
প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় আৰুশিক্ষকৰ কিছু প্ৰত্যাহ৩ান”(প্ৰীতিৰেখা কলিতা চকিয়ালপ্ৰ
“গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা
তস্মৈ শ্ৰীগুৰুৱে নমঃ৷৷’’
জ্ঞানৰ সমান এই পৃথিবীত পবিত্ৰ বস্তু একোৱেই নাই৷ শিক্ষাৰ মাধ্যমেৰে আমি জ্ঞান আহৰণ কৰোঁ৷ শিক্ষা হৈছে মানৱ জীৱনৰ দাপোন৷ শিক্ষাই মানৱ জীবনত প্ৰদান কৰে পোহৰ, সৌন্দৰ্য আৰু আনন্দ৷ এই শিক্ষাৰ মাধ্যমেৰে জ্ঞান সাগৰৰ পৰা মণি-মুকুটা বুটলি ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান প্ৰদান কৰা জনেই হৈছে ‘গুৰু’ অৰ্থাৎ শিক্ষক৷ শিক্ষক হৈছে প্ৰজ্ঞা, জ্ঞান আৰু পোহৰৰ প্ৰতীক৷ শিক্ষকসকল হৈছে শিক্ষা আৰু বিকাশৰ আধাৰশিলা৷ শিক্ষকতা কেৰল এটা বৃত্তিয়েই নহয় ই এক মহান সেৱা৷ বিদ্যালয় নামৰ এক পবিত্ৰ অনুষ্ঠানত অভিনব কলা-কৌশলেৰে মানুহ নামৰ জীৱন্ত সঁজুলি বিধক বিশেষ আকাৰ-আকৃতি দিয়ে শিক্ষকে৷ মানৱ সম্পদ গঢ়াৰ প্ৰধান চাবিকাঠী শিক্ষকসকলৰ ওপৰতে ন্যস্ত থাকে৷ এই ক্ষেত্ৰত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দায়িত্ব সৰ্বাধিক পৰিলক্ষিত হয়৷ শুনিবলৈ অপ...