॰ চিত্তৰঞ্জন বৰুৱা)

অবৈধ জনতা আৰু ১৪৪ ধাৰা(ড॰ চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC, STORY
১৪৪ ধাৰা বা ধাৰা ১৪৪ সম্পৰ্কত আমি প্ৰতিজনেই ক’ৰবাত নহয় ক’ৰবাত এবাৰলৈ হ’লেও জানিছো৷ এই ১৪৪ ধাৰাৰ দ্বাৰা আমি নিয়ন্ত্ৰিত হৈছো বা ইয়াৰ দ্বাৰা প্ৰভাৱিত আৰু শাসিত সময়ে সময়ে হোৱাৰ উপক্ৰম হওঁ৷ এই ১৪৪ ধাৰা সম্পৰ্কত আমি বিতংভাৱে নহ’লে থুলমুলকৈ আলোচনাৰ প্ৰয়াস কৰা হৈছে৷ সমাজৰ এজন নাগৰিক হিচাপে আমি আইন মানি চলাৰ লগতে আইনৰ জ্ঞান সম্পৰ্কত কিছু ধাৰণা থকাৰো প্ৰয়োজন৷ স্বাধীন ভাৰতৰ সংবিধানে ভাৰতীয় আইন আৰু গণতান্ত্ৰিক চেতনা বৰ্তাই ৰাখিলেও আৰু সমান্তৰালকৈ বহু আইন আমাৰ সমাজত বলৱৎ হৈ আছে৷ যিবোৰৰ প্ৰভাৱ পৰ্যায়ক্ৰমে প্ৰয়োজন অনুসৰি সমাজৰ প্ৰতিজন ব্যক্তিয়েই জীৱনত প্ৰভাৱিত হৈছে৷ এতিয়া আহোঁ ধাৰা ১৪৪নো কি? স্বাধীন ভাৰতৰ ফৌজদাৰী কাৰ্যবিধিৰ বাবে ভাৰতীয় সংসদে ১৯৭৩ চনত এখন সৰ্বগ্ৰহণীয় ভাৰত ভূ-খণ্ডত প্ৰযোজ্য হোৱাকৈ কেন্দ্ৰীয় আইন প্ৰণয়ন কৰিছিল৷ যাক ‘ফৌজদাৰী কাৰ্যবিধি আইন, ১৯৭৩ [১৯৭৪ চনৰ ২ নং আইন]’ ...
হোমেন বৰগোহাঞি ঃ এখন ব্যক্তিগত ৰচনা (জিতুমণি বৰা)

হোমেন বৰগোহাঞি ঃ এখন ব্যক্তিগত ৰচনা (জিতুমণি বৰা)

CURRENT TOPIC
১৯৯২ চনত ‘অগ্ৰদূত’ত এজন ষ্টাফ ৰিপৰ্টাৰ হিচাপে যোগ দিছিলোঁ৷ ‘অগ্ৰদূত’ৰ সম্পাদক মাননীয় শ্ৰীযুত কনকসেন ডেকা ছাৰৰ পৰামৰ্শৰ ভিত্তিত হেঙেৰাবাৰীৰ হাউছিং কলনিলৈ গৈছিলোঁ৷ উদ্দেশ্য আছিল প্ৰখ্যাত কমিউনিষ্ট নেতা হেমেন দাসৰ এটা দীঘলীয়া সাক্ষাৎকাৰ লোৱাৰ৷ তেতিয়া দিছপুৰত হিতেশ্বৰ শইকীয়াৰ চৰকাৰ৷ সেই যে হেঙেৰাবাৰীৰ হাউছিং কলনি আৰু হেমেন দাসৰ সৈতে পৰিচয় হ’ল, তাৰ পাছত হেমেন দাস ডাঙৰীয়াৰ ঘৰলৈ নিয়মীয়াকৈ যাবলৈ ল’লো৷ সৰলতা আৰু বাওঁ মতাদৰ্শৰ চিন্তা-চেতনাৰ বাবে মানুহজনক ভাল লাগিবলৈ ধৰিলে আৰু পাছলৈ খুড়া বুলিয়ে হেমেন দাসক মাতিবলৈ লওঁ৷ অগ্ৰদূত’ৰ বাবে বিভিন্ন সাক্ষাৎকাৰ আদি ল’বলৈ দুলাল বৰুৱা, গোলাপ বৰবৰা, গোলাম ওচমানিক বিচাৰি হেঙেৰাবাৰীৰ হাউছিং কলনিলৈকে গৈছিলোঁ৷ ম’বাইল ফোন নাছিল, গতিকে আজিৰ দৰে মবাইলতে কথাপাতি সাক্ষাৎকাৰ লোৱাৰ সুযোগ নাছিল৷১৯৯৩চনৰ মাৰ্চ মাহ৷ হোমেন বৰগোহাঞিয়ে অসম বাণী কাকতৰ সম্...
ৰূপান্তৰৰ পূজাৰী কলাগুৰু বিষ্ণু ৰাভা(বিপুল গগৈ)

ৰূপান্তৰৰ পূজাৰী কলাগুৰু বিষ্ণু ৰাভা(বিপুল গগৈ)

CURRENT TOPIC
অসমৰ কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্য, শিল্পকলাৰ জগতখনক সুকীয়া মাত্ৰা প্ৰদান কৰি থৈ যোৱা ৰূপান্তৰৰ পূজাৰী, যশস্বী কবি - সাহিত্যিক, দাৰ্শনিক, চিত্ৰকৰ, অনিন্দ্য নৃত্যশিল্পী, তেজস্বী কণ্ঠৰ সুবক্তা, ৰাজনীতিবিদ, ১৯০৯ চনৰ ৩১ জানুৱাৰীত দ্বিতীয় আসাম ৰাইফলচ বাহিনীৰ চুবেদাৰ মেজৰ গোপাল চন্দ্ৰ ৰাভাৰ ঔৰসত আৰু মাতৃ গেথীবালা ৰাভাৰ পৱিত্ৰ উদৰত তেতিয়াৰ সংযুক্ত পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী ঐতিহ্যপুৰ্ণ ঢাকা চহৰৰ সেনা ছাউনীত জন্মগ্ৰহণ কৰা ৰত্নগৰ্ভা অসম মাতৃৰ ক্ষণজন্মা সুসন্তান কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়াৰ হিয়াৰ আমঠু, জাতীয় জীৱনৰ প্ৰৌজ্জ্বল নক্ষত্ৰ, আমাৰ গৌৰৱ৷ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগত গুৰু মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ-মাধৱদেৱৰ পৰৱৰ্তী কালত জাতীয় জীৱনৰ বহল ক্ষেত্ৰখনক সামগ্ৰিক ভাবে ঐশ্বৰ্যমণ্ডিত কৰি অসমীয়া জাতি সত্তা আৰু ঐতিহ্যমণ্ডিত গৌৰৱোজ্জ্বল সোণসেৰীয়া সাংস্কৃতিক সৌধক উ...
পৰেশ বৰুৱাৰ প্ৰাসংগিকতা আছেগৈ নে??(ৰাজলক্ষ্মী ভূঞা )

পৰেশ বৰুৱাৰ প্ৰাসংগিকতা আছেগৈ নে??(ৰাজলক্ষ্মী ভূঞা )

CURRENT TOPIC
আহোমৰ ৰাজশাসনৰ বেলিমাৰ গ’ল... স্বভিমানী অসমীয়া বৃটিছ শাসনৰ তললৈ কৰতলতীয়া হিচাপে আহিল৷ অসমীয়াই বিদ্ৰোহ আৰম্ভ কৰিলে গোলামী যেন অসমীয়াৰ তেজত নাই৷ বহুত ঘাত-প্ৰতিঘাত অসহযোগ সত্যাগ্ৰহৰ অন্তত গোমধৰ পিয়লি কুশল কোঁৱৰ, কনকলতাৰ ত্যাগৰ বিনিময়ত ভাৰতৰ লগতে অসমীয়াই ভাৰতীয়ৰ লগতে স্বাধীনতা পালেই য়াণ্ডাবু সন্ধি ৰদ হ’ল, আকৌ আহিল ৰাষ্ট্ৰ যন্ত্ৰৰ ষঢ়যন্ত্ৰ৷ অসম আৰু অসমীয়াই প্ৰাপ্তিৰ পৰা বহু ক্ষেত্ৰত বঞ্চিত হ’ল৷ নায্য প্ৰাপ্তিৰ আন্দোলন হ’ল....  লাল বাল পালৰ দৰে অসমীয়াৰ তেজ আকৌ উথলি উঠিল৷ অসম আন্দোলনৰ সূচনা হ’ল৷ ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত অসম চুক্তি সম্পাদন হ’ল৷ আচৰিত আৰু মন কৰিবলগীয়া কথা তেতিয়ালৈকে অসমত সসস্ত্ৰ আন্দোলনৰ কথা কোনেও চিন্তা কৰা নাছিল৷ অসম আৰু অসমীয়াক শোষণ আৰু বঞ্চনাৰ ইমান চূড়ান্ত পয্যায় পালেগৈ যে, স্বাভীমানী অসমীয়াৰ সুঠাম জ্ঞানী শিক্ষিত কেইজনমান অসমীয়াই জাতিটোৰ ব...
গছ থাকিলেহে আমিও জীয়াই থাকিম (ৰঞ্জন শৰ্মা)

গছ থাকিলেহে আমিও জীয়াই থাকিম (ৰঞ্জন শৰ্মা)

CURRENT TOPIC
প্ৰকৃতি .....তুমি অপৰূপ তুমি মোহনীয়াতুমিয়েই বিশ্বৰ মনোৰমা৷গছে-বনে সেউজীয়া ৰঙে ৰূপে প্ৰয়োভৰাসেউজী ধৰণী ধুনীয়া৷৷প্ৰকৃতি, মানৱ জীৱনৰ এক অফুৰন্ত প্ৰেৰণা শক্তি, যি মানৱ জীৱনক ৰক্ষা কৰি আহিছে৷ এক কথাত, প্ৰকৃতিয়েই মানৱ জীৱনৰ বা জীৱজগতৰ প্ৰাণ৷ এই প্ৰকৃতি নহ’লে জীৱকূল জীয়াই থকা সম্ভৱ নহয়৷ কিন্তু সেই প্ৰকৃতি আজি বিনষ্ট হৈছে৷ প্ৰকৃতিৰ ওপৰত চলা নিৰ্বিবাদ অত্যাচাৰে কু-প্ৰভাৱ পেলাইছে প্ৰকৃতি প্ৰদত্ত সম্পদবোৰৰ ওপৰত৷ সুন্দৰ পৃথিৱীখনৰ বহু বস্তুৱেই যেন চিৰদিনলৈ হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ নোহোৱা হৈ পৰিছে প্ৰকৃতিৰ পূৰ্বৰ সেই ৰং-ৰূপ৷ ফলত পৰিৱেশ বিনষ্ট হৈ, এক কলুষিত বাতাবৰণে ছানি ধৰিছে আমাৰ মনোৰম বিনন্দীয়া পৃথিৱীখনত৷ আমাৰ চাৰিওফালে থকা পৰিদৃশ্যমান অৰ্থাৎ গছ-গছনি, বায়ু-পানী, নদ-নদী, পৰ্বত-পাহাৰ, সাগৰ-মহাসাগৰ, জীৱ-জন্তু আদিৰে পৰিবেষ্টিত ভূমিখণ্ডই হৈছে প্ৰকৃতি বা প্ৰাকৃতিক পৰিৱেশ৷ এই প্ৰকৃত...

নাৰীৰ মূল্যঃ কন্যা সন্তান প্ৰসংগ (নিমানন্দ দাস)

CURRENT TOPIC
যোৱাবছৰ মধ্যপ্ৰদেশত সংঘটিত কন্যা সন্তানৰ হত্যাৰ ঘটনা জানি হৃদয়খন বিষাই গৈছিল৷ ঘটনাটোৰ সাৰাংশটো হ’ল অৰ্ধ- সামৰিক বাহিনীত চাকৰি কৰা এগৰাকী জোৱানে নিজৰ তিনিগৰাকী নিবীহ, নিৰপৰাধী কন্যা সন্তানক জলহীন গভীৰ কুঁৱা এটাত পেলাই দি হত্যা কৰে আৰু নিজেও আত্মহত্যা কৰে৷ এই কৰুণ, হৃদয়বিদাৰক ঘটনাটি সংঘটিত হোৱাৰ কাৰণ আছিল অন্ধবিশ্বাস৷ অন্ধবিশ্বাসটো হৈছে একেৰাহে তিনি গৰাকী কন্যা সন্তান জন্ম দিয়াৰ পাছত তিনি সন্তানৰ হত্যাকাৰী পুৰুষগৰাকীৰ পত্নীয়ে চতুৰ্থবাৰৰ বাবে পুনৰ কন্যা সন্তান প্ৰসৱ কৰাত খং আৰু হতাশাত পুৰুষগৰাকীয়ে নিজ তিনি সন্তানক হত্যা কৰি নিজে আত্মহত্যা কৰে৷ পুৰুষ প্ৰধান আমাৰ সমাজত এগৰাকী মহিলাই দুটি বা তিনিটি কন্যা সন্তান জন্ম দিয়া তথা এটাও ল’ৰা সন্তান জন্ম দিয়া নোৱাৰা বাবে মহিলাগৰাকীকে দায়ী কৰে স্বামী, শহুৰ-শাহু বা ঘৰৰ আন সদস্যই৷ কিন্তু আচলতে সেয়া হয় জানোঞ্জ এগৰাকী মহিলাই ল’ৰা সন্তান জন্ম দিব নে কন্য...