
শেৱালি ফুলৰ বৰ (ঊলক্ষীমা মহন্ত)
উপকৰণ ঃ
ৰ কাপ শেৱালি ফুল
২কাপ বেচন
২টা পিয়াঁজ
২টা কেঁচা জলকীয়া
নিমখ অকণমান
জলকীয়া আৰু পিয়াঁজ কাটি সকলোখিনি এটা পাত্ৰত ভালকৈ মিহলাই ল’ব৷ তাৰ পিছত কেৰাহীত তেল দি ভালকৈ গৰম হ’বলৈ দিব৷ চামুচ বা হােতৰে ভাজি ২য৩ টাকৈ ৰঙচুৱা হ’লে নমাই থ’ব৷ গৰমে গৰমে ভাতৰ লগত বা আবেলি চাহৰ লগতো খাব পাৰি৷ বৰ ভাল খাবলৈ৷
গুজিয়া
২ কাপ মৈদা
৬ চামুচ ৰিফাইন তেল
ৰ কাপ চেনি
ৰ কাপ চুজি
ৰকাপ নাৰিকলৰ গুৰি৷
প্ৰথমে ময়দাখিনি ভালকৈ মঠি ল’ব৷ চুজিখিনিও ভাল দৰে ভাজি ল’ব৷ চেনি আৰু নাৰিকলৰ গুৰিখিনি বেলেগে ভাজিব৷ ভালকৈ ভজা হ’লে চুজিৰ সৈতে পুনৰ আধাকাপ পানী দি সুন্দৰ কৈ মিহলাই ল’ব যাতে চুজিখিনি সিজে আৰু কমেও ১০ দিন ভাল হৈ থাকে৷
তাৰপিছত মঠিথোৱা ময়দাখিনি গুটি কৰি লুচিৰ আকাৰত বেলি ল’ব৷ বেলিলৈ তাৰ ভিতৰত ভাজি থোৱা সংমিশ্ৰণখিনি অলপ অলপ ভৰাই দিব৷ আৰু যতনেৰে হেঁচা দি সুন্দৰ কৈ বনাব৷ তাৰপিছত কেৰাহীত তেল গৰম কৰি ৩য৪ টাকৈ কম জ...