Page 13 – Purbodix.com

প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় আৰুশিক্ষকৰ কিছু প্ৰত্যাহ৩ান”(প্ৰীতিৰেখা কলিতা চকিয়ালপ্ৰ

প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় আৰুশিক্ষকৰ কিছু প্ৰত্যাহ৩ান”(প্ৰীতিৰেখা কলিতা চকিয়ালপ্ৰ

CURRENT TOPIC
“গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্মৈ শ্ৰীগুৰুৱে নমঃ৷৷’’ জ্ঞানৰ সমান এই পৃথিবীত পবিত্ৰ বস্তু একোৱেই নাই৷ শিক্ষাৰ মাধ্যমেৰে আমি জ্ঞান আহৰণ কৰোঁ৷ শিক্ষা হৈছে মানৱ জীৱনৰ দাপোন৷ শিক্ষাই মানৱ জীবনত প্ৰদান কৰে পোহৰ, সৌন্দৰ্য আৰু আনন্দ৷ এই শিক্ষাৰ মাধ্যমেৰে জ্ঞান সাগৰৰ পৰা মণি-মুকুটা বুটলি ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান প্ৰদান কৰা জনেই হৈছে ‘গুৰু’ অৰ্থাৎ শিক্ষক৷ শিক্ষক হৈছে প্ৰজ্ঞা, জ্ঞান আৰু পোহৰৰ প্ৰতীক৷ শিক্ষকসকল হৈছে শিক্ষা আৰু বিকাশৰ আধাৰশিলা৷ শিক্ষকতা কেৰল এটা বৃত্তিয়েই নহয় ই এক মহান সেৱা৷ বিদ্যালয় নামৰ এক পবিত্ৰ অনুষ্ঠানত অভিনব কলা-কৌশলেৰে মানুহ নামৰ জীৱন্ত সঁজুলি বিধক বিশেষ আকাৰ-আকৃতি দিয়ে শিক্ষকে৷ মানৱ সম্পদ গঢ়াৰ প্ৰধান চাবিকাঠী শিক্ষকসকলৰ ওপৰতে ন্যস্ত থাকে৷ এই ক্ষেত্ৰত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দায়িত্ব সৰ্বাধিক পৰিলক্ষিত হয়৷ শুনিবলৈ অপ...

মৰমৰ নৈ খনে

CURRENT TOPIC
উচুপি উঠিছে(কাকুমণি গগৈ) সিপাৰৰ নৈখনে বাৰুকৈয়ে উচুপিছে... তল সৰা বকুল বনত পোহৰৰ হেওঁতা বোলোৱা জোনাকীজনীয়ে চু নুচুকৈ আন্ধাৰক চুইছেহি... আন্মনা, চঞ্চল... নৈৰ ঘাটৰ খেজুৰ জুপিৰ দেহত যৌৱনৰ আবিৰৰ ৰং... নিৰ্বিকা১.. মৌন... নৈখন এতিয়া... কোনে সানি দিব দেহত নীলাৰ আবি১.. ভালপোৱাৰ স্নেহাস্পদ/ তোমাৰ খোলা খিৰিকীখনেৰে চাব পাৰিম নে নৈখনে উচুপি উঠা... ...

কৰবাৰ পৰা উভতি আহোঁতে(ৰণ্‌জিত গগৈ)

CURRENT TOPIC
মাত এটা দিব পৰাটোও ইমান সহজ নহয় মাত দিব পৰাটোতেইতো জানোচিনিব নোৱাৰি মানুহ বগা-ক’লাত কিহৰ বাহাৰ আপুনি পাহাৰ বগাইপাৰ হৈ আহি বহু অৰণ্যনদী ঘোলা কৰি অহা মানুহ জানো নহয়? তাৰ পাছতো কেনেকৈ দাং এডাল দিব পাৰেজপনা মুখত৷ ওঁঠত বৰলে কামুৰে বুলিথৰকাছুটি এটা হেৰুৱাই আপুনি স্থিতপ্ৰজ্ঞ নেকোনোবা এদিন ভাবিবলৈ মন নাযায় দেখো তেনেকৈআপোনাৰ লাৱনী ওঁঠতআঘোণৰ দাৱনীৰ ওঁঠৰ সুহুৰিয়ে ৰিঙিয়াই উঠেতাহানিতে কাঁচি দলিয়াই থৈ অহা দাৱনীজনীবিহুৱা ডেকাৰ মুখত বিহুগীতৰ দৰে৷ ক’ৰবাৰ পৰা উভতি আহোঁতেপকমৌ এটাৰ দৰে বুকুৰ ভিতৰখন জৰ্‌জৰাই নাহেনেআপোনাৰ বতাহত চিৰিলা চিৰিলিকৈ ফটা কলপাতৰ মাতেকেতিয়াবা বিষণ্ণ কৰি নোতোলেনে আপোনাকোগাঁৱৰ বাটত জাকফুৰা গৰুৰ জাক এটাইআজিকালি বাট ভেদি আমনি কৰিবলৈকাৰেই বা গোহালিটোআটোমটোকাৰীকৈ আছে আমাকেই ধিয়াই আমি সাতামপুৰুষীয়া জীৱনৰ সাহ এটা বুলি কৈকাৰ বুকুত বা তাহোন দিব পাৰোঁএটা জিকাফুলীয়া জীৱন সূতাতো ঘনাই ছিগেমাকোঁ যে ঘন...

অজান ঠিকনা(বাহাৰুল ইছলাম)

CURRENT TOPIC
অজান ঠিকনাৰ গৰাকী হৈ আঁকিছো জীৱনৰ এটি জীয়া ছবি য’ত আছে ওখোৰা-মোখোৰা কিছু পথ কিছু বাৰেবৰণীয়া দৃশ্য সুধিলোঁ সিহঁতক কিয় ইমান মোহনীয়? একে উশাহতে ক’লে- আমাক আপোন কৰা সহজ কাম নহয় যিমানেই আহিবা নিকটত সিমানেই পাবা নিলগত৷ এটি মিঠা গানৰ কলিতে যেতিয়া বুকু উঠে উথলি প্ৰেয়সীয়ে হাত-বাউলী মাতে কাজলসনা চকুযুৰিয়ে কাঢ়ি নিয়া টোপনিবোৰ মোৰ সন্মুখতে ধৰফৰাই বিছনাত সিহঁতে উজাগৰী নিশাক মনে-প্ৰাণে ভালপায় সেয়ে হয়তো ওৰেটো নিশা কথা পাতে মোৰ স’তে, জোনাক ৰাতি নিৰলে লিখোঁ অনেক কবিতা যিবোৰ মোৰ বুকুৰ আপোন জীৱন-যৌৱনৰ উচ্চ সপোন৷ প্ৰেমৰ কেঁচা কেঁচা সুবাসত দেখা পাওঁ মাদকতা পোহৰ অহা বাটৰ মধ্যভাগতে লগ পাওঁ কিচকিচীয়া ক’লা আন্ধাৰৰ ঠিকনা, প্ৰায়ে সমাধিস্থ হয় মোৰ হৃদয়খনি চকুৰ প্লাৱনত, জীৱনৰ অন্তহীন চাহিদা মৰহা এটি গোলাপৰ কলি বিষাদৰ বানত লীন যায় ক্ষণিকতে, পিতপিতাই বিচাৰোঁ এটি অজান ঠিকনাৰ গৰাকীহৈ৷ সৌন্দৰ্য...
প্ৰেমৰ অপমৃত্যু(জিনামণি বৰা)

প্ৰেমৰ অপমৃত্যু(জিনামণি বৰা)

CURRENT TOPIC
ডিচেম্বৰ মাহ, শীতৰ সেমেকা পুৱা৷ পুৱাৰ চাহ কাপ হাতত লৈ দেবীকা শইকীয়া ভিতৰৰ পৰা ওলাই আহি বাৰাণ্ডাৰ ৰ’দ কাচলিত বহি দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰাখন মেলি ল’লে৷ তেনেকুৱাতে প্ৰকাশক সমীৰজ্যোতি গেটখন খুলি সোমাই আহিছে৷ তেওঁক দেখি দেবীকা শইকীয়াই বসুন্ধৰাখন জপাই থৈ বাৰাণ্ডাৰ পৰাই সুধিলে– ঃ ইমান ঠাণ্ডাত এই পুৱাই পুৱাই যে? সমীৰ হাঁহি হাঁহি তেওঁৰ ওচৰ পালেহি আৰু ক’লে– ঃ পুৱাৰ চাহকাপ আপোনাৰ লগত একেলগে খাওঁ বুলি আহিলোঁ৷ তেওঁ চকী এখন সমীৰলৈ আগবঢ়াই বহিবলৈ দি ক’লে– ঃ এৰা, ৰ’দত বহি পুৱাৰ চাহ কাপ খোৱাৰ আমেজেই সুকীয়া৷ ৰ’বা, মই তোমালৈও চাহ একাপ বাকি আনোগৈ৷ দুয়ো একেলগে চাহ খাই খাই কথা পাতিম৷ লগে লগে সি চিঞৰি উঠিল– ঃ নাই নাই মই চাহ নাখাওঁ৷ ধেমালিহে কৰিছোঁ৷ আচলতে আপোনাক নিমন্ত্ৰণ এটা দিবলৈহে আহিলোঁ৷ –তাৰ কথাত দেবীকা ভিতৰলৈ যাবলৈ ওলাইয়ো আকৌ বহি দিলে৷ ঃ কোৱাচোন কিহৰ নিমন্ত্ৰণ? ঃ বাইদেউ, উৰ্মিলা বৰু...
প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ

CURRENT TOPIC
সাৰাংশ( মূল ঃ ড॰ গৌৰহৰি দাস অনুবাদ ঃ নিৰ্মালি মহন্ত) যোৱা সংখ্যাৰ পিছৰ পৰা... নীলাম্বৰে তাৰ ওচৰলৈ গৈ আগফালৰ পৰা পিছফাললৈকে গোটেই মটৰ চাইকেলখন ভালকৈ চাই ইন্দ্ৰমণিক সুধিলে, “কিনিলি নেকি?” ঃ এইখন কৰুণাকাৰৰ৷ ভাল লাগিছে নে? ময়ো এনেকুৱা ৰঙৰে এখন কিনিম বুলি ভাবিছোঁ৷ আচ্ছা শুন, আজি গধূলি কলা নিকেতনৰ ফালে পাক এটা মাৰিবি৷ অলপ আৰ্জেণ্ট আছে৷ তোৰেই কাম বুলি ধৰি ল৷ ঃ কি কাম, ক’চোন! ঃ হাটৰ মাজত হেনো ব্ৰহ্মজ্ঞানৰ চৰ্চা কৰিবলৈ পায়৷ মই যাওঁ এতিয়া৷ তই নহাকৈ নাথাকিবি খালি৷ ভট ভট শব্দ কৰি মটৰ চাইকেল উৰুৱাই ইন্দ্ৰমণি গুচি গ’ল৷ এবাৰো সি ৰমাকান্তৰ ফালে ঘূৰি নাচালে, যেন ইটোৱে সিটোক চিনিহে নাপায়৷ নীলাম্বৰ এইবাৰ দোধোৰ-মোধোৰত পৰিল৷  এফালে চাকৰি, আনফালে প্ৰেম! হায়ৰে কপাল! ৰমাকান্তৰ কথা শুনি মালতী অবাক হৈ পৰিল৷ কিছু সময় তাই কি ক’ব ভাবি পোৱা নাছিল৷ তাইৰ লাগিল যেন, ককায়েকে তাইৰ আৰু শুভেন্দুৰ কথা ক...

কবিতা

CURRENT TOPIC
হিয়াত এজাক প্ৰেমৰ বৰষুণ...(ইন্দিৰা দেৱী) মাজনিশাৰ বৰষুণজাকৰ টোপালবোৰ গছ-পাতত পৰি কি যে মায়াময় ঝঙ্কাৰ/ মই শুনা সুৰটো তুমিও বাৰু শুনিছানেকি? তোমাত লুকাই থকা আৱেগখিনি কোনেও গম নোপোৱাকৈ মোলৈ কঢ়িয়াই লৈ আনিছে/ কাণপাতি শুনা৷ মইও শুনিছোঁ৷৷ উফ্‌ / নিমাওমাও নিশাবোৰো যে কি উমাল/ সুলকি পৰিব খোজা মেৰপাকবোৰৰ বেহু ফালি৷ অৰ্থহীন শব্দৰ সমাহাৰেৰে পৰিপুষ্ট অৰ্থপূৰ্ণ ভাৱবোৰক টলবল বাৰিষাৰ ঢৌবোৰে বঠাবিহীন নৌকাৰ দৰে উটুৱাই বুৰাই পেলাবলৈ কিমান পৰ? এইয়া.. তুমি কাষতে আছা/ প্ৰতি খোজত, সোঁৱে-বাঁৱে, আনন্দত অথবা বিষাদত৷ অনুভৱি হৃদয়ত প্ৰতিধবনিত হয় তোমাৰ পৰশৰ অনুভূতি৷ প্ৰকাশিতবা অপ্ৰকাশিত৷ অপ্ৰাপ্তিবেৰে খুন্দিয়াই খুন্দিয়াই উপলুঙা কৰিলেও প্ৰাপ্তিৰ তাগিদাত, আশাৰ আৱেষ্টনীত বন্দী মই৷ বাহিৰৰ পৰা আহি আলনাত ওলোমাই থোৱা ফুটফুটীয়া বগা চোলাটোৰ গোন্ধটো দীঘলকৈ উশাহ টানি এবাৰ লৈ লওঁ, নাকত ৰৈ যোৱাকৈ৷ ফুল-ধূপ-চন্দন আৰু সুগন্ধিৰে চৌপ...
নতুনকৈ বলৱৎ হোৱা ভাৰতীয় ন্যায় ব্যৱস্থা ঃএটি সমীক্ষা(নাছিৰ আহমেদ)

নতুনকৈ বলৱৎ হোৱা ভাৰতীয় ন্যায় ব্যৱস্থা ঃএটি সমীক্ষা(নাছিৰ আহমেদ)

CURRENT TOPIC
এটি সমীক্ষা সাম্ৰাজ্যবাদী তথা ঔপনিৱেশবাদী ব্ৰিটিছ চৰকাৰে পৰাধীন ভাৰতত সাম্ৰাজ্যবাদী আৰু ঔপনিৱেশিক শাসন আৰু শোষণ কাৰ্য সুকলমে চলাই নিয়াৰ স্বাৰ্থত ১৮৬০ চনৰ দণ্ড বিধি আইন (CrPc) প্ৰণয়ন কৰিছিল৷ আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ ছয় সত্তৰ বছৰ পিছতহে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে ২০২৩ চনৰ আগষ্ট মাহত দেশত প্ৰচলিত হৈ থকা ভাৰতীয় ন্যায় ব্যৱস্থাক সংশোধিত বা পৰিৱৰ্তিত ৰূপত এখন বিধেয়ক লোকসভাত দাঙি ধৰে৷ সাংসদ সকলৰ মাজত বিভিন্ন তৰ্ক-বিতৰ্ক আৰু আলোচনাৰ অন্তত এই বিধেয়কখন গৃহীত হয়৷ তাৰ পিছত ৰাজ্যসভাতো এই বিধেয়কখন গৃহীত হোৱাৰ পাছত ২০২৩ চনৰ ডিচেম্বৰ মাহত মাননীয় ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ লগে লগে এই বিধেয়কখন আইনত পৰিণত হয় আৰু এই ভাৰতীয় ন্যায় ব্যৱস্থাৰ সংশোধিত বা পৰিৱৰ্তিত ৰূপত গৃহীত হোৱা আইনখন ১ জুলাই ২০২৪ চনৰ পৰা দেশত বলৱৎ হয়৷ তলত এই আইন খনৰ সংশোধিত বা পৰিৱৰ্তিত ৰূপ দাঙি ধৰা হ’ল৷ ভাৰতীয় ন্যা...
সংগীত আৰু সমাজ(প্ৰকাশ শৰ্মা)

সংগীত আৰু সমাজ(প্ৰকাশ শৰ্মা)

CURRENT TOPIC
সংগীত কলাই হ’ল সমাজৰ প্ৰকৃত পৰিচয়ৰ দাপোন৷ অজীতৰ পৰাই সংগীতে মানব সমাজত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে৷ মানুহ সমাজ প্ৰিয়৷ গতিকে সামাজিক জীৱন সুখদায়ক আৰু মনোৰম কৰাৰ একমাত্ৰ আহিলাই হৈছে সংগীত৷ জয়মঙ্গলৰ চৌষষ্ঠি কলাৰ ভিতৰত সংগীত কলাৰ স্থান উত্তম আৰু উপাদেয়৷ গীত, বাদ্য আৰু নৃত্য এই তিনি কলাক আমি সংগীত বুলি পুৰণি কালৰে পৰা গ্ৰহণ কৰি আহিছো৷ ইয়াৰ ভিতৰত দেশী আৰু মাৰ্গ এই দুই ধাৰাৰ সংগীত ভাৰতীয় জীৱন ধাৰাত কেতিয়াৰ পৰা আজিলৈকে প্ৰৱহমান হৈ আছে সেইবিলাক তথ্যৰ বিষয়ে গৱেষকে গৱেষণা কৰি আজিও অন্ত কৰিব পৰা নাই৷ পশ্চিমীয়া সংগীতৰ দৰে ভাৰতীয় সংগীত একমাত্ৰ মনোৰঞ্জনৰ আহিলা নহয়৷ ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চতুবৰ্গ সাধনৰ বিষয় বুলি সংগীত কলাক ভাৰতীয় সমাজত উচ্চ স্থানত প্ৰতিষ্ঠা কৰা হৈছে যুগৰ প্ৰবাহে কিছু হীন দেৰি ঘটালেও সংগীত কলা ভাৰতীয়সকলৰ প্ৰাণৰো প্ৰাণৰ শ্ৰদ্ধাৰ বিষয় বস্তু৷ পৃথিবীৰ সকলো ভৌগৌলিক স্থানৰ সমাজত...