
শৰতেই আনক শান্তিৰ বতৰা…(ঊপ্লাবিতা ঠাকুৰ)
ঋতুৰাণী শৰৎ অহাৰ লগে লগে আমাৰ মন ফৰকাল হৈ পৰে৷ প্ৰকৃতিৰ ৰাণী শৰৎ অহাৰ লগে লগে শেৱালি ফুলৰ মনোমোহা গোন্ধে পৰিৱেশ সুন্দৰ কৰি তোলে৷ শৰতৰ কুঁৱলীয়ে কঢ়িয়াই আনে এটা সুন্দৰ মনোমোহা পৰিৱেশ৷
এনে সুন্দৰ পৰিৱেশতে আহি পৰে দুৰ্গা পূজা৷ শৰৎকালত হোৱা বাবে দুৰ্গাৰ অন্য নাম হ’ল শাৰদী মাতা৷ অসুৰ সংহাৰী দুৰ্গাৰ ৰূপে অপ সংস্কৃতি, সমাজৰ দুৰ্জন লোকক নিপাত কৰাৰ এটি প্ৰতীক৷ দুৰ্গা মাৰ দুয়ো কাষে লক্ষ্মী-সৰস্বতী, গণেশ, কাৰ্তিক৷ মাতৃয়ে সিংহ বাহনত উঠি ত্ৰিশূল হাতত লৈ নাগপাশেৰে অসুৰক কৰায়ত্ত কৰাৰ ভীষণ ৰূপ পাহাৰৰ ওপৰৰ পৰা তেওঁৰ স্বামী মহাদেৱে নিৰীক্ষণ কৰি আছে৷
হিমালয় আৰু মেনকাৰ আলাসৰ লাৰু উমাৰ আৰাধ্য স্বামী হ’ল ব্যাঘ্ৰ চাল, নৰ মুণ্ডমালা, সৰ্প পৰি অলংকাৰ ধাৰণ কৰা জাতিৰ প্ৰাণকৰ্তা মহাদেৱ৷
এবাৰ উমাৰ ৰূপ-লাৱণ্যত মুগ্ধ হৈ মহিষ নামৰ অসুৰে উমাক পত্নী হিচাপে বিচৰাত উমাৰ ভীষণ খং উঠিল৷ লগে লগে এই শান্ত-শিষ্ট অপৰূপা সুন্দৰী ...