Arup Kakoti – Page 60 – Purbodix.com

Author: Arup Kakoti

ডিপ্ৰেছন বা হতাশা – সজাগতা, প্ৰতিৰোধ আৰু নিৰাময় (ডঃ নৱনীতা দাস)

ডিপ্ৰেছন বা হতাশা – সজাগতা, প্ৰতিৰোধ আৰু নিৰাময় (ডঃ নৱনীতা দাস)

HEALTH
হতাশা বা ডিপ্ৰেছন (Depression) এবিধ মানসিক ব্যাধি৷ এই ৰোগত ভুগিলে ৰোগীৰ মনত অত্যন্ত দুঃখ বা হতাশা ভাবৰ সৃষ্টি হয়, সচৰাচৰ কৰি ভাল পোৱা কামৰ প্ৰতি আগ্ৰহ কমি যায় আৰু একেবাৰে চৰম পৰ্যায়ত আত্মহননৰ চিন্তা পৰ্যন্ত মনলৈ আহে৷ সৌভাগ্যক্ৰমে, এই ৰোগ ধৰা পেলাব পাৰি আৰু লগতে চিকিৎসা তথা অন্য উপায়েৰে ইয়াৰ পৰা উপশমো লাভ কৰিব পাৰি৷ডিপ্ৰেছন সমগ্ৰ বিশ্বজুৰি এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে আৰু এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থা ( WHO)ৰ সমীক্ষা অনুযায়ী প্ৰতিবছৰে প্ৰায় ৮ লাখ লোকে ডিপ্ৰেছনৰ বাবে আত্মহত্যা কৰে৷ ১৫-২৯ বছৰ বয়সৰ যুৱক-যুৱতীৰ মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ হৈছে আত্মহত্যা৷ ই এক অতি ভয়াৱহ তথ্য৷ আমাৰ দেশত প্ৰায় ১৫.১ণ  লোক এই ৰোগৰ চিকাৰ হয়৷এইখিনিতে উল্লেখযোগ্য যে, ক’ভিড-১৯ অতিমাৰীৰ সময়ত মানসিক ৰোগ তথা ডিপ্ৰেছনৰ মাত্ৰা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ই...
জাতিৰ শিৰোমণি জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ… (বিপুল গগৈ)

জাতিৰ শিৰোমণি জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ… (বিপুল গগৈ)

FESTIVAL
জয়গুৰু শংকৰ সৰ্বগুণাকৰযাকেৰি নাহিকে উপামতোহাৰি চৰণে ৰেণু শতকৌটিবাৰেক কৰোহোঁ প্ৰণাম৷অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন, জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা, পোন্ধৰ-ষোল্ল শতিকাত আধুনিক সভ্যতাৰ পোহৰ নোপোৱা তথা কুসংস্কাৰে আবৃত কৰি ৰখা ৰুগ্ন ভগ্ন জাতিটোক নতুনকৈ গঢ়ি ভাষা-সাহিত্য-সংস্কৃতিৰ ভঁৰাল সমূদ্ধ কৰি থৈ যোৱা, বৰ অসমৰ বুকুত বসবাস কৰা বৰ্ণাঢ্য জাতি-জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ সেঁতু গঢ়োতা, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ জৰিয়তে জাতিটোৰ অন্তৰাত্মাত আধ্যাত্মিক চেতনাবোধ জগাই তোলা, উদাৰ অসমীয়াত্বৰ অভিকেন্দ্ৰ স্বৰূপ সত্ৰ-নামঘৰৰ পবিত্ৰ মজিয়াত সকলোৱে ঈশ্বৰৰ উপাসনাৰ জৰিয়তে মানৱৰ কল্যাণৰ লগতে মুক্তিৰ পথ সন্ধান কৰিবলৈ বাট দেখুৱাই থৈ যোৱা গুৰুজনাক আমি অসমীয়া জাতিয়ে অসমৰ চুকে-কোণে সত্ৰ নামঘৰত গোটেই ভাদ মাহটোত হৰিনামৰ অমিয়া মাধুৰীৰে আকাশ-বতাহ মুখৰিত কৰি তেৰাৰ চৰণত সেৱা জনাই জাতীয় হৃদয় উজাৰি তেখেতক স্মৰণ কৰো, ভক্তি...
ভূপেন হাজৰিকাই সুধিছিল মোৰ কামখিনি ভাল হৈছেনে? (প্ৰদ্যুৎ কুমাৰ ডেকা)

ভূপেন হাজৰিকাই সুধিছিল মোৰ কামখিনি ভাল হৈছেনে? (প্ৰদ্যুৎ কুমাৰ ডেকা)

CURRENT TOPIC
৬ মাৰ্চ, ২০০৭ চন৷ কলকাতাৰ প্ৰসিদ্ধ সংগীত বাণীৱদ্ধ কোম্পানী ‘সাৰেগামা’ই (পূৰ্বতে এইচ এম ভি নামেৰে বিখ্যাত) প্ৰযোজনা কৰা এখন জীৱনীমূলক ভিডিঅ’ ছবিৰ ু«টিং৷ অভিনেতা মাথোঁ এজনেই৷ ছবিখনৰ নিৰ্মাণ হৈছে তেওঁৰ জীৱনৰ কেইটামান অধ্যায়ক লৈ৷ ৮০ বছৰ বয়সীয়া অভিনয় শিল্পীজনে দিনৰ ১০ বজাৰ পৰা কোনো  break নোলোৱাকৈ একেৰাহে আবেলি ৩ বজালৈকে ু«টিং কৰে৷ Pack upৰ পিছত কিছুদিনৰ পৰা চিকিৎসাধীন হৈ থকা শিল্পীগৰাকীয়ে ক’লে– ‘মোৰ কামখিনি ভাল হৈছিলনে? মই ভালকৈ কৰিব পৰা নাই যেন ভাব হয়৷ ভাল হোৱাখিনি ৰাখি বেয়া হোৱাখিনি  editing ত কাটি দিবা৷’ শিল্পীগৰাকী হ’ল ড॰ ভূপেন হাজৰিকা৷ ‘মই এটি যাযাবৰ’ নামৰ এই জীৱনীমূলক ছবিখনৰ পৰিকল্পনা আছিল দেউতাৰ (পবিত্ৰ কুমাৰ ডেকা)৷ কাৰিকৰী নিৰ্দেশক আছিলো মই৷ ‘সাৰেগামা’ই ছবিখন কিয় মুক্তি নিদিলে বুজা নগ’ল৷ যি কি নহওক, ড॰ ভূপেন হাজৰিকাৰ সৈতে জীৱনত এটা কাম কৰাৰ এক বিৰল আৰু মিঠা অভ...
ধৰ্মই আমাক শেষ কৰিব নেকি?(ৰাজলক্ষ্মী ভূঞা)

ধৰ্মই আমাক শেষ কৰিব নেকি?(ৰাজলক্ষ্মী ভূঞা)

CURRENT TOPIC
সুদীৰ্ঘ পাঁচশ বছৰৰ পাছত এটা দীঘলীয়া পৰিকল্পনাৰ অন্তত অযোধ্যাত ৰাম মন্দিৰ স্থাপন হ’ল... ত্ৰেতাৰ ভগৱানৰ প্ৰতিস্থাপন হ’ল৷কলিত কৃষ্ণনাম৷ সংস্কৃতিৰ পৰিবাহক ভাৰতীয়ই কোনো কালে কাকো অপযশ দিয়া নাইবা অৱমাননা কৰাৰ নজিৰ নাই৷হিন্দুৰ দশ অৱতাৰক সকলোৱে স্বীকাৰ কৰাৰ লগতে সন্মান কৰি আহিছে...আৰ্য-অনাৰ্যৰ যুঁজৰ মাজত ৰামায়ণ আৰু মহাভাৰতে কেতিয়াবা পন্থা সলনি কৰিছে৷বাল্মিকীৰ ৰামায়ণ পৃথিৱীৰ সবাতোকৈ অধিক ভাষালৈ অনুবাদ হোৱা গ্ৰন্থ৷উত্তৰ ভাৰতৰ লগত দক্ষিণ ভাৰতৰ নাইবা উত্তৰ পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য-ধৰ্ম, ধ্যান-ধাৰণা আদি আনৰ লগত নিমিলে...অসম মুলুকত কৃষ্ণৰ কথা আলোচনা কৰা হয়৷ ৰামক ঈশ্বৰৰ অৱতাৰ বুলি ধৰা হয় যদিও৷ মূলতঃ গুৰুজনাই শিকাই যোৱা বৰগীত গুৰু ভটিমাত কৃষ্ণৰ কিঙ্কৰ হিচাবে ভকতে ভকতি কৰে৷যোৱা পাঁচ আগষ্টত অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিস্থাপনৰ দিনা অসমত দেখিলো ৰাম-ৰহিমৰ খণ্ড যুদ্ধ৷ ছিঃ নিজৰে লাজ লাগিছে৷ ...
এনকাউণ্টাৰ বনাম¸ হত্যাৰ অধিকাৰ (ড॰ চিত্তৰঞ্জন বৰুৱা)

এনকাউণ্টাৰ বনাম¸ হত্যাৰ অধিকাৰ (ড॰ চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC
এনকাউণ্টাৰ আৰু হত্যা আজিৰ বা নতুন শব্দ বা চৰ্চাৰ বিষয় নহয়৷ পৌৰাণিক আইন আৰু শাসন ব্যৱস্থাত এই এনকাউণ্টাৰৰ সপক্ষে-বিপক্ষে যুক্তি আৰু নানা ধৰণৰ বিতৰ্ক আলোচনা-সমালোচনা অব্যাহত আছিল৷ তথাপিও আইনীভাৱেই হওক বা অবৈধ বা প্ৰতিশোধমূলকভাৱেই হওক বা কৌশলপূৰ্ণভাৱে হওক বা কাৰোবাৰ ভুলৰ বাবেই হওক এনকাউণ্টাৰ কাৰ্যপ্ৰক্ৰিয়াৰ বিষয়ে আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত দেখি আহিছো৷ সেয়ে চৰিত্ৰ, অভিযোগ প্ৰতি-অভিযোগ যুক্তি আৰু আইনী বিচাৰৰ ফালৰ পৰা আমি এনকাউণ্টাৰক দুই প্ৰকাৰত ভাগ কৰিব পাৰো –(ৰ) আইনসন্মত এনকাউণ্টাৰ(২) বে-আইনী বা ভুৱা এনকাউণ্টাৰথাউকতে কোৱা সমীচিন হ’ব যে আইনজীৱী বা আইনজ্ঞ বা ৰাষ্ট˜ীয়-আন্তঃৰাষ্ট˜ীয় আইন অধ্যয়ন কৰা গৱেষকৰ মত অনুসৰি এনকাউণ্টাৰ হ’বলৈ দুয়োপক্ষৰ মাজত সংশয় আৰু নৃশংসতাৰ পৰিৱেশ উদ্ভৱ হ’ব লাগিব৷ বহুক্ষেত্ৰত  অস্ত্ৰৰ উপস্থিতি থকা বাঞ্চনীয়৷ ইয়াক আইনসন্মত বা নিয়ম সম্পক¹য় এনকাউণ্টাৰ হিচাপ...
NIA ক্ষমতা-অনুসন্ধান (ড॰ চিত্তৰঞ্জন বৰুৱা)

NIA ক্ষমতা-অনুসন্ধান (ড॰ চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC
ভাৰত ৰাষ্ট্ৰই যেতিয়াই প্ৰয়োজন অনুভৱ  কৰে তেতিয়াই ৰাষ্ট্ৰৰ স্বাৰ্থত  সময়ত প্ৰয়োজনত আইন প্ৰনয়ন কৰে৷ যদিওৱা ভাৰতৰ সংবিধান আছে, যাক আমি সাংবিধানিক আইন বুলিব পাৰো তথাপিও সংবিধানৰ দৰ্শন আৰু সাংবিধানিক নীতি নিয়ম অৰ্থাৎ সাংবিধানিক আইন বলবৎ কৰিবলৈ উল্লেখ কৰাৰ দৰে আইন বা আনুসংগিক আইন প্ৰয়োজন৷ বহু আইন কল্যাণমূলক সেইদৰে বহু আইন দেশ, জাতি, সংহতি নিৰাপত্ত আৰু অখণ্ডটাৰ স্বাৰ্থত প্ৰণয়ন কৰা হয়৷ NIA কি বা কেনেকুৱা ক্ষমতাৰ লগত জড়িত বা অনুষ্ঠাননো কি কি বিষয়ৰ সৈতে আৱদ্ধ তাক বা এই সম্পদক বিতং আলোচনা কৰাৰ আগতে আইন সম্পৰ্কত আলোচনাৰ প্ৰয়োজন আছে৷ যিহেতু NIA গোটেই ব্যৱস্থাটো এখন আইন আৰু এখন বিশেষ আদালতৰ দ্বাৰা পৰিচালিত৷ভাৰত ৰাষ্ট্ৰ সংবিধানিক      ৰ৷ ঐক্যতা (Unity);২৷ অখণ্ডতা (Integrity);৩৷ সাৰ্বভৌমত্ব (Sovereignity)জ্ব৪৷ নিৰাপত্তা (Security);যাতে অটুত থাকে বা কোনে অভ্যন্ত...
ব্যৱসায় ভিত্তিত কদকনাথ কুকুৰা পালন (ছয়নিকা কপিল)

ব্যৱসায় ভিত্তিত কদকনাথ কুকুৰা পালন (ছয়নিকা কপিল)

CURRENT TOPIC
কদকনাথ কুকুৰা- নামেই যাৰ পৰিচয়, যাক বহুলোকে ব্লেকচিকেন বা ‘কালা মাসী’ বুলিও কয়৷ ব্লেকচিকেন বুলি এইকাৰণে কোৱা হয় কাৰণ মুৰ্গীটোৰ সম্পূৰ্ণ ভৰি, নখ, জিভা, চকু লগতে মাংসৰ বৰণো ক’লা হয়৷ বৰ্তমান অসমৰ অৰ্থনীতিত বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইবিধ কুকুৰাই৷ বহুত পুষ্টিযুক্ত আৰু মুৰ্গীৰ প্ৰজাতিৰ ভিতৰতে আটাইতকৈ অধিক প্ৰটিন পোৱা মুৰ্গী হ’ল কদকনাথ মুৰ্গী৷ ইয়াত প্ৰতি কিলোগ্ৰামত ২৫ শতাংশ প্ৰটিন পোৱা যায়৷ চৰ্বিৰ পৰিমাণ আটাইতকৈ কম- ঙ্ম.৭৩-১.০৫ শতাংশহে মাত্ৰ৷ তাৰ লগতে এই মুৰ্গীৰ মাংসৰ ভিটামিন  Bৰ, B২, B৬, B১২, GE, নাইচিন, প্ৰটিন, কেলচিয়াম, ফচফৰাচ, আইৰণ (অধিক) নিয়াচিন (Niacin) এচিড পোৱা যায়৷এই মুৰ্গীবিধ মধ্যপ্ৰদেশৰ ধাৰ ( Dhar) আৰু জাবুৱা (Jhabua) ঠাইৰ থলুৱা কুকুৰা৷ এইবিধ কুকুৰা সাধাৰণতে তিনিটা প্ৰকাৰৰ- Jet Black, Golden Black আৰু Pencilled৷ এই মুৰ্গীক নোমৰ ৰঙৰ সৈতে বিভক্ত কৰা হৈছে৷এই...
যুৱ প্ৰজন্মৰ মাজত উচ্ছৃংখলতা সমাজ তথা অভিভাৱকৰ কৰণীয় নাই নেকি (নৱনীতা শৰ্মা বৰঠাকুৰ)

যুৱ প্ৰজন্মৰ মাজত উচ্ছৃংখলতা সমাজ তথা অভিভাৱকৰ কৰণীয় নাই নেকি (নৱনীতা শৰ্মা বৰঠাকুৰ)

CURRENT TOPIC
বৰ্তমান যুৱ প্ৰজন্মৰ মাজত দেখা দিয়া উশৃংখলতাই আমাৰ সমাজত এক গভীৰ চিন্তাৰ বিষয় হৈ ঠিয় দিছে৷ সংবাদ মাধ্যম বিশেষকৈ বাতৰি কাকত, দূৰদৰ্শন আৰু অনাতাঁৰ কেন্দ্ৰত এই ধৰণৰ প্ৰচাৰে আমাৰ সকলোকে বিব্ৰত কৰি তুলিছে৷ বুদ্ধিজীৱী, সমাজ সচেতন ব্যক্তিসকলৰ আগত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এনেধৰণৰ কিছুমান দৈনন্দিন ঘটনাই আ(ৰ্য্যজনকভাৱে আমাৰ সমাজ ব্যৱস্থাত এক কলঙ্কিত অধ্যায়ৰ সূচনা কৰাই নহয়, এইবিলাকে আমাৰ সমাজ ব্যৱস্থাটোক কলুষিত কৰিছে৷ যুৱচামৰ এই কাৰ্যাৱলীয়ে তথা তেওঁলোকৰ নৈতিক ঙ্খলনেও এক ভাবিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন কৰিছে৷ সকলোৱে মাথো স্বস্তিৰ নিশ্বাস পেলাবলৈহে চেষ্টা কৰিছে যেন লাগে৷ ইয়াৰ প্ৰতিকাৰৰ ওপৰত কোনেও বিশদ আলোচনা কৰাটো বিচৰা নাই যেন লাগে৷ নহলেনো লাজ, ভয়, সন্মান আদিৰ প্ৰতি যুৱকসকল একেবাৰে উদাস হৈ পৰি যি মন যায় তাকে কৰিবলৈ উদ্যত হোৱা আমি সদায়ে আমাৰ চকুৰ আগত দেখোঁ জানো? এই কথাখিনিৰ মাজ...
প্ৰতিজ্ঞা (নমিতা মেধী ডেকা)

প্ৰতিজ্ঞা (নমিতা মেধী ডেকা)

STORY
ঃ দে’তা ময়ো যাম তোমাৰ লগত৷ঃ নালাগে জিংকী... আজি দেতা যাওঁক দিয়া৷ তুমি আৰু মই পিছত এদিন যাম৷ঃ না... নহ’ব আইতা৷ ময়ো যাম দে’তাৰ লগত৷ঃ হ’ব জিংকী তুমিও যাবা মোৰ লগত৷বাৰাণ্ডাৰ চকীখনত বহি কিবাকিবি ভাবি থকা প্ৰিয়মে মাত লগালে কণমানি জিংকীলৈ চাই৷দেউতাকৰ অনুমতি পাই চাৰিবছৰীয়া কণমানি চিত্‌পখিলীজনী আনন্দতে জপিয়াই জপিয়াই দেউতাকৰ ওচৰৰ পৰা আঁতৰি গ’ল৷ ওচৰেত ৰৈ থকা প্ৰিয়মৰ মাকে প্ৰিয়মলৈ চাই...ঃ চাৰি বজাত যাবি বুলি কৈছো মানুহঘৰক৷ তোৰ লগৰ প্ৰণয় আৰু ৰাজুও আহিব৷প্ৰিয়মে মাকলৈ মূৰ তুলি চালে৷ আকুলতাৰে ভৰা পুত্ৰৰ মৌন চাৱনিয়ে মাতৃৰ বুকুৰ মাজত এটি মৃদু বিষৰ হেন্দোলনি তোলে৷ শোক এটি উজাই আহি ডিঙিত সোপা মাৰি ধৰে৷ তথাপিতো নিজকে সংযম কৰি কৈ উঠে...ঃ তই দুখ নকৰিবি বাবা৷ জিংকীৰ বাবেই তই এইখিনি কৰিবই লাগিব৷দুটোপাল দুখৰ মুকুতাৰে জলমলাই উঠা চকুযুৰিৰে তলমূৰ হৈ ৰয় প্ৰিয়ম৷ জিংকীৰ বাবেইতো সি বচৰা নাই এইটো পথ৷ এতিয়া জি...
পবিত্ৰ বন্ধন ৰক্ষাবন্ধন আৰু আমাৰ সমাজ (অলকা মহন্ত বৰুৱা)

পবিত্ৰ বন্ধন ৰক্ষাবন্ধন আৰু আমাৰ সমাজ (অলকা মহন্ত বৰুৱা)

FESTIVAL
ৰক্ষাবন্ধন বা ৰাখীবন্ধন প্ৰকৃতাৰ্থত শক্তিৰ আধাৰ য’ত বিশ্বাস আৰু প্ৰতিশ্ৰুতিৰ গাঢ়তা আছে৷ ৰাখীবন্ধন ভাৰতৰ পূৰ্বাপৰৰ পৰা চলি অহা এটা উৎসৱ৷ হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে৷ হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদ্‌যাপিত হয়৷ এই দিনটোতে বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে৷ এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা৷ লগতে লুকাই থাকে দদায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি৷ সেয়ে ককায়েক বা ভায়েকজনৰ বায়েক বা ভনীয়েকজনীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয়৷ সমগ্ৰ দেশতে বিভিন্ন ৰীতি-নীতিৰে এই দিৱস উদ্‌যাপিত হয়৷ ভায়েকে বায়েকক, ভনীয়েকে ককায়েকক মংগল কামনা কৰি আজিৰ এই দিনটোত ৰাখী বান্ধে৷ এডাল ৰাখী কেৱল সূতাৰে সমষ্টি নহয়, ইয়াত অন্তৰ্নিহিত ...