
অৱহেলিত ৰামখাপীঠ (ৰাজলক্ষ্মী ভূঞা)
ঐতিহাসিক শিৱসাগৰ জিলাৰ দিখৌমুখ দেওঘৰীয়া অঞ্চলত অৱস্থিত এইপীঠ স্থান ৰামখাপীঠ৷ পৌৰাণিক তত্ত্ব অনুযায়ী দক্ষৰাজৰ জীয়েক সতীয়ে পিতৃগৃহত আয়োজিত যজ্ঞত নিজৰ পতি মহাদেৱ শিৱৰ তিৰস্কাৰ শুনি সহ্য কৰিব নোৱাৰি যজ্ঞকুণ্ডতে আত্মবিসৰ্জন দিয়ে৷মহাদেৱে সতীৰ মৃতশৰীৰ কান্ধত লৈ পাহাৰে-কন্দৰে বগাই ফুৰিবলৈ ধৰে৷ এইকথাত সকলো দেৱ-দেৱতা চিন্তিত হৈ পৰে৷ আৰু শিৱৰ সেই ক্ৰোধান্বিত ৰূপ দেখি জগতৰ হিত সাধনৰ হেতু সুদৰ্শন চক্ৰেৰে সতীৰ দেহ ৫১ টা খণ্ডত খণ্ডিত কৰি পেলাইছিল৷ সতীৰ দেহৰ বিভিন্ন অংশ সেয়েহে বিভিন্ন ঠাইত সিচঁৰতি হৈ পৰিছিল৷ আৰু এইদৰে সতীৰ নাভী অংশ গৌৰীসাগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থল ভৰলুৱা গাঁৱৰ এই অংশতে পৰি ৰয়৷ উল্লেখযোগ্য যে আহোমসকল অহাৰ আগতেই এই পীঠস্থান আছিল যদিও এই বিষয়ে পুংখানুপুংখ সমলৰ অভাৱ৷আনুমানিক প্ৰায় আঠশ বছৰৰ আগৰেপৰাই এই স্থান পীঠস্থান আছিল বুলি জনসাধাৰণ...