Arup Kakoti – Page 3 – Purbodix.com

Author: Arup Kakoti

পাকঘৰ

পাকঘৰ

CURRENT TOPIC
মিথি চিকেন উপকৰণ ঃ মাংস- ৫০০ গ্ৰাম, মিথি গুটি- পৰিমাণ অনুযায়ী, ডাঙৰ কেঁচা জলকীয়া- জ্জ্বয১০ টা, পিয়াজ- ২ টা, আদা নহৰু- বতি লোৱা, গাখীৰ- ১ কাপ, কৰ্ণফ্লৰ- ২ চামুচ, নিমখ- পৰিমাণ অনুযায়ী, অলিভ অইল- ৪যপ্ত চামুচ প্ৰণালী ঃ প্ৰথমতে মাংসখিনি ভালদৰে ধুই লৈ কেৰাহী এখনত অলিভ অইল দি মাংসখিনি ভাজি ল’ব লাগিব৷ তাৰ পিছত পিয়াজ আৰু আদা-নহৰুৰ পেষ্ট এটা বনাই ল’ব লাগিব৷ ইয়াৰ পিছত ডাঙৰ কেঁচা জলকীয়াৰ ভিতৰত মিথি গুটি ভৰাই ল’ব লাগিব৷ তাৰ পিছত কেৰাহীত কৰি থোৱা পেষ্টখিনি দি লগতে জলকীয়া কেইটা একেলগে দি ভাজি ল’ব লাগিব৷ গোটেইখিনি ভাজা হোৱাত ভাজি ৰখা মাংসখিনি দিব লাগিব৷ লগতে সোৱাদ অনুযায়ী নিমখ দি ভালদৰে ভাজিব লাগিব৷ অলপ ভাজা যোৱাৰ পিছত কনফ্লৰ ২ চামুচ, গাখীৰ ১ কাপত মিহলি কৰি মাংসখিনিৰ ওপৰত ঢালি দিব লাগিব৷ যেতিয়া মাংসখিনি সিজি অলপ গাঢ় হৈ আহিব নমাই দিব৷ এনেদৰেই প্ৰস্তুত হৈ গ’ল মিথি চিকেন৷ জহা চাউলৰ মলাই উপকৰণ ঃ জহ...

‘‘ফাগুন, তুমি মোৰ আজন্ম প্ৰেমিক’ (’ৰিণুমণি বৰুৱা)

CURRENT TOPIC
তোমাৰ অনুপম অনুভৱৰ মৃদু মধু সমীকৰণত  আপোন পাহৰা কল্পনাৰে বৰ্ণিল জীৱনৰ আহে আহে প্ৰাপ্তিৰ আবেগেৰে ৰছো মই জোনাক সৰা উন্মাদ শীতাৰ্ত নিশাৰ শুষ্ক ওঁঠত মৌ বৰষাই কোমল উদ্দিপীত অনুৰাগৰ এখন প্ৰেমৰ নদী মাথো তোমাক পুনৰ লগ পোৱাৰ অজুহাতত৷ আছুতীয়া প্ৰেমৰ উন্মাদনাত হিয়াৰ গভীৰ উপত্যকাত শিহৰিত অনুভৱৰ প্ৰতিশ্ৰুতিবোৰত অলিখিত মায়া সানি জীপাল কৰি লিখিব খোজো মই অপেক্ষাৰ জীৱন্ত নিজস্ব আমেজেৰে স্মৃতিৰ মায়াৱী শব্দৰ অনুৰণনত বৰ্ণময় প্ৰেমৰ স্তৱক কেৱল উন্মনা ফাগুনক লগ পোৱাৰ বাবেই৷৷ অসীমৰ সীমা ঠেলি মায়াৱী অনুভৱেৰে চিৰন্তন প্ৰেমৰ কোমল উদ্দীপনাৰে সঁচা জীৱনৰ ৰং ছটিয়াই জীৱন্ত সপোনবোৰত পলাশ, শিমলু, কিম্বা মদাৰৰ তেজৰঙা ৰংবোৰে আবিৰ সানে কেৱল উন্মনা ফাগুনৰ স্বপ্নময় আবেগৰ ফল্গুধাৰাত সৃষ্টিৰ অবুজ মায়াৰ যেন উমাল নিবিৰ আকুল প্ৰতিশ্ৰুতি মাথোঁ পুনৰ লগ পোৱাৰ বাবেই কাৰণ... চিৰ যৌৱনা ফাগুন তুমি যে মোৰ আজন্ম প্ৰেমিক........ vv...

আগমনডঃ (গায়ত্ৰী গোস্বামী)

CURRENT TOPIC
অনিৰুদ্ধ গতিৰে পোহৰ অহাৰ পথেৰেতুমি আহাবকুল ফুলৰ দৰেসুগন্ধিত বতাহজাকেকঢ়িয়াই আনে তুমি অহাৰ বাতৰি৷হাতিপটীৰ দৰে এচাটি পৰিস্কাৰ পোহৰেপোহাৰ মেলেতোমাৰ আগমনৰ প্ৰাৰম্ভনকেতেকী ফুলৰ ৰেণুৰ দৰেআলফুলে আহ্লাদিত হয়তোমাৰ আগমনৰ - আকাংক্ষিত ক্ষণ৷বসন্তৰ সদা প্ৰাণৱন্তকোমল প্ৰকৃতিৰ দৰেআকুলিত তোমাৰ অপেক্ষাতপ্ৰতিপল অনুপল৷আলোড়িত, আলোকিত হৃদয়ৰ প্ৰতিটো কোণএক শ্বাশ্বত সুগন্ধিৰে সুগন্ধিত আজি হৃদয়/ vv...

প্ৰয়োজন বাবেই নেকি? (গৰিমা তামুলী)

CURRENT TOPIC
জীৱনৰ প্ৰয়োজন আজি কাৰ বাবে? কাৰ বাবে জীৱনৰ উচ্চ আকাংক্ষা... দেশৰ বাবে, সমাজৰ বাবে নে নিজৰ বাবে?? হয়তো/ নিজৰ বাবেই, সেয়ে– আপোন স্বাৰ্থৰ বাবেই সমাজত সৃষ্টি হৈছে কেৱল, উশৃংখল পৰিৱেশৰ হাহাকাৰ৷৷ কেৱল– নিজৰ বাবেই, এজনে আনজনক কৰিছে প্ৰতাৰণা, কৰিছে মাথো যাত্ৰা... মনুষ্যত্বহীন বিপথগামী দ্বীপলৈ মানৱৰ অন্তৰপূৰ্ণাঙ্গ আজিপাশৱিক বৃত্তিৰ জলনাংকৰেআজিৰ নৰ-পিশাসে,নিজপ পশুত্ব বিস্তাৰৰউদ্দেশ্যই বৰ্তিছে ক’ত হিংসা, কত স্বাৰ্থ, প্ৰতাৰণা আৰু যে কত সত্যৰ হত্যা কেৱল নিজৰ বাবেই// মানৱ উচ্চ আকাংক্ষাই ধাৱমান হ’ল জলন্ত সন্ত্ৰাসত প্ৰতিহিংসাৰ বহ্নিৰ দহনত দাহিত হ’ল আজিৰ সমাজ, প্ৰতিধবনিত হ’ল– মাথো সন্ত্ৰাস, স-ন্ত্ৰা-স আৰু সন্ত্ৰাস৷৷ vv...

প্ৰৱাহিনী (ৱাহিদ আহমেদ)

CURRENT TOPIC
এই নদীখনৰ কাষত আহিলেই মনৰ দুখবোৰ বৰ পাতল হোৱা যেন লাগে, জানো তুমি ইয়াত নাই তথাপিও তোমাক বিচাৰি আহোঁ এই নদীৰ পাৰলৈ, তুমি কিয় নদী নোহোৱা! তুমি নদীখনৰ দৰে হোৱাচোন  তুমি নদী হ’লেই তোমাৰ কাষলৈ আৰু বহু প্ৰেমিক আহিব যাৰ হৃদয়খন কাহানিবাইপ্ৰচণ্ড চাপত চাৰখাৰ হৈ গৈছেতুমি নদী হৈ পানীৰ ধাৰত সেই দুখবোৰ ধুই নিবা... 

মোৰ দেশ (ঊবাহাৰুল ইছলাম)

CURRENT TOPIC
মোৰ তেজৰ কোষত সঞ্চাৰ হয়    মাতৃভূমিৰ প্ৰেম, সৌন্দৰ্যেৰে পৰিপূৰ্ণ চুক-কোণ  যেন হৃদয়ৰ হেম৷  নীলিম আকাশে আৱৰি আছে  জগতৰ প্ৰতিটো দেশ, তুলনাহীন আপোন এই ভূমি  গুণৰো নাই শেষ৷  সবে মিলি যাম আগুৱাই  সেয়া প্ৰতিশ্ৰুতি, বাধা-বিঘিনি নাহক যিমানেই  কদাপি নকৰোঁ ত্ৰুটি৷  চৌপাশে আছে সোণোৱালী শইচৰ  আলফুলীয়া পথাৰ, প্ৰতিটো পুৱাই কঢ়িয়ায় আশা  নহও আমি কাতৰ৷  বিচাৰি ফুৰোঁ জীৱনৰ অৰ্থ  আপোন দেশৰ প্ৰতি, ঐক্য আৰু সংহতিৰ বুকুত  সদা থাকোঁ ব্ৰতী৷  বিচিত্ৰ দেশৰ অনন্য দৃশ্য  বৰ মজা লাগে, ঐতিহাসিক সমলে কৰে সবল   নিতৌ দেশপ্ৰেম জাগে৷  আকাশে-বতাহে মিলি আছে  সহস্ৰ শ্বহীদৰ তেজ, দেশদ্ৰোহীক এশিকনি দি  ঘুণীয়া কৰিম নেজ৷  দেশৰ স্বাৰ্থ নকৰোঁ খৰ্ব   পণ লোৱাৰ ক্ষণ, আপোন ভূমিৰ স্বাভিমানৰ হকে  নিতৌ কৰিম ৰণ৷ ...

মৰমৰ(কাকুমণি গগৈ)

CURRENT TOPIC
ক’ৰ পৰা আৰম্ভ কৰিম তোমাৰ মোৰ কাহিনীবো১... তোমাৰ ভালপোৱাত মই যে লুতুৰি পুতুৰি আঘাতপ্ৰা৫.. তুমি জানানে তোমাৰ নামত.. ভালপোৱাৰ ফাগুন বলিছে কেউপিনে... আৰু মৰম বোৰ হালধীয়া হৈ নামি আহিছে.. মোৰ হৃদয়ৰ কোঠালিলৈ.. তুমি হয়তো নাজানা.. তুমি মোৰ হৃদয়ত মৰমৰ কোটা কেইডালেৰে এটি বাঁহ সাজিছা.. সুকোমল তোমাৰ পৰশ তুমি মোৰ বাবেই সাতোৰঙী মই.. আৰু কি জানা.. সখিয়তী চৰাই জনীয়েও ন সাজেৰে... প্ৰেমৰ মালা পিন্ধিছে... ইতি... তোমা১.... ...

জালুকবাৰীত এটি সেমেকা আবেলি (গৰিমা তামুলী)

CURRENT TOPIC
সৰগী প্ৰেমৰ বন্যা বোৱাইক’ত যুগলৰসুখ-দুখৰ গাথাঁ গাই যোৱাজালুকবাৰীৰ শুৱনিকৃষ্ণচূড়াৰ শাৰী শাৰী মালিতাৰ গুণগুণনিমই... শুনিছিলোঁ, বৰষাৰ চিপ্‌চিপিয়া খিলখিলনিতমোহা২৬ন্ন হৈ পৰিছিলগোটেই জালুকবাৰীকিয় জানো, ভাল লাগিছিল?বোকা পানীৰে একাকাৰ হোৱাব্যস্তপূৰ্ণ আবেলিটো তোমাৰ আগমনত৷৷ অস্তগামী সূৰুযৰ সোণালী আভাততোমাৰ সান্নিধ্যৰ সোণাৰু ফুলীয়া মৰমে...বুৰাই পেলাইছিল...দশোদিশ জালুকবাৰী‘‘আকাশ’’ আৰু... মই আত্মপ্ৰত্যয়ৰেঅন্বেষণ কৰিছিলোঁ,আপোনা আপোন লগাসেই চিনাকী কেঁচা সুৰভিৰ সুগন্ধি‘‘জালুকবাৰীৰ সেমেকা আবেলিত’’৷৷ vv...

বাৰ লগ পোৱা হ’লে (মামণি গগৈ হাজৰিকা)

CURRENT TOPIC
ভালপোৱাৰ জ্যামিতিততুমি মই দুডাল সমান্তৰাল সৰলৰেখাকাহানিও মিলিত নোহোৱা... তথাপি মনে কয়,এবাৰ লগ পোৱা হ’লে... প্ৰতিশ্ৰুতিৰ এজাক বৰষুণত তিতি-বুৰিহৃদয়ত সিঁচি থোৱা বিশ্বাসৰ বীজবোৰজীপাল কৰিবলৈ,এবাৰ লগ পোৱা হ’লে...ফাগুনে লঠঙা কৰা ডালত বসন্তৰ সুহুৰিতমনৰ ভিতৰত পুহি ৰখাপূৰৈ ৰঙী সপোনটোৱেবাগৰ সলাবলৈ,সৰলৰৈখিক দূৰত্বেৰে জীৱনৰ গতি তথাপি মনে কয়,এবাৰ লগ পোৱা হ’লে..এজোলোকা অভিমান লৈতোমাৰ ওঁঠৰ শব্দৰ ৰাগিত মাতাল হৈহৃদয়ে হৃদয়ে জুমি চাবলৈ...৷৷ ...

তুমি মোক ভালপোৱা বাবেই মই ধুনীয়া (ৰূপজ্যোতি হাজৰিকা দত্ত)

CURRENT TOPIC
মাৰলঘৰত সঁাজ লগা বেলিকামোৰ দেহত বৰ শিলৰ কোব,কেতিয়াবা মুখত, কেতিয়াবা হৃদয়তকাহিলি পুৱাতে কোনোদিন ভুলতো এবাৰতেজৰঙী গোলাপৰ কলিটো ছিঙা নাইসেইবাবে হালধীয়া চৰাইজাকৰ অনৰ্গল ক্ষোভতুঁহ-জুইৰ দৰে উমি উমি জ্বলি থকা হৃদয়ৰক’লা ক’লা দাগবোৰচাৰিআলিৰ চুকৰ অস্তাচলৰ পোহৰতমোৰ ডক্‌ডকীয়া ঘাবোৰ জিলিকি যায়চুই চুই আকৌ এবাৰ আৱৰণ গুচায়মোৰ এঙেৰুৱা পোছাকঘৰলৈ অহাৰ বাটততেওঁ ক’লে– তুমি ধুনীয়াএমুঠি প্ৰশ্নৰে টোপোলা বান্ধিহাঁচতিত আনিলোঁ তেওঁৰ দীঘল ছাঁমাৰলিৰ ফাঁকত লুকাই থকাছাঁটোক চুই চুই ক’লো–তুমি মোক ভালপোৱা বাবে মই ধুনীয়াতুমি মোক চুই দিয়া বাবে মইআমোলমোলোৱা৷ vv...