CURRENT TOPIC – Page 34 – Purbodix.com

CURRENT TOPIC

আৰোহণ অৱলোকন

আৰোহণ অৱলোকন

CURRENT TOPIC
ড॰ বলেন্দ্ৰ কুমাৰ দাস ড॰ বলেন্দ্ৰ কুমাৰ দাস আৰোহণ ফাউণ্ডেশ্যন বৰ্তমান সময়ৰ এক জনপ্ৰিয় শৈক্ষিক-সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান, আৰোহণ ফাউণ্ডেশ্যনে বৰ্তমানলৈ প্ৰায় ১৬০০ মহিলাক সংস্থাপন দিবলৈ সক্ষম হৈছে৷ অসমৰ বিভিন্ন প্ৰান্তত বোৱা-কটা, পশুপালন, কাঠফুলা, চেঁপা পদ্ধতিত মাছ কেনেকৈ পালন কৰিব পাৰি এনেধৰণৰ প্ৰশিক্ষণ দি আহিছে৷ আৰোহণ ফাউণ্ডেশ্যন জন্ম দিয়াৰ উদ্দেশ্য আছিল মহিলা সৱলীকৰণ তথা শিশু সুৰক্ষা প্ৰদান৷ আৰোহণ ফাউণ্ডেশ্যনে বৰ্তমান নৱ-প্ৰজন্মৰ মাজত সুধাকণ্ঠ ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ দৰে স্বনামধন্য ব্যক্তিসকলক আমাৰ মাজত জীয়াই ৰাখিবৰ বাবে আৰোহণ একাডেমীৰ জৰিয়তে থলুৱা গীত, নৃত্য, কবিতা, অভিনয়ৰ এক বিদ্যালয় প্ৰতিষ্ঠা কৰিছে৷ আৰোহণ পাব্লিকেশ্যনৰ জৰিয়তে বৰ্তমানলৈ পুৰণি প্ৰায় ১৫০০ গ্ৰন্থ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷ লগতে দক্ষতা বিকাশৰ প্ৰশিক্...
আমেৰিকাৰ ডায়েৰী (২১)

আমেৰিকাৰ ডায়েৰী (২১)

CURRENT TOPIC, SERIES STORY
বহুতো পৰিকল্পনাৰ অন্ত পৰি মোৰ সপোনৰ চহৰ চিকাগোখন দেখাৰ সৌভাগ্য অৱশেষত ঘটিল জুলাই মাহৰ ৩১ তাৰিখে৷ বহুদিন ভাবি আছিলোঁ, কিন্তু মিলাবহে পৰা নাছিলোঁ৷ যিকি নহওক এইবাৰ মিলিল আৰু হেঁপাহ পলুৱাই চিকাগো চহৰখন ফুৰিলোঁ৷ মোৰ অন্তৰৰ এটি কোণত সৰn-ডাঙৰ সকলো অভিজ্ঞতা সযতনে সাঁচি ৰাখিবলৈ যত্ন কৰিছোঁ৷ সম্পূৰ্ণ এটা বছৰ পৰিয়ালৰ পৰা বহু দূৰত, তাকো বিদেশত পাৰ কৰা পাছত মোৰ বাৰে বাৰে এবাৰ নিজৰ ঘৰখনলৈ নিজৰ আইজনীৰ ওচৰলৈ আহিব মন গ’ল৷ যিহেতু শাৰীৰিকভাৱে কিছু দুৰ্বল বুলিও ফোনৰ যোগেদি জনাই থাকে মায়ে৷ বহুত ভাৱি চিন্তি সিদ্ধান্ত ল’লোঁ যে নিজৰ দেশলৈ, নিজৰ ঘৰলৈ গৈ আহোঁ৷ মোৰ সকলো সিদ্ধান্ততে সহমত জনোৱা মানুহজনে টিকট কৰি দিলে আগষ্ট ২ তাৰিখে  চিকাগোৰ পৰা গুৱাহাটীলৈ৷  চিকাগোৰ পৰা অহাৰ একমাত্ৰ উদ্দেশ্য আছিল চিকাগো চহৰখনৰ দুই এটা পৰ্যটক স্থললৈ যোৱাৰ৷ জুলাই মাহৰ১৩ তাৰিখে দিনৰ প্ৰায় দুই বজাত আমি যাত্ৰা আৰম্ভ কৰিলোঁ চি...
শিশুৰ সু-স্বাস্থ্যৰ আধাৰ

শিশুৰ সু-স্বাস্থ্যৰ আধাৰ

CURRENT TOPIC
ইলোৰা শৰ্মা দত্ত   শাৰীৰিক ভাবেই হওক বা মানসিক ভাবেই হওক মানৱ জীৱনৰ ভেটি গড় দিবলৈ উপযুক্ত সময়ছোৱা হৈছে শিশু অৱস্থা৷ যি শিশুৰ জীৱনৰ প্ৰথম দুবছৰ কালত বাঢ়ন উপযুক্ত হয় সেই শিশু সাধাৰণতে গোটেই শৈশৱ কালজুৰি সু স্বাস্থ্যৰ অধিকাৰী হয় আৰু নিৰোগী হৈ থাকে৷ সেয়ে জন্মৰ পিছৰে পৰাই এটি শিশুৰ স্বাস্থ্যৰ যত্ন লোৱাটো অধিক প্ৰয়োজনীয়৷ স্বাস্থ্যৰ যত্ন বুলি কওঁতে সময় মতে খোৱা, ঠিক মতে খোৱা আৰু শোৱা এই গোটেই কেইটা কথাকে সামৰি ধৰে৷ ককা-আইতায়ে কোৱাৰ দৰে যে তেওঁলোকে যি খাই ডাঙৰ হৈছিল তেনে খাদ্য আজিকালিৰ লৰা ছোৱালীয়ে খাবলৈ পোৱা নাই৷ আজিকালি শিশুয়ে দোকানৰ শ্বিপছ, কুৰকুৰে, জাম, কল্ড ড্ৰিংক, বিভিন্ন ধৰণৰ ফাষ্টফুড আদিবোৰ বেছিকৈ খাবলৈ মন কৰে৷ পিতৃ-মাতৃসকলৰ প্ৰধান কৰ্তব্য এইটোৱেই হ’ব যে তেওঁলোকে কেনেদৰে এনেবোৰ খাদ্যাভ্যাসৰ পৰা লৰা-ছোৱালীক আঁতৰাই ৰাখিব পাৰে৷ শিশুৰ সু স্বাস্থ্যৰ আধাৰ হৈছে বয়সোপযোগী উপযুক্ত প...
মাঘ বিহু

মাঘ বিহু

CURRENT TOPIC
কৰবী বৰ্মন কলিতা    বছৰজুৰি পৰিশ্ৰম কৰা কৃষিজীৱি অসমীয়াই ক্লান্তি-অৱসাদ দূৰ কৰিবলৈকে পালন কৰে ভোগৰ উৎসৱ ভোগালী বিহু৷ আনহাতে মকৰ সংক্ৰান্তিৰ উপলক্ষে আৰ্যবাদীসকলে অগ্নি সেৱা কৰে৷ প্ৰাপ্তিৰ আনন্দ আৰু ভক্তিৰ মাধুয্য যেনেকৈয়ে হওক অসমীয়া জাতিৰ প্ৰাণাধিক স্নেহৰ পৰম্পৰা মুঠতে ভোগালী বিহু ভোগৰ উৎসৱ৷ বিহুৰ পৰম্পৰা অতি প্ৰাচীন৷ বিহু শব্দৰ উৎপত্তি সংস্কৃত “বিষুৱণ’’ শব্দৰ পৰা৷ অৰ্থববেদ আৰু ঐতৰেয় আদি পুৰণি শাস্ত্ৰত পোৱা যায় যে বিষুৱণ যাগ-যজ্ঞ কৰা এটা দিনৰ নাম৷ এই যাগ-যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে৷ অৰ্থাৎ খেতি-বাতিৰ সু-ব্যৱস্থাৰ কাৰণেই এই বিষুৱ দিনৰ যাগ-যজ্ঞৰ আয়োজন৷ সাধাৰণতে লোক-সংস্কৃতিৰ স্বৰূপ প্ৰকাশ পায় পৰম্পৰাগত লোক উৎসৱসমূহৰ জৰিয়তে৷ একমাত্ৰ সামাজিক জীৱ হিচাপে মানুহে সমাজত বিভিন্ন নীতি-নিয়ম আৰু উৎসৱ-পাৰ্বনৰ জৰিয়তে জীৱন-নিৰ্বাহ কৰে৷ ...
অণুগল্প

অণুগল্প

CURRENT TOPIC, STORY
সাফল্য মনিকা শৰ্মা অভাৱ নামৰ শব্দটোৱে প্ৰতিটো ক্ষেত্ৰতে লগ নেৰা মেঘালী বৰুৱাই আজি আকৌ এটা নতুন গল্পৰ প্লট বিচাৰি পালে৷ তাই কেতিয়াবা ভাবে, আজিৰ পৰা আৰু নিলিখে৷ লিখিনো কি লাভ হ’ব৷ প্ৰতি বছৰে ছোৱালীৰ বাবে অনা কাগজৰ ৰিমটোৰ পৰা দিস্তা দিস্তা কাগজ শেষ হৈছে আৰু ঘূণে ধৰা টেবুলখনত নীলা চিয়াঁহীৰে বুলাই দিয়া কাগজৰ দিস্তাবোৰ থবলৈ ঠাই নোহোৱা হৈছে৷ কেতিয়াবা তাই ভাবে আনবোৰৰ দৰে তায়ো এটা এনড্ৰইড ম’বাইল কিনিব৷ ফেচবুক নামৰ ছ’চিয়েল মিডিয়াত সেইবোৰ আপলোড দিব৷ কিন্তু দুখীয়াৰ জানো ভবা কথা সিদ্ধি হয়? তাইৰো সেই আশা আশা হৈয়ে ৰ’ল৷ কাৰণ ইমান টকা খৰচ কৰি কোনো পধ্যেই এটা  এনড্ৰইড ম’বাইল কিনিব নোৱাৰে৷ বাৰিষাৰ ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰূপ ধাৰণ কৰি সিহঁতৰ জীৱিকাৰ একমাত্ৰ সম্বল খেতিৰ মাটিখিনি উটাই নিয়াৰ পাছত মানুহজনে আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে সিহঁতৰ সৰু পৰিয়ালটো চলাই নিছে৷  কথাতেই কয় বোলে, দুখীয়াৰ দুখ কোনোদিনে...
পাকঘৰ

পাকঘৰ

CURRENT TOPIC, RECIPE
অইল ফ্ৰী চিকেন মোগলাই কাৰী পাপৰি দুৱৰা কাকতি উপকৰণ ঃ মুৰ্গী মাংস আধা কেজি, পিয়াজ দুটা, নহৰু ছয়টা, আদা এটুকুৰা, দৈ চাৰি চামুচ, কাজু দহটা, নাৰিকল ৰুকা দুই চামুচ, গৰম মচলা এক চামুচ, নিমখ নিজৰ জোখ মতে, ধনীয়া গুৰি এক চামুচ, কচুৰী মেথি আধা চামুচ, শুকান ৰঙা জলকীয়া চাৰিটা, কেৱৰা ৱাটাৰ আধা চামুচতকৈ কম৷ প্ৰণালী ঃ প্ৰথমে পিয়াজ, আদা, নহৰু, কাজু, শুকান জলকীয়া, দৈ, নাৰিকল সকলোবোৰ একেলগে মিক্সিত ভালদৰে পিহি ল’ব৷ পিহি লোৱা মচলাখিনি মাংসত ভালদৰে সানি আধা ঘণ্টা ফ্ৰীজত থৈ দিব৷ এতিয়া এখন কেৰাহীত মাংসখিনি দি কম জুইত গেছত বহুৱাই ভালদৰে দহ মিনিটমান লৰাই থাকি তাৰ পিছত ঢাকি দিব৷ অলপ সময়ৰ মূৰে মূৰে লৰাই থাকিব৷ মাংসখিনি আধা সিজা হওঁতে তাত গৰম মচলা আৰু ধনীয়া গুৰি দি অলপ সময় লৰাই তাত জোখমতে পানী দি ঢাকি থ’ব৷ মাংসখিনি হোৱাৰ আগে আগে কচুৰী মেথি আৰু কেৱৰা ৱাটাৰ দি নমাই শুকান ৰুটি বা পৰঠাৰ ল...

প্ৰেম গুৰুৰ সমিধান

CURRENT TOPIC
তন্দ্ৰালি মু২৬১্না ঃ           মোৰ বয়স ৬৫ বছৰ৷ বয়সৰ দেওনাৰে সকলো কথাতেই জিৰণি লোৱাৰ সময়৷ কিন্তু এই বয়সত মোৰ ঘৰৰ ভাড়া থকা এগৰাকী ৩৫ বছৰীয়া নাৰীৰ প্ৰেমত পৰিছোঁ৷ তেখেতৰ স্বামী ঢুকাইছে, সন্তান এটা আছে৷ সমাজৰ ভয়ত বিয়াও পাতিব পৰা নাই৷ মোৰ পত্নী নাই যদিও পো-বোৱাৰী আছে৷ কি কৰো প্ৰেমগুৰু? নিপন বৰা (গোলাঘাট) I              প্ৰথম কথা, প্ৰেমৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে৷ যিকোনো বয়সতে প্ৰেম হ’ব পাৰে৷ দুয়ো যদি সঁচা প্ৰেমৰ বান্ধোনত বান্ধ খাইছে, তেন্তে সমাজলৈ ভয় কৰিব নালাগে৷ বৈধ সম্পৰ্ক স্থাপনত সমাজে সহযোগহে কৰে৷ দুয়ো নিসংগ সময় কটোৱাতকৈ একেলগে এখন সুখৰ সংসাৰ কৰক৷ জীয়াই থকা দিনকেইটা শান্তিৰে উদ্‌যাপন কৰক৷ ঃ           গুৰু, সকলো মানুহেই শাৰীৰিক সম...
আঘোণৰ সোণালী পথাৰ আৰু উৎসৱ-পাৰ্বণ”

আঘোণৰ সোণালী পথাৰ আৰু উৎসৱ-পাৰ্বণ”

CURRENT TOPIC
নিবেদিতা ভূঞা ৰাজকুমাৰী আঘোণ বুলিলে প্ৰথমে মনলৈ আহে সোণালী ধানৰ বহল পথাৰখনি৷ দাৱনীৰ কাঁচিৰ কেঁচ কেঁচ শব্দ, হাঁহিৰ খলকনি৷ আঘোণ মানে নিয়ৰৰ মুকুতা ফুল৷ লেছেৰি বুটলা শিশুৰ কোলাহল৷ আঘোণ মানে ৰবাবটেঙা- ফিৰিঙি জলকীয়াৰ সুগন্ধ৷ আঘোণ মানে চহা ডেকাৰ দুবাহুৰ বিৰীয়াত ডাঙৰিৰ জিৰি জিৰি লহৰ৷    অসমীয়া বৰ্ষপঞ্জীৰ অষ্টমটো মাহ হৈছে আঘোণ মাহ৷ ঋতু হেমন্তৰ দ্বিতীয় সপ্তাহৰ পৰা আঘোণ মাহৰ শুভাৰম্ভ হয়৷ পৰম্পৰাগত ভাবে উজনিৰ পৰা নামনি, ব্ৰহ্মপুত্ৰৰ পৰা বৰাক উপত্যকালৈ সমগ্ৰ ভূ-খণ্ডত এয়া লখিমী চপোৱাৰ সময়৷ এফালে গ্ৰাম্য জীৱনৰ শইচ চপোৱা শ্ৰম কঠোৰ ব্যস্ততা আনহাতে গুটিধানেৰে ভঁৰাল উপচি পৰা আনন্দমুখৰ হেঁপাহ৷ সোণগুটিৰ চিকমিকনিত হালোৱা -ৰোৱনীয়ে পাহৰি যায় শাওণৰ প্ৰখৰ ৰ’দৰ সকলো কষ্ট৷ কি শিশু! কি বৃদ্ধ! সকলোৰে মন-মতলীয়া হৈ পৰে নৃত্যৰতা লাহি-শালি ধানৰ হাওলি পৰা পকা থোকবোৰ দেখি৷    মুখত...

শীত কালত ছালৰ যতন

CURRENT TOPIC
সুস্মিতা অপৰূপা শীত কালত ছাল শুকান হোৱা দেখা যায়৷ সেয়ে আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান টিপ্‌চ৷ শীতকালত ছালৰ ময়(ৰাইজাৰ লগোৱাতো অত্যন্ত জৰুৰী৷ গা ধুই আহিয়েই প্ৰথম মুখত ময়(ৰাইজাৰ লগাব লাগে৷ ময়(ৰাইজাৰে ছালত জলীয় বাষ্প দিয়ে, তেতিয়া ছালখন টানি ধৰা বা শুকান হোৱাৰ পৰা হাত সাৰিব পাৰি৷ যথেষ্ট ৰস খাওঁক৷ ঘৰুৱা দিহা বুলি ক’বলৈ গ’লে আপোনালোকে গাখীৰৰ সৰ লৈ মুখত মালিচ কৰিব পাৰে৷ ইয়ে ছালখন স্বাভাৱিক কৰি ৰক্ষা ৰখাত সহায় কৰে৷ শীতকালৰ বাবে এইটো এটা উত্তম উপায়৷ এইখিনি কৰক শীতকালত সুন্দৰ হৈ থাকক৷ লগতে সেউজীয়া শাক-পাচলি আৰু সতেজ ফলমূল খাবলৈ নাপাহৰিব৷ যদি গোৰোহা ফাঁটে কুহুমীয়া গৰম পানীৰে ভৰি ধূই ভৰি শুকুৱাই এক চামুচ ভেচলিন আৰু এক চামুচ নেমু ৰস মিলাই ভৰিৰ গোৰোহাত লগাওক এক ঘণ্টা বা গোটেই ৰাতিও ৰাখিব পাৰে৷ চাব আপোনাৰ গোৰোহা জিলিকি উঠিছে৷ এইদৰে যত্ন লওক আৰু ঘৰতে শীতকালতো সু...
অসমী আইৰ বুকু উকা কৰি গুচি গ’ল তিনিগৰাকী মহীৰূহ

অসমী আইৰ বুকু উকা কৰি গুচি গ’ল তিনিগৰাকী মহীৰূহ

CURRENT TOPIC
বিপুল গগৈ অসমীয়া জাতীয় জীৱনৰ বক্ষস্থলত চিৰপ্১৮লিত দুগছি সোণালী প্ৰদীপ, জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, ভাষা - সাহিত্য - আধ্যাত্মিক ভাবধাৰা দৃশ্যমান আৰু যাউতিযুগীয়া উত্তৰণ ঘটোৱা,  বৈষ্ণৱ ধমৰ প্ৰৱৰ্তক, জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ একান্ত শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ একাগ্ৰ অনুগামী, তেওঁলোকৰ মহান দৰ্শন - আদৰ্শ - মানৱ প্ৰেম - সাগৰ সংকাশ বৌদ্ধিক উদ্দীপনাৰে উদ্দীপিত,  সত্ৰীয়া সংস্কৃতিৰ আজীৱন সাধক,  বিশিষ্ট বৈষ্ণৱ পণ্ডিত বৰপেটা সত্ৰৰ পৰম পূজনীয় দেৱতুল্য বুঢ়া সত্ৰীয়া স্বনামধন্য বশিষ্ঠ দেৱশৰ্মা দেবৰ মহাপ্ৰয়াণে অসমীয়া জাতিক অতিশয় মৰ্মাহত কৰিলে৷ শংকৰ-মাধৱৰ পদৰেণুৰে ৰঞ্জিত মণ্ডিত পুণ্যতীৰ্থ, যাৰ উমাল পৰশে,  কীৰ্তন ঘৰৰ প্ৰতি প্ৰভাতৰ গীতা-ভাগৱত-কীৰ্তন পাঠৰ ভক্তিৰ গুঞ্জনে, জগত স্পন্দিত কৰা অমিয়া সুৰৰ ঝংকাৰে, দেৱবাদ্য সমূহৰ প্ৰতিধ্বনিয়ে প্ৰতিজন ব্যক্তিৰ হৃদয়লৈ ভক্তিৰ প্লাৱন ...