CURRENT TOPIC – Page 33 – Purbodix.com

CURRENT TOPIC

প্ৰাঞ্জল শইকীয়া আৰু মৃদুল গুপ্তালৈ ৰূপকাৰ বঁটা

প্ৰাঞ্জল শইকীয়া আৰু মৃদুল গুপ্তালৈ ৰূপকাৰ বঁটা

CURRENT TOPIC
যোৱা ৫ জানুৱাৰী তাৰিখে ১২ সংখ্যক ৰূপকাৰ বঁটা প্ৰদান অনুষ্ঠান সকুলমে অনুষ্ঠিত হৈ যায়৷ ২০২১ আৰু ২০২২ বৰ্ষৰ বাবে যথাক্ৰমে থিয়েটাৰ আৰু চলচ্চিত্ৰৰ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া (তেখেতৰ হৈ পত্নী তথা বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াই বঁটা গ্ৰহণ কৰে) আৰু ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা মৃদুল গুপ্তাক পবিত্ৰ কুমাৰ ডেকা আক্ৰাইভৰ চৌহদত অনুষ্ঠিত এই বিশেষ  অনুষ্ঠানত ৰূপকাৰ বঁটা প্ৰদান কৰা হয়৷ আনুষ্ঠানিক এই সন্মানীয় বঁটাসমূহ ৰাজ্যখনৰ বিশিষ্ট সাংবাদিক তথা অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক নিত্য বৰাদেৱে প্ৰদান কৰে৷ বঁটা প্ৰদান কৰি দিয়া ভাষণত নিত্য বৰাই পবিত্ৰ কুমাৰ ডেকাৰ অসমৰ সংস্কৃতি আৰু সাহিত্য জগতলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ আৰু স্মৰণীয় অৱদানৰ বিষয়ে উল্লেখ কৰে৷ ‘‘তেওঁ চলচ্চিত্ৰ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃতভাৱে লিখি গৈছে৷ কেইবাজনো উচ্চাকাংক্ষী সাংবাদিকৰ কেৰিয়াৰ হিচাপে চল...
প্ৰেম, প্ৰাপ্তিৰ কাৰণে অদ্ভুত এক বেজাৰ (জয়ন্ত দাস)

প্ৰেম, প্ৰাপ্তিৰ কাৰণে অদ্ভুত এক বেজাৰ (জয়ন্ত দাস)

CURRENT TOPIC
  তোমাক ভাল পাওঁ বাবেই গোটেই পৃথিৱীখনকে ভাল পাবলৈ শিকিছোঁ মই৷ তোমাক ভাল পাওঁ বাবেই গোটেই পৃথিৱীখনতে কেৱল সেউজীয়াবোৰকে বিচাৰি পাওঁ মই৷ তোমাৰ ভালপোৱাই জীৱনৰ নি(য়তা-অনি(য়তা অথবা পোৱা-নোপোৱাৰ বেহিচাপ দোমোজাৰ মাজত ব্ৰতী হ’বলৈ শিকায় মোক৷ হেজাৰ প্ৰতিবন্ধকতাকো যেন তোমাৰ ভালপোৱাই ফুল হৈ ফুলিব দিয়ে মোৰ হৃদয়ত৷   সঁচাকৈয়ে এক বৰ্ণনাতীত বৰ্ণনাৰে পৰিৱেষ্টিত প্ৰেম নামৰ এই মিঠা শব্দটি৷ অতীজৰে পৰা প্ৰেমৰ স্বকীয়তাই সুন্দৰৰ পূজা কৰি আহিছে৷ বৰ্তমানেও প্ৰেমৰ স্বকীয়তা আছে বাবেই সৃষ্টিৰ অপূৰ্ব সমাহাৰ ঘটে এই পৃথিৱীত৷ ভৱিষ্যতেও হয়তো প্ৰেম যুগে যুগে পূজনীয় হৈয়ে ৰ’ব৷ অৱশ্যে পৰিৱৰ্তনৰ ধামখুমীয়াত প্ৰেমৰ গ্ৰহণযোগ্যতাৰ ওপৰত কিছু বেপেৰুৱা মনোভাৱৰ সৃষ্টি হ’লেও কিন্তু প্ৰকৃত প্ৰেম ভালপোৱাত হৃদয়ৰ উপলব্ধিক কোনেও ম্লান কৰিব নোৱাৰে৷ হৃদয়ৰ সমগ্ৰ সত্তাজুৰি প্ৰেমে কঁপনি তোলে আপোনজনৰ লগত অনুভৱী হ’বৰ বাবে৷ আপোনজনৰ প্ৰকৃ...
লুইতৰ লহৰত টলমল ৰজাবাৰী …

লুইতৰ লহৰত টলমল ৰজাবাৰী …

CURRENT TOPIC
কেতিয়াবা কেতিয়াবা দিহিঙে-দিপাঙে ঘূৰি ফুৰিবলৈ মন গ’লেও প্ৰায়খিনি সময়েই নিজৰ ঠাইখনেই দেখোন সাৱটি ৰাখে৷ কোনোবা খিনিত নিজৰ বোলা শব্দটোৱে টুকুৰিয়াই থাকে৷ এই টক্‌ টক্‌ শব্দবোৰৰ ফাঁকে ফাঁকে ভূমুকি মাৰে আপোন ঠাইখনতেই লুকাই থকা বহু ইতিহাস আৰু কাহিনীয়ে৷ এনেবোৰ গোপন কাহিনীৰ পম খেদি পৰ্বতে-কন্দৰে ঘূৰি ফুৰাৰ মজাই সুকীয়া৷ এই গোপন কাহিনীৰ কেন্দ্ৰবিন্দু বৰ্তমান গুৱাহাটী মহানগৰীৰ অন্তৰ্গত৷ আগতেও বহুবাৰ উল্লেখ কৰিছো, সহস্ৰ বছৰ আগতেই স্থাপন হোৱা গুৱাহাটী মহানগৰস্থিত প্ৰায়বোৰ পাহাৰে-কন্দৰে লুকাই আছে অনেক ইতিহাস৷ প্ৰতিখন পাহাৰৰে আছে গৌৰৱময় অতীত৷ অৱশ্যে গুৱাহাটীয়ে মহানগৰীৰ সন্মান লাভ কৰিছে মাত্ৰ কেইটামান দশক আগতে হে৷ তাৰ আগতেও গুৱাহাটী আছিল উত্তৰ-পূৱ ভাৰতৰ দূৱাৰমুখ আৰু অন্যতম চহৰ৷ বহু সময়ত এই অতীত সম্পৰ্কে বহু তথ্য পোহৰলৈ আহিছে যদিও বহু ঠাইৰ ইতিহাস এতিয়াও সেই গোপন স্থানতে লুকাই আছে নাইবা উন্নয়নৰ খোজত পিষ্ট হ...
কবিসকল সমালোচিত হয় কিয়? (অৰূপজ্যোতি হাজৰিকা)

কবিসকল সমালোচিত হয় কিয়? (অৰূপজ্যোতি হাজৰিকা)

CURRENT TOPIC
প্ৰায় সাহিত্যিকে প্ৰথম লেখা-মেলা আৰম্ভ কৰে কবিতাৰে৷ তাৰ পিছত কোনোবা যদি হয়গৈ গল্পকাৰ, আনকোনো হয়গৈ ঔপন্যাসিক৷ কোনোবা যদি হয়গৈ সমালোচক আন কোনোবা হয়গৈ নাট্যকাৰ৷ অসমত যিমান কাকত, আলোচনী প্ৰকাশ হয়,þ তাত যিমান কবিৰ কবিতা প্ৰকাশ হয় তাক হিচাপ কৰিবলৈ জটিল৷ প্ৰশ্ন হয়,þ অসমত বৰ্তমান কিমান কবি আছে? ইয়াৰ পোনপটীয়া উত্তৰ স্পষ্ট নহয়৷ সকলোৰে হিচাপ খেলি-মেলি৷ কোনোৱে আকৌ ক’ব খোজে কবিতাৰ যিদৰে স্পষ্ট সংজ্ঞা নাই ঠিক সেইদৰে কবিৰ সংখ্যাও স্পষ্ট নহয়৷ তথাপি আমি কাকত-আলোচনীত প্ৰকাশ হোৱা কবিতাৰ পৰা অনুমান কৰিলে প্ৰায় ত্ৰিশ হাজাৰৰ ওচৰা-ওচৰি হ’ব৷ এইয়া আমাৰ বাবে সুখবৰ৷ তাৰোপৰি এটা সুখবৰে আমাক অনু্‌প্ৰাণিত কৰে যে ২০২১ বৰ্ষত কবিতাৰ বাবে নীলমণি ফুকন ডাঙৰীয়াই জ্ঞানপীঠ বঁটা পোৱাটো৷                মানুহৰ গুণবোৰ জীৱিত কালত প্ৰায় চৰ্চা নহয়৷ কেৱল দোষবোৰহে ...
আৰোহণ অৱলোকন (ড॰ বলেন্দ্ৰ কুমাৰ দাস)

আৰোহণ অৱলোকন (ড॰ বলেন্দ্ৰ কুমাৰ দাস)

CURRENT TOPIC
আৰোহণ ফাউণ্ডেশ্যন বৰ্তমান সময়ৰ এক জনপ্ৰিয় শৈক্ষিক-সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান, আৰোহণ ফাউণ্ডেশ্যনে বৰ্তমানলৈ প্ৰায় ১৬০০ মহিলাক সংস্থাপন দিবলৈ সক্ষম হৈছে৷ অসমৰ বিভিন্ন প্ৰান্তত বোৱা-কটা, পশুপালন, কাঠফুলা, চেঁপা পদ্ধতিত মাছ কেনেকৈ পালন কৰিব পাৰি এনেধৰণৰ প্ৰশিক্ষণ দি আহিছে৷ আৰোহণ ফাউণ্ডেশ্যন জন্ম দিয়াৰ উদ্দেশ্য আছিল মহিলা সৱলীকৰণ তথা শিশু সুৰক্ষা প্ৰদান৷ আৰোহণ ফাউণ্ডেশ্যনে বৰ্তমান নৱ-প্ৰজন্মৰ মাজত সুধাকণ্ঠ ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ দৰে স্বনামধন্য ব্যক্তিসকলক আমাৰ মাজত জীয়াই ৰাখিবৰ বাবে আৰোহণ একাডেমীৰ জৰিয়তে থলুৱা গীত, নৃত্য, কবিতা, অভিনয়ৰ এক বিদ্যালয় প্ৰতিষ্ঠা কৰিছে৷ আৰোহণ পাব্লিকেশ্যনৰ জৰিয়তে বৰ্তমানলৈ পুৰণি প্ৰায় ১৫০০ গ্ৰন্থ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷ লগতে দক্ষতা বিকাশৰ প্ৰশিক্ষণৰে প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীক সংস্থাপন দিছে৷ এগৰাকী মহিলাই কৰিব নোৱাৰা কাম একো ...
মাদলাপাঞ্জিৰ কেইখনমান ৰাজকীয় পত্ৰ

মাদলাপাঞ্জিৰ কেইখনমান ৰাজকীয় পত্ৰ

CURRENT TOPIC
ভাৰতবৰ্ষৰ এখন অন্যতম প্ৰাচীন তীৰ্থক্ষেত্ৰ ৰূপে শ্ৰীপুৰুষোত্তম ক্ষেত্ৰ কিম্বা শ্ৰীক্ষেত্ৰই অতীজৰে পৰা প্ৰসিদ্ধি লাভ কৰি আহিছে৷ এই প্ৰসিদ্ধিৰ মূল কাৰণ আছিল তাৰ সুকীয়া সংস্কৃতি, যাক কোৱা হয় “জগন্নাথ সংস্কৃতি”৷ আধ্যাত্মিকতাৰ লগতে, মানৱ জীৱনৰ দৈনন্দিন জীৱন প্ৰণালীৰ ওপৰত আধাৰিত এই সংস্কৃতিয়ে প্ৰাচীন কালৰে পৰা দেশৰ কোণে কোণে নিজৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে৷ প্ৰভু জগন্নাথৰ ওপৰত আধাৰিত ভিন্ন কবিতা আৰু গীতসমূহ আজিও ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে প্ৰচলিত হৈ আহিছে৷ “গীত গোবিন্দম” ১ কথাকেই যদি ধৰা হয়, “ৰাধা” চৰিত্ৰৰ সৃষ্টিকৰ্তা কবি শিৰোমণি জয়দেৱৰ এই অমূল্য ৰচনাৰ ৰাধা কৃষ্ণৰ ৰাসলীলাৰ বৰ্ণনা জম্মু-কাশ্মীৰৰ বাচহৌলী চিত্ৰ, হিমাচলৰ পাহাৰী চিত্ৰ আদিত দেখিবলৈ পোৱা যায়৷ আনহাতে কেৰেলাৰ গুৰুৱায়ুৰ মন্দিৰত পূজা অচ্চৰ্না, গীত গোবিন্দমৰ শ্লোকেৰে কৰাৰ উপৰিও, তামিলনাডুত যুগ যুগ ধৰি চলি অহা ৰাধা কল্যাণম ‘‘ৰাধাৰ বিবাহ’’ প্ৰথ...
শীতৰ আমেজ গ্ৰন্থ উৎসৱ, বনভোজ, ভোগালী ইত্যাদি (পপী চহৰীয়া)

শীতৰ আমেজ গ্ৰন্থ উৎসৱ, বনভোজ, ভোগালী ইত্যাদি (পপী চহৰীয়া)

CURRENT TOPIC
 ঋতু আহে ঋতু যায়৷ প্ৰকৃতিয়ে বৰণ সলায়৷ বিনন্দীয়া প্ৰকৃতিয়ে ঋতুৰাজ শৰতক বোকোচাত তুলি আনি মিতিৰালি পাতে নিয়ৰসিক্ত হেমন্তৰ সৈতে৷ দুৱৰি বনত টোপ টোপ নিঁয়ৰৰ মুকুতা মণি সৰে, লাহে লাহে হেমন্তই মেলানি মাগে৷ কুৱঁলীৰ বগা জাল ফালি শীত আহে সংগোপনে ধৰালৈ বুলি৷  শীত কালৰ সময়খিনি সকলোৰে বৰ প্ৰিয়৷ শীতৰ আমেজেই সুকীয়া৷ এয়া শীতৰ আমেজ লৈ একলম লিখিবলৈ বহিছোঁ৷ পলমকৈ হ’লেও বহু কষ্টেৰে শীত আহিছে ধৰালৈ৷ শীতৰ আগমনৰ লগে লগে সমগ্ৰ অসম জুৰি ভিৰ কৰিছে গ্ৰন্থ উৎসৱে৷ ঠেঁটুৱৈ লগা জাৰত গ্ৰন্থ উৎসৱত গ্ৰন্থ বিচৰাৰ নিচাতো এটা বেলেগ আমেজ থাকে, এৰাব নোৱাৰা৷ বহুলোকে গ্ৰন্থ পঢ়িছে যদিও ব্যস্ততাৰ মাজত বহুতে গ্ৰন্থ পঢ়িবলৈ পাহৰি গৈছে৷ সেইসকলকো ব্যস্ততাৰ মাজতে অলপ সময় উলিয়াই গ্ৰন্থ উৎসৱলৈ আহি ন-পুৰণি গ্ৰন্থৰ আমেজ ল’বলৈ আহ৩ান জনাইছোঁ৷ কিয়নো সমাজ এখন গঢ়িবলৈ আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হ’ব লাগিব৷ অধ্যয়ন কৰিলেহে জ্ঞান লাভ হ’ব৷ ...
স্বাধীনতাৰ স্বপ্ন ব্যৰ্থ হোৱাৰ অলিখিত কাহিনীৰে জিতুমণি বৰাৰ ‘ভেটি’ (জিতুমণি বৰা)

স্বাধীনতাৰ স্বপ্ন ব্যৰ্থ হোৱাৰ অলিখিত কাহিনীৰে জিতুমণি বৰাৰ ‘ভেটি’ (জিতুমণি বৰা)

CULTURAL, CURRENT TOPIC
গুৱাহাটী, ৩০ ডিচেম্বৰঃ ‘স্বাধীন অসমৰ দাবী নতুন নহয়৷ আলফাৰ পূৰ্বেই অসমত স্বাধীনতাৰ বীজ ৰোপিত হৈছিল৷ স্বাধীনতাৰ প্ৰসংগটো বিতৰ্কিত বিষয় হ’ব পাৰে, কিন্তু ইয়াক নুই কৰিব নোৱাৰি৷’ চানমাৰিৰ ‘অসম গ্ৰন্থমেলা’ৰ জোনাকী প্ৰেক্ষাগৃহত লেখক-সাংবাদিক জিতুমণি বৰাৰ উপন্যাসৰ উন্মোচনী অনুষ্ঠানত অংশ লৈ এই মন্তব্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ৷ গ্ৰন্থখন উন্মোচন কৰি ভূঞাই লগতে কয় যে, জিতুমণি বৰা অসমৰ সংবাদ ক্ষেত্ৰখনত কিছুদিনৰপৰা বেছিকৈ উচ্চাৰিত এটা নাম৷ সাংবাদিক বৰাৰ সৈতে এসময়ত একেলগে সাংবাদিকতা কৰা দিনৰ স্মৃতি সুঁৱৰি তেওঁ কয়, ’৯৭ত জে’লৰ পৰা ওলাই চাৰিওফালে আন্ধাৰ দেখিছিলোঁ৷ আৰু বাতৰি কাকত উলিওৱাৰ সপোন দেখিছিলোঁ৷ আৰু সেই সময়ত আমাৰ সাৰথি আছিল জিতুমণি বৰা৷ পৰৱৰ্তী সময়ত জিতুমণিও জে’ললৈ গ’ল যদিও তেওঁৰ কলম স্তব্ধ নহ’ল৷ উপন্যাসৰ ক্ষেত্ৰখনতো জিতুমণি বৰাই সবল খোজ দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, উপন্যাস লিখিব কাৰণেই ...
প্ৰায়চিত্ত (নৰেন নীতম দাস)

প্ৰায়চিত্ত (নৰেন নীতম দাস)

CURRENT TOPIC, STORY
যুতিকা বৰুৱাৰ স্বামীয়ে আত্মহত্যা কৰিলে৷ বৰ বৰ আখৰেৰে পাছদিনাই খবৰটো দৈনিক বাতৰি কাকতবোৰত প্ৰকাশ পালে৷ দূৰদৰ্শনৰ পৰ্দাতো উক্ত খবৰে চাঞ্চল্যৰ সৃষ্টি কৰি তুলিলে৷ অইলৰ কোৱাৰ্টাৰৰ কোঠাতেই অঘটন ঘটালে৷ ক’ৰ পৰা কি হৈ গ’ল কোনেও ধৰিবই নোৱাৰিলে৷                প্ৰসেনজিৎ শইকীয়াৰ লগত প্ৰেমসূত্ৰেই যুতিকা বৰুৱাই বিয়া পাতিছিল৷ দুয়ো ইঞ্জিনীয়াৰিং কলেজত একেলগে পঢ়া৷ তেতিয়াই দুয়োৰে মাজত প্ৰেমৰ আদান-প্ৰদান হৈছিল৷                দুয়ো এখন সোণৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল৷                তেওঁলোক দুয়োৰে এই সোণালী সপোন এদিন দিঠকত পৰিণত হ’ল৷            &n...
অনুভৱৰ কলম (বিনীশা দেৱী)

অনুভৱৰ কলম (বিনীশা দেৱী)

CURRENT TOPIC
ফৰাচী সাহিত্যিক ড’মিনিক লেপিয়েৰৰ অলপতে দেহাৱসান ঘটিল যাৰ কলমেৰে সৃষ্টি হৈছিল বিশেষ উপন্যাস ‘চিটি অৱ জয়’৷ যিখন চলচ্চিত্ৰৰ ৰূপতো নিৰ্মাণ কৰা হৈছিল৷ তেওঁৰ গ্ৰন্থ এক কোটিৰো ওপৰ বিক্ৰী হয়, অসমতো তেওঁৰ গ্ৰন্থৰ চাহিদা আছে৷ এতিয়া আমাৰ সাহিত্যৰ কথালৈ আহো৷ প্ৰতি বছৰে বহুতো নতুন নতুন লেখকৰ জন্ম হৈছে আৰু নতুন নতুন গ্ৰন্থই প্ৰকাশৰ মুখ দেখিছে৷ এয়া নিঃসন্দেহে উৎসাহজনক কথা৷ সকলোৰে সপোন, নিজৰ সৃষ্টিয়ে গ্ৰন্থৰ ৰূপ পাওঁক, পঢ়ুৱৈৰ সমাদৰ লাভ কৰক৷ কিন্তু প্ৰকৃত অৰ্থত সেয়া কাৰ ক্ষেত্ৰত কিমান হৈছে সহজেই অনুমেয়৷ আঙুলিৰ মুৰত লেখিব পৰা পঢ়ুৱৈয়ে কিমান দিন জীয়াই ৰাখিব এগৰাকী লেখকৰ সপোনক? কিমান বছৰ আৰু জীয়াই ৰাখিব এটা প্ৰকাশনক? কিন্তু প্ৰকৃত অৰ্থত পঢ়ুৱৈৰ সংখ্যা কমিছে জানো? নহ’লে এই বিদেশী সাহিত্যিকসকলৰ গ্ৰন্থ অসমত নি(য় বিক্ৰী নহ’লহেঁতেন৷ আজিৰ প্ৰজন্মই চেতন ভাগত, আমিষ ত্ৰিপাঠী, ঝুম্পা লাহিড়ী আদিৰ গ্ৰন্থ পঢ়ে, সিহঁত...