Arup Kakoti – Page 12 – Purbodix.com

Author: Arup Kakoti

চুটি গল্প

চুটি গল্প

CURRENT TOPIC
জয়লাভৰ গ্লানি(ঊমানস চক্ৰবৰ্তী) আন দিনাৰ দৰে আজিও ক্লাছ ছুটি হোৱাৰ পিছতে ৰমেন আৰু নলীন দুয়ো বন্ধু ওলাই গ’ল খেলিবলৈ৷ সিহঁত দুজনৰ পঢ়া কলেজৰ হোষ্টেলৰ কাষতে লাগি আছে ষ্টেডিয়ামখন৷ গতিকে ক্লাছ ছুটি হোৱাৰ পিছতে দুয়োজন খেলাত লাগি যায়৷ ৰমেন আৰু নলীন দুয়োজনে মেট্ৰিক পাছ কৰি এই মহানগৰীৰ স্বনামধন্য কলেজখনত এডমিছন লৈছে৷ দুয়োৰে একেই ক্লাছ, একে হোষ্টেল, আৰু হবিও একে৷ সেয়েহে হোষ্টেলত একাদশ শ্ৰেণীত এডমিছন লোৱাৰ পিছতে দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠিছে৷ মেট্ৰিকৰ ৰিজাল্টো দুয়োৰে প্ৰায় সমান৷ দুয়োজনে ফুটবল খেলি ভাল পায়৷ ৰমেনে চেণ্টাৰ ফৰোৱাৰ্ডত খেলে আৰু নলীন চেণ্টাৰ বেকত৷ একাদশ শ্ৰেণীত পঢ়িবলৈ অহা আৰু খেলত ৰুচি থকা ছাত্ৰ দুজনক পাই কলেজৰ ক্ৰীড়া শিক্ষক বৰকটকী ছাৰ খুব সুখী৷ ৰমেনৰ দ্বিবলিং কৌশল দেখি বৰকটকী ছাৰে বৰ ভাল পালে৷ সেয়েহে তেওঁ কলেজৰ ফুটবল দলটো নতুনকৈ গঢ়াৰ কথা চিন্তা কৰিবলৈ ধৰিলে৷ বৰকটকী ছাৰে কথাটো কলেজৰ...
মহিষাসুৰমৰ্দিনী(ঊড॰ মৃদুস্মিতা ফুকন)

মহিষাসুৰমৰ্দিনী(ঊড॰ মৃদুস্মিতা ফুকন)

CURRENT TOPIC
ভাৰতীয় হিন্দুৰ জনমানসত দেৱী দুৰ্গাৰ যিকেইটা ৰূপ মহাশক্তিৰ আধাৰ হিচাপে পূজিতা হৈ আহিছে, তাৰ ভিতৰত অন্যতম হ’ল দেৱীৰ মহিষাসুৰমৰ্দিনী ৰূপ৷ সেয়ে শাৰদীয় দুৰ্গা পূজাৰ মৃন্ময় মূৰ্তিতো দেৱীৰ এই ৰূপেই গৃহীত হৈছে৷ মাৰ্কেণ্ডেয় পুৰাণৰ ত্ৰয়োদশ অধ্যায়ত ‘দেৱী মাহাত্ম্য’ নামৰ অধ্যায়ত (যিটোৱে সময়ত চণ্ডী গ্ৰন্থৰূপে প্ৰসিদ্ধি লাভ কৰে) থকা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ মহিষাসুৰ নিধনৰ কাহিনী তাৎপৰ্যপূৰ্ণ৷ এই আখ্যান হ’ল চণ্ডী গ্ৰন্থৰ দ্বিতীয় আখ্যান৷ মহিষাসুৰ হ’ল ৰম্ভাসুৰৰ সন্তান৷ ত্ৰিলোকবিজয়ী এক পুত্ৰৰ বাবে মহাদেৱক অনেক তপস্যা কৰাৰ অন্তত ৰম্ভাই এই পুত্ৰ লাভ কৰে৷ এজনী মাইকী ম’হৰ গৰ্ভত জন্ম লোৱা বাবেই তেওঁৰ নাম হয় মহিষাসুৰ৷ ঋকবেদত ‘মহিষ’ শব্দটো প্ৰভূত বলশালী অৰ্থত ব্যৱহাৰ কৰা দেখা যায়৷ কালক্ৰমত অসুৰবোৰৰ ৰজা মহিযাসুৰ অতি দুৰ্দান্ত হৈ পৰে৷ দেৱী ভাগৱত, বৰাহ পুৰাণ আদিত মহিষাসুৰৰ উৎপত্তি সম্বন্ধে বহুল বিবৃতি আছে৷ কা...
ফাইব্ৰ’মিয়ালজিয়া আৰু মাংসপেশীৰ বিষ(ঊপ্ৰাঞ্জল প্ৰতীম বৰা)

ফাইব্ৰ’মিয়ালজিয়া আৰু মাংসপেশীৰ বিষ(ঊপ্ৰাঞ্জল প্ৰতীম বৰা)

CURRENT TOPIC
ভাৰতবৰ্ষৰ প্ৰায় দুইৰ পৰা চাৰি শতাংশ লোকৰ মাজত দেখা পোৱা শৰীৰৰ যিকোনো অংশত হৈ থকা নেৰানেপেৰা বিষৰ এক কাৰণ হল  ফাইব্ৰ’মিয়াল্‌জিয়া (Fibromyalgia)৷ বিশেষকৈ ৩০ ১ পৰা ৫০ বছৰৰ ভিতৰত মধ্যম বয়সৰ লোকসকলৰ মাজত বিশেষভাৱে দেখা যায়৷ ফাইব্ৰ’মিয়াল্‌জিয়া (Fibromyalgia) অৰ্থাত শৰীৰৰ মাংসপেশীসমূহৰ প্ৰতিডাল ফাইবাৰ্‌তে যেন বিষ৷ ইয়াক এইবাবেই এক আচৰিত ধৰণৰ সমস্যা বুলি ধৰা হয় কাৰণ এজন ফাইব্ৰ’মিয়াল্‌জিয়াত ভোগা লোকৰ শৰীৰৰ যিকোনো অংশ যেনে হাত, ভৰি, পিঠি আঁঠু আদি শৰীৰৰ বিভিন্ন অংশত বিষ বহুত দিন ধৰি থাকে কিন্তু এই বিষৰ প্ৰকৃত কাৰণ জনাটো সম্ভৱ নহয়৷ যেতিয়া এজন লোক এইধৰণৰ বিষৰ বাবে চিকিৎসকৰ ওচৰলৈ যায়, তেওঁৰ এক্স ৰে, এম্‌ আৰ আই, বিভিন্ন ধৰণৰ তেজৰ পৰীক্ষা যেনে হিম’গ্লবিন, ESত্ম, CRত্ন, RA factor, ভিটামিন আদিৰ পৰীক্ষা কৰা হয় আৰু এই সকলোবোৰ পৰীক্ষাৰ ফলাফল নৰ্মেল অহা দেখা যায়৷ কিন্তু সকলোবোৰ নৰ্মেল থকাৰ পিছতো যদি তেওঁৰ শৰীৰৰ ...
অপৰাহ্ন(ঊআকাশ দীপ্ত ঠাকুৰঅপৰাহ্ন(

অপৰাহ্ন(ঊআকাশ দীপ্ত ঠাকুৰঅপৰাহ্ন(

CURRENT TOPIC
নিশা গভীৰ হৈ অহাৰ লগে লগে মন্দিৰটোৰ চৌপাশ যেন ৰহস্যময় হৈ পৰে৷ পাতলীয়া কুঁৱলীৰ আঁৰেদি হেল’জেন লাইটটোৰ হালধীয়া পোহৰখিনিয়ে চোতালখন আৱৰিবলৈ যেন আপ্ৰাণ চেষ্টা কৰিও অৱশেষত হাৰ মানি লয়৷ মূল মন্দিৰৰ ভিতৰত তেতিয়া কৈলাশ ছাৰে পাছদিনা পূজাৰ বাবে সকলোবোৰ সা-সামগ্ৰী সাজু হৈ আছেনে নাই তদাৰক কৰিবলৈ আৰম্ভ কৰে৷ মূল মন্দিৰৰ সৈতে ভিতৰুৱাকৈ সংলগ্ন সৰু কোঠালিটো পাৰ হৈ অন্তৰ্ভাগৰ পাকঘৰসদৃশ কোঠালিটোৰ একাষে তিনিটা ডাঙৰ ডাঙৰ লোহাৰ আলমাৰীকে ধৰি আইসকলে ব্যৱহাৰ কৰা গেছটো, বহিৰ্ভাগৰ প্ৰতিমা থকা বেদীৰ পৰা আঁতৰলৈ শাৰী শাৰীকৈ পৰিচায়কসকলে সজাই থৈ যোৱা, পাছদিনাৰ বাবে প্ৰয়োজন হ’ব পৰা নৈবেদ্যৰ থালি... সকলোবোৰ তেখেতে নিৰীক্ষণ কৰে৷ ইতিপূৰ্বে বাহিৰৰ আছুতীয়া পূজা সমিতিৰ অফিচ গৃহত, ঠিক ষষ্ঠীৰ বেলবোধনৰ দিনাৰ পৰা নৱমী নিশালৈকে নৈশ পহৰাৰ দায়িত্বত নিয়োজিত হোৱা যদু তেতিয়ালৈ দুৰ্ঘোৰ টোপনিত পৰে৷ ঠিক তেনে সময়তে চানেকীয়া পোহৰৰ আঁৰে আঁৰে...

কবিতা

CURRENT TOPIC
যান-বাহন(ঊবাহাৰুল ইছলাম)   সাৱধান, সাৱধান বৰ সাৱধান, যান-বাহন চলাৰ ক্ষণত হ’বা সাৱধান৷   সোঁফাল বাওঁফাল সন্মুখৰ ফাল, খোজকাঢ়ি যাওঁতে ল’বা বাওঁফাল৷   দেখিছানে ট্ৰেফিক লাইট বৰ মজা লাগে, ৰাস্তাবোৰ পাৰ হওতে যাবা লগে-ভাগে৷   ৰঙা লাইট জ্বলিলে অলপ সময় ৰ’বা, হালধীয়া লাইট জ্বলিলে গমি-পিটি চাবা৷   যানজঁটৰ সময়ত সতৰ্ক হ’বা, সেউজীয়া লাইট জ্বলিলে আগবাঢ়ি যাবা৷   সাৱধান, সাৱধান বৰ সাৱধান, যান-বাহন চলাৰ ক্ষণত   হ’বা সাৱধান৷   ...
মানৱ সেৱাই যাৰ পৰম ধৰ্ম-ৰামকৃষ্ণ পৰমহংস(ঊজোনাকী দেৱী )

মানৱ সেৱাই যাৰ পৰম ধৰ্ম-ৰামকৃষ্ণ পৰমহংস(ঊজোনাকী দেৱী )

CURRENT TOPIC
মানৱ ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম-এই কথাই সাৰোগত কৰি জীৱন বাটত সকলোকে মৰমেৰে আকোঁৱালি লোৱা মহাপুৰুষজন হৈছে -ৰামকৃষ্ণ পৰমহংস৷ এজন প্ৰখ্যাত ভাৰতীয় যোগসাধক, দাৰ্শনিক, ধৰ্মগুৰু তথা তীব্ৰ সহানুভূতিশীল ব্যক্তি৷ তেওঁ শিষ্যসকলক মানৱতাৰ পাঠ শিকাইছিল৷ ৰামকৃষ্ণ দেৱৰ বিষয়ে জানিব পাৰি তেওঁৰ প্ৰতি শ্ৰদ্ধা অধিক হৈ গৈছিল৷ ২০১৭ চনৰ ২৫ ডিচেম্বৰত আমি বেলুড় মঠ (কোলকাতা) চাবলৈ গৈছিলোঁ৷ তালৈ যোৱাৰ পাছত মনত এক গভীৰ প্ৰশান্তি অনুভৱ কৰিছিলোঁ গঙ্গাৰ পাৰত বহি সেই মহান আত্মাৰ বিষয়ে ওচৰৰ পৰা জানিবলৈ শুনিবলৈ পাই নিজকে সৌভাগ্যৱতী যেন অনুভৱ হৈছিল৷ বেলুড় মঠ (ৰামকৃষ্ণ মিছন) প্ৰতিষ্ঠা কৰিছিল ৰামকৃষ্ণৰ প্ৰিয় শিষ্য স্বামী বিবেকানন্দই৷ ঠিক তেনেকৈ ৰামকৃষ্ণ দেৱৰ উপাসনাৰ স্থলী দক্ষিণেশ্বৰ কালী মন্দিৰত গৈয়ো এক বিশেষ অনুভৱ হৈছিল৷ কোৱা হয় ৰামকৃষ্ণদেৱ হেনো কালী মাৰ সাক্ষাৎ দৰ্শন লাভ কৰিছিল৷ কলকাতাৰ দোকান-পোহাৰ, হোটেল আদি প্ৰায় সকলোতে ৰামকৃষ...
তেজপুৰৰ ঐতিহাসিক শক্তিপীঠ শ্ৰীশ্ৰীভৈৰৱী দেৱী মন্দিৰ বা মাইথানৰ ইতিহাস আৰু পৰম্পৰাগত দুৰ্গা পূজা(ঊজ্যোতিৰ্ময়ী শৰ্ম্মা)

তেজপুৰৰ ঐতিহাসিক শক্তিপীঠ শ্ৰীশ্ৰীভৈৰৱী দেৱী মন্দিৰ বা মাইথানৰ ইতিহাস আৰু পৰম্পৰাগত দুৰ্গা পূজা(ঊজ্যোতিৰ্ময়ী শৰ্ম্মা)

CURRENT TOPIC
ভৈৰৱী মন্দিৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত৷ বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে “মাইথান’’ বুলি জনাজাত৷ মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা৷ এই মন্দিৰৰ নিৰ্মাণ সম্পৰ্কে একো প্ৰামাণিক তথ্য নথকা হেতুকে কেতিয়া আৰু কোনে এই মন্দিৰ সাজি উলিয়াইছিল সেয়া এতিয়াও অজ্ঞাত৷ এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজা-অৰ্চনা কৰা হয়৷ লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত বাণ ৰজাৰ জীয়ৰী ঊষাই ইয়াতেই দেৱীক আৰাধনা কৰিছিল৷ এই মন্দিৰত বলিবিধান প্ৰথা আজিও চলি আছে৷ মন্দিৰৰ চাৰিওফালে অসংখ্য পুৰণিকালৰ ভগ্ন শিলাখণ্ড সিঁচৰতি হৈ পৰি আছে৷ ভৈৰৱীৰ পৰা বামুণী পাহাৰলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এলানি টিলা আছে৷ অন্যান্য সময়ৰ উপৰিও প্ৰত্যেক বছৰে দুৰ্গা পূজাত বহু দূৰ-দূৰণিৰ পৰা অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়৷ লানি নিছিগা দীঘলীয়া শাৰী পাতি ভক্তগণে দেৱী মা...
শাৰদীয় দুৰ্গোৎসৱ আহিল(ঊকৰবী বৰ্মন কলিতা)

শাৰদীয় দুৰ্গোৎসৱ আহিল(ঊকৰবী বৰ্মন কলিতা)

CURRENT TOPIC
শৰতৰ বতৰা লৈ শাৰদীয় দুৰ্গোৎসৱ আহিল৷  শৰৎ ঋতুক আঁকোৱালি ল’লে প্ৰকৃতিয়ে, চৌদিশে শৰতৰ শেৱালিৰ অথবা বকুল ফুলৰ গোন্ধ৷ নিয়ৰৰ দুবৰি দলিছাখন ৰ’দৰ পোহৰত চিকমিকাব ধৰিছে নিয়ৰৰ টোপালবোৰে৷ নৈৰ দাঁতিকাষৰীয়া নতুবা চৰ-চাপৰিত গজি উঠা কহুৱা, বন-বিৰিণাবোৰে আকাশলৈ চাই হাঁহি বিৰিঙাব ধৰিছে, উলাহঁত বতাহত হালি জালি নাচি পৰিছে৷ পথাৰত গজি অহা ধাননি দৰা যৌৱন প্ৰাপ্তি হৈ উফন্দি আহিছে৷ শৰৎ মুখী পক্ষীকুল দুৰ দুৰণিৰ পৰা আহি সৌন্দৰ্য বৰ্দ্ধন কৰি তুলিছে বিল অথবা হাবি-বননিত, শৰতত ফুলা বিভিন্ন ৰঙী ফুলবোৰে যেন জিপাল কৰি তুলিছে চৌপাশে, এক উচৱ মুখৰ পৰিৱেশ৷ দুৰ্গাপূজা বুলি ক’লে সাধাৰণতে জেলেপীৰ কথা, পিষ্টল আৰু পুতলাৰ কথা মনলৈ আহে৷ মন শৈশৱলৈ উৰা মাৰে৷ বৰ্তমান মানুহে কিন্তু বেছিকৈ জাক-জমকতাকহে বেছি প্ৰাধান্য দিয়া দেখা যায়৷ কোনটো পূজা মণ্ডপ কিমান ডাঙৰ অথবা কি ডিজাইন দিয়ে ইত্যাদি কথাবোৰত গুৰুত্ব আৰোপ কৰে৷ আজিকালি ডাঙৰ ডাঙৰ মণ্ডপ স...

সম্পাদকীয়

CURRENT TOPIC
আ  হো নাহোকৈ পুনৰ শৰতৰ আগমন হ’ল এই  ধৰালৈ৷ শৰৎ মানেই যেন উৎসৱৰ বতৰ৷ মন-প্ৰাণ মতলীয়া হোৱা বতৰ৷ যুগ যুগ ধৰি সমগ্ৰ ভাৰতবৰ্ষই এই শৰৎকালতেই উদ্‌যাপন কৰে নৱৰাত্ৰী, দুৰ্গাপূজাৰ পৰা পোহৰৰ উৎসৱ দীপাৱলী ইত্যাদি৷ তাৰ মাজত আমাৰ অসমীয়াসকলৰ বাপতি সাহোন কাতি বিহুও পালন কৰা হয়৷ এইকেইদিন সামাজিক মাধ্যম ফেচবুকত এটি বিশেষ পোষ্ট পাই আছোঁ৷ এই পোষ্টটোত দেখুওৱা হৈছে কিদৰে ভাৰতবৰ্ষৰ চহৰবোৰৰ উষ্ণতা বৃদ্ধি হৈ প্ৰায় ৫০ ডিগ্ৰী চেলচিয়াচৰ ওচৰ পাইছেগৈ৷ যদিওবা দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে দিল্লী, হাৰিয়ানা, ৰাজস্থান আদিত অতীজৰে পৰা গৰমৰ মাপ বেছি৷ তথাপিও ভাৰতবৰ্ষত বেছি কিছু ৰাজ্য যেনে অসম, চিকিম, পূৰ্বোত্তৰৰ ৰাজ্যসমূহৰ লগতে হিমাচল প্ৰদেশ আদি কিন্তু অতীজৰে পৰা শীতল বা নাতিশীতোষ্ণ অঞ্চলৰ অন্তভুৰ্ক্ত হৈ আছিল৷ কিন্তু ধীৰে ধীৰে বতৰৰ পৰিৱৰ্তন ঘটিল৷ অবাধ বন ধবংসই যেন সকলোলৈ বিভীষিকা নমাই আনিছে৷ প্ৰযুক্তিৰ নামত ঘৰ-বসতি স্থাপ...
পাকঘৰ

পাকঘৰ

CURRENT TOPIC
স্বাধীনতা দিৱসৰ লগত সংহতি ৰাখি ৰেচিপি আগবঢ়ালো ছেৱৈৰ মৌদক (তিনি ৰঙৰ) নিলাক্ষী বৰা কি কি লাগিব--তিনি ৰঙৰ ছেৱৈ আধাবাটিকৈ, পাউদাৰ গাখীৰ তিনিচামুচ, ইলাচী গুৰি আধাচামুচ, মিল্ক মেইদ দুচামুচকৈ আৰু ঘিঁউ তিনি চামুচ৷ ইলাচী পাউদাৰ আধা চামুচ৷ প্ৰণালী– প্ৰথমতে ছেৱৈৰ বগা অংশখিনি হাতেৰে মোহাৰি ল’ব৷ এখন ননষ্টীক কেৰাহী গেছত পাতি গৰমাই লৈ তাত ঘিঁউ এচামুচ দি তাতে ভাঙিলোৱা বগা ছেৱৈখিনি দি কম জুইত লৰাই অকণমান সময় ভাজি লৈ তাত পাউদাৰ গাখীৰ এচামুচ ইলাচী গুৰি অকণমান আৰু মিল্কমেইদ মিলাই ভালকৈ লৰাই সকলোখিনি মিলাই এচামুচ পানী চটিয়াই দি পুনৰ লৰাই নমাই অকণমান হাতেৰে চুব পৰা হ’লে লাৰু বনাই মোদকৰ সাজত দি হেঁচি হেঁচি ভৰাই দি মৌদকৰ চেপত বনাই লৈ ফ্ৰীজত আধাঘণ্টা ৰাখিব৷ এনেকৈয়ে বাকী সেউজীয়া আৰু কমলা ৰঙৰ দুটা বনাই লৈ পৰিবেশন কৰিব৷ কক’নাট আইচক্ৰীম উপকৰণ– নাৰিকল এফাল, হুইপক্ৰীম আধাকাপ চেনি দুচামুচ আৰু কমলা সেউজীয়া ৰঙৰ ফু...