বলাৎকাৰ অথবা ধৰ্ষণ এক মানসিক ব্যাধি নেকি?(ঊদেবৰ্ষি গৌতম)
বিকৃত মানসিকতাৰ একাংশ লোক আমাৰ সমাজতে বসবাস কৰে৷ যিসকল লোকে ধাৰাবাহিকভাবে আমাৰ সমাজত কলংক সানি আহিছে৷ বিকৃত মানসিকতাৰ যিসকল লোক আছে তেনে লোকসকলৰ চিন্তাবোৰ সাধাৰণ মানুহৰ সাধাৰণ চিন্তাৰ দৰে নহয়৷ প্ৰতিটো সময়তে তেনে লোকসকলৰ মগজটোত পাশৱিক কিছুমান চিন্তাই ক্ৰিয়া কৰি থাকে৷ এগৰাকী পুৰুষ আৰু এগৰাকী নাৰীয়ে শাৰীৰিক সম্ভোগ কৰাটো কোনো ডাঙৰ কথা নহয় অথবা কোনো নতুন কথা নহয়৷ এই প্ৰক্ৰিয়াটো আদিম যুগৰ পৰা আজিলৈকে চলি আহিছে৷ কিন্তু যদি কোনো এগৰাকী নাৰীৰ সন্মতি অবিহনে কোনো এগৰাকী পুৰুষে সেই নাৰী গৰাকীৰ সৈতে বলপূৰ্বক শাৰীৰিক সম্ভোগ কৰিবলৈ উদ্যত হয় তেনেহলে সেয়া কিন্তু আইনমতে নিশ্চিতভাৱে এক অপৰাধ৷ এনে কৰ্মক আমি এটা শব্দত বলাৎকাৰ নাইবা ধৰ্ষণ বুলি অভিহিত কৰোঁ৷ বলাৎকাৰ অথবা ধৰ্ষণৰ দৰে কাৰ্য সংঘটিত কৰিব পৰা এগৰাকী লোকৰ মানসিকতাৰ সৈতে অন্য এগৰাকী সাধাৰণ লোকৰ মানসিকতা কোনো কাৰণতে একে হ’ব নোৱাৰে৷ নিজৰ যৌন ক্ষুধা পূৰণৰ ব...