Arup Kakoti – Page 43 – Purbodix.com

Author: Arup Kakoti

জিপ্‌চী সম্প্ৰদায়, এক অৱলোকন – অলকা মহন্ত বৰুৱা

জিপ্‌চী সম্প্ৰদায়, এক অৱলোকন – অলকা মহন্ত বৰুৱা

CURRENT TOPIC
জিপ্‌চী হৈছে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰা লোকৰ এটা দলৰ সদস্য, তেওঁলোক সাধাৰণতে কাৰাভানত এটা ঠাইৰ পৰা আন এটা ঠাইলৈ  সলনি কৰি থাকে ৷ ‘জিপ্‌চী’ শব্দটো  যাযাবৰসকলকে বুজাবলৈ ব্যৱহাৰ কৰা হয়৷ যাযাবৰসকলৰ কোনো স্থায়ী ঘৰ নাই, তেওঁলোকে গাওঁ, চহৰ  নিৰন্তৰ চলাচল কৰি থকা এটা জাতি৷  যিয়েই নহওঁক, তেওঁলোক সকলোৱে দৰাচলতে এক থলুৱা ভাৰতীয় জাতিগোষ্ঠী, যি প্ৰায় দশম শতিকাত উত্তৰ ভাৰতৰ পৰা প্ৰব্ৰজন কৰিছিল, আৰু সমগ্ৰ বিশ্বত বিয়পি পৰিছিল আৰু বিভিন্ন নামেৰে পৰিচিত হৈছিল৷কিছুমান জিপচিয়ে এই নামটোত আপত্তি কৰে,আৰু ৰোমানী বুলি কোৱাতো পছন্দ কৰে, কাৰণ প্ৰায়ে মানুহে বৰ্ণবিদ্বেষী অপবাদ হিচাপে এই শব্দটো ব্যৱহাৰ  কৰিছিল৷জিপচিসকলক, ইউৰোপত ৰোমানি লোক বুলি কোৱা হয়৷ ৰোমানীসকলৰ আটাইতকৈ ঘনীভূত জনসংখ্যা  মধ্য, পূৱ আৰু দক্ষিণ ইউৰোপত অৱস্থিত৷ অৱশ্যে, প্ৰায় প্ৰতিটো গৱেষণাই ভাৰতীয় উপমহাদেশতে...
মহিলা আৰু কৰ্কট ৰোগ – ডাঃ প্ৰণবিকা গোস্বামী

মহিলা আৰু কৰ্কট ৰোগ – ডাঃ প্ৰণবিকা গোস্বামী

CURRENT TOPIC
কৰ্কট ৰোগ মানে কি?আমি সকলোৱে জানো, আমাৰ শৰীৰৰ প্ৰতিটো অংগৰ গঠন কোষৰ দ্বাৰা হয়৷ কোষৰ বিকাশ আৰু বৃদ্ধিৰ জৰিয়তে এটি শিশু ক্ৰমাৎ এজন পৰিপক্ক মানুহৰ ৰূপ লয়৷ কোষ বিভাজন দেহৰ গঠন আৰু বৃদ্ধিৰ বাবে অনিবাৰ্য৷ এনে কোষ বিভাজন এক সন্তুলিত হাৰত হোৱাৰ বাবে বিকাশৰ প্ৰতিটো স্তৰত দৰকাৰী উপাদানসমূহ উপলব্ধ হয়৷ এনে সন্তুলিত কোষ বিভাজনত কেতিয়াবা ব্যাঘাত জন্মে আৰু দৰকাৰতকৈ অধিক হাৰত কিছুমান কোষৰ বিভাজন আৰম্ভ হয়৷ মাত্ৰাধিক কোষ বিভাজনৰ ফলত সেই অংগৰ আকাৰ অস্বাভাৱিকভাৱে বৃদ্ধি হয় যাক কৰ্কট ৰোগ বুলি কোৱা হয়৷ এনে কোষ বিভাজনৰ ফলত বিৰ্দ্ধত অংগৰ বাবে দৰকাৰী ৰক্তচালনৰ বাবে সীৰা-ধমনী আদিৰো বিকাশ আৰু বৃদ্ধি হয়৷ সেয়েহে এনে কোষ দ্ৰুতগতিত বাঢ়ি যায় আৰু খুব সোনকালে কম সময়ৰ ভিতৰতে ৰোগীৰ অৱস্থা সংকটজনক হৈ পৰে৷ এই নিবন্ধত সকলো প্ৰকাৰৰ কৰ্কট ৰোগৰ পৰিৱৰ্তে মহিলাৰ জনন অংগত সৰ্বাধিক হাৰত হোৱা দুবিধ কৰ্কট ৰোগৰ বিষ...
জয় বিশ্বকৰ্মা – কৰবী বৰ্মন কলিতা

জয় বিশ্বকৰ্মা – কৰবী বৰ্মন কলিতা

CURRENT TOPIC
বিশ্বকৰ্মা স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা৷ ঋকবেদৰ মতে তেওঁ তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে৷ তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টিকৰ্তা হিচাপে গণ্য কৰা হয়৷  লোকবিশ্বাস অনুসৰি , এই দেৱশিল্পীয়ে নিৰ্মাণ কৰিছিল ইন্দ্ৰপুৰী, স্বৰ্গলোক, যমপুৰী আদি দৃষ্টিনন্দন ৰম্যপীঠ৷ বিশ্বকৰ্মাই দেৱতাসকলৰ সকলো ৰথ আৰু অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰিছিল যাৰ ভিতৰত আছে ইন্দ্ৰ দেৱতাৰ বজ্ৰ৷ বিশ্বখনিকৰৰ পূজা উপলক্ষে ৰাজ্যৰ কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান, গেৰেজ, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত ভীষণ ব্যস্ততাই বিৰাজ কৰে প্ৰতিবছৰে৷ এদিন আগৰে পৰাই  ধুই-পখালি পৰিস্কাৰ কৰি   তোলা হয়  কল-কাৰখানাৰ যন্ত্ৰসমুহ, মানুহৰ অন্যতম জীৱন সাৰথি তেওঁলোকৰ বাহনসমুহ৷ তাৰ পিছত  বিশ্ব খনিকৰৰ আৰাধনা আৰম্ভ হয়৷ বিশ্বকৰ্মাৰ জয় ধ্বনিৰে মুখৰিত হয়   আকাশ-বতাহ৷ মহানগ...
বিশ্ববিশ্ৰুত দাৰ্শনিক-পণ্ডিত ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱন পৰিক্ৰমা

বিশ্ববিশ্ৰুত দাৰ্শনিক-পণ্ডিত ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱন পৰিক্ৰমা

CURRENT TOPIC
ঊপপী চহৰীয়াবিশ্ব বৰেণ্য  পণ্ডিত, ৰাজনীতিবিদ, দাৰ্শনিক, ৰাষ্ট্ৰনেতা, সাহিত্যিক আছিল ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ৷  তেওঁ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷  ৰাধাকৃষ্ণণে হিন্দু ধৰ্ম, বেদান্ত, আত্মাৰ ধৰ্ম বুলি বিভিন্ন ধৰণেৰে নিজৰ বিশ্বাসৰ বৰ্ণনা, ৰক্ষা আৰু প্ৰচাৰৰ প্ৰয়াসত লেখক হিচাপে জীৱন আৰু কৰ্মজীৱন অতিবাহিত কৰিছিল৷  তেওঁ দেখুৱাব বিচাৰিছিল  তেওঁৰ হিন্দু ধৰ্ম দাৰ্শনিকভাৱে সুস্থ হোৱাৰ লগতে নৈতিকভাৱেও কাৰ্যকৰী হোৱাতো৷  ভাৰতীয় আৰু পাশ্চাত্য উভয় দাৰ্শনিক প্ৰেক্ষাপটতে তেওঁ আছিল জাকতজিলিকা৷ তেওঁ গদ্য সমূহ পশ্চিমীয়া আৰু ভাৰতীয় উভয় উৎসৰ পৰাই আঁকোৱালি লৈছে৷  ফলত তেওঁক পশ্চিমীয়া দেশসমূহৰ  একাডেমিক মহলত হিন্দু ধৰ্মৰ প্ৰতীক হিচাপে প্ৰশংসা কৰে৷ তেখেতৰ  প্ৰাৰম্ভিক জীৱন, পৰিয়াল, শিক্ষা, শিক্ষক হিচাপে কৰ্মজীৱন...
অসমীয়া ছবি আৰু ভ্ৰাম্যমাণ থিয়েটাৰকিছু  আশা – প্ৰত্যাশা আৰু চিন্তা……..ৰঞ্জন শৰ্মা

অসমীয়া ছবি আৰু ভ্ৰাম্যমাণ থিয়েটাৰকিছু আশা – প্ৰত্যাশা আৰু চিন্তা……..ৰঞ্জন শৰ্মা

CULTURAL, CURRENT TOPIC
যোৱা সংখ্যাৰ পিছৰ পৰা...অসমীয়া ছবিয়ে বানিজ্যিক ভাৱে অপাৰ সফলতা লাভ কৰাৰ উপৰিও  ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো বিভিন্ন সময়ত অসমীয়া ছবি উজ্বলি উঠি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ এইয়া অসমীয়া চলচিত্ৰৰ বাবে এক গৌৰবোজ্জল ইতি হাস৷     অসমীয়া চলচিত্ৰৰ এই জয়জয় ময়ময় অৱস্থাৰ মাজতেই বিভিন্ন সময়ত অসমীয়া ছবিলৈ বহুতো প্ৰত্যা্‌হ্বান আহিছে আৰু মাজে মাজে কিছু  স্থবিৰতা অহাটো নোহোৱা নহয়৷ কেইবাখনো সুস্থ ৰুচীৰ বানিজ্যিক ভাৱে সফল মনোৰঞ্জনধম¹ অসমীয়া ছবিৰ জয়যাত্ৰা চলিথকাৰ সময়তেই যধে মধে একাংশ প্ৰযোজক পৰিচালকে হিন্দী ছবিৰ পৰা ধাৰ কৰা কাহিনীলৈ ছবি নিমাৰ্ন কৰি অমসীয়া ছবিৰ উদ্যোগটোক কিছু পৰিমানে হ’লেও নিশকতীয়া কৰি পেলোৱাৰ উপক্ৰম ঘটাইছিল৷ তাৰ মাজতে ধুমকেতুৰ দৰে পাইৰেছিয়ে অসমীয়া ছবি জগতৰ কঁকাল বেঁকা কৰি পেলাইছিল৷ উগ্ৰপন্থী সমস্যাৰ বাবে হললৈ মানুহ নোযোৱাৰ কথাটোতো ...
নাৰিকলৰ গাখীৰৰ পুডিং (ৰশ্মি শইকীয়া)

নাৰিকলৰ গাখীৰৰ পুডিং (ৰশ্মি শইকীয়া)

RECIPE
 উপকৰণ: ফ্ৰেচ নাৰিকলৰ গাখীৰ ২/কাপ কণফ্লোৰ_৪/৫ চামুচ চেনী ২/কাপ নিমখ এচিকুট শেষত পুডিং ৰ ওপৰত সজাবৰ বাবে পিস্তা কেইটামান।      পদ্ধতি:_  প্ৰথমতে মই নাৰিকলৰ গাখীৰ খিনিৰ পৰা আধা কাপ বেলেগ কৰি তাত কণʼফ্লোৰ ৪/৫চামুচ মিহলাই বেলেগে কৰি থৈছো। পাছত দিবলৈ। এতিয়া থাকি যোৱা বাকী নাৰিকলৰ গাখীৰৰ লগত চেনী গুৰি কৰি লোৱা ৪/৫চামুচ মিহলাই   , আৰু নিমখ এচিকুট দি  ভালদৰে গোটেই খিনি মিহলাই গেছ আন কৰি লাহে লাহে কম জুইত ৩/৪মানৰ পাছত অলপ গাখীৰ আৰু চেনীৰ ঠিক মিশ্ৰণ খিনি হোৱা পাচত , প্ৰথমতে মই ৰেডি কৰি ৰখা নাৰিকল আৰু কণʼফ্লৰৰ মিশ্ৰণ খিনি একেলগে মিহলাই দি দিছোঁ । আৰু যেতিয়া অলপ ডাঠ হৈ অহা নিচিনা হোৱাৰ পাছত গেছ অফ কৰি এটা পুডিং বাতিত ভৰাই ওপৰত কেইটামান পিস্তা দি সজাই ২/৩ঘন্টা মান সময়    ভালদৰে পুডিং খিনি চেক হ'বৰ বাবে নৰমেল ফিজ্ৰাৰত ৰাখি থলো। পাছত আমাৰ পু...

সম্পাদকীয় (ৰবচন বৰুৱা)

EDITORIAL
শিল্প বা যিকোনো কলা (Art) জীয়াই থাকে        সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনৰ কৰ্মৰাজিৰ মাজত৷ আমি যি পিন্ধো, আমি যি খাওঁ, আমি ঘৰখন কিদৰে সজাও, আমি যি লিখো-পঢ়ো, যি নৃত্য-গীত উপভোগ কৰো- এই সকলোতে প্ৰতিফলিত হয় আমাৰ শিল্প-সংস্কৃতি৷ যেতিয়া শিল্পৰ কোনো এটা বিষয় কোনোবাই সাধনা কৰে আৰn প্ৰদৰ্শন কৰে তেনে ব্যক্তিকে আমি শিল্পীৰ মৰ্যদা দিও- শিল্পী বুলি কওঁ৷ এই শিল্পী আৰু ৰাজনীতিৰ সম্পৰ্ক বহু যুগৰ৷ ৰাজনীতি আৰু শিল্প- এজন সমাজৰ দুয়ো অতি প্ৰয়োজনীয় চালিকা শক্তি৷ ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যতে কিছুমান আগলৈকে শিল্পীসকল প্ৰত্যক্ষভাৱে ৰাজনীতিৰ সৈতে জড়িত হোৱা নাছিল৷ দুই-এজন ব্যতিক্ৰমী শিল্পীৰ বাদে৷ অৱশ্যে দক্ষিণ ভাৰতৰ ৰাজনীতিত বহুত আগৰে পৰা শিল্পীৰ প্ৰৱেশ আৰু আধিপত্য দেখা যায়৷ কিন্তু এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে ৰাজনীতিৰ পথাৰত শিল্পীসকলৰ খদমদম লগোৱা দেখা গৈছে৷ এইটো সম্প্ৰতি অসমৰ ৰাজনীতিতো ...
অসমীয়া ছবি আৰn ভ্ৰাম্যমাণ থিয়েটাৰ িকছু আশা – প্ৰত্যাশা আৰু চিন্তা…….. (- ৰঞ্জন শমাৰ্ -)

অসমীয়া ছবি আৰn ভ্ৰাম্যমাণ থিয়েটাৰ িকছু আশা – প্ৰত্যাশা আৰু চিন্তা…….. (- ৰঞ্জন শমাৰ্ -)

CINEMA, CULTURAL
                 ভৰত মুনিৰ নাট্য শাস্ত্ৰৰ চৌষষ্ঠি কলাৰ অন্যতম শ্ৰেষ্ঠ কলাটোৱেই হৈছে অভিনয়৷ এই অভিনয় আমি নাটক, চলচ্চিত্ৰ আদি বিভিন্ন মাধ্যমেৰে আমি উপভোগ কৰো৷ নাটক আৰু চলচ্চিত্ৰ হৈছে সমাজৰ দাপোণ- য’ত প্ৰতিফলিত হয় সমাজৰ সভ্যতা, সাহিত্য, সংস্কৃতি আৰু সমাজৰ এখন বাস্তৱ প্ৰতিচ্ছবি৷ অভিনয়ৰ স্বতঃ¦£ৰ্ুত তাগিদাৰে মানুহে প্ৰকাশ কৰিব পাৰে মনৰ ভাৱ৷ সেয়েহে অভিনয়কে (নাটক য চলচ্চিত্ৰ) ক জনসংযোগৰ আটাইতকৈ শক্তিশালী মাধ্যম হিচাপে গণ্য কৰা হৈছে৷ মনোৰঞ্জন আৰু এটা  সুস্থ বাতাৰ্ৰে সমাজক জাগ্ৰত কৰিবৰ বাবেই গঢ়ি উঠি ছিল ভ্ৰাম্যমাণ থিয়েটাৰ আৰু চলচ্চিত্ৰ৷ এই দুয়ো শক্তিশালী গণমাধ্যমে তেতিয়াৰ পৰা এতিয়ালৈকে মানুহক ৰুচিশীল মনোৰঞ্জন প্ৰদান কৰাৰ লগতে সমাজলৈ এক সুস্থ বাতাৰ্ প্ৰেৰণ কৰি আহিছে৷ প্ৰথমেই আঁহো ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰসংগলৈ.............
গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰকৃত কাৰণ আৰু সমাধানৰ কিছু চিন্তা (সৌৰভ কুমাৰ দাস )

গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰকৃত কাৰণ আৰু সমাধানৰ কিছু চিন্তা (সৌৰভ কুমাৰ দাস )

CURRENT TOPIC
গুৱাহাটীৰ কেউদিশে বানৰ কল্লোল৷ আগতে নেদেখা সৰ্বকালৰ অভিলেখ ভংগ কৰা এইবাৰৰ বান৷ মানৱ সম্পদৰ লগতে অনেক আৰ্থিক ক্ষতিয়ে গুৱাহাটী মহানগৰীক দুৰুলা কৰিছে৷ এই বানৰ বাবে ব্যক্তি বিশেষে আৰু ৰাজনৈতিক দলবোৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে গুৱাহাটী পৌৰ নিগম, স্থানীয় বিধায়ক, মন্ত্ৰী আৰু চৰকাৰক৷ এওঁলোকৰ মতে চৰকাৰেহে বানপানীৰ সৃষ্টি কৰিছে বা বানপানীৰ বাবে চৰকাৰ দায়ী৷ যদি সেয়ে হয়, তেন্তে ক’ব লাগিব আগৰ অসম গণ পৰিষদ চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰো তাৰ বাবে দায়ী৷ আদি বিপক্ষত বহি চিঞৰ বাখৰ কৰি সাধাৰণ মানুহৰ মন জয় কৰাৰ যি নিৰ্লজ্জ প্ৰয়াস৷ তাক এবাৰ ভাবি চাওঁকচোন তেওঁলোকৰ শাসন কালতা যে বানপানীয়ে গুৱাহাটীবাসীক জ্বলা ক’লা খুৱাইছিল৷                গুৱাহাটীৰ বান সমস্যাৰ বাবে যিদৰে চৰকাৰী যন্ত্ৰবোৰ দায়ী, ঠিক তেনদৰে আমি নাগৰিকবোৰো কম দায়ী নহয়৷ আমাৰ আত্মকেন্দ্ৰ...
অসমৰ সমাজ আৰু সংস্কৃতিত গুৰুজনাৰ অমূল্য অৱদান ঃ নামঘৰ (জুন্টি বৰদলৈ)

অসমৰ সমাজ আৰু সংস্কৃতিত গুৰুজনাৰ অমূল্য অৱদান ঃ নামঘৰ (জুন্টি বৰদলৈ)

CURRENT TOPIC
শংকৰ গুৰু আমাৰে ....                               মাধৱ গুৰু আমাৰে লুকাই আছা দেখা নাযায়                                              মণিকুটৰ ভিতৰে...৷ অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে সমাজ সংস্কৃতিলৈ আগবঢ়োৱা অমূল্য আৱদানেই হৈছে নামঘৰ৷ যদিও মূলতঃ নামঘৰ ধৰ্মানুষ্ঠান তথাপিও অসমৰ সমাজ জীৱনত নামঘৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আৰু অতুলনীয় অৱদান আছে৷ নামঘৰ অসমীয়া সংস্কৃতিৰ এক আপ...