Arup Kakoti – Page 17 – Purbodix.com

Author: Arup Kakoti

শাস্ত্ৰীয় নৃত্য চৰ্চাৰ এক পূৰ্ণাংগ অনুষ্ঠান(‘‘মিতালী কলা কেন্দ্ৰ’’)

শাস্ত্ৰীয় নৃত্য চৰ্চাৰ এক পূৰ্ণাংগ অনুষ্ঠান(‘‘মিতালী কলা কেন্দ্ৰ’’)

CURRENT TOPIC
মিতালী কলা কেন্দ্ৰ হৈছে সত্ৰীয়া আৰু ওডিছী নৃত্যৰ গুৰিবঠা ধৰোঁতা প্ৰতিষ্ঠান৷ ১৯৮১ চনত ওডিছী আৰু সত্ৰীয়া নৃত্যৰ বিশিষ্ট নৃত্য শিল্পী, কৰিঅ’গ্ৰাফাৰ, প্ৰয়াত গৰিমা হাজৰিকাই গুৱাহাটীৰ আগশাৰীৰ েস্বচ্ছাসেৱী কল্যাণ প্ৰতিষ্ঠান মিতালী সংঘৰ সাংস্কৃতিক শাখাৰূপে মিতালী কলা কেন্দ্ৰ শীৰ্ষক একাডেমী গঠন কৰা হয়৷ প্ৰতিষ্ঠাৰ কম সময়ৰ ভিতৰতে এই প্ৰতিষ্ঠানে পূৰ্বাঞ্চলৰ বিশেষকৈ উৰিষ্যা আৰু অসমৰ ধ্ৰুপদী আৰু নৃত্য প্ৰশিক্ষণ, প্ৰযোজনা, গৱেষণা আৰু পৰম্পৰাগত নৃত্যক তথ্যবদ্ধ কৰাৰ ক্ষেত্ৰত কাম কৰি আহিছে৷ এটি সৰু কোঠাত কেইগৰাকীমান ওডিছী আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষাৰ্থীৰে বিদ্যালয় আৰম্ভ কৰা মিতালী কলা কেন্দ্ৰ পৰৱতীৰ্ ...
পাকঘৰ

পাকঘৰ

CURRENT TOPIC
কলা জামুৰ কুলফি গায়ত্ৰী পাঠক দাস উপকৰণ ঃ ৰ৷ কলা জামু-ৰবাটি ২৷ গাখীৰ- ২ কাপ ৩৷ চেনি- ৪ চামুচ ৪৷ আমুল মিঠাই মেট- ২ চামুচ প্ত৷ কৰ্ণ ফ্লোৰ- ১ চামুচ ৬৷ ভেনিলা এচেঞ্চ- ১ চামুচ জ্জ৷ সজাবলৈ চকো চিপচ কেইটামান প্ৰণালী ঃ প্ৰথমে জামুকেইটা ধুই গুটিবোৰ গুচাই কাটি লৈ মিক্সিত গুৰি কৰি ল’লো৷ এতিয়া গাখীৰখিনি এটা চচপেনত গৰম হ’বলৈ দিলোঁ৷ গৰম হোৱাত চেনিখিনি দি দিলোঁ৷ চেনি গলি যোৱাত কৰ্ণফ্লোৰ চামুচ কুহুমীয়া গাখীৰৰ লগত গুলি মিলাই দি অলপ সময় লৰাই থাকি ভেনিলা এচেঞ্চ দি লৰাই থাকি অলপ ঘন হ’লে নমাই ঠাণ্ডা হ’বলৈ দিলো৷ গাখীৰ ঠাণ্ডা হোৱাত জামুৰ পেষ্টখিনি আৰু মিঠাই মেট দি গাখীৰৰ লগত ভালকৈ ফেটি ল’লো৷ এতিয়া জামুৰ কুলফিৰ মিশ্ৰণখিনি কফি কাপত ঢালি ফইল পেপাৰেৰে ঢাকি আইসক্ৰিম ষ্টিক দাল ফইল পেপাৰৰ মাজখিনি সৰুকৈ কাটি সুমোৱাই দি ফ্ৰিজত জ্ঝ-১০ ঘণ্টাৰ বাবে থৈ দিলোঁ৷ জ্ঝ-১০ ঘণ্টাৰ পিছত কলা জামুৰ কু...
আবিৰৰ নানা ৰং(ৰীমা দুৱৰা)

আবিৰৰ নানা ৰং(ৰীমা দুৱৰা)

CURRENT TOPIC
“ৰ– মানে ৰঙা, সে– মানে সেউজীয়া বুলি চিঞৰি চিঞৰি পঢ়াহে মনত আছে তাইৰ৷ যি সময়ত ৰংসমূহ চুই চুই চাই, শিকাৰ বয়স সেই সময়কণ কেতিয়ানো চকুৰ আগৰপৰা পাৰ হৈ গ’ল গমকে নাপালে৷ ৰঙৰ গভীৰতালৈ যাবলৈ এইটো জীৱনত সুযোগ নহ’ল তাইৰ৷ বৰ দুখেৰে কৈছিল– তুলীয়ে সেইদিনা সেই কথাকেইবাৰ৷ মই অবাক হৈ শুনি গৈছিলোঁ তাইৰ কথাবোৰ৷ অজানিতে মোৰ হাতৰ মুঠিৰপৰা ফাকুগুড়িবোৰ সৰি পৰিছিল তাইৰ চোতালত৷ ভাব হৈছিল- ভুল কৰিলোঁ নেকি মই৷ দুখেৰে কৈছিলোঁ৷ “মাফ কৰিবা তুলচি, মই একেবাৰে নাজানো তোমাৰ কথা৷ ভাবিছিলোঁ অকলে থাকা, কাৰ লগতনো ফাকু খেলিবা৷ সেয়েহে মই অকণমান ফাকু তোমাৰ গালত সানো বুলি আহিছিলোঁ৷’’ “নাই নাই ৰঞ্জন৷ মই একো বেয়া পোৱা নাই৷ আৰু এইটো মোৰ বাবে একো নতুন কথাও নহয়৷ সাত বছৰ বয়সৰপৰাই মই এই সকলোবোৰ হজম কৰি আহিছোঁ৷ প্ৰতিবাৰেই বুজাই আহিছোঁ সকলোকে- যে মই আবিৰৰ যোগ্য নহয়৷ আবিৰক ভাল পালেও ভয় কৰোঁ৷’’ “মন নাযায় নে তোমাৰ আবিৰবোৰক চুবলৈ?’’ “যায় ...
স্বাস্থ্য ৰক্ষাত শাৰীৰিক ব্যায়াম, যোগাসন

স্বাস্থ্য ৰক্ষাত শাৰীৰিক ব্যায়াম, যোগাসন

CURRENT TOPIC
আৰু প্ৰবীণ ক্ৰীড়া সন্থাৰ ভূমিকা(ডাঃ গোলাপ ডেকা) জন্ম ল’লে এদিন সকলো বৃদ্ধ হ’বই৷ ইয়াক কোনেও ৰুধিব নোৱাৰে৷ এই বৃদ্ধ অৱস্থাৰ গতিবেগ বেলেগ বেলেগ হ’ব পাৰে–অৰ্থ্যাৎ বয়স বাঢ়িলেও বৃদ্ধ অৱস্থাৰ গতি মন্থৰ কৰিব পাৰি৷ অন্যহাতেদি অতি কম বয়সত মানুহ বৃদ্ধ হৈ ৰুগীয়া হ’ব পাৰে৷ ইয়াৰ মূল কাৰণটোৱেই হ’ল শাৰীৰিক পৰিশ্ৰম বা শাৰীৰিক ব্যায়াম৷ ‘আৰাম হাৰাম হায়’ অৰ্থাৎ যিমান আৰামত থাকিব সিমান সোনকালে ৰুগীয়া হয় আৰু সিমান সোনকালে বৃদ্ধাৱস্থা প্ৰাপ্ত হয়৷ অন্যহাতেদি শৈশৱৰ পৰা বৃদ্ধ অৱস্থালৈ নিতৌ নিয়মিত শাৰীৰিক পৰিশ্ৰম তথা ব্যায়াম কৰিব পাৰিলে নিৰোগী হৈ সুস্বাস্থ্যৰে সৱল-শক্তিশালী হৈ দীৰ্ঘদিন জীৱন উপভোগ কৰিব পাৰি আৰু প্ৰকৃত বয়সতকৈ বহু ডেকা হৈ থাকিব পাৰি৷ প্ৰবীণ ক্ৰীড়া সন্থাৰ পৰা দেশৰ তথা নাগৰিকৰ কেনেধৰণৰ উপকাৰ হয়–  (ৰ) প্ৰথম কথা, প্ৰবীণসকলৰ শাৰীৰিক ব্যায়ামৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৰ পৰে নতুন প্ৰজন্মৰ ওপৰত৷ উপদেশতক...

অনামী আদৰ(প্ৰাণ প্ৰতিমা বড়া)

CURRENT TOPIC
LoA“মা ——— মা———’’“অ’ ক’চোন সোণ!’’“মা তোমাৰ এটা পাৰ্চেল আহিছিল৷ তুমি দুপৰীয়া নামঘৰলৈ যাওঁতে ময়ে ৰাখি থ’লোঁ৷’’“অ’ ভালেই কৰিলি সোণ৷ চাওঁ চাওঁ ক’ত আছে পাৰ্চেলটো?’’“ৰ’বা মা —— চাবা চাবা ———— কিন্তু মা ————!’’“কিহৰ কিন্তু সোণ! দে আকৌ মোৰ পাৰ্চেলটো!’’“কিন্তু মা, তোমাৰ এই বয়সত ————?’’“আৰে সোণ তই দেখোন বৰ প্ৰশ্ন কৰি আছ’ মোৰ পাৰ্চেলটোৰ ওপৰত!’’“হয় আচলতে মা, মই আচৰিত/ ইমান দামী পাৰ্চেল এটা এই বয়সত তোমাৰ?’’“ কি ক’লি সোণ? মোৰ পাৰ্চেলটোৰ ওপৰত তোৰ কিহৰ ইমান আপত্তি?’’“হয় মা, ৫০০০ হাজাৰ টকাৰ শাৰী! তোমাৰ এই সময়ত কিহৰ প্ৰয়োজন? তাতোকৈ ইমানখিনি টকা ঘৰৰ বাবে কিবা এটা ডাঙৰ কামত লগোৱা হ’লেই বহুত ভাল হ’লহেঁতেন মা৷’’“বাঃ সোণ বঢ়িয়া৷ তই মোৰ পেটৰ পোৱালি হৈয়ো মোৰ শাৰীখন কিনাৰ বাবে তোৰ ইমান আপত্তি!’’“এটকা—দুটকা নহয় ন মা! সম্পূৰ্ণ ৫ হেজাৰ টকা৷’’“হয় দে মই বৰ ভাগ্যৱান অ’৷ মোৰ পেঞ্চনৰ টকাৰে নিজৰ বাবে শাৰী এখন লওঁতেই তোৰ ইম...
ধাৰাবাহিক

ধাৰাবাহিক

CURRENT TOPIC
“এখন নেদেখা নদীৰ সিপাৰে’’(মঞ্জু মেচ) (খণ্ড - ৯) প্ৰতিশ্ৰুতি দি ফাগুন কাহানিবাই গুছি গ’ল৷ এইদৰে কতবাৰ ঋতু আহিছে আৰু কতবাৰ গৈছে৷ দি যায় কিমান যে প্ৰতাৰণা, সম্ভাৱনা আৰু উন্মাদনা৷ লঠঙা গছ-বনত বসন্ত ঋতুৱে পিন্ধাই দিয়া সেউজীয়া বসন, ঊৰ্বৰ বসুমতীৰ পাৰভঙা উচাহ দেখি তপ্ত গ্ৰীষ্ম ঋতুৰ কি যে আত্মসন্তুষ্টি! আচলতে প্ৰকৃতিৰ সেউজীয়া ৰূপ, গা-ভৰি উপচি পৰা গছ-লতিকাৰ পুৰঠ ফল-ফুল গ্ৰীষ্মৰ যেন বৰ প্ৰিয়৷    ঠাণ্ডা বতৰটোৱে পুৱাটো শীতলাই ৰাখিছে৷ যেন গোটেই পৃথিৱীখনেই আজি শান্ত-শিষ্ট হৈ পৰিছে৷ গৰম বন্ধৰ পাছত আজি বিদ্যালয়বোৰ প্ৰথম খুলিছে৷ এমাহ দিন চকুৰ পলকতে শেষ হৈ গ“ল৷ কিন্তু এই গ্ৰীষ্মবন্ধই মানকী, নয়নতৰা, আৰু ভায়লিনাক দিলে এটা অভিশপ্ত দিন৷ যি কোনোকালেই নয়নতৰা আৰু মানকীৰ মন-মগজুৰ পৰা মচ খাই নাযাব৷ হয়তো সেইদিনা নেদেখাজনৰ কৃপাৰ ফলত কণমানি ভায়লিনা নিজৰে শিক্ষাগুৰু চৰিত্ৰহীন, লম্পট তিলক মাষ্টৰৰ কবলৰ...
বিৰ্দ্ধত যান্ত্ৰিকতা আৰু তথ্য প্ৰযুক্তিৰ বিকাশে বিনষ্ট কৰিব নেকি প্ৰকৃতিৰ ভাৰসাম্য?(দেবৰ্ষি গৌতম)

বিৰ্দ্ধত যান্ত্ৰিকতা আৰু তথ্য প্ৰযুক্তিৰ বিকাশে বিনষ্ট কৰিব নেকি প্ৰকৃতিৰ ভাৰসাম্য?(দেবৰ্ষি গৌতম)

CURRENT TOPIC
সময় গতিশীল, পাখি লগা কাঁড়ৰ দৰে উৰি যায় সময়৷ সময়ৰ গতিক কোনেও কেতিয়াও ৰুধিব নোৱাৰে৷ সময়ৰ গতিৰ সোঁতত আমি নিজকে খাপ খুৱাই আগবাঢ়ি যাব লাগিব৷ সময়ৰ লগে লগে সকলোবোৰ সলনি হৈ যায়৷ কিন্তু সলনি নহয় কেৱল সময়ৰ গতিবেগ৷ সময় সেই একে গতিৰে চিৰ প্ৰবাহিত হৈ থাকে৷ সময়ৰ লগে লগে আমাৰ সমাজ, ৰাজ্য, দেশ তথা পৃথিৱী বহুত সলনি হৈছে৷ সময়ৰ সৈতে হোৱা এই পৰিবৰ্তনক আমি অকপটে স্বীকাৰ কৰিবলৈ বাধ্য অন্যথা আমি জীৱনত আগবাঢ়ি যাবলৈ অপাৰগ৷ তথ্য প্ৰযুক্তিৰ দ্ৰুত বিকাশে আমাক অধিক যান্ত্ৰিকতাৰ মাজলৈ লৈ গৈছে৷ যান্ত্ৰিকতাৰে ভৰা আমাৰ জীৱনৰ প্ৰায় প্ৰতিটো কামেই আমি প্ৰযুক্তিৰ সহায়ত সম্পন্ন কৰিবলৈ আগ্ৰহী হৈ পৰিছোঁ৷ যান্ত্ৰীকতাই আমাৰ জীৱনত প্ৰাকৃতিক পৰিবেশৰ যি প্ৰভাৱ সেয়া লাহে লাহে কমাই অনা পৰিলক্ষিত হৈছে৷ যাৰ ফলত মানুহৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতাকে ধৰি বিভিন্ন সমস্যাই দেখা দিছে৷ তথ্য-প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ ফলত সমগ্ৰ পৃথিৱীতে যি এক যান্...
পিতৃ দিৱস(কৰবী বৰ্মন কলিতা)

পিতৃ দিৱস(কৰবী বৰ্মন কলিতা)

CURRENT TOPIC
গধুৰ দায়িত্বভৰা শব্দ এটি ‘পিতৃ’৷ পিতৃত্বৰ আঁৰত লুকাই থকা সুপ্ত আৱেগ৷ সেই আৱেগখিনি এজন পুৰুষে স্বাভাৱিকতে নাৰীৰ তুলনাত সকলোৰে আগত সহজে প্ৰতিফলিত হ’বলৈ নিদিয়ে৷ আমাৰ সকলোৰে জীৱনৰ আৰম্ভণিৰে পৰা একোজন পিতৃয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সন্তানৰ অসুখত যিদৰে এগৰাকী মাতৃয়ে ওৰে ৰাতি সাৰে থাকি প্ৰতিপালন কৰে একে স্বাৰ্থত এগৰাকী পিতৃয়েও বহু নিদ্ৰাহীন নিশা কটাই নিজৰ দায়িত্ব পালন কৰে৷ মাতৃৰ মৰম আৰু স্নেহ পোহৰৰ দৰে স্পষ্ট, কিন্তু পিতৃৰ মৰম আকাশৰ দৰে গভীৰ আৰু বিশাল য’ত লীন হৈ থাকে অলেখ, আশা, আকাংক্ষা, হেঁপাহ, আশা, প্ৰত্যাশা অথচ মৌন হৈ থাকে৷ কিয়নো তেওঁ যে এজন পুৰুষ, এজন পিতৃ৷  মাক-দেউতাক হ’ল আমাৰ জীৱনদাতা, পালনকৰ্তা আৰু জীৱনৰ দিশ নিৰ্ণয়কাৰী৷ মাক-দেউতাকে বহুত কষ্ট আৰু ত্যাগৰ বলত ল’ৰা-ছোৱালীক জন্ম আৰু ডাঙৰ-দীঘল কৰে৷ পিতৃ এই পৃথিৱীৰ এনে এজন ব্যক্তি যিয়ে নিজৰ সন্তানৰ বাবে প্ৰতিখন যুদ্ধত যুঁজিবলৈ সাজু হয় আৰ...

এজন সৈনিকৰ শেষ চিঠি….(সবিতা বেগম)

CURRENT TOPIC
মা... তোমালৈ বৰকৈ মনত পৰিছে! যুদ্ধক্ষেত্ৰত তোমাৰ বোপাৰ বুকুত গুলি লাগি শত্ৰু সেনাৰ হাতত আঘাত প্ৰাপ্ত হৈছে৷ চৌপাশে পৰি আছে জুইৰ দাৱানলত অগগনন দেহা মই থিয় দি থাকিব পৰা নাই মা! তথাপি ... মৃত্যুলৈ অলপো ভয় নাই, অলপ কষ্ট হৈছে ঠিকেই কাৰণ, তোমাৰ লগত হয়তো আৰু কোনোদিনেই দেখা নহ’ব আৰু আনন্দ-উল্লাসেৰে ঋতুয়ে ঋতুয়ে পিঠা খোৱাও নহ’ব৷ মা তুমি নাকান্দিবা ... তুমি গৰ্বিত ...৷ ৷ দেউতা ... তুমি মোক ক্ষমা কৰি দিবা ... তুমি মোক সৰুতে কান্ধত তুলি তুলি এষাৰ কথা কৈছিলা যে এদিন মই তোমাক কান্ধত তুলি ল’ব লাগিব .. কিন্তু দেউতা! মই নোৱাৰিলোঁ ...৷ ৷ ভাইটি ... অলপ সাৱধানে চলিবি, বাইকৰ চাবিপাত কোনোদিনেই নিবিচাৰিম বুলি গোটেই দিনটো ঘূৰি নুফুৰিবি৷ অ’ শুনচোন ... তোলৈ এযোৰ চোলা কিনিছিলোঁ যোৱাও নহ’ল, দিয়াও নহ’ল ...! ভণ্টি ... বেয়া নাপাবি ৰাখী পিন্ধিবলৈ যোৱা আৰু নহ’ল, তোৰ ইচ্ছাবোৰো পূৰ্ণ কৰা নহ’ল .....