Arup Kakoti – Page 15 – Purbodix.com

Author: Arup Kakoti

মানুহ আজি অসহায়(এছ ইছলাম, শিক্ষক)

CURRENT TOPIC
মানুহ আজি অসহায় জীৱশ্ৰেষ্ঠ মানৱ আজি নিৰুপায় আকাশে বতাহে প্ৰযুক্তি বিদ্যাৰ অৱদান তথাপি চলিছে ধ্বংসৰ লেলিহান৷ আকাশত উৰে চৰাইৰ দৰে মাছৰ দৰে পানীত সাঁতোৰে চন্দ্ৰপৃষ্ঠতো জানো ভূমুকি মাৰে নিমিষতে পাৰমাণৱিক অস্ত্ৰৰে ধ্বংস যজ্ঞ পাতিব পাৰে৷ তথাপি মানুহ আজি অসহায় ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰেমাল, মোকা, ফণি ও আম্ফান কদাপি নহয় নিয়ন্ত্ৰণ বানপানীৰ তাণ্ডৱ নৃত্যৰ পৰা নাপালে অকণো পৰিত্ৰাণ৷ প্ৰকৃতিৰ মনোমোহা সৃষ্টি তালৈ নিদিয়ে সূক্ষ্ম দৃষ্টি বজ্ৰপাত, ছুনামী, আৰু ভূমিকম্প এইবোৰলৈ নাখাটে লম্ফজম্ফ৷ কিয় আহিছিলোঁ বসুন্ধৰালৈ কি কাম কৰিলোঁ বিশ্ববাসী লৈ ক’লৈ বাৰু যাম আত্মীয়-কুটুম থৈ এনেকুৱা চিন্তা-চৰ্চাৰ সময়ো নাই৷ ...

পৰিৱেশ(বাহাৰুল ইছলাম)

CURRENT TOPIC
সেউজীয়াৰ নিমিত্তে ব’লা যাওঁ আগুৱাইছাঁৰ পিছে পিছে ঘূৰিছোঁযায় গুচি প্ৰখৰ বেগেৰিবৰিব মলয়া পৱনযিয়ে তাৰ শব্দবোৰ লুকাই থয়কোনোবা অজান ঠাইতকিনকিনিয়া বৰষুণজাকযিয়ে তাৰ কথাবোৰ সোমাই থয়qw মেঘমালাৰ খোৰোঙত৷ সেই তাহানিৰ শস্য শ্যামলা পথাৰখনইটাভাটাৰ ধোৱাত মৰহি গ’লমেচিনৰ আৱাজসকলোতে অপূৰ্ব সাজসেউজ পিন্ধা সেই পাহাৰবোৰনঙঠা হৈ কি বিচাৰিছে?ৰাস্তাৰ কাষে কাষে হাঁহি থকাসেই আলফুলীয়া বিৰিখবোৰআজিকালি নিধান হৈছেহত্যা কৰি কৰি সিহঁতকশুকান চামৰাৰ সমুদ্ৰ সজাইছে৷ দূৰৈৰ পৰা দেখা যায়ওখ ওখ কংক্ৰিটৰ দেৱালবোৰযিবোৰে ৰিঙিয়াই মাতে প্ৰতিনিয়তেহাবিবোৰ আঘাতপ্ৰাপ্ত হ’লনিতৌ শুনা যায়নীৰস কান্দোনৰ শব্দআধুনিকতাৰ আগ্ৰাসনচৌপাশে যানবাহন৷ বনৰীয়া জীৱ-জন্তুয়ে কাণে কাণেফুচফুচাই ক’লে-সিহঁতবোৰ হেনো বৰ বিপদতকৰ্কশ আজিপখীৰ কলৰোল,অজন স্তৰৰ ফাঁট মেলিলেসূৰুযৰ খং বাঢ়িলেমৌনতা জানো সমাধানৰ পথ?ধৰিত্ৰীৰ কপালত যেন লিখা আছেকুৰি শতিকাৰ সাৱধান বাণী‘জীৱশ্ৰেষ্ঠৰ ভয়...

কবিতা

CURRENT TOPIC
যুগনায়ক (সবিতা বেগম) “বিষ্ণুৰাভা এতিয়া কিমান ৰাতি’’ “বিষ্ণুৰাভা পুনৰ আহিব উভতি৷’’ ভাৰতৰত্ন যুগনায়ক মুক্তি যুঁজাৰু, মহা সংগ্ৰামী তুমি মহামানৱ বিশ্ব শিল্পী তমনাম গুঞ্জৰিত আকাশজুৰি হে প্ৰজ্ঞাৰ সাধক জ্ঞানৰ বাতি৷ তাণ্ডৱ নৃত্যকৰ কালজয়ী যুগ সাক্ষী, উজ্জ্বল নক্ষত্ৰ অসমীয়াৰ সংস্কৃতি৷ অনবদ্য সুগন্ধি সুন্দৰৰ পূজাৰী, আজিও তোমাৰ নামত - “বিলতে হালিছে ধুনীয়া পুদুমী৷’’ তুমি ত্যাগী মহাবীৰ আRUতি দেশৰ হকে পৰাধীনতাৰ শিকলি ছিঙি, বাৰে বাৰে খাটিলা তুমি জেল বন্দী৷ জন হেনৰিৰ হাতুৰীৰ কথা কৈ তুমি, কৃষক শ্ৰমিকৰ মন কৰিলা শান্তি৷ মহাকাশ জুৰি তোমাৰ সৃষ্টি, তুমি অনন্যা দীপ্তি জগত কৃষ্টি৷ ১৯৬৯ চনৰ শয্যাধাৰী শেষ সৃষ্টি-- “এয়ে মোৰ শেষ গান’’ জগত সুৰভি৷ তেজপুৰ মহাবাহুৰ পাৰত ভৈৰৱী মন্দিৰৰ কাষত উদিত ‘স্মৃতি উদ্যান’ত খোদিত অলেখ কৰ্মৰাজি পুষ্পউদ্যানৰ বৃক্ষত আছে জিলিকি তোমাৰ পবিত্ৰ সমাধি৷ প্ৰতীক্ষাত শু...
প্ৰত্যয়ৰ  দোমোজাত(ৰীমা দুৱৰা)

প্ৰত্যয়ৰ  দোমোজাত(ৰীমা দুৱৰা)

CURRENT TOPIC
প্ৰত্যয়ৰ দোমোজাত জন্মৰপৰা মৃত্যুলৈকে এগৰাকী নাৰীয়ে কি বিচাৰে জীৱনটোত? ক’ব পাৰিবনে কোনোবাই? এখন ধুনীয়া সংসাৰ? ধন-সম্পত্তি, এটা ধুনীয়া ঘৰ? সঁচাকৈ এইটো এটা বৰ জটিল প্ৰশ্ন৷ উত্তৰটোক লৈ, কিন্তু কোনেও বেছি চিন্তা কৰাৰ প্ৰয়োজনবোধ নকৰে৷ কাৰণ নাৰী হ’ল কৰ্তব্যৰ এপাট চাবি-কাঠী৷ এগৰাকী নাৰীৰ আত্মকথাঃ মই এগৰাকী ভাল মাক হ’বলৈ শিকিছোঁ৷ পাৰিছোঁ নে নাই সেইটো মাথোঁ মোৰ সন্তানেহে এদিন ক’ব আৰু সেইদিনা মই সুখী হ’বলৈ চেষ্টা কৰিম আৰু নিজকে শ্ৰেষ্ঠ বুলি ভাবিবলৈ ধৰিম৷ কোনোবা এটা বিশেষ দিনত দেউতা-মাৰ চোতালত কেইটামান আখৈ ছটিয়াই মই ভাল ছোৱালীৰ পৰা এজনী ভাল বোৱাৰী হ’বলৈ স্বামীৰ চোতালত ভৰি দিছিলোঁহি৷ ভাল ছোৱালী হ’বলৈ বা ভাল বোৱাৰী হ’বলৈ বৰকৈ কষ্ট হোৱা নাছিল, কাৰণ জ্যেষ্ঠজনৰ বাবে কৰি গৈছিলোঁ বাবেই মনত শান্তি পাইছিলোঁ৷ নাৰীৰ ধৰ্ম বুলিয়ে নীৰৱে মানি লৈছিলোঁ; কিন্তু ভাল মাক হ’বলৈ কিয় জানো বাৰে বাৰে হৃদয়খনক কষ্ট দিব লগা ...
প্ৰৱন্ধ

প্ৰৱন্ধ

CURRENT TOPIC
পৰীক্ষা ঃ এতিয়া আৰু নাই টেনশ্যন(ৰাজীৱ কলিতা) পৰীক্ষা! পৰীক্ষা বুলি ক’লে এক মহা টেনশ্বন৷ ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলোৰে এক ভয় আৰু ত্ৰাসৰ কাৰণ৷ আজিকালি পৰীক্ষা বুলি কলে শিক্ষক, প্ৰধান শিক্ষক, অধ্যক্ষ তেখেতসকলো টেনশ্যনৰ কবলত কবকবাই থাকে৷ যদিহে স্কুল, মহাবিদ্যালয়ৰ আজিৰ ফলাফল বেয়া হয় অভিভাৱক, সামাজিক মাধ্যম, মিডিয়া আৰু চৰকাৰৰ বোষত পৰাতো খাটাং৷ মুঠতে পৰীক্ষাৰ আতংকই কাকো সুদাই নেৰে৷ চুবুৰীয়াৰ বাবে আকৌ এক বিশেষ টেনশ্যন৷ তেওঁলোকৰ সন্তানটি যাতে চুবুৰীয়াৰ সন্তানটিতকৈ ভাল ফল দেখুৱাব পাৰে সেইটো টেনশ্যন৷ যদি ওচৰ ঘৰীয়াৰ ফলাফল ভাল হয় তেওঁলোকৰ ঘৰত অশান্তিয়ে বাঁহ লয়৷ দিগন্ত বৰুৱা৷ সমাজৰ এজন খ্যাতিসম্পন্ন লোক! তেওঁলোকৰ একমাত্ৰ সন্তানটিয়ে মেট্ৰিক দিব৷ কিন্তু মানুহজন অকণো চিন্তিত নহয়৷ সাধাৰণ জীৱন কটাই আছে৷ তাকে দেখি চুবুৰীয়াৰ টেনশ্যন৷ মানুহজনৰ সন্তানে যদি ফাল ফল দেখুৱাব নোৱাৰে তেন্তে তেওঁ সমাজত মুখ উলিয়াব কে...
আবেলিপৰৰ নীড়.শ্চ(৫)(প্ৰাণ প্ৰতিমা বড়া)

আবেলিপৰৰ নীড়.শ্চ(৫)(প্ৰাণ প্ৰতিমা বড়া)

CURRENT TOPIC
সেইদিনাখন বৃহস্পতিবাৰ আছিল৷ মোৰ গন্তব্যস্থান বৃদ্ধাশ্ৰমখনলৈ মই ওলালোঁ৷ মোৰ লগত আমাৰ কন্যা নিয়ৰকণা৷ আবেলি প্ৰায় চাৰিমান বজাত মই মোৰ গন্তব্যস্থানত উপস্থিত হৈছিলোঁ৷ আমি অপেক্ষা কৰিছিলোঁ দুজন বিশেষ ব্যক্তি বৃদ্ধাশ্ৰমখনৰ দুগৰাকী আবাসী৷ প্ৰায় এঘণ্টামানৰ পিছত দুয়ো বৃদ্ধাশ্ৰমখনত উপস্থিত হ’ল৷ মই লক্ষ্য কৰিছিলোঁ দুৰৈৰপৰা৷ মানুহ দুগৰাকীৰ মুখত বিৰিঙি আছিল সুখৰ সান্নিধ্যৰ এটি মিঠা হাঁহি৷ দুয়ো -দুয়োৰে মাজত হোৱা আলোচনাবোৰ মোৰ কৰ্ণস্পৰ্শ হোৱা নাছিল যদিও তেওঁলোকৰ মুখত বিৰিঙি থকা মিঠা হাঁহিটোৱে প্ৰমাণ কৰিছিল যে দুয়ো দুয়োৰে লগত যথেষ্ট সুখী৷ আচলতে সম্বন্ধত দুয়ো পতি-পত্নী৷ দুয়োয়ে এটা মিঠা হাঁহিৰে সম্ভাষণ জনালে৷ “আহিলা তোমালোক৷ আমি দুয়ো অলপ বজাৰৰপৰা আহিলোঁ৷ বৰ ভাল লাগিল তোমালোকক লগ পাই৷ অকণমানি   নিয়ৰকণাজনী কিন্ত বেচ মৰমলগা৷’’ ককায়ে কথাখিনি কৈ কৈ নিয়ৰকণাৰ মুৰত হাত ফুৰালে৷ তাৰপিছত তেখেতে আৰম্ভ কৰিলে তেওঁলোকৰ...
বিখ্যাত ৰাছিয়ান ঔপন্যাসিক ফিয়ডৰ ডয়েভস্কিৰ

বিখ্যাত ৰাছিয়ান ঔপন্যাসিক ফিয়ডৰ ডয়েভস্কিৰ

CURRENT TOPIC
(Fiyodor Dostoyevosky)  ক্ৰাইম এণ্ড পানিছমেণ্টৰ (Crime and Punishment) এটি পৰ্যালোচনা(নাছিৰ আহমেদ) ৰাছিয়াৰ বিখ্যাত ঔপন্যাসিক ফিয়ডৰ ডছটয়েভস্কিয়ে (জন্ম ১৮২১ চনৰ ১১ নৱেম্বৰ, মৃত্যু ১৮৮১ চনৰ ৯ ফেব্ৰুৱাৰী) ক্ৰাইম এণ্ড পানিছমেণ্ট (Crime and Punishment) মনস্তাত্বিক বিশ্লেষণৰ জৰিয়তে মানুহৰ হৃদয়ৰ মাজত থকা গভীৰ দ্বন্দ্ব-সংঘাতৰ এক বৈচিত্ৰ্যময় ৰূপ অতি ধুনীয়াকৈ ফুটাই তুলিছে৷ এই উপন্যাসখনত ছেণ্ট পিটাৰছবাৰ্গৰ দাৰিদ্ৰ্য-ক্লীষ্ট পৰিয়ালৰ এজন আইনৰ প্ৰাক্তন ছাত্ৰ ৰডিয়ান ৰাস্কলনিকভক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ ৰাস্কলনিকভৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ ছবি অতি মৰ্মস্পৰ্শী ৰূপে অংকন কৰিছে৷ ৰাস্কলনিকভ ওখ-পাখ ধুনীয়া ডেকা; কিন্তু তেওঁ সদায় অবিনস্তভাবে পোছাক পৰিধান কৰিছিল আৰু এটি সৰু কোঠাত বসবাস কৰিছিল৷  উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে ৰাস্কলনিকভৰ দ্বৈত সংঘাতৰ মাজেৰে ---  বহিৰ্সংঘাত (External Confli...
প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ

CURRENT TOPIC
সাৰাংশ মূল ঃ ড॰ গৌৰহৰি দাস অনুবাদ ঃ নিৰ্মালি মহন্ত যোৱা সংখ্যাৰ পিছৰ পৰা... মালতীৰ কথা শুনি সনাতন দাসে থতমত খালে৷ জীয়েকৰ মুখত উদ্ধৱ মহান্তিৰ কথা! তেওঁ লগে লগে ক’লে, “অকল লোহাৰ কাৰখানাই নহয়, তাৰ লগতে এন.টি.পি.চিৰ এটা ডাঙৰ পাৱাৰ গ্ৰীড ষ্টেচনো বহুৱা হ’ব আমাৰ গাঁৱত৷ আৰু সেইটো বহুৱালে ইয়াত যে আৰু মানুহে থাকিব পাৰিব সন্দেহ৷ ইতিমধ্যে মই সকলো খবৰে লৈছোঁ৷ পিচে তোৰ মুকলি আলোচনাৰ কথাটো একেবাৰে নুই কৰিবও নোৱাৰি৷ ভাবিছোঁ এই কথাটো গাঁৱৰ মানুহখিনিক মাতি এদিন ক’ব লাগিব, আৰু যদি তাৰ পিছতো ৰাইজে কয় বোলে উদ্ধৱ মহান্তি, নৰোত্তম মণ্ডলৰ কথাই কথা, তেতিয়াহ’লে আৰু মোৰ ক’ব লগা একো নাই৷ “ৰমাকান্ত, তই মোক মিছাতে সন্দেহ কৰিছ৷ তই কি কি কৰি ব লাগে সেইয়া আগে ক৷ মই সদায় তোৰ লগত আছোঁ৷”- নীলাম্বৰে ক’লে৷ ঃ ইন্দ্ৰমণিয়ে যি শিক্ষা দিলে, এতিয়া আৰু মই ভৰসা কৰা বাদেই দিছোঁ৷ মাত্ৰ এটা কথাই মনত ৰাখিবি, মোৰ দৰ...
বিশেষ নিবন্ধ

বিশেষ নিবন্ধ

CURRENT TOPIC
বৰ্তমান সময়ত সতাঁৰ মাধ্যমেৰে প্ৰচলিত হোৱা জুৱা(চন্দ্ৰ শেখৰ পৰাজুলী) সতাঁৰ মাধ্যম বুলি ক’লে প্ৰায়ভাগ মানুহৰে বুজিবলৈ হয়তো কিছু অসুবিধাৰ সম্মুখীন হৈছে নহয়নে? আচলতে বৰ্তমান সময়ত চৌদিশে বহুলভাৰে প্ৰচলিত হোৱা ইংৰাজীৰ (online) শব্দটোৰ অসমীয়া শব্দ হ’ল ‘সতাঁৰ’৷ এতিয়া কথা হ’ল বৰ্তমান সময়ত সতাঁৰ মাধ্যমেৰে প্ৰচলিত হোৱা জুৱা, যেনে ধৰক spin, slots, casino খেলৰ পৰা আদি কৰি fantasy খেলৰ বিজ্ঞাপনবোৰ এতিয়া বহুল মাত্ৰাত প্ৰচলিত হ’বলৈ ধৰিছে৷ ইয়াৰ উপৰিও বৰ্তমান সময়ত অসমৰ চৌদিশে কেবল লটাৰি টিকটৰ ব্যৱসায়, লটাৰি পোৱাৰ প্ৰলোভন অধিক ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ কিন্তু ইয়াৰ পৰিণতি কিমান ভয়াৱহ হ’ব পাৰে লাহে লাহে কৰি কেৱল ভুক্তভোগীসকলেহে গম পাবলৈ ধৰিছে৷ এতিয়া আমি সৰু এটি শিশুৰ পৰা আৰম্ভ কৰি একেবাৰে বয়সস্থ মানুহলৈকে মোবাইল ফোন বা সতাঁৰ মাধ্যমৰ লগত আমি গম নোপোৱাকৈ অধীন বা জড়িত হৈ পৰিছোঁ আৰু ইয়াৰ...
ভাৰতীয় সংগীত ক্ষেত্ৰৰ অপৰিহাৰ্য বাদ্য তবলা(দৰ্শনা বৰুৱা)

ভাৰতীয় সংগীত ক্ষেত্ৰৰ অপৰিহাৰ্য বাদ্য তবলা(দৰ্শনা বৰুৱা)

CURRENT TOPIC
ভাৰতৰ সংগীতৰ ক্ষেত্ৰখনত এবিধ অপৰিহাৰ্য বাদ্য হৈছে– তবলা৷ তবলা যুৰীয়া বাদ্য৷ ১৮শতিকাৰ পৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতত তবলাৰ অপৰিহাৰ্য ব্যৱহাৰ চলি আহিছে৷ ভাৰতীয় উপমহাদেশৰ জনপ্ৰিয় থলুৱা বাদ্য তবলা ফোঁপোলা কাঠ, বোকা নাইবা ধাতুৰে তৈয়াৰ কৰা হয়৷ হাতৰে বজোৱা বাবে ইয়াক হেণ্ড -ড্ৰাম বুলিও ক’ব পাৰি৷ ছাগলীৰ বা উটৰ গাৰ ছালৰ পৰা তবলাৰ কিছু অংশ তৈয়াৰ কৰা হয়৷ তবলা সাধাৰণতে এককভাৱে বজোৱা হয় যদিও সংগীত আৰু নৃত্যত আন বাদ্যৰ লগতো তবলা বজোৱা হয়৷ ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান, নেপালত জনপ্ৰিয় গীত আৰু লোকসংগীতৰ লগত তবলা এক উল্লেখযোগ্য বাদ্য৷ ভক্তিগীতৰ জগতখনতো তবলা এক অপৰিহাৰ্য বাদ্য৷ ভক্তিৰসৰে পৰিপূৰ্ণ হিন্দুসকলৰ ভজন-কীৰ্তনত তবলাৰ বহুল ব্যৱহাৰ হয়৷ চুফী সংগীতৰ ক্ষেত্ৰতো তবলাৰ গুৰুত্বপূৰ্ণ ব্যৱহাৰ হৈ আহিছে৷ তবলা কিছু পৃথক যদিও ড্ৰামৰ দৰেই এবিধ বাদ্য তথাপি ইয়াৰ আকাৰ আৰু আয়তনত কিছু পাৰ্থক্য আছে৷ এটা...