STORY – Page 5 – Purbodix.com

STORY

আমেৰিকাৰ ডায়েৰি (গীতাঞ্জলী বৰুৱা)

আমেৰিকাৰ ডায়েৰি (গীতাঞ্জলী বৰুৱা)

STORY
[চতুৰ্থ খণ্ড]                         আমেৰিকালৈ অহাৰ পাছত  দুদিনমানলৈ মোৰ লাগি থাকিল, উৰণীয়া চৰাই যেন সজাতহে বন্দী হ’ল৷ ঘৰত দুই পাখি মেলি অনবৰতে আপোন ভোলা হৈ ঘূৰি ফুৰাজনী ইয়াত আহি জেলতহে সোমালো যেন৷ দিনতো অকলে থাকো৷ কামো নাই কৰিবলৈ ইয়াত তেনেকৈ৷ একে উশাহতে গোটেই ঘৰটো এপাক মাৰিব পাৰি৷ বেছিভাগ কাম মেচিনেই কৰে৷ গাড়ীখন নহ’লে ক’তো ওলাই যাবও নোৱাৰি৷ বাছ সেৱা আছে যদিও আমাৰ ভাৰতৰ দৰে নহয়৷ নিজৰ গাড়ী নহ’লে অসুবিধা হয়৷ সকলো কাম নিজেই কৰো কেতিয়াও কাৰো ওচৰত নিৰ্ভৰ নকৰাজনী হৈ পৰিলোঁ প্ৰত্যেকটো কথাত স্বামীৰ ওপৰত নিৰ্ভৰশীল৷ তেখেতেও ধৈৰ্য সহকাৰে সকলো লাহে লাহে শিকাই দিয়াৰ ওপৰিও মোক মানসিকভাবেও শক্তিশালী কৰি তুলিল৷ লাহে লাহে গধুলি সময়ত অকলে অকলে খোজকাঢ়ি ওলাই যাবলৈ ধৰিলো৷ এইখিনিতে মই ইয়াত বসবাস কৰা মানুহখিনিৰ ব্যৱহাৰৰ থুলমূল আভাষ এটা দিব...

বৰদৈচিলা (শেৱালী বৰা)

STORY
শালত ফুলটো বাচিবলৈ লওঁতে জীয়েক লাটুৱে মাক  মামনিক সিহঁতৰ ঘৰলৈ বৰদৈচিলা কেতিয়াকৈ আহিব সুধিলে৷ জীয়েকৰ কথাই মাকৰ তাঁত শালত ফুলটো আউল লগাই দিলে৷ আকৌ সুধিলে আজি বাৰু সন্ধিয়ালৈ আহিব  নেকি মা? মাকে বৰদৈচিলালৈ বৰ ভয় কৰে৷ ঘৰখন থানবান হয় বুলি৷ যেনে তেনে বিহুলৈ মানুহজন আহি ঘৰটো ঠিক-ঠাক কৰিলে তাই আটোমটোকাৰিকৈ সজাই ল’ব৷ সন্ধিয়াৰ খবৰটো  তাইৰ বাবে বৰদৈচিলা আছিল৷ বৰদৈচিলাই তাইৰ সংসাৰৰখন থান-বান কৰি দিলে৷ কফিনত অহা নিজৰ মনৰ মানুহজন  দেখোন আজি জীৱনৰ বাবেই বৰদৈচিলা হৈ আহিল...৷ জীৱনটোৱেই শালৰ ফুলটোৰ দৰে আউল লাগিল....৷...

মালা (হেমেন নাথ)

STORY
কেইজনমানে উত্তৰ দিলে যে ছাঁ লাগে বাবে আমি গছ পুলি ৰুব লাগে৷ উত্তৰবোৰ শুনি বৰ ৰস পালে পণ্ডিতে৷শেষত তেওঁ গিৰিশলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে৷ সি ইঙ্গিতেৰে বুজাবলৈ চেষ্টা কৰিলে উত্তৰটো৷ পণ্ডিতে তাৰ সকলো কথা বুজি পায় যদিও সি কি বুজাব খুজিছে, ঠিক ধৰিব নোৱাৰিলে৷চাৰি-পাঁচ বাৰ গিৰিশে ইঙ্গিত দিয়াৰ মূৰকত পণ্ডিতে তাৰ ক’বলগাখিনি বুজিলে৷সি কৈছে –‘‘হাঁওফাওঁৰ এফাল তাৰ বুকুত আছে, আনটো ফাল গছজোপাত ওলমি আছে ’’পণ্ডিতে তাৰ কথা বুজি সি দেখুৱাই দিয়া গছজোপালৈ চালে৷ পণ্ডিতৰ ককাক কলাৰাম বৈষ্ণৱে এসময়ত ৰুইছিল অৰ্জুনজোপা৷ অৰ্জুনজোপাই কথা ক’ব নোৱাৰে, গিৰিশৰ দৰেই৷...
প্ৰাচীৰ (প্ৰাচুৰ্য ষড়ানন দত্ত)

প্ৰাচীৰ (প্ৰাচুৰ্য ষড়ানন দত্ত)

STORY
“এনেই জেওৰাখন দিব নালাগে৷ মই মাজে মাজে গছপুলি লগাই দিম৷ তেনেকৈয়ে হ’ব৷”কাজিয়া কৰি থকা দুই ভাই ককাইৰ মাজত বাৰীখন সমানে ভাগ কৰি গোটেই সীমাতে আমলখি গছ ৰুই দিছিল বাপেকটোৱে৷... আৰু এতিয়া প্ৰায় ত্ৰিছ বছৰৰ পাছত,  দুইখন ঘৰৰ মুক্ত চোতালেদি নাতি ল’ৰা-ছোৱালীকেইটাৰ অবাধ বিচৰণ৷‘‘ ককাইদেউ, এই গছ কেইজোপাই অকল আমাক ছাঁয়েই দিয়া নাই, সদায়স্থিৰ হৈ থাকিবলৈও শিকালে নে?’’ককায়েকৰ মুখেদি বিৰিঙি উঠিল এটি সুখৰ মিচিকনি৷ তামোলৰ বঁটাটো ভায়েকলৈ আগবঢ়াই কৈ উঠিল,‘‘সেইবোৰ বাৰু থ, তোৰ ডাঙৰ বোৱাৰীৰ হাতৰ আমলখিৰ আচাৰ অকণমান দিবলৈ ক’বি৷ আমাৰজনীয়ে বৰ নিমখ দিয়ে অ’ ৷’’ এমুঠি নিভাঁজ চেনেহৰ বতাহত মুহূৰ্ততে হালিজালি খিলখিলাই উঠিল এহাল বৃদ্ধ সহোদৰ৷ ...

আয়ুস (পৰিস্মিতা বৰদলৈ)

STORY
কুঠাৰেৰে যিমানেই ঘপিয়াইছে কামলা মানুহটোৱে গছজোপাত, সিমানেই শৰ্যাগত ৰঘুককাৰ বুকুৰ বিষটোও বাঢ়ি আহিছে৷ নাতি ল’ৰা যাদৱক সিদিনা কৈছিল তেওঁ, “এইযে গছজোপা দেখিছ, তহঁতৰ আজোককাৰে মোৰ ওপজা দিনাই ৰোৱা বুজিছ৷ আমি একে বয়সীয়া৷” জ্বলি থকা খৰিখিনি লৈ চাই চাই যাদৱে ভাবিলে, “একে লগতে আহিলেও আৰু গ’লো একেলগতেই৷” খৰিজাপে তেতিয়ালৈ সামৰি লৈছিল ৰঘুককাকক ফট্‌ফট্‌ ফট্‌ শব্দেৰে৷...
অবিচাৰ (মালা দিহিঙীয়া হাজৰিকা)

অবিচাৰ (মালা দিহিঙীয়া হাজৰিকা)

STORY
“কেৰৰৰৰৰৰচচচচচচ...’’ অকস্মাতে সন্মুখত ওলোৱা সৰু ছোৱালীজনীক জোৰকৈ ব্ৰেক মাৰি কোনোমতে বচালে সি৷ পিছৰটো চকাই ওফৰাই পঠিওৱা শিলগুটি এটাই চুই যোৱা তাইৰ কপালখনত তেজ বিৰিঙা দেখি তাইক তুলি ধৰা ল’ৰাটোক তৎক্ষণাত গোট খোৱা মানুহজাকে কোনোবা বৰ মানুহৰ উদণ্ড পুতেক বুলি মুখত সোপাদি গছত বান্ধি শাস্তি বিহিলে৷ হঠাত অসুস্থ হৈ পৰা মাকৰ বাবে ডাক্তৰ আনিবলৈ যাওঁ বুলি সি ক’ব খোজা কথাষাৰ ফটাকানিৰ সোপাটোৰ তলতে হেঁচা খাই গেঙনি এটা হৈয়েই ৰ’ল৷ ...
আপুনি বা মই অভিভাৱক হিচাপে কিমান সফল (ৰিজু বৰা)

আপুনি বা মই অভিভাৱক হিচাপে কিমান সফল (ৰিজু বৰা)

STORY
এগৰাকী শিক্ষয়িত্ৰী হিচাপে নিজকে বহুকেইজন সন্তানৰ অভিভাৱকৰ শাৰীত থিয় কৰি ৰাখিছোঁ৷ আৰু ইয়াৰ অভিজ্ঞতা আজি ভাগবতৰা কৰিবলৈ লৈছোঁ৷ নিজৰ শিক্ষা জীৱনৰ এটা অভিজ্ঞতা কওঁ  প্ৰথমেই৷ প্ৰথম হায়াৰ ছেকেণ্ডাৰীত এডমিচন লৈছোঁ৷ অসমীয়া মাধ্যমত মেট্ৰিক পাছ, তাকো চৰকাৰী বিদ্যালয়ৰ পৰা৷ ইফালে সাংঘাটিক চোকা নহয়৷ লগৰ সোঁৱে-বাঁওৱে থকা প্ৰায় সংখ্যকেই যোৰহাটৰ নামজ্বলা প্ৰাইভেট স্কুলৰ পৰা যোৱা৷ কাৰ্মেল, চেণ্ট্ৰল ইত্যাদিৰ৷ ইফালে গ্লেমাৰৰ নামত ধুনীয়াৰ নাম মাত্ৰও চিন নাছিল৷ স্মাৰ্ট বুলি কোনো কথাই ব্যক্তিত্ব নাছিল৷ বৰ আচহুৱা পৰিৱেশ হৈছিল৷ তাৰ মাজতেই ফিজিক্সৰ প্ৰথম ক্লাছ সিদিনা৷ চাৰ আহিল, বুজাই মেলি গ’ল৷ কি বুজালে একো নুবুজিলো কাৰণ এটা শব্দও অসমীয়াত নাছিল৷ ক্লাছৰ শেষৰ ফালে ছাৰে প্ৰশ্ন কৰিলে যে আমি কিয় বিজ্ঞান পঢ়িবলৈ আহিলোঁ৷ ক’ব লাগে সকলোৱে৷ ইফালে একো বুজা নাই, তাৰ মাজতে আকৌ নিজক ভূত ভূত লাগিছে আনৰ তুলনাত, তাৰ মাজতে ছাৰ...
অবৈধ জনতা আৰু ১৪৪ ধাৰা(ড॰ চিত্তৰঞ্জন বৰুৱা)

অবৈধ জনতা আৰু ১৪৪ ধাৰা(ড॰ চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC, STORY
১৪৪ ধাৰা বা ধাৰা ১৪৪ সম্পৰ্কত আমি প্ৰতিজনেই ক’ৰবাত নহয় ক’ৰবাত এবাৰলৈ হ’লেও জানিছো৷ এই ১৪৪ ধাৰাৰ দ্বাৰা আমি নিয়ন্ত্ৰিত হৈছো বা ইয়াৰ দ্বাৰা প্ৰভাৱিত আৰু শাসিত সময়ে সময়ে হোৱাৰ উপক্ৰম হওঁ৷ এই ১৪৪ ধাৰা সম্পৰ্কত আমি বিতংভাৱে নহ’লে থুলমুলকৈ আলোচনাৰ প্ৰয়াস কৰা হৈছে৷ সমাজৰ এজন নাগৰিক হিচাপে আমি আইন মানি চলাৰ লগতে আইনৰ জ্ঞান সম্পৰ্কত কিছু ধাৰণা থকাৰো প্ৰয়োজন৷ স্বাধীন ভাৰতৰ সংবিধানে ভাৰতীয় আইন আৰু গণতান্ত্ৰিক চেতনা বৰ্তাই ৰাখিলেও আৰু সমান্তৰালকৈ বহু আইন আমাৰ সমাজত বলৱৎ হৈ আছে৷ যিবোৰৰ প্ৰভাৱ পৰ্যায়ক্ৰমে প্ৰয়োজন অনুসৰি সমাজৰ প্ৰতিজন ব্যক্তিয়েই জীৱনত প্ৰভাৱিত হৈছে৷ এতিয়া আহোঁ ধাৰা ১৪৪নো কি? স্বাধীন ভাৰতৰ ফৌজদাৰী কাৰ্যবিধিৰ বাবে ভাৰতীয় সংসদে ১৯৭৩ চনত এখন সৰ্বগ্ৰহণীয় ভাৰত ভূ-খণ্ডত প্ৰযোজ্য হোৱাকৈ কেন্দ্ৰীয় আইন প্ৰণয়ন কৰিছিল৷ যাক ‘ফৌজদাৰী কাৰ্যবিধি আইন, ১৯৭৩ [১৯৭৪ চনৰ ২ নং আইন]’ ...
আশা আৰু আশাৰ সীমা (ৰীতা চৌধুৰী)

আশা আৰু আশাৰ সীমা (ৰীতা চৌধুৰী)

STORY
আশা সকলোৰে আছে৷ সকলো বয়সৰ মানুহৰ আছে৷ তেনেকৈ সকলো শিশুৰো আছে৷ আশাৰ কোনো সীমা নাই৷ বাঢ়ি যাবলৈ সুযোগ দিলে বাঢ়ি গৈ গৈ অৱশেষত ইফ্ৰেংকেনষ্টাইন হৈ পৰে৷ জীৱন ধংসকাৰী হৈ পৰে৷ জীৱন আৰু মনক সুস্থিৰ কৰি ৰাখিবলৈ আশাক সীমাবদ্ধ কৰি ৰখাটো অতি প্ৰয়োজন৷ মোৰ গৃহস্থ বেছি মৰমীয়াল৷ তেওঁ সীমাৰ কথা নাভাবে৷ দেখি আছোঁ ছোৱালীজনীৰ আশা বাঢ়ি গৈ আছে৷ ল’ৰাটোৰ তেতিয়া জন্ম হোৱাই নাই৷ তেওঁ বাধা দিলেওঁ নুশুনে৷ কি কৰা যায়/ বহুত ভাবি খৃষ্টমাছৰ সময়ত তাইক লৈ গৈ খৃষ্টমাছ ট্ৰী কিনি আনিলোঁ৷ লগতে গছজোপা সজাবলৈ তৰা, সৰু সৰু পৰী আদি৷ তাইৰ লগত মিলি গছজোপা সজালোঁ৷ খৃষ্টমাছ আৰু ছান্তাক্লজৰ বিষয়ে তাই জানে৷ তাইক কৈছো ছান্তাক্লজে চব দেখি থাকে৷ তুমি যদি ভাল কাম কৰা তোমাক গুড points দিব৷ কিন্তু তুমি যদি বেয়া কাম কৰা তোমাক badpoints দিব৷ ছান্তাক্লজে ভাল কাম কৰিলে বহুত ভাল পায়৷ তেওঁ সকলোকে  ভাল পায়৷ ভাল কাম কৰাবোৰক বেছি ভাল পায়৷ খৃষ্...
আমেৰিকাৰ ডায়েৰি [তৃতীয় খণ্ড]    (গীতাঞ্জলী বৰুৱা)

আমেৰিকাৰ ডায়েৰি [তৃতীয় খণ্ড] (গীতাঞ্জলী বৰুৱা)

STORY
এইবাৰ আঁহো মোৰ জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিব লোৱা ঘৰখনলৈ Ballantrae Apartment ৰ সু-সজ্জিত এটি ঘৰ৷ মানুহ জীয়াই থাকিবলৈ প্ৰয়োজনীয় তিনিটা মৌলিক উপাদানেই হ’ল খাদ্য, বস্ত্ৰ আৰু বাসস্থান৷ বাসস্থানৰ পৰাই আৰম্ভ কৰোঁ৷ বাহিৰত সেউজীয়া গছ-গছনি , ফুলনিৰে ভৰা আৰু ভিতৰখন বৈদ্যুতিক সা-সঞ্জামেৰে ভৰপূৰ৷ Electric gas, stove oven , microwave, refrigerator, dish washer আদিৰে পাকঘৰটো পৰিপূৰ্ণ গোটেইবোৰ শিকিবলৈ দুটাদিন দৰকাৰ হৈছিল যদিও সৰু-সুৰা ঘটনা মাজে মাজে এতিয়াও ঘটাই থাকো৷ মানুহৰ একো হানি-বিঘিনি ঘটা নাই বাৰু এতিয়ালৈ৷ ঘৰ সৰা, মচা, কাপোৰ ধোৱা সকলো মেচিনেই কৰে৷ কাপোৰ যে পখৰ ৰ’দত শুকোৱাৰ নিচিনাকৈ মেচিনতো শুকাই ইয়াত আহিহে দেখিবলৈ পালোঁ৷ কম সময়ত ইয়াত একেলগে বহু কামেই কৰি দিব পাৰি৷ সুবিধা বহুত আছে সকলোক্ষেত্ৰতে৷ আমি থকা Apartment টোত বহুত সা-সুবিধা আছিল৷ আমোদ প্ৰমোদৰ সকলো ব্যৱস্থাই কৰা আছিল৷ ইয়াত মোৰ বাবে অতি প্ৰ...